05
Feb
লতাশিল খেলপথাৰত সামৰণি পৰিল হাজী গোলাম ইব্ৰাহিম আৰু দিপ্তী বৰুৱা সোঁৱৰণী ১৪ বছৰ অনূৰ্ধ্ব ক্ৰিকেট টুৰ্ণামেন্টৰ । মহাৰাণা এথলেটিক ক্লাব আৰু শ্বেইখ ব্ৰাদাৰ্ছৰ দ্বাৰা যুটীয়াভাৱে আয়োজন কৰা হৈছিল এই ৪০ অ'ভাৰৰ টুৰ্ণামেন্টৰ । ৪ ফ্ৰেব্ৰুৱাৰী, দেওবাৰে ফাইনেলত জয়ী হৈ খিতাপ দখল কৰিলে ৰিভাৰ ৰাইন ক্লাবে । ২১ জানুৱাৰীৰ পৰা গুৱাহাটীৰ লতাশিল খেলপথাৰত প্ৰথম বাৰলৈ আয়োজন কৰা এই প্ৰতিযোগিতাৰ ১৪ টা দলৰ ভিতৰত ফাইনেলত প্ৰৱেশ কৰে ৰিভাৰ ৰাইন আৰু ৰয়েল ক্ৰিকেট একাডেমীয়ে । ফাইনেলত ৰিভাৰ ৰাইন ক্লাবে ৰয়েল ক্ৰিকেট একাডেমীক ১০৬ ৰাণত পৰাস্ত কৰে । ৰিভাৰ ৰাইনে ৪০ অভাৰত ৭ উইকেটত কৰা ২৫৭ ৰাণৰ প্ৰত্যুত্তৰত ৰয়েলে ৩২.২ অভাৰত ১৫১ ৰাণতে ইনিংছ…
