উত্তৰ-পূৱ

ভূমিস্খলনত এগৰাকী শিশু কন্যা মৃত্যু আহত আৰু এগৰাকী

ভূমিস্খলনত এগৰাকী শিশু কন্যা মৃত্যু আহত আৰু এগৰাকী

ভূমিস্খলনত এগৰাকী শিশু কন্যা মৃত্যু আহত আৰু এগৰাকী । মণিপুৰ ৰাজ্যৰ জিৰিবামত এক ভূমিস্খলনত প্ৰাণ হেৰুৱালে এটি কন্যা শিশুৱে ।  আন এটা শিশু আহত হয় । এই কৰুণ ঘটনা সংঘটিত হৈছে জিৰিবাম জিলাৰ এখন দুৰ্গম গাঁও আহমেদাবাদত ।  সোমবাৰে নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত আহমেদাবাদৰ আজিবুৰ ৰহমানৰ দুগৰাকী কন্যা ভূমিস্খলনে চেপি ধৰিলে । বোকা খহনীয়াত এগৰাকী ১১ বছৰীয়া স্কুলী ছাত্ৰীৰ মৃত্যু হয় । আৰু আন এটা ৭ বছৰীয়া শিশু গুৰুতৰভাৱে আহত হয় । চিকিৎসাৰ বাবে তেওঁক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় ।
Read More
বাংলাদেশত ভয়ংকৰ পৰিস্থিতি

বাংলাদেশত ভয়ংকৰ পৰিস্থিতি

সোমবাৰে বাংলাদেশত হিংসাত্মক পৰিস্থিতি বৃদ্ধি পোৱাৰ লগে লগে ঢাকাৰ সাৱৰ আৰু ধমৰাইত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘৰ্ষত কমেও ১৮ জন লোক নিহত হয়। জানিব পৰা মতে, আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে গুলীচালনা কৰে। এই ঘটনাত সাংবাদিক, প্ৰতিবাদকাৰীকে ধৰি প্ৰায় ৫০ জনৰো অধিকলোক আহত হৈছে। ইয়াৰোপৰি সোমবাৰে জেছ’ৰৰ এখন আৱাসিক হোটেলত অজ্ঞাত লোকে অগ্নিসংযোগ কৰে। য’ত কমেও ৮ জন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে আৰু আন ৮৪ জন আহত হয়। হোটেলখনৰ মালিক জেছ’ৰৰ আৱামি লীগৰ সাধাৰণ সম্পাদক শ্বাহীন চাকলাদাৰ।
Read More
ভূপেন বৰাক প্ৰত্যাহ্বান আপ নেতাৰ

ভূপেন বৰাক প্ৰত্যাহ্বান আপ নেতাৰ

বিৰোধী ঐক্য মঞ্চৰ বৈঠকত আম আদমী পাৰ্টিৰ অনুপস্থিতি সন্দৰ্ভত সংবাদমেল যোগে দলৰ স্থিতি স্পষ্ট কৰিলে আপৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য মামুন ইমদাদুল হক চৌধুৰীয়ে । গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত আপৰ নেতাগৰাকীয়ে কয়, " লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰ্যায়ত ইণ্ডিয়া জোঁট বন্ধনৰ সমান্তৰাল ভাৱে অসমত বিজেপি মিত্ৰজোঁটক পৰাভূত কৰিবৰ বাবে ১৬ টা কৈ বিৰোধী ৰাজনৈতিক দলৰ এক শক্তিশালী মঞ্চ গঠন কৰা হৈছিল। সুদীৰ্ঘ ৮ মাহ ধৰি বিৰোধী ঐক্যৰ স্বাৰ্থত আমি কথা পাতিছিলোঁ। কিন্তু মঞ্চৰ সভাপতি পদত অধিষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সম্পাদক অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাজত সংকীৰ্ণ বুজাবুজিৰ ভিত্তিত কংগ্ৰেছে ডিব্ৰুগড় লোকসভা সমষ্টি লুৰিণজ্যোতি…
Read More
৭ আগষ্টত অলিম্পিকত প্ৰতিদ্বন্দিতা কৰিব মীৰাবাঈ চানুৱে

৭ আগষ্টত অলিম্পিকত প্ৰতিদ্বন্দিতা কৰিব মীৰাবাঈ চানুৱে

টকিঅ' অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মীৰাবাঈ চানু অৱশেষত পেৰিছত উপস্থিত হৈছে। যোৱা কেইসপ্তাহমান ধৰি ফ্ৰান্সত প্ৰশিক্ষণ লৈ থকা চানুৱে এতিয়া অলিম্পিক ভিলেজত উপস্থিত হৈছে। পেৰিছ অলিম্পিকত চানু ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ পদকৰ দাবীদাৰ। তেওঁ ৭ আগষ্টত মহিলাৰ ৪৯ কিলোগ্ৰাম ভাৰোত্তোলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। মীৰাবাঈ চানুৱে ২০১৬ৰ ৰিঅ' অলিম্পিকত আত্মপ্ৰকাশ কৰিছিল, য'ত তেওঁ ক্লিন এণ্ড জাৰ্ক শ্ৰেণীৰ তিনিওটা প্ৰচেষ্টাত বিফলতাৰ বাবে ইভেণ্টটো সম্পূৰ্ণ কৰিব নোৱাৰিলে। অৱশ্যে, তেওঁ টকিঅ' অলিম্পিক ২০২০ ত ৰূপৰ পদক জিকি এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰিছিল। যোৱা কেইবছৰমান মীৰাবাঈ চানু আঘাতৰ সৈতে যুঁজি আছিল, যাৰ বাবে তেওঁ বহুতো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিলে। ইয়াৰ স্বত্ত্বেও, তেওঁ কমনৱেলথ গেমছত তিনিটা পদক…
Read More
বিধায়ক নুৰুল হুদাৰ পুত্ৰক গ্ৰেপ্তাৰ

বিধায়ক নুৰুল হুদাৰ পুত্ৰক গ্ৰেপ্তাৰ

ৰূপহী হাটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা ফৰাজীক গ্ৰেপ্তাৰ।কলিয়াবৰ আৰক্ষী নিৱেশত গ্ৰেপ্তাৰ ৰকিবুল হুদাক।কলিয়াবৰ আৰক্ষী নিৱেশত প্ৰায় ২ ঘন্টা ধৰি নগাঁও আৰক্ষী অধিক্ষকে চলোৱা জেৰাৰ অন্তত গ্ৰেপ্তাৰ ৰকিবুল হুদাক।তেল চুৰিৰ চক্ৰৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ ৰকিবুল হুদাক।কলিয়াবৰ উলুৱানী আৰক্ষী থানাত আত্মসমৰ্পণ বিধায়ক নৰুল হুদাৰ পু্ত্ৰ ৰকিবুল হুদাৰ।তেল চুৰি গেঙৰ সৈতে নাম সাঙোৰ খাইছে ৰকিবুল হুদাৰ।বিগত ৪৮ ঘণ্টা ধৰি আৰক্ষীয়ে গুৱাহাটী,ৰূপহীত অভিযান চলাই আছিল তেল চুৰি চক্ৰটোৰ বিৰুদ্ধে।ইতিমধ্যে¸শনিবাৰে এই ঘটনাৰ সৈতে জড়িত পাঁচজনক গ্ৰেপ্তাৰ কৰিছে কলিয়াবৰ আৰক্ষীয়ে।ৰকিবুল হুদাই তেল চুৰি চক্ৰৰ পৰা Google pay ৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে।ৰকিবুল হুদা কলিয়াবৰ জিলা আমছুৰ সভাপতি।আৰক্ষী জালত পৰা…
Read More
কাছাৰত ডকাইতৰ সন্ত্ৰাস

কাছাৰত ডকাইতৰ সন্ত্ৰাস

কাছাৰ জিলাৰ কালাইনত ১০/১৫ জনীয়া বন্দুকধাৰী ডকাইত দলৰ সন্ত্ৰাস ।দলটোয়ে লুটি নিলে প্ৰায় ১২ লাখ টকা ।এটা বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা লুটপাত কৰে ধনখিনি । কেইবা লাখ টকাৰ সোণৰ আ-অলংকাৰো লুটি নিলে ডকাইতৰ দলটোৱে । জানিব পৰা যায় যে পৰিয়ালৰ লোককো প্ৰহাৰ কৰিলে বন্দুকধাৰী দলটোৱে । প্রায় এঘণ্টা ধৰি তাণ্ডৱ চলাই দুৰ্ধৰ্ষ ডকাইতৰ দলটোৱে । কাছাৰৰ কালাইন ব্রাম্মনগ্রামত সংঘটিত এই ভয়ংকৰ ডকাইতি কাণ্ড ।
Read More
শিলছৰত পথ অৱৰোধ ৰাইজৰ

শিলছৰত পথ অৱৰোধ ৰাইজৰ

শিলচৰ চহৰৰ জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত শিলচৰত পথ অৱৰোধ কৰি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । দীৰ্ঘদিন ধৰি এই পথটোৰ বেয়া অৱস্থাৰ বাবে পথচাৰীকে ধৰি স্থানীয় ৰাইজে নিজৰ জীৱন বিপন্ন কৰিব লগা হৈছে । আৰু পথটোৰ বেয়া অৱস্থাৰ বাবে স্থানীয় ৰাইজৰ জীৱন দুৰ্বিষহ হৈ পৰিছে ।ধূলিময় পৰিৱেশৰ বাবে স্থানীয় ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে । আৰু তেওঁলোকে কয় যে এই বিষয়ত সাংসদ আৰু বিধায়কসকলে নীৰৱ ভূমিকা পালন কৰিছে । সোনকালে মেৰামতি কৰা নহ'লে তেওঁলোকৰ আন্দোলন অব্যাহত থাকিব । সংবাদ মাধ্যমৰ জৰিয়তে স্থানীয় ৰাইজে দুৰ্গা পূজাৰ পূৰ্বে শিলচৰ চহৰৰ পথটো অতি সোনকালে মেৰামতি কৰিবলৈ প্ৰশাসনক দাবী জনায় ।
Read More
৩ বজাৰ লগে লগে বক্সিং ৰিঙত নামিব অসম কন্যা

৩ বজাৰ লগে লগে বক্সিং ৰিঙত নামিব অসম কন্যা

ভাৰত তথা অসমৰ বাবে আজি এটা ডাঙৰ দিন। কিয়নো পেৰিছ অলিম্পিকত আজি অসম কন্যা লাভলীনা বৰগোহাঁয়ে কোৱাৰ্টাৰ ফাইনেল খেলিব। উল্লেখ কৰা প্ৰয়োজন যে, অলিম্পিকৰ প্ৰথমখন খেলত মহিলাৰ ৭৫কেজি শাখাৰ ১৬নং ৰাউণ্ডৰ মেচত নৰৱেৰ চুনিভা হফষ্টেডক পৰাস্ত কৰিছিল লাভলীনাই। আজি অলিম্পিকৰ বক্সিং ৰিঙত নামিব অসম কন্যা লাভলীনা। চীনৰ বক্সাৰ লী কিয়ানৰ সন্মুখত লাভলীনাৰ যুজঁ।প্ৰতিযোগিতাৰ ৰেংকিঙৰ শীৰ্ষ প্ৰতিদ্বন্দী হৈছে লী কিয়ান।আজি খেলখনত জয়ী হ'লেই এখোজ আগুৱাব লাভনীলাই।প্ৰতিযোগিৰ তালিকাত অষ্টম স্থানত আছে লাভলীনাৰ নাম।আজি ৩.০২বজাত আৰম্ভ হ'ব খেলখন।অসম কন্যা লাভলীনাৰ জয়ৰ বাবে আপুনিও প্রার্থনা কৰক।
Read More
ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

ভাৰতীয় ৰে'লৱেত লাগিছে কালিকা! আকৌ চলন্ত ৰে'লত ভয়ংকৰ অঘটন, ৰে'লযাত্ৰীৰ মাজত হাহাকাৰ ।দেওবাৰে পুৱা অন্ধ্ৰপ্ৰদেশৰ বিশাখাপত্তনমত এক ডাঙৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়। কোৰবাৰ পৰা অহা কোৰবা-বিশাখাপত্তনম এক্সপ্ৰেছৰ তিনিটা এচি ডবাত জুই লাগে। জুই ইমানেই বিধ্বংসী আছিল যে মুহূৰ্তৰ ভিতৰতে ৰে’লখনৰ তিনিটা ডবা গ্ৰাহ কৰিবলৈ আৰম্ভ কৰিছিল। তথ্য পোৱাৰ পাছত উদ্ধাৰকাৰী দলটো ঘটনাস্থলীত উপস্থিত হয় আৰু সকলো যাত্ৰীক অতি কষ্টেৰে ৰে”লৰ পৰা বাহিৰলৈ উলিয়াই আনে। ঘটনাটোত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। কিন্তু তিনিটা ডবাকে ধৰি যাত্ৰীসকলৰ সকলো সামগ্ৰী ভস্মীভূত হৈছে।
Read More
দাও দাওকৈ জ্বলিল ৰখাই থোৱা বলেৰ’ বাহন

দাও দাওকৈ জ্বলিল ৰখাই থোৱা বলেৰ’ বাহন

বিশ্বনাথ মহাবিদ্যালয় চৌহদত অঘটন। মহাবিদ্যালয় চৌহদত দাও দাওকৈ জ্বলিল ৰখাই থোৱা বলেৰ' বাহন। মহাবিদ্যালয়ৰ অধ্যক্ষৰ বাসগৃহলৈ গাড়ীখনৰ গৰাকী প্ৰকাশ উপাধ্যায়ে লৈ আহিছিল। অধ্যক্ষৰ ঘৰত প্ৰৱেশ কৰাৰ পিছতে জ্বলি উঠিল গাড়ীখন। গাড়ীখনৰ নম্বৰ As32A 5899।
Read More