03
Dec
পৰৱৰ্তী আই পি এলৰ বাবে মুঠ ১৩৫৫ গৰাকী খেলুৱৈয়ে পঞ্জীয়ন কৰিছে। ২ কোটি বেচ প্ৰাইচ কেটেগৰীত অষ্ট্ৰেলিয়াৰ কেমেৰন গ্ৰীণ, ইংলেণ্ডৰ লিয়াম লিভিংষ্টন, ভাৰতৰ ৰবি বিষ্ণোই আৰু ভেংকটেশ আয়াৰ, আৰু শ্ৰীলংকাৰ মথিছ পাথিৰানা আৰু ৱানিন্দু হাছাৰংগাকে ধৰি ৪৫জন খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে। পঞ্জীয়নৰ শেষ তাৰিখ আছিল ৩০ নৱেম্বৰ। অহা ১৬ ডিচেম্বৰত আবুধাবিত অনুষ্ঠিত হ’ব এই মিনি নিলাম। পঞ্জীয়ন সম্পূৰ্ণ হোৱাৰ পিছত এই দীঘলীয়া তালিকাখন সকলো ফ্ৰেঞ্চাইজিলৈ প্ৰেৰণ কৰিছে আই পি এলে। প্ৰতিটো দলে সৰ্বাধিক ২৫ জন খেলুৱৈক ধৰি ৰাখিব পাৰিব। ফলস্বৰূপে এই নিলামত ৩১টা বহিঃৰাজ্যৰ স্লটকে ধৰি মুঠ ৭৭টা শ্লট পূৰণ কৰা হ’ব। নিলামৰ মূল কেন্দ্ৰবিন্দু হ’ব গ্ৰীণ। অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰ…
