ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলিয়ামুৰা মহকুমাৰ অন্তৰ্গত মুংগিয়াকামিত আৰক্ষীৰ অভিযানত ৪ লক্ষাধিক টকা মূল্যৰ গাঞ্জা জব্দ কৰাৰ লগতে দুজনক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষী সূত্ৰই জনোৱা মতে, শুকুৰবাৰে পুৱা ৭ বজাত খোৱাই জিলাৰ মুংগিয়াকামি আৰক্ষী থানাৰ অন্তৰ্গত এখন বজাৰৰ কাষৰীয়া অঞ্চলত এখন ৬ চকীয়া ট্ৰাক জব্দ কৰে।

এম এইচ ০৫ এ এম ২০৮৪ নম্বৰৰ ৬ চকীয়া কণ্টেইনাৰ ট্ৰাক খনেৰে অসমলৈ বৃহৎ পৰিমাণৰ গাঞ্জা সৰবৰাহৰ সময়তে আৰক্ষীয়ে অভিযান চলাই গাঞ্জা খিনি জব্দ কৰে।

ইফালে আৰক্ষীয়ে ট্ৰাকখনৰ চালক আৰু সহায়কাৰী জনকো আটক কৰি তদন্ত অব্যাহত ৰাখিছে।