উত্তৰ-পূৱ

দীঘলীপুখুৰী পাৰৰ গছবোৰ নকটাৰ সিদ্ধান্ত

দীঘলীপুখুৰী পাৰৰ গছবোৰ নকটাৰ সিদ্ধান্ত

দীঘলীপুখুৰী পাৰৰ শতিকা পুৰণি গছবোৰ নকটাৰ দাবীত প্ৰতিবাদ অব্য়াহত থকাৰ মাজতে নিৰ্মীয়মাণ উৰণসেতু আৰ্হি সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । নতুন আৰ্হি অনুসৰি, দীঘলীপুখুৰীৰ পূব আৰু পশ্চিম পাৰত নিৰ্মাণৰ পৰিকল্পনা কৰাৰ উৰণসেতুৰ বাহু দুটা বাদ দিয়া হৈছে ।নতুন আৰ্হিত মতে, এটা বাহু লেম্ব ৰোডত নিৰ্মাণ কৰা হ’ব আৰু উৰণসেতুৰ আনটো বাহু ৰবীন্দ্ৰ ভৱন আৰু জিলা পুথিভঁৰাল মাজৰ অংশত শেষ হ’ব । উল্লেখ্য যে, মঙলবাৰে নিশা উৰণসেতুখনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই পৰিদৰ্শন কালতে উৰণসেতুৰ আৰ্হি সলনি কৰাৰ সিদ্ধান্ত কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
Read More
কমলা হেৰিছক পৰাজিত কৰি হোৱাইট হাউচ যাবলৈ সাজু ট্ৰাম্প

কমলা হেৰিছক পৰাজিত কৰি হোৱাইট হাউচ যাবলৈ সাজু ট্ৰাম্প

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত ড'নাল্ড ট্ৰাম্প। কমলা হেৰিছক পৰাজিত কৰি হোৱাইট হাউচ যাবলৈ সাজু ট্ৰাম্প। জয়ৰ নিশ্চিয়তা হোৱাৰ পাছতেই ট্ৰাম্পে সমৰ্থকসকলক ধন্যবাদ জ্ঞাপন কৰে।প্ৰায়ে বিতৰ্কত থকা ট্ৰাম্পৰ প্ৰতিদ্বন্দ্বী আছিল কমলা হেৰিছ। কিন্তু তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ট্ৰাম্পে জয়ৰ বাবে প্ৰয়োজন হোৱা ২৭০ মেজিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। অৱশ্যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলৰ আনুষ্ঠানিক ঘোষণা হ’বলৈ এতিয়াও বাকী আছে। আমেৰিকাৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি বহু সংখ্যক ভোটত ৰিপাব্লিকান প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে জয় লাভ কৰে।
Read More
ভূপেন হাজৰিকা’বিহীন ১৩ টা বছৰ

ভূপেন হাজৰিকা’বিহীন ১৩ টা বছৰ

'ভূপেন হাজৰিকা'বিহীন ১৩ টা বছৰ। ২০১১ চনৰ আজিৰ দিনটোতেই শ্ৰদ্ধাৰ শিল্পী ভূপেন হাজৰিকাই শেষ নিশ্বাস ত্যাগ কৰিছিল। হাজৰিকাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে গুণমুগ্ধই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু অনুষ্ঠানৰ আয়োজন কৰি শিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।এই দিনটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিভিন্নজে চিত্ৰাংকন প্ৰতিযোগিতা, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, গানৰ অনুষ্ঠান আদিৰ আয়োজন কৰি শ্ৰদ্ধাৰ শিল্পীগৰাকীৰ স্মৃতি সোঁৱৰণ কৰিছে। ভূপেন হাজৰিকাৰ মৃত্যু দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকায়ৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হ’ব বহু অনুষ্ঠান।
Read More
বিদ্যুৎ সৰবৰাহ বন্ধ কৰাৰ হুংকাৰ বাংলাদেশক

বিদ্যুৎ সৰবৰাহ বন্ধ কৰাৰ হুংকাৰ বাংলাদেশক

ভাৰতৰ পুঁজিপতি গৌতম আদানীয়ে চুবুৰীয়া দেশখনলৈ বিদ্যুৎ সৰবৰাহ বন্ধ কৰাৰ হুংকাৰ দিছে।অন্ধকাৰত ডুব যাব বাংলাদেশ ! হাছিনা চৰকাৰৰ পতনৰ পাছতে বাংলাদেশত এতিয়া চলি আছে অন্তৱৰ্তীকালীন চৰকাৰ।নোবেল বিজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছৰ চৰকাৰে গৌতম আদানীক দিবলৈ বাকী আছে ৮৫০ মিলিয়ন ডলাৰ। এই বৃহৎ অংকৰ ধন শীঘ্ৰেই আদায় নিদিলে বাংলাদেশলৈ বিদ্যুৎ যোগান বন্ধ কৰিব আদানীৰ প্ৰতিষ্ঠানে।
Read More
কাটিহাৰ জিলাত ভয়ংকৰ নাওঁ দুৰ্ঘটনা

কাটিহাৰ জিলাত ভয়ংকৰ নাওঁ দুৰ্ঘটনা

কাটিহাৰ জিলাৰ মণিহাৰীত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। হাটকোল গংগা ঘাটৰ সমীপত নদীত ডুব গৈছে এখন নাও। এই দুৰ্ঘটনাত সন্ধানহীন হৈছে ৭ জন কৃষক। সম্প্ৰতি নদীত নিৰুদ্দেশ হোৱা কৃষককেইজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে এছ ডি আৰ এফৰ দলে।গংগা ঘাটত এই ঘটনাক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, গংগা নদীৰ আনটো পাৰে থকা ডায়াৰা অঞ্চলত বহু কৃষকে পাৰৱালৰ খেতি কৰিছে।খেতিয়কসকলে নাৱৰ সহায়ত এই খেতি পথাৰলৈ অহা-যোৱা কৰে। আজিও খেতিৰ বাবে ১২ জন লোক নাৱেৰে গংগা পাৰ হৈ গৈ আছিল। কিন্তু নাওখন নদীৰ মাজ পোৱাৰ সময়তে হঠাত নিয়ন্ত্ৰণহীন হৈ পৰে। এনে পৰিস্থিতিত নাওখনত থকা লোকসকলে আতংকত…
Read More
দীঘলীপুখুৰী পাৰত প্ৰতিবাদত বহিল শিল্পী সমাজ

দীঘলীপুখুৰী পাৰত প্ৰতিবাদত বহিল শিল্পী সমাজ

দীঘলীপুখুৰী পাৰত প্ৰতিবাদত বহিল জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গৰ লগতে ৰাজ্যৰ বহু শিল্পী। গীত মাতেৰে প্ৰতিবাদ সাব্যস্ত শিল্পী সমাজৰ। গোপীনাথ বৰদলৈ উৰণ সেতু নিৰ্মাণৰ বাবে দীৰ্ঘদিনে দীঘলীপুখুৰী পাৰত গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে ছাত্ৰ সমাজ আৰু নাগৰিক সমাজে।মোৰ কথা শুনিব লাগিব, নুশুনিলে মই জেং কৰিম: গছ কটাৰ বিৰুদ্ধে দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদত বহিল জুবিন গাৰ্গ।জুবিন গাৰ্গে কয়, “গছবোৰ কাটি নেপেলাব, বিকল্প ব্যৱস্থা লওক।গছবোৰ কাটি পেলালে দীঘলীপুখুৰীলৈ কোন আহিব। গছ নাথাকিলে ফ্লাই অভাৰলৈ চৰাই নাহে। গোটেই গছবোৰ কাটি পাছত মোকো কাটিলে হ’ল। মোক কাটিলে বেছি পইচা পাব।” লগতে জুবিনে কয় ‘আমি ভিক্ষাৰী নহয় কিন্তু, আমাৰ সকলো আছে। মই প্ৰতিবাদ নকৰো,…
Read More
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ভাল খবৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ভাল খবৰ

অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ বাবে ভাল খবৰ । চলিত পৰ্যটন বৰ্ষৰ আৰম্ভণিতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত বৃহৎ সংখ্যক পৰ্যটকে ভ্ৰমণ কৰা দেখা গৈছে । ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই সদৰী কৰা মতে, চলিত পৰ্যটন বৰ্ষৰ প্ৰথম মাহতে প্ৰায় ৬৫ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । এই তথ্যৰ ওপৰত ভিত্তি কৰিয়ে এইবাৰ কাজিৰঙাত আৰু অধিক পৰ্যটকে ভ্ৰমণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।এইবাৰৰ পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ পাছতে অক্টোবৰ মাহত প্ৰায় ২৯ হাজাৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰে। অক্টোবৰ মাহত ভ্ৰমণ কৰা মুঠ ২৮,৯৮০ গৰাকী পৰ্যটকৰ ভিতৰত ২৮,৪০১ জন ঘৰুৱা পৰ্যটক থকাৰ…
Read More
পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ

পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ

জম্মু-কাশ্মীৰৰ বুডগাম জিলাৰ মাগামৰ মাঝামা অঞ্চলত সংঘটিত হৈছে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা। উপত্যকাটোত বাস কৰা প্ৰব্ৰজিত শ্ৰমিকক লক্ষ্য কৰি পুনৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়। এই আক্ৰমণত আহত হৈছে দুজন শ্ৰমিক। আহত শ্ৰমিক দুজনক উত্তৰ প্ৰদেশৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে।সন্ত্ৰাসবাদীৰ গুলীচালনাৰ পিছতে আহত দুয়োজন শ্ৰমিকক লগে লগে ঘটনাস্থলীৰ সমীপৰে এখন চিকিৎসালয়লৈ লৈ যায়। সম্প্ৰতি আহত দুয়োজন শ্ৰমিকৰ স্বাস্থ্যৰ অৱস্থা সংকটমুক্ত বুলি জানিব পৰা গৈছে।সন্ত্ৰাসবাদীৰ এনে আক্ৰমণত কোনোমতে প্ৰাণ ৰক্ষা পৰা আহত শ্ৰমিক দুজনক উছমান আৰু সঞ্জয় বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে সদৰী কৰা মতে, দুয়োজন শ্ৰমিকেই উত্তৰ প্ৰদেশৰ বাসিন্দা।
Read More
জীৱনৰ ৫৯তম বসন্তত ভৰি দিলে বলিউডৰ বাদশ্বাহে

জীৱনৰ ৫৯তম বসন্তত ভৰি দিলে বলিউডৰ বাদশ্বাহে

আজি জীৱনৰ ৫৯তম বসন্তত ভৰি দিলে বলীউডৰ বাদশ্বাহ খ্যাত শ্বাহৰুখ খানে। ১৯৮০ ৰ দশকৰ শেষৰ ফালে দূৰদৰ্শনৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলা শ্বাহৰুখ খানে ১৯৯২ চনত আত্মপ্ৰকাশ কৰে বলীউডত। ইয়াৰ পিছতে শতাধিক চিনেমাত অভিনয়েৰে অনুৰাগীৰ হৃদয় জিনি শ্বাহৰুখ হৈ পৰে বলীউডৰ কিং খান।আজি বলীউডৰ বাদশ্বাহ ‘কিং খান’ শ্বাহৰুখৰ জন্মদিন।কিন্তু বহু লোক হয়তো জ্ঞাত নহয় যে বলীউডত শ্বাহৰুখ খানৰ প্ৰথম ছবিখন আছিল ‘দিল আশ্না হায়’। কিন্তু ছবিখন মুক্তি পোৱাত পলম হোৱাৰ বাবে ‘দীৱানা’ক তেওঁৰ প্ৰথম ছবি হিচাপে গণ্য কৰা হয়।তিনিখন পৃথক বিশ্ববিদ্যালয়ৰ পৰা তিনিটা বিদেশী ডক্টৰেট ডিগ্ৰী লাভ কৰা বলীউডৰ প্ৰথম আৰু একমাত্ৰ অভিনেতা শ্বাহৰুখ খান। তদুপৰি ২০১১ চনৰ ১০ নৱেম্বৰত…
Read More
পুনৰ বৃদ্ধি পালে ছিলিণ্ডাৰৰ মূল্য

পুনৰ বৃদ্ধি পালে ছিলিণ্ডাৰৰ মূল্য

দীপাৱলীৰ লগে লগে দেশত গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে। এইবাৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱা দেখা গৈছে। একেৰাহে চতুৰ্থ মাহৰ বাবে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। এই সময়ছোৱাত চাৰিখন মহানগৰতে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য গড়ে ১৫৬ টকাকৈ বৃদ্ধি পাইছে। আনহাতে, মাৰ্চ মাহৰ পৰা ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হোৱা নাই। যোৱাবাৰ ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্ৰাস কৰা হৈছিল।
Read More