26
Dec
এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী স্প্ৰিণ্টাৰ হিমা দাসক ঠিকনা প্ৰকাশ কৰাত ব্যৰ্থ হোৱাৰ ঘটনাত দোষমুক্ত কৰাৰ পিছত ৰাষ্ট্ৰীয় এণ্টি-ড'পিং এজেন্সিয়ে (নাডা) তেওঁক পুনৰ পূৰ্বাৱৰ্তী নিলম্বন কৰিছে। ষোল্ল মাহৰ নিলম্বনৰ ম্যাদ আছিল ২২ জুলাই ২০২৩ ৰ পৰা ২১ নৱেম্বৰ ২০২৪ লৈ আৰু খেলুৱৈগৰাকী এতিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ মুক্ত কিন্তু আশ্চৰ্যজনকভাৱে, তেওঁ এই বছৰৰ জুনত প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল। নাডাই শেহতীয়াকৈ ঘোষণা কৰিছিল যে তেওঁ ঠিকনা প্ৰকাশ নকৰাৰ বাবে তেঁওলোকৰ এণ্টি-ড'পিং পেনেলে তেওঁক নিলম্বিত কৰে। নাডা ৱেবছাইট অনুসৰি, 'ধিং এক্সপ্ৰেছ' বুলি খ্যাত হিমাক ৰিজলিউশ্বন চুক্তিৰ অংশ হিচাপে নিলম্বনৰ অধীনত ৰখা হৈছে। তেওঁ বৰ্তমান তিৰুৱন্তপুৰমত প্ৰশিক্ষণ লৈ আছে। তেওঁৰ নিলম্বনৰ ম্যাদে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে…
