ক্ৰীড়া

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ গ্ৰাছৰুট্‌ছ বঁটাৰ বাবে মনোনীত গুৱাহাটী চিটী এফচি

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ গ্ৰাছৰুট্‌ছ বঁটাৰ বাবে মনোনীত গুৱাহাটী চিটী এফচি

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ (এআইএফএফ) গ্ৰাছৰুট্‌ছ বঁটা ২০২৩-২৪ৰ বাবে মনোনীত হৈছে গুৱাহাটী চিটী এফচি (জিচিএফচি) ৷ দেশৰ গ্ৰাছৰুট্‌ছ ফুটবলৰ উন্নয়নৰ ক্ষেত্ৰত জড়িত ক্লাব তথা সংস্থাসমূহক উৎসাহ দিবলৈ এআইএফএফে প্ৰদান কৰা এই বঁটাৰ 'অপাৰেচন্‌ছ' শাখাত শ্ৰেষ্ঠ গ্ৰাছৰুট্‌ছ কৰ্ম আঁচনি বঁটাৰ বাবে জিচিএফচিক মনোনীত কৰা হৈছে । অসমৰ একমাত্ৰ ক্লাবৰূপে মনোনীত জিচিএফচিৰ লগত মনোনীত হৈছে কৰ্ণাটকৰ নাম্মা ছকাৰ স্কুল্‌ছ, এফচি মাংগালোৰ আৰু বাইচুং ভূটীয়া ফুটবল স্কুল্‌ছ ৷ ২০১৭ চনত মূলতঃ গ্ৰাছৰুট্‌ছ আৰু যুৱ ফুটবলৰ উন্নয়নৰ বাবে স্থাপিত জিচিএফচি জন্মলগ্নৰেপৰা অসমৰ ফুটবল ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে অগ্ৰণী ভূমিকা লৈ আহিছে ৷ ২০১৮ চনত ই আৰম্ভ কৰিছিল এআইএফএফৰ দ্বাৰা অনুমোদিত অসমৰ প্ৰথমটো গ’ল্ডেন বেবী লীগ (গ্ৰেটাৰ…
Read More
পঞ্চমবাৰ লৈ অনুৰ্ধ-১৯ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ভাৰত

পঞ্চমবাৰ লৈ অনুৰ্ধ-১৯ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ভাৰত

নতুন দিল্লী, ৭ ফেব্ৰুৱাৰী: ভাৰতীয় দলটোৱে অনুৰ্ধ-১৯ ক্ৰিকেট বিশ্বকাপ ২০২৪-ৰ ফাইনেলত উপনীত হৈছে। ছেমি ফাইনেল খেলখনত টীম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাক ২ উইকেটত পৰাস্ত কৰে। এনেদৰে ভাৰতীয় দলটোৱে একেৰাহে পঞ্চমবাৰৰ বাবে অনুৰ্ধ-১৯ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত উপনীত হ'বলৈ সক্ষম হয়। লগতে, অনুৰ্ধ-১৯ ক্ৰিকেট বিশ্বকাপত ভাৰতীয় দলটোৱে আধিপত্য বিস্তাৰ কৰি আহিছে। ভাৰতীয় দলটোৱে এতিয়ালৈকে ৫ বাৰ অনুৰ্ধ-১৯ ক্ৰিকেট বিশ্বকাপ জিকিছে। টীম ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে অনুৰ্ধ-১৯ ক্ৰিকেট বিশ্বকাপ ২০০০ চনত জিকিছিল।সেই ভাৰতীয় দলটোৰ অধিনায়ক আছিল মহম্মদ কাঈফ। ইয়াৰ পিছত, ভাৰতে অনুৰ্ধ-১৯ ক্ৰিকেট বিশ্বকাপ ২০০৮ত জিকিছিল। সেই দলটোৰ অধিনায়ক আছিল বিৰাট কোহলী। ভাৰতীয় দলটোৱে ২০১২ চনত তৃতীয়বাৰৰ বাবে অনুৰ্ধ-১৯ ক্ৰিকেট বিশ্বকাপ জিকিছিল। তেতিয়া টীম ইণ্ডিয়াৰ…
Read More
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ঐতিহাসিক জয় অষ্ট্ৰেলিয়াৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ঐতিহাসিক জয় অষ্ট্ৰেলিয়াৰ

গ্ৰিফিথ, ৬ ফেব্ৰুৱাৰী: জেভিয়াৰ বাৰলেটৰ (৪ উইকেট) দুৰ্দান্ত বলিং আৰু তাৰ পিছত জেক ফ্ৰেজাৰ-মেকগুৰ্ক আৰু জছ ইংগলিছৰ ধুমুহা গতিৰ বেটিংৰ ফলত অষ্ট্ৰেলিয়াই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ঐতিহাসিক জয় পঞ্জীয়ন কৰে। ২৫৯ টা বল বাকী থকা অৱস্থাত কেংগাৰু বাহিনীয়ে তৃতীয়খন এদিনীয়াত জয়লাভ কৰে। ইয়াৰ সৈতে, অষ্ট্ৰেলিয়াই তিনিখন এদিনীয়া শৃংখলাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয় লাভ কৰে। এদিনীয়া ক্ৰিকেটৰ ইতিহাসত বাকী থকা আটাইতকৈ বেছি বলৰ ক্ষেত্ৰত এইটো সপ্তম সৰ্ববৃহৎ বিজয়। সৰ্বাধিক বল বাকী থকা অৱস্থাত ইংলেণ্ডে লক্ষ্য প্ৰাপ্ত কৰাৰ অভিলেখ গঢ়িছে। ইংলেণ্ডে ১৯৭৯ চনত ২৭৭ টা বলত খেলখন জিকিছিল। তাৰ পিছত শ্ৰীলংকা আছে। শ্ৰীলংকাই ২০০১ চনত জিম্বাবোৱেৰ বিৰুদ্ধে ২৭৪ টা বল বাকী…
Read More
৭৫ তম ষ্ট্ৰেণ্ডজা মেম’ৰিয়েল বক্সিং টুৰ্ণামেণ্টৰ পৰা বাহিৰ লাভলিনা বৰগোহাঁই

৭৫ তম ষ্ট্ৰেণ্ডজা মেম’ৰিয়েল বক্সিং টুৰ্ণামেণ্টৰ পৰা বাহিৰ লাভলিনা বৰগোহাঁই

নতুন দিল্লী, ৬ ফেব্ৰুৱাৰী: অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলিনা বৰগোহাঁই (৭৫ কিলোগ্ৰাম) সোমবাৰে প্ৰতিযোগিতাখনৰ প্ৰথম ৰাউণ্ডত আয়াৰলেণ্ডৰ অৰকে অইফেৰ হাতত পৰাস্ত হোৱাৰ পিছত ৭৫ তম ষ্ট্ৰেণ্ডজা মেম'ৰিয়েল বক্সিং টুৰ্ণামেণ্টৰ পৰা বাহিৰ হয়। প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলৰ তৃতীয় ৰাউণ্ডত এক মিনিট ১৮ ছেকেণ্ডৰ খেলৰ পিছত বিপক্ষ খেলুৱৈজনক অত্যাধিক হেঁচাৰে ধৰাৰ বাবে তৃতীয়বাৰৰ বাবে ৰেফাৰীয়ে সকিয়নি দি লাভলিনাক অযোগ্য ঘোষণা কৰে। পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা ২৬ বছৰীয়া বিশ্ব চেম্পিয়ন গৰাকীয়ে প্ৰথম দুটা ৰাউণ্ড ৩-২ ব্যৱধানত জিকিছিল কিন্তু তিনি মিনিটৰ তৃতীয় ৰাউণ্ডত আগবাঢ়ি যোৱাৰ বাবে দুয়োটা ৰাউণ্ডতে এটা কৈ পইণ্ট হেৰুৱাইছিল। দুবাৰৰ বিশ্ব চেম্পিয়ন নিখাত জাৰিন (৫০ কিলোগ্ৰাম) আৰু সাক্ষী চৌধুৰীয়ে (৫৭…
Read More
টেষ্ট কেৰিয়াৰত ৩১ তম শতক অৰ্জন কেন উইলিয়ামছনৰ

টেষ্ট কেৰিয়াৰত ৩১ তম শতক অৰ্জন কেন উইলিয়ামছনৰ

নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক আৰু তাৰকা বেটছমেন কেন উইলিয়ামছন তেওঁৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ পৰ্যায়ত আছে। উইলিয়ামছনে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ দ্বিতীয় ইনিংছতো শতক অৰ্জন কৰিছে। টেষ্ট ক্ৰিকেটত এইটো উইলিয়ামছনৰ ৩১ তম শতক। টেষ্ট ক্ৰিকেটত সৰ্বাধিক শতকৰ ক্ষেত্ৰত, উইলিয়ামছনে এতিয়া ভাৰতৰ বিৰাট কোহলীৰ লগতে ইংলেণ্ডৰ জো ৰুটতকৈ আগবাঢ়ি গৈছে। সক্ৰিয় ক্ৰিকেটাৰসকলৰ ভিতৰত, কেৱল অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ এতিয়া কেন উইলিয়ামছনতকৈ আগবাঢ়ি আছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ দ্বিতীয় ইনিংছত সংগ্ৰহ কৰা শতকটো কেন উইলিয়ামছনৰ টেষ্ট কেৰিয়াৰৰ ৩১ তম শতক। সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত উইলিয়ামছন এতিয়া দ্বিতীয় স্থানত আছে। ইংলেণ্ডৰ জো ৰুটৰ ৩০ আৰু ভাৰতৰ বিৰাট কোহলীৰ ২৯ টা শতক আছে। অষ্ট্ৰেলিয়াৰ ষ্টিভ…
Read More
লক্ষীমপুৰত আন্তঃজিলা জুনিয়ৰ-চিনিয়ৰ এথলেটিকছৰ সামৰণি শ্ৰেষ্ঠ দল ডিব্ৰুগড় জিলা ,দ্বিতীয় শ্ৰেষ্ঠ শিৱসাগৰ জিলা

লক্ষীমপুৰত আন্তঃজিলা জুনিয়ৰ-চিনিয়ৰ এথলেটিকছৰ সামৰণি শ্ৰেষ্ঠ দল ডিব্ৰুগড় জিলা ,দ্বিতীয় শ্ৰেষ্ঠ শিৱসাগৰ জিলা

গুৱাহাটী-অসম এথলেটিকছ সন্থাৰ উদ্যোগত আৰু লক্ষীমপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় খেলপথাৰত ৩দিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ৪৫ সংখ্যক জুনিয়ৰ-ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ সফল সামৰণি পৰে। ৰাজ্যৰ ১২২০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহন কৰা এই বৰ্ষৰ প্ৰতিযোগিতাখনক এথলীট সকলে সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগিতা বুলিও‌ অভিহিত কৰে। আনহাতে প্ৰতিযোগিতাখনত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ডিব্ৰুগড়ে  শ্ৰেষ্ঠ দল আৰু শিৱসাগৰে দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে। ইপিনে  প্ৰতিযোগিতা‌ত ভিন্ন ইভেন্টত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন আগবঢ়াই প্ৰতিটো শাখাত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা খেলুৱৈসকল ক্ৰমে-  ১৪ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ দ্ৰোণ পেগু(ধেমাজি), ছোৱালী শাখাত প্ৰতিক্ষা চেতিয়া(শিৱসাগৰ),১৬ বছৰ অনুৰ্ধ্ব লৰা শাখাৰ স্নিগ্ধ প্ৰতীম কোঁৱৰ (শিৱসাগৰ),ছোৱালী শাখাত জেচমিন বৰা (ধেমাজি) ,১৮ বছৰ অনুৰ্ধ্ব লৰা…
Read More
হাজী গোলাম ইব্ৰাহিম আৰু দিপ্তী বৰুৱা সোঁৱৰণী ১৪ বছৰ অনূৰ্ধ্ব ক্ৰিকেটৰ সামৰণি মহাৰাণা  ক্লাব আৰু শ্বেইখ ব্ৰাদাৰ্ছৰ ক্ৰিকেট টুৰ্ণামেন্টত ৰিভাৰ ৰাইন চেম্পিয়ন

হাজী গোলাম ইব্ৰাহিম আৰু দিপ্তী বৰুৱা সোঁৱৰণী ১৪ বছৰ অনূৰ্ধ্ব ক্ৰিকেটৰ সামৰণি মহাৰাণা  ক্লাব আৰু শ্বেইখ ব্ৰাদাৰ্ছৰ ক্ৰিকেট টুৰ্ণামেন্টত ৰিভাৰ ৰাইন চেম্পিয়ন

লতাশিল খেলপথাৰত সামৰণি পৰিল হাজী গোলাম ইব্ৰাহিম আৰু দিপ্তী বৰুৱা সোঁৱৰণী ১৪ বছৰ অনূৰ্ধ্ব ক্ৰিকেট টুৰ্ণামেন্টৰ । মহাৰাণা এথলেটিক ক্লাব আৰু শ্বেইখ ব্ৰাদাৰ্ছৰ দ্বাৰা যুটীয়াভাৱে  আয়োজন কৰা হৈছিল এই ৪০ অ'ভাৰৰ টুৰ্ণামেন্টৰ । ৪ ফ্ৰেব্ৰুৱাৰী, দেওবাৰে ফাইনেলত জয়ী হৈ খিতাপ দখল কৰিলে ৰিভাৰ ৰাইন ক্লাবে । ২১ জানুৱাৰীৰ পৰা গুৱাহাটীৰ লতাশিল খেলপথাৰত প্ৰথম বাৰলৈ আয়োজন কৰা এই প্ৰতিযোগিতাৰ ১৪ টা দলৰ ভিতৰত ফাইনেলত প্ৰৱেশ কৰে ৰিভাৰ ৰাইন আৰু ৰয়েল ক্ৰিকেট একাডেমীয়ে । ফাইনেলত ৰিভাৰ ৰাইন ক্লাবে  ৰয়েল ক্ৰিকেট একাডেমীক ১০৬ ৰাণত পৰাস্ত কৰে । ৰিভাৰ ৰাইনে ৪০ অভাৰত ৭ উইকেটত কৰা ২৫৭ ৰাণৰ প্ৰত্যুত্তৰত ৰয়েলে ৩২.২ অভাৰত ১৫১ ৰাণতে ইনিংছ…
Read More
সৎ চিন্তা, কৰ্ম, সংগত থকা মানুহক নিজৰ লক্ষ্যত উপনীত কৰায়: দীপক শৰ্মা

সৎ চিন্তা, কৰ্ম, সংগত থকা মানুহক নিজৰ লক্ষ্যত উপনীত কৰায়: দীপক শৰ্মা

চন্দ্ৰপুৰৰ সমীপৰ মায়ংৰ ঢেকীয়াবাৰীস্থিত "মণিৰাম জাতীয় বিদ্যালয়"ৰ বাৰ্ষিক বঁটা বিতৰণী সভাখনি বিদ্যালয় প্ৰাংগণত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সৎৰাম কলিতাৰ সভাপতিত্বত আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হৈ যায় । বিদ্যালয়ৰ অধ্যক্ষ ভূৱনেশ্বৰ ৰাজবংশীয়ে আঁত ধৰা আৰু আদৰণি ভাষণ দিয়া সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য, কবি, সাহিত্যিক দীপক শৰ্মাই অংশ লৈ কয়- "প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ অধ্যয়ন, অধ্যাৱসায়, নিয়মানুবৰ্তিতা, শ্ৰদ্ধাশীল হ'লে এদিন নিজ লক্ষ্যত উপনিত হ'ব পাৰে । আজিৰ বিদ্যাৰ্থী সমাজে এদিন এজন ভাল মানুহ হম বুলি সপোন দেখিব লাগে । সন্তানক পিতৃ-মাতৃ, অভিভাৱকে যোগাত্মক, সফল হ'বাই এদিন শিকাব লাগে। বিয়োগাত্মক কথা শিকাব নালাগে । সৎ চিন্তা, সৎ কৰ্ম, সৎ…
Read More
বিশাখাপত্তনম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়

বিশাখাপত্তনম টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়

বিশাখাপত্তনমত খেলা দ্বিতীয়খন টেষ্টত ভাৰতে ইংলেণ্ডক ১০৬ ৰানত পৰাস্ত কৰে। এই বিজয়ৰ সৈতে, ভাৰতে শৃংখলাটো ১-১ ত সমতা অৰ্জন কৰে। যশপ্ৰীত বুমৰাহ, যশস্বী জয়ছোৱাল, শুভমান গিল আৰু ৰবিচন্দ্ৰন অশ্বিনে মেচখন জিকাত ভাৰতৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। জয়ছোৱালে প্ৰথম ইনিংছত ২০৯ ৰান সংগ্ৰহ কৰিছিল। আনহাতে, বুমৰাহে খেলখনত মুঠ ৯ টা উইকেট দখল কৰে। খেলখন চতুৰ্থ দিনা সমাপ্ত হয়। খেলখনত ৩৯৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি ইংলেণ্ড ২৯২ ৰানত অলআউট হয়। এই সময়ছোৱাত, জাক ক্ৰাউলে দলটোৰ হৈ ৭৩ ৰানৰ আটাইতকৈ ডাঙৰ ইনিংছ খেলে, য'ত ৮ টা চাৰি আৰু এটা ছয় অন্তৰ্ভুক্ত আছিল। ইয়াৰ বাহিৰে, কোনো ইংলিছ খেলুৱৈয়ে ডাঙৰ ইনিংছ খেলিব নোৱাৰিলে, যাৰ বাবে তেওঁ…
Read More
নিউ জাৰ্চীৰ মেটলাইফ ষ্টেডিয়ামত ২০২৬ৰ ফিফা বিশ্বকাপৰ ফাইনেল

নিউ জাৰ্চীৰ মেটলাইফ ষ্টেডিয়ামত ২০২৬ৰ ফিফা বিশ্বকাপৰ ফাইনেল

ফিফা বিশ্বকাপৰ ২০২৬ৰ ফাইনেল নিউয়ৰ্ক/ নিউ জাৰ্চীৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। উল্লেখ্য যে ফিফাৰ আয়োজকসকলে দেওবাৰে এইটো ঘোষণা কৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ফিফা বিশ্বকাপ ১১ জুনৰ পৰা মেক্সিকো চিটিৰ আইকনিক এজটেকা ষ্টেডিয়ামত আৰম্ভ হ'ব। ফিফাৰ সভাপতি গিয়ানিৰ মতে, ২০২৬ৰ বিশ্বকাপ এতিয়ালৈকে আটাইতকৈ প্ৰভাৱশালী ফিফা বিশ্বকাপ হ'ব। ই এতিয়া সপোন নহয় কিন্তু এক বাস্তৱ, যি কানাডা, মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১৬ খন অত্যাধুনিক ষ্টেডিয়ামত ১০৪ খন খেল অনুষ্ঠিত হোৱাৰ সৈতে সাৰ্থক হ'ব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ফিফাৰ সভাপতিয়ে কয় যে আটলাণ্টা আৰু ডালাছে ছেমি ফাইনেল আয়োজন কৰিব। আনহাতে তৃতীয় স্থানৰ খেলখন মিয়ামীত খেলা হ'ব। কোৱাৰ্টাৰ ফাইনেল খেললছ এঞ্জেলছ, কানছাছ চিটি,…
Read More