অসম

মাৰণাস্ত্ৰৰ গুদামত পৰিণত ভাড়াঘৰ; তেজপুৰত পিষ্টল আৰু চোকা অস্ত্ৰসহ আৰক্ষীৰ জালত এজন

মাৰণাস্ত্ৰৰ গুদামত পৰিণত ভাড়াঘৰ; তেজপুৰত পিষ্টল আৰু চোকা অস্ত্ৰসহ আৰক্ষীৰ জালত এজন

গোপন তথ্যৰ ভিত্তিত চলোৱা এক তলাচীত জব্দ হোৱা মাৰণাস্ত্ৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তেজপুৰৰ পাঁচমাইল অঞ্চলত। চামধৰা পাঁচমাইলৰ এটা ভাড়াঘৰত লুকুৱাই ৰখা মাৰণাস্ত্ৰৰ সন্ধানত শনিবাৰে তেজপুৰ আৰক্ষীয়ে চলোৱা এই অতৰ্কিত অভিযানত ইব্ৰাহিম আলী নামৰ এজন যুৱক জালত পৰে। আৰক্ষীৰ এই সফলতাই এতিয়া অঞ্চলটোত এক গোপন অপৰাধমূলক চক্ৰ সক্ৰিয় হৈ থকাৰ ইংগিত বহন কৰিছে। অভিযানকাৰী দলটোৱে যুৱকজনৰ কোঠাৰ পৰা এটা পইণ্ট ২২ পিষ্টল আৰু সক্ৰিয় গুলী জব্দ কৰাৰ লগতে এখন তৰোৱাল আৰু খুকুৰিও উদ্ধাৰ কৰে। মাৰণাস্ত্ৰসমূহ কি কূটাঘাতমূলক উদ্দেশ্যৰে ভাড়াতীয়া যুৱকজনে মজুত কৰি ৰাখিছিল, সেই সন্দৰ্ভত এতিয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। তেজপুৰ আৰক্ষীৰ এই ক্ষিপ্ৰ পদক্ষেপে চহৰখনত হ’ব পৰা এক…
Read More
কাইলৈ টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ত দক্ষিণ আফ্ৰিকাৰে মুখামুখি ভাৰতৰ

কাইলৈ টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ত দক্ষিণ আফ্ৰিকাৰে মুখামুখি ভাৰতৰ

গ্ৰুপ পৰ্যায়ৰ চাৰিখন মেচতে জয়লাভ কৰি খিতাপ ৰক্ষাৰ দাবী মজবুত কৰা ভাৰতীয় দলটোৱে দেওবাৰে টি-২০ বিশ্বকাপৰ ছুপাৰ এইটত দক্ষিণ আফ্ৰিকাৰ পৰা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। সেয়ে অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু তিলক ভাৰ্মাই ডাঙৰ শ্বট খেলাৰ পৰিৱৰ্তে অবিৰতভাৱে বেটিং কৰাৰ পৰিৱৰ্তিত কৌশলত গুৰুত্ব দিব লাগিব।দক্ষিণ আফ্ৰিকাই কাগিছ’ ৰাবাডা, লুংগি ঙিডি, মাৰ্কো জান্সেন, কেশৱ মহাৰাজ, আৰু আইডেন মাৰ্কৰামক লৈ শক্তিশালী বলিং আক্ৰমণৰ গৌৰৱ কৰিছে, যিয়ে ডিফেণ্ডিং চেম্পিয়ন ভাৰতক কঠিন যুঁজ দিবলৈ সাজু হৈছে। যোৱা দুমাহত দুয়োটা দলে ষষ্ঠবাৰৰ বাবে ইজনে আনজনৰ বিৰুদ্ধে খেলিব, আৰু দেওবাৰে কোনটো দলে চৰ্তসমূহৰ অধিক মূলধন ল’ব সেয়া হ’ব লক্ষ্যণীয়। গ্ৰুপ পৰ্যায়ত ভাৰতীয় দলটোৱে বিশেষ প্ৰত্যাহ্বানৰ…
Read More
ওমানক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ বিদায় অষ্ট্ৰেলিয়াৰ

ওমানক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ বিদায় অষ্ট্ৰেলিয়াৰ

প্রতিযোগিতাৰ পৰা আগতীয়াকৈ বাহিৰ হোৱাৰ অপমানৰ সন্মুখীন হোৱা অষ্ট্ৰেলিয়ান দলটোৱে শুকুৰবাৰে টি-২০ বিশ্বকাপৰ অন্তিমখন লীগ মেচত ওমানক ৯ উইকেটত বিদায় লয়। জিম্বাবুৱে আৰু শ্ৰীলংকাৰ হাতত পৰাজয়ৰ পাছত গ্ৰুপ পৰ্যায়ৰ পৰা বাহিৰ হৈছিল অষ্ট্ৰেলিয়া।প্ৰতিপত্তিৰ বাবে খেলি অষ্ট্ৰেলিয়াৰ দলটোৱে এই আনুষ্ঠানিক মেচখনত মাত্ৰ ১৬.২ অভাৰত ১০৪ ৰান সংগ্ৰহ কৰি ওমানক অলআউট কৰে। লেগ স্পিনাৰ এডাম জাম্পাই ৪টা উইকেট দখল কৰে। ইয়াৰ উত্তৰত অধিনায়ক মিচেল মাৰ্ছে ৩৩ বলত অপৰাজিত ৬৪ ৰান আৰু ট্ৰেভিছ হেডৰ ১৯ বলত ৩২ ৰান সংগ্ৰহ কৰি অষ্ট্ৰেলিয়াই ৯.৪ অভাৰত জয়লাভ কৰাত সহায় কৰে। ১০০ ৰানৰ ওপৰত লক্ষ্য অনুসৰণ কৰি এই প্ৰতিযোগিতাখনৰ ইতিহাসৰ আটাইতকৈ দ্ৰুততম জয় লাভ কৰে। মাৰ্ছে নিজৰ…
Read More
ৰাণীৰ কাষৰীয়া পাথাৰখামাত প্ৰথম নকআউট ফুটবল প্ৰতিযোগিতাৰ আয়োজন

ৰাণীৰ কাষৰীয়া পাথাৰখামাত প্ৰথম নকআউট ফুটবল প্ৰতিযোগিতাৰ আয়োজন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ পৰা কিছু নিলগৰ মেঘালয়ৰ ৰি-ভয় জিলাৰ পাথাৰখামাস্থিত ৱেষ্টাৰ্ণ ৰি-ভয় প্লে গ্ৰাউণ্ডত ওৰাল চিংক্লি কলনী এণ্ড বাৰিষ্টাৰ লিংডোৰ উদ্যোগত আৰু পাথাৰখামা স্পৰ্টছ ক্লাৱৰ সহযোগত অহা ১০ মাৰ্চৰ পৰা নকআউট পদ্ধতিত প্ৰথম মুকলি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। পুৰুষ আৰু মহিলা উভয় শাখাতে অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাত উত্তৰ পূব ভাৰতৰ উপৰিও দেশৰ আন ৰাজ্যৰ ফুটবল দলেও ভাগ লব পাৰিব। প্ৰতিযোগিতাৰ পুৰুষৰ চূড়ান্ত বিজয়ী দলক ১.৩০ লাখ টকা আৰু ৰাণাৰ্ছ আপ দলক ৭০ হাজাৰ টকা প্ৰদান কৰা হব। একেদৰে মহিলাৰ চূড়ান্ত বিজয়ী দলক ৬০ হাজাৰ টকা আৰু ৰাণাৰ্ছ আপ দলক ৩০ হাজাৰ টকা প্ৰদান কৰা হব। আনহাতে প্ৰতিযোগিতাত যোগদান…
Read More
অসম এতিয়া উত্তৰ-পূবৰ ‘হেল্থ হাব’- শিলচৰত মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ

অসম এতিয়া উত্তৰ-পূবৰ ‘হেল্থ হাব’- শিলচৰত মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসম বৰ্তমান সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক স্বাস্থ্যসেৱাৰ কেন্দ্ৰবিন্দু বা হেল্থ হাব হিচাপে আত্মপ্ৰকাশ কৰিছে। শুকুৰবাৰে শিলচৰত এক বিশাল জনসভাক সম্বোধন কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ কয় যে বিজেপি চৰকাৰৰ দিনত ৰাজ্যখনৰ স্বাস্থ্য আন্তঃগাঁথনিৰ যি অভূতপূৰ্ব পৰিৱৰ্তন ঘটিছে, তাৰ ফলত চুবুৰীয়া ৰাজ্যসমূহৰ ৰাইজে এতিয়া উন্নত চিকিৎসাৰ বাবে অসমৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে। ৰাজ্যখনৰ উদ্যোগ খণ্ডৰ এক উল্লেখনীয় সাফল্যৰ কথা দোহাৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে অসমত ইতিমধ্যে ২৭,০০০ কোটি টকাৰ এক ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপন কৰা হৈছে। এই প্ৰকল্পটোৱে সমগ্ৰ অঞ্চলটোতে উচ্চ প্ৰযুক্তিৰ উৎপাদন আৰু উদ্যোগিক বিকাশৰ নতুন দুৱাৰ মুকলি কৰিব। কেন্দ্ৰীয়…
Read More
অসমত আৰু নচলিব গুলী-বোমাৰ তাণ্ডৱঃ বিধানসভাত মুখ্যমন্ত্ৰীৰ হুংকাৰ

অসমত আৰু নচলিব গুলী-বোমাৰ তাণ্ডৱঃ বিধানসভাত মুখ্যমন্ত্ৰীৰ হুংকাৰ

অসমৰ মাটিত আৰু কোনোদিনেই হিংসাৰ ক’লা ছাঁ পৰিবলৈ দিয়া নহ’ব বুলি বৃহস্পতিবাৰে বিধানসভাৰ মজিয়াত এক দৃঢ় ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। চলিত বাজেট অধিবেশনৰ অন্তিমটো দিনত সদনক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে বৰ্তমানৰ চৰকাৰৰ দিনত ৰাজ্যখনত এটাও বোমা বিস্ফোৰণ, এটাও গুলীচালনাৰ ঘটনা অথবা এটুপিও অসমীয়া ডেকাৰ তেজ মাটিত পৰিবলৈ দিয়া নহ’ব। যোৱা পাঁচটা বছৰক অসমৰ বাবে এক 'পৰিৱৰ্তনৰ যুগ' হিচাপে অভিহিত কৰি তেওঁ কয় যে এই সময়ছোৱাত কোনো এজন সাধাৰণ নাগৰিক, নিৰাপত্তাকৰ্মী বা স্থানীয় যুৱকৰ প্ৰাণহানি হোৱা নাই। অতীতৰ ধেমাজি বিস্ফোৰণৰ দৰে শোকাৱহ ঘটনা আৰু উগ্ৰপন্থী সমস্যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী-সেনাৰ মৃত্যুৰ কথা সোঁৱৰাই মুখ্যমন্ত্ৰীয়ে কয় যে সেই যন্ত্ৰণাদায়ক…
Read More
অসমৰ ভোটাৰ তালিকাৰ এছআইআৰ বিচাৰি কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ত

অসমৰ ভোটাৰ তালিকাৰ এছআইআৰ বিচাৰি কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ত

নিৰ্বাচনমুখী অসমৰ ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (এছআইআৰ) বিচাৰি দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনত হস্তক্ষেপ কৰিবলৈ বৃহস্পতিবাৰে অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে যিহেতু ৰাজ্যখনত ইতিমধ্যে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে, সেয়েহে এই আবেদনৰ এতিয়া কোনো আইনী ভিত্তি নাই। নিৰ্বাচন আয়োগৰ হৈ জ্যেষ্ঠ অধিবক্তা ডি এছ নাইডুৱে আদালতত জনায় যে যোৱা ১০ ফেব্ৰুৱাৰীতেই অসমৰ ভোটাৰ তালিকাৰ কাম সম্পূৰ্ণ কৰা হৈছে। মৃণাল কুমাৰ চৌধুৰী নামৰ এজন ব্যক্তিয়ে দাখিল কৰা এই আবেদনখনত নিৰ্বাচন আয়োগে অসমত নিবিড় পুনৰীক্ষণ নকৰি কেৱল 'বিশেষ পুনৰীক্ষণ' (এছআৰ) কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা হৈছিল। আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা বিজয়…
Read More
ৰাহুল গান্ধীক গুলীয়াই হত্যাৰ ভাবুকি; কোটাত গ্ৰেপ্তাৰ কৰ্ণি সেনাৰ সৈতে জড়িত এজন যুৱক

ৰাহুল গান্ধীক গুলীয়াই হত্যাৰ ভাবুকি; কোটাত গ্ৰেপ্তাৰ কৰ্ণি সেনাৰ সৈতে জড়িত এজন যুৱক

কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক মুকলিকৈ প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি এতিয়া আৰক্ষীৰ জালত পৰিছে ৰাজা আমেৰা নামৰ এজন যুৱক। ৰাজস্থানৰ কোটা আৰক্ষীয়ে বুধবাৰে আমেৰাক আটক কৰে। সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল, য’ত যুৱকজনে ৰাহুল গান্ধীক গুলীয়াই হত্যা কৰাৰ হুংকাৰ দিয়া শুনা গৈছিল। অভিযুক্ত যুৱকজনে নিজকে কৰ্ণি সেনাৰ সদস্য বুলি দাবী কৰি আহিছে। কোটাৰ আৰক্ষী অধীক্ষক তেজস্বিনী গৌতমৰ ভাষ্য অনুসৰি, উদ্যোগ নগৰ থানাৰ অন্তৰ্গত প্ৰেম নগৰৰ বাসিন্দা ৰাজা আমেৰাই ৰাহুল গান্ধীৰ লগতে আন বিৰোধী সাংসদসকলকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। ভিডিঅ’টোত তেওঁ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে সংসদত বিৰোধীয়ে কৰা আচৰণৰ প্ৰসংগ টানি আনিছিল। এই সমগ্ৰ…
Read More
বিশিষ্ট শ্ৰমিক নেতা খৰ্গেশ্বৰ দাসৰ মৃত্যু ; শঙ্কৰদেৱ নেত্ৰালয়ক দান কৰিলে চকুজুৰি

বিশিষ্ট শ্ৰমিক নেতা খৰ্গেশ্বৰ দাসৰ মৃত্যু ; শঙ্কৰদেৱ নেত্ৰালয়ক দান কৰিলে চকুজুৰি

ৰাজ্যৰ এজন বিশিষ্ট শ্ৰমিক নেতা , ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ প্ৰাক্তন সম্পাদক আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী খৰ্গেশ্বৰ দাসৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ । মৃত্যুৰ সময়ত তেওঁ পত্নী, একমাত্ৰ পুত্ৰ, বোৱাৰীকে ধৰি বহু আত্মীয় স্বজন এৰি থৈ যায়। উল্লেখ্য যে ৰাজ্যৰ ৰাজহুৱা পৰিবহণ সেৱাৰ প্ৰতিষ্ঠান অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰী সকলৰ একমাত্ৰ ট্ৰেড ইউনিয়ন ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ ১৯৮৫ চনৰ পৰা সম্পাদকৰ দায়িত্বত থকাৰ লগতে তেওঁ আই এন টি ইউ চিৰ ৰাজ্যিক সম্পাদকৰ গুৰু দায়িত্ব বহন কৰিছিল । সততে শ্ৰমিকৰ হৈ মাত মাতি অহা খৰ্গেশ্বৰ দাসৰ মৃত্যুৰ বাতৰি…
Read More
মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৃষক ৰাইজৰ ;ব্ৰহ্মপুত্ৰৰ মাজৰ কৃষি প্ৰধান ৰাণী চাপৰিত নিশাৰ ভাগত অব্যাহত আছে বনৰীয়া ম’হৰ উপদ্ৰৱ

মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৃষক ৰাইজৰ ;ব্ৰহ্মপুত্ৰৰ মাজৰ কৃষি প্ৰধান ৰাণী চাপৰিত নিশাৰ ভাগত অব্যাহত আছে বনৰীয়া ম’হৰ উপদ্ৰৱ

পূৰ্বৰ পশ্চিম গুৱাহাটী তথা সমষ্টি পুনৰ গঠনৰ পাছত জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা ৰাজ্যৰ অন্যতম জৈৱিক কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ব্ৰহ্মপুত্ৰৰ মাজত থকা ৰাণী চাপৰিত বনৰীয়া ম'হ ৰ মুক্ত বিচৰণত কৃষক ৰাইজ আতংকিত হৈ পৰিছে। বনৰীয়া ম'হৰ মুক্ত বিচৰণৰ লগতে কৃষি ভূমিত উপদ্ৰৱৰ বাবে শংকিত হৈ পৰিছে ৰাণী চাপৰিত কৃষি কৰ্ম কৰি অহা ধাৰাপুৰ, গঁড়ল, ভট্টাপাৰা, কেন্দুকুচি আদি অঞ্চলৰ চাৰি শতাধিক থলুৱা কৃষক। বিশেষকৈ দিনৰ ভাগত ৰাণী চাপৰিৰ হাবিয়নী অঞ্চলত লুকাই থকাৰ ফলত কাৰো চকুত নপৰা বনৰীয়া ম'হৰ জাকটোৱে সন্ধিয়া আন্ধাৰ নামি অহাৰ পাছতেই কৃষি ভূমিত তাণ্ডৱ আৰম্ভ কৰে । কপালৰ ঘাম মাটিত পেলাই কৃষকে উৎপাদন কৰা কেঁচা শাক…
Read More