উত্তৰ-পূৱ

চাজিনাৰ পাত আপোনাৰো প্রিয় নেকি

চাজিনাৰ পাত আপোনাৰো প্রিয় নেকি

চজিনা বুলি ক’লে তাক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই । আমাৰ সমাজত এইবিধ পাচলিৰ প্ৰচলন কালৰ পৰাই আছে । কিন্তু প্ৰাসংগিক কথাটো হ’ল এইবিধ পাচলিৰ ঔষধি গুণৰ আলোচনা কমকৈ হোৱাটোহে । চজিনাৰ আদি উৎপত্তিস্থান আফ্ৰিকা আৰু এছিয়া মহাদেশ । চজিনাৰ ফল, পাত, শিপা, ছাল, ফুল, গুটি সকলোবিধেই উপকাৰী । মানুহৰ বিভিন্ন প্ৰকাৰৰ দৈহিক অসুস্থতা নিৰাময়ৰ ক্ষেত্ৰত ই মহৌষধস্বৰুপ । ইয়াৰ ব্যৱহাৰে মধুমেহ, হৃদৰোগ, ৰক্তাল্পতা, যকৃতৰ ৰোগ, শ্বাস- প্ৰশ্বাসজনিত সমস্যা, চৰ্মৰোগ, পাকস্থলীৰ ৰোগ, গাঁঠিৰ বিষ আদি ৰোগত সুফল লাভ কৰিব পাৰি । তদুপৰি ই এণ্টি-ইনফ্লেমেটৰী, এণ্টি-অক্সিডেণ্ট আৰু কোষৰ সুৰক্ষাকাৰী হিচাপেও সমাদৃত ।চজিনা পাতক ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্ট, ক্ল’ৰ’ফিল আৰু সম্পূৰ্ণ…
Read More
ক্ৰিকেটপ্ৰেমীলৈ ভাল খবৰ

ক্ৰিকেটপ্ৰেমীলৈ ভাল খবৰ

আজি বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ । এফালে অসমৰ ৰিয়ান পৰাগে ৰাজস্থানক নেতৃত্ব দিয়াৰ বিপৰীতে কেকেআৰক নেতৃত্ব দিব ৰাহানে। ইতিমধ্য়ে এই খেলখনকলৈ অধিক উৎসাহী হোৱা দেখা গৈছে অসমবাসীক । উল্লেখ্য যে, ৰাজস্থানৰ দ্বিতীয়খন ঘৰুৱা খেলপথাৰ হৈছে গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ।ঘৰুৱা খেলপথাৰ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে ৰিয়ান পৰাগৰ অধিনায়কত্ব দেখা পাব ক্ৰিকেট অনুৰাগীয়ে ।
Read More
অমিতাৰ উপকাৰীতাৰ বিষয়ে জানেনে

অমিতাৰ উপকাৰীতাৰ বিষয়ে জানেনে

আমি সকলোৱে জানো যে অমিতা শৰীৰৰ বাবে কিমান উপকাৰী ৷ অমিতাই মানৱ শৰীৰত যথেষ্ঠ উপকাৰো সাধন কৰে ৷ ওজন হ্ৰাসৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিলৈকে অমিতা খোৱাটো উত্তম ৷ ইয়াৰ উপৰিও ই ছালৰ বহুতো উপকাৰিতা সাধন কৰে ৷ শৰীৰৰ বহু সমস্যাৰ ক্ষেত্ৰত অমিতা কোনো ঔষধতকৈ কম নহয় ৷ অমিতাত ফাইবাৰ আৰু এনজাইম পেপেইন পোৱা যায়। যিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। কিন্তু ইয়াক বেছিকৈ খালে আপোনাৰ পাচনতন্ত্ৰ নষ্ট হ’ব পাৰে। যাৰ বাবে ডায়েৰিয়াৰ দৰে সমস্যা হ’ব পাৰে।পেপেইন নামৰ এটা মৌল অমিতাত পোৱা যায় ৷ অতিমাত্ৰা পেপেইন সেৱন কৰিলে শৰীৰত খজুৱতি, ফুলা, ফোঁহা, মূৰৰ বিষ, এলাৰ্জী আদি সমস্যাৰ সৃষ্টি হ’ব…
Read More
অসম আৰক্ষীৰ বৃহৎ সাফল্য

অসম আৰক্ষীৰ বৃহৎ সাফল্য

ড্ৰাগছৰ বিৰুদ্ধে মাহগুৰিত জুৰীয়া আৰক্ষীৰ সফল অভিযান। এক গোপন খবৰৰ ভিত্তিত মাহগুৰি গাঁৱৰ ফক্কৰউদ্দিনৰ বাসগৃহত জুৰীয়া আৰক্ষীয়ে অভিযান চলাই ৩ বাকচ ভৰ্তি ড্ৰাগছ সহ আটক তিনি কুখ্যাত ড্ৰাগছ পেডলাৰ। জুৰীয়াৰ মাহগুৰিৰ পৰা কেৰেলালৈ ড্ৰাগছখিনি লৈ যোৱাৰ যো-যা চলাই থাকোতেই জুৰীয়া আৰক্ষীৰ অভিযানত আটক তিনি কুখ্যাত ড্ৰাগছ পেডলাৰ।জুৰীয়া আৰক্ষীয়ে মাহগুৰিৰ ফক্কৰউদ্দিনৰ বাসগৃহত অভিযান চলাই 156.47 gm ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰে মুকছেদুল ইছলাম, জিয়াবুৰ ৰহমান আৰু ফক্কৰউদ্দিনক।ইতিমধ্যেই তিনিটা কুখ্যাত ড্ৰাগছ পেডলাৰক আটক কৰি জুৰীয়া আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধাপোছা অব্যাহত ৰাখিছে।
Read More
কেঁচা জলকীয়াৰ উপকাৰীতাৰ বিষয়ে জানেনে

কেঁচা জলকীয়াৰ উপকাৰীতাৰ বিষয়ে জানেনে

আমাৰ মাজৰ বহুতে ভাত, ৰুটি বা অন্য খাদ্যৰ সৈতে কেঁচা জলকীয়া নহ’লে খাদ্যৰ সোৱাদ আধৰুৱা অনুভৱ কৰে ৷ কিন্তু আপুনি জানেনে ইয়াৰ উপকাৰিতা কিমান ?খাদ্যৰ সোৱাদ বঢ়াবলৈ আমি খাদ্যত কেঁচা জলকীয়া ব্যৱহাৰ কৰো ৷ ইয়াৰ জ্বলা সোৱাদে খাদ্যত ইমানেই যাদু দেখুৱাই যে মানুহে ইয়াক খোৱা হোৱাৰ পিচতো খাদ্য আঙুলি চেলেকি খায় ৷ অৱশ্যে কিছুমান মানুহ আছে যিয়ে কেঁচা জলকীয়া খোৱাটো সম্পূৰ্ণ পৰিহাৰ কৰে ৷ যদি আপুনিও সেইসকল লোকৰ মাজত অন্তৰ্ভুক্ত, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷কেঁচা জলকীয়াত ভিটামিন এ, ভিটামিন বি ৬, ভিটামিন চি, আইৰণ, কপাৰ, পটাছিয়াম, প্ৰটিন আৰু বিটা-কেৰটিন আদি উপাদান প্ৰচুৰ পৰিমাণে পোৱা যায় প্ৰটিন আৰু বিটা-কেৰটিন প্ৰচুৰ…
Read More
ক্ৰিকেট প্ৰেমীলৈ ডাঙৰ খবৰ

ক্ৰিকেট প্ৰেমীলৈ ডাঙৰ খবৰ

IPL 2025: আই পি এলত আজিৰ মেচত দেখা পোৱা যাব CSK আৰু MI ক। কিন্তু এই ইয়াৰ পূৰ্বে অনুৰাগীসকলৰ বাবে আছে এক বেয়া খবৰ। কিয়নো স্থগিত হ'ব পাৰে আজিৰ মেচ।এই দুয়োটা দলৰ মাজত আজি এই খেল চেন্নাইৰ চেপাউক ষ্টেডিয়ামৰ এম এ চিদাম্বৰমত অনুষ্ঠিত হ’ব। আই পি এল অনুৰাগীসকলে মুম্বাই ইণ্ডিয়ানছ(MI) আৰু চেন্নাই ছুপাৰ কিংছ (CSK)ৰ মাজত খেল চাবলৈ অধীৰ অপেক্ষা কৰি থাকে। কিন্তু এই ডাঙৰ মেচখনৰ আগতেই ক্ৰিকেট অনুৰাগীৰ বাবে এটা বেয়া খবৰ প্ৰকাশ পাইছে।বতৰ বিজ্ঞানৰ প্ৰতিবেদন অনুসৰি আজি চেন্নাইত বৰষুণৰ সম্ভাৱনা ৮০%। চেন্নাইত বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে প্ৰতিযোগিতাৰ সময়ত বৰষুণৰ সম্ভাৱনা ২০ শতাংশ একে সময়তে তাপমাত্ৰা ২৭ৰ পৰা…
Read More
খৰিচা খাই ভাল পায়নে

খৰিচা খাই ভাল পায়নে

অসমীয়া খাদ্যভাসৰ এক থলুৱা খাদ্য হৈছে খৰিচা। খৰিচাৰে গাহৰি বা কুকুৰা মাংস, শুকান খৰিচাৰে আলু পিটিকা,দাইলত খৰিচা,গাজ আৰু কঁঠালগুটীৰে খাৰৰ আঞ্জা; মুঠতে খৰিচাৰ টেঙেচীয়া সোৱাদ অতুলনীয়।কেৱল সোৱাদে নহয় খৰিচাৰ আছে বহু উপকাৰিতা।আপুনি জানেনে আমি প্ৰায়েই ভোগ কৰি অহা এই বাঁহ-গাজৰ আছে বহু ঔষধি গুণাগুণ ৷ মেদবহুলতাৰ পৰা আদি কৰি ৰক্তহীনতা দূৰ কৰা পৰ্যন্ত উপকাৰী বাঁহ-গাজ ৷ তেন্তে জানো আহক বাঁহ-গাজে আমাৰ শৰীৰত কেনেধৰণৰ উপকাৰিতা সাধন কৰে ৷বাঁহ-গাজ হ’ল বাঁহ গছৰ গুৰিৰ পৰা নকৈ ওলোৱা কুমলীয়া গজালি বা পুলি ৷ ইয়াক সৰু সৰুকৈ কূটি পাছলি হিচাপে খোৱা হয় ৷ বাঁহ -গাজ কেঁচাতে বা খৰিচা কৰি ভাৰতবৰ্ষ ( ঘাইকৈ অসম) , চীন,…
Read More
ক্ৰিকেটপ্ৰেমী সকলৰ বাবে ভালখবৰ

ক্ৰিকেটপ্ৰেমী সকলৰ বাবে ভালখবৰ

আজি আৰম্ভ হ’ব ক্ৰিকেট অনুৰাগীৰ বহু প্ৰতীক্ষিত আই পি এল ২০২৫। প্ৰতিযোগিতাৰ প্ৰথমখন মেচত আজি অৱতীৰ্ণ হ’ব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। উল্লেখ্য যে আই পি এলৰ উদ্বোধনী বৰ্ষৰ প্ৰথমখন মেচতো মুখামুখি হৈছিল দুয়োটা দল। এই মেচখনত কলকাতাৰ হাতত বাংগালুৰু প্ৰায় বিধ্বস্ত হৈ পৰিছিল। সন্ধিয়া ৭.৩০ বজাৰ পৰা কলকাতাৰ ইডেন গাৰ্ডেনত আৰম্ভ হ’ব এই মেচ। দুগৰাকী নতুন অধিয়ানকৰ্ফ তত্বাৱধানত আজি খেলপথাৰত নামিব দুয়োটা ফ্ৰেন্সাইজি। ৰাহানেৰ নেতৃত্বত কলকাতাই এফালে খিতাপ অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে আজি অভিযান আৰম্ভ কৰিব, আনহাতে প্ৰথমবাৰৰ বাবে আই পি এলত অধিনায়কৰ দায়িত্ব লাভ কৰা ৰজত পাটিদাৰৰ নেতৃত্বত প্ৰথমটো খিতাপ জয়ৰ লক্ষ্য লৈছে বাংগালুৰুৱে।
Read More
নহৰুৰ উপকাৰী গুণৰ বিষয়ে জানেনে

নহৰুৰ উপকাৰী গুণৰ বিষয়ে জানেনে

কেঁচা নহৰু আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী ৷ কিন্তু আপোনালোকে জানেনে ইউৰিক এচিড বা উচ্চ কলেষ্ট্ৰল ৰোগীৰ বাবে কেঁচা নহৰু কিমান উপকাৰী৷নহৰুৰ এন্টি-বেক্টেৰিয়েল, এন্টিঅক্সিডেন্ট আৰু এন্টি-ফাংগেল গুণে আমাৰ শৰীৰক ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। নহৰুত কাৰ্বহাইড্ৰেট, ফছফৰাছ, ফাইবাৰ, প্ৰটিন, পটাছিয়াম, আইৰণ, ভিটামিন চি, বি ৬, মেংগানিজ, কেলচিয়াম, চেলেনিয়াম আদি পুষ্টিকৰ উপাদান থাকে।নহৰুৰ ব্যৱহাৰে যিকোনো ব্যঞ্জনকে কৰি তোলে মুখৰোচক। কিন্তু কেৱল সোৱাদ বৃদ্ধিয়েই নহৰুৰ একমাত্ৰ গুণাগুণ নহয়, খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে নহৰু স্বাস্থ্যৰ বাবেও অত্যন্ত উপকাৰী। আচলতে কেঁচা নহৰু খালে আপুনি এই দুয়োটা সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰে ৷ নহৰু এনেকুৱা বস্তু যিটো প্ৰতিটো ঘৰতে সহজে উপলব্ধ, যদিও নহৰুৱে যিকোনো…
Read More
চুৰি চক্ৰৰ বৃহৎ ঘাটি উৎখাত

চুৰি চক্ৰৰ বৃহৎ ঘাটি উৎখাত

ফাঁচীবজাৰত উৎখাত বাচন-বৰ্তন চুৰিৰ বৃহৎ চক্ৰ। উদ্ধাৰ বুজন পৰিমাণৰ কাঁহ-পিতলৰ বাচন। উদ্ধাৰ ২৬১ কেজি ওজনৰ আন ধাতুৰ বাচন-বৰ্তন। লগতে উদ্ধাৰ ৪৬৮ কেজি তামৰ তাঁৰ, AC পাইপ। APDCL-এ ব্যৱহাৰ কৰা ৭.৯৫ কেজি এলুমিনিয়াম তাঁৰো উদ্ধাৰ। ৪১০ কেজি লো আৰু এলুমিনিয়াম, ৫টাকৈ বেটাৰীও জব্দ। উদ্ধাৰ হোৱা সামগ্ৰীবোৰৰ মূল্য হ'ব প্ৰায় ২০ লাখ টকা। আৰক্ষীয়ে আটক কৰিছে তিনিজনকৈ লোকক। মনোজ কুমাৰ চাৰ্দা, সুতুন ৰাউত, দামোদৰ পাণ্ডেক আটক।
Read More