ত্ৰিপুৰাৰ আমতলি থানাৰ অন্তৰ্গত মাটিনগৰ অঞ্চলত এজন যুৱকৰ পৰা ত্ৰিপুৰা আৰক্ষীয়ে ৪০ লাখ টকাৰ ১২ পেকেট ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে।

অভিযুক্ত যুৱকজনক জৱাহৰ মিঞা বুলি জানিব পৰা গৈছে।

উদ্ধাৰ হোৱা ব্ৰাউন চুগাৰৰ পৰিমাণ ১২০ গ্ৰাম।

অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজদ্বীপ দেৱে জব্দ কৰা ব্ৰাউন চুগাৰৰ বজাৰ মূল্য ৪০ লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে।

লগতে অভিযুক্তজন গৰু ব্যৱসায়তো জড়িত বুলি উল্লেখ কৰি আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ গ্রহণ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷

অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে আৰক্ষীয়ে তেওঁক জেৰা অব্যাহত ৰাখিছে আৰু এই গেঙৰ সৈতে জড়িত আন লোকসকলক গ্ৰেপ্তাৰ কৰিছে।