19
Aug
সাংস্কৃতিক নগৰী যোৰহাটত অসম সত্ৰ মহাসভাৰ নতুনকৈ সংযোজন হ'ল এখন সাংস্কৃতিক মহাবিদ্যালয়। অসম সত্ৰ মহাসভাৰ সাংস্কৃতিক মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পাঠদান আৰম্ভনি হয় যোৱা ১৭ আগষ্ট ২০২২ তাৰিখে। অসম সত্ৰ মহাসভাৰ মুখ্য কাৰ্যালয়, যোৰহাটৰ কলাভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে আৰম্ভ হয়। যোৰহাটৰ অসম সত্ৰ মহাসভাৰ কলাভৱত “অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়”ৰ অধ্যক্ষ ডঃ ৰঞ্জিত কুমাৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠানটি অনুষ্ঠিত হয়। যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ শ্ৰীযুতা ৰূপা দত্তই বন্তি প্ৰজ্বলন আৰু শিৱসাগৰৰ নটৰাজ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত দূৰ্গেশ্বৰ বৰুৱাই সৰস্বতী বন্দনাৰে অনুষ্ঠান শুভাৰম্ভ কৰে। মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰীযুতা সংগীতা শইকীয়াই আঁত ধৰা সভাখনিত উদ্দেশ্য বাখ্যা কৰে অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ সচিব…
