অসম

টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিক প্ৰশংসা শ্বুটাৰ ছিফ্‌ট কৌড় সম্ৰাৰ

টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিক প্ৰশংসা শ্বুটাৰ ছিফ্‌ট কৌড় সম্ৰাৰ

এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী ছিফ্‌ট কৌড় সম্ৰাই গুৱাহাটীত চলি থকা চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছলৈ আহিছিল ব্যস্ত ছিজনৰ পূৰ্বে নিজৰ প্ৰশিক্ষণ পদ্ধতিত কৰা পৰিৱৰ্তনৰ পৰীক্ষা কৰিবলৈ৷ উল্লেখ্য যে ইতিমধ্যে তেওঁ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনত ভাৰতৰ হৈ আসন্ন পেৰিছ অলিম্পিক টিকট লাভ কৰিবলৈ সক্ষম হৈছে৷ ২২ বছৰীয়া শ্বুটাৰগৰাকীয়ে চলিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ কাহিলীপাৰা শ্বুটিং ৰেঞ্জত অনুষ্ঠিত হোৱা নিজৰ ইভেণ্টত ব্যক্তিগত ব্ৰঞ্জৰ পদক লাভ কৰিছে৷ সোণৰ পদক হেৰুৱাই পেলোৱাৰ পিছতো কিন্তু ছিফ্‌ট নিজৰ প্ৰদৰ্শনত যথেষ্ট সুখী বুলি ব্যক্ত কৰি লগতে কয় যে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ স্তৰ উচ্ছ পৰ্যায়ৰ যে পদক লাভ কৰিবলৈ তেওঁ এতিয়াও যৎপৰোনাস্তি চেষ্টা কৰাটো…
Read More
পুৰুষৰ বাস্কেটবলৰ স্বৰ্ণ পদক লাভ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ

পুৰুষৰ বাস্কেটবলৰ স্বৰ্ণ পদক লাভ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ

পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পুৰুষ দলে চলিত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ  বাস্কেটবলৰ স্বৰ্ণ পদক লাভ কৰিছে৷ স্বৰ্ণ পদকৰ ৰুদ্ধশ্বাস মেচত পঞ্জাৱ বিশ্ববিদ্যালয়ে এক পইণ্টৰ ব্যৱধানৰে ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰি চেম্পিয়ন হয়৷ দলে মাদ্ৰাজ বিশ্ববিদ্যালয়ক ৮৫-৮৪ ত পৰাস্ত কৰে৷ চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পুৰুষ বাস্কেটবল দলৰ প্ৰত্যাৱৰ্তন ৰূপকথাৰ দৰেই৷ উল্লেখ্য যে সদ্য সমাপ্ত সৰ্বভাৰতীয় বিশ্ববিদ্যালয় গেমছত জৈন বিশ্ববিদ্যালয়ৰ হাতত পৰাস্ত হৈছিল পাঞ্জাব বিশ্ববিদ্যালয়৷ কিন্তু গুৱাহাটীলৈ আহি দলে প্ৰতিশোধ লয়৷ স্মৰ্তব্য যে পঞ্জাৱ বিশ্ববিদ্যালয়ে ছেমিফাইনেলত জৈন বিশ্ববিদ্যালয়ক পৰাস্ত কৰি স্বৰ্ণজয়ৰ মেচলৈ অগ্ৰসৰ হৈছিল৷ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পুৰুষ বাস্কেটবল দলৰ দ্বিতীয়বাৰৰ বাবে প্ৰশিক্ষকৰ দায়িত্ব লোৱা ড॰ মনদ্বীপ থৌৰে…
Read More
ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লীৰ “জন ভাৰত ৰং” উপলক্ষে সুৰজিৎ একাডেমীৰ নাট মঞ্চস্থ

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, দিল্লীৰ “জন ভাৰত ৰং” উপলক্ষে সুৰজিৎ একাডেমীৰ নাট মঞ্চস্থ

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় দিল্লীৰ অধীনত দেশজুৰি ১-২১ ফেব্ৰুৱাৰীলৈ চলি থকা আন্ত:ৰাষ্ট্ৰীয় নাট ভাৰত মহোৎসৱৰ সামৰণি পৰে।এই মহোৎসৱৰ লগত সংগতি ৰাখি ২৫  বাৰ্ষিকী ভাৰত ৰং মহোৎসৱৰ শিখৰত উপনীত হোৱাৰ সময়ত ২১ ফেব্ৰুৱাৰীত জন ভাৰত ৰংত বিকশিত ভাৰত, বসুধৈৱ কুটুম্বকম, পঞ্চ প্ৰাণ বিষয়লৈ  ভাৰতৰ বিভিন্ন সাংস্কৃতিক গোষ্ঠীয়ে ভাৰতৰ বিভিন্ন ৰাজ্যত নাট পৰিবেশন কৰে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত থকা সুৰজিৎ একাডেমীয়ে "বিকশিত ভাৰত" বিষয়লৈ মালিগাঁৱৰ টেম্পলঘাটত থকা ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্বনৰ প্ৰেক্ষাগৃহত আজি নাট পৰিবেশন কৰে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল' শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ পৰিচালনাত আৰু ললিত প্ৰকাশৰ ৰচিত "উভটি আহিছে সোণালী পখী"নাট মঞ্চস্থ হয়।…
Read More
বকো আঞ্চলিক সমিতিৰ সহযোগত নাৰী দিৱস আয়োজন

বকো আঞ্চলিক সমিতিৰ সহযোগত নাৰী দিৱস আয়োজন

জাগৃতি মহিলা সমিতি নামৰ স্বেচ্ছাসেৱী সংগঠনৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু বকো আঞ্চলিক সমিতিৰ সহযোগত অহা ৮ মাৰ্চত আন্তজাৰ্তিক নাৰী দিৱস আয়োজন কৰা হৈছে। উল্লেখ্য যে ; জাগৃতি মহিলা সমিতি সংগঠনৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সভানেত্ৰী মেঘালী দাস আৰু সম্পাদিকা চন্দ্ৰমা কলিতাই জনোৱা মতে ; বিগত বছৰবোৰৰ দৰে এই বৰ্ষও দিনযোৰা কাৰ্য্যক্ৰমণিকাৰে আয়োজন কৰা হৈছে আন্তজাৰ্তিক নাৰী দিৱস। দিৱসত নাৰীৰ সাৱলীকৰণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয় আৰু ভিন্ন ভিন্ন কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। ইফালে মহিলা সংগঠনটোৰ বকো আঞ্চলিক সমিতিৰ সভানেত্ৰী নিলীমা বায়ন কলিতা আৰু সম্পাদিকা অৰ্পনা ডেকাই জনোৱা মতে ; নাৰী দিৱসৰ লগত সংগতি ৰাখি এই বেলি মহিলাৰ…
Read More
‘আৰোহণ’ৰ উদ্যোগত ড° ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

‘আৰোহণ’ৰ উদ্যোগত ড° ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

শিশু সকলৰ সাংস্কৃতিক তথা সামাজিক বিকাশৰ লক্ষ্যৰে প্ৰতিষ্ঠিত ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাস আৰোহণৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ২০,২১,২২ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ ড° ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান আৰু ড° ভবেন্দ্ৰ নাথ শইকীয়া নাট সমাৰোহৰ আয়োজন কৰা হৈছে। সেই অনুসাৰে ২০ ফেব্ৰুৱাৰীৰ পুৱা ১০বজাত আৰোহণ চৌহদত বন্তি প্ৰজ্বলন কৰা হয়৷ বিয়লি ৫: ৩০ বজাত কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ওপজা দিনৰ লগত সংগতি ৰাখি বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়৷ এই বৰ্ষত কবি, গীতিকাৰ, অনুবাদক দিগন্ত শইকীয়াক প্ৰদান কৰা হয় ড°ভবেন্দ্ৰ নাথ শইকীয়া…
Read More
অসম, অৰুণাচল প্ৰদেশ, মেঘালয়ৰ গ্ৰাম্য জনসংখ্যাৰ ৫০ শতাংশতকৈও অধিকে ব্যৱহাৰ কৰে পৰম্পৰাগত ইন্ধন

অসম, অৰুণাচল প্ৰদেশ, মেঘালয়ৰ গ্ৰাম্য জনসংখ্যাৰ ৫০ শতাংশতকৈও অধিকে ব্যৱহাৰ কৰে পৰম্পৰাগত ইন্ধন

উত্তৰ-পূবৰ ৰাজ্য অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ গ্ৰাম্য জনসংখ্যাৰ ৫০ শতাংশতকৈও অধিক লোকে পৰম্পৰাগত ইন্ধন যেনে কাঠ আৰু মিশ্ৰিত বায়োমাছ ৰন্ধনৰ বাবে ব্যৱহাৰ কৰে, যাৰ ফলত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) মাণ্ডিৰ এক অধ্যয়নত এই কথা প্ৰকাশ পাইছে । ফ্ৰান্সৰ ইনষ্টিটিউট নেচনেল ডি ৰেচাৰ্চে এট ডি'স্কুৰিট (আইএনআৰএছ) আৰু ভাৰতৰ নেচনেল ফিজিকেল লেবৰেটৰী (চিএছআইআৰ-এনপিএল)ৰ সহযোগত কৰা এই অধ্যয়নটোৰ উদ্দেশ্য হৈছে এলপিজিৰ তুলনাত ৰন্ধনৰ বাবে বায়োমাছ ইন্ধন ব্যৱহাৰৰ সৈতে সম্পৰ্কিত গম্ভীৰতা আৰু ইয়াৰ ফলত হোৱা ৰোগৰ ঘটনা মূল্যাঙ্কন কৰা। অধ্যয়নটোৱে দেখুৱাইছে যে এলপিজি ব্যৱহাৰ কৰা পাকঘৰতকৈ কাঠ বা বায়োমাছ ব্যৱহাৰ কৰি পাকঘৰ অধিক ক্ষতিকাৰক ।
Read More
ত্ৰিপাক্ষিক বৈথক অনুষ্ঠিত নকৰিলে মন্ত্ৰী ড: ৰণোজ পেগুয়ে

ত্ৰিপাক্ষিক বৈথক অনুষ্ঠিত নকৰিলে মন্ত্ৰী ড: ৰণোজ পেগুয়ে

বকো - অসমৰ ভূমিপুত্ৰ জনগোষ্ঠী কোচ ৰাজবংশী সকলোক অনুসুচীত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিম কৰিম আভূৱা ভাৰি আহিছে। সুদীৰ্ঘ দিন ধৰি চৰকাৰে কোচ ৰাজবংশী সকলোক প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰি আহিছে। দীৰ্ঘদিন ধৰি কোচ ৰাজবংশী সকলে আবেদন নিবেদন কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই। সম্প্ৰতি কামৰূপ জিলা আৰু গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী সকলে জনজাতিৰ মৰ্য্যদা লাভ কৰিবলৈ তথা চৰকাৰক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিবলৈ বাধ্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে ; অসম চৰকাৰৰ চলিত বাজেট অধিবেশনত মিছিং ; তিৱা আৰু ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক সাংবিধানিক অধিক ক্ষমতা আৰু ষষ্ঠ অনুসুচী প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন প্ৰেৰণ কৰাৰ সিদ্ধান্ত…
Read More
মুখপত্ৰ “সেতু” সহ চাৰিখন গ্ৰন্থ উন্মোচন

মুখপত্ৰ “সেতু” সহ চাৰিখন গ্ৰন্থ উন্মোচন

অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা নুনমাটি সাহিত্য সভা (শতদল) ৰ আজি একাদশ বিশেষ বাৰ্ষিক অধিবেশনখনি বৃহত্তৰ শালবাৰী কেন্দ্ৰীয় উন্নয়ন সমিতিৰ সহযোগত বৃহত্তৰ শালবাৰী সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা মন্দিৰ প্ৰাংগণত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় । পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা সভাৰ সভাপতি ড০ যাদৱ চন্দ্ৰ কলিতাই, স্মৃতি তৰ্পণ কৰে আদৰণি সমিতিৰ সভাপতি ফণীধৰ দাসে । ইয়াৰ পিছতে বিদ্যাৰ্থী সকলৰ মাজত চিত্ৰাংকণ আৰু অসমীয়া কবিতা আবৃত্তি প্ৰতিযোগীতা অনুষ্ঠিত কৰে । বিয়লি  শাখা সাহিত্য সভাৰ সভাপতি ড০ যাদৱ চন্দ্ৰ কলিতাৰ পৌৰহিত্যত  মুকলি সভা আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত  অনুষ্ঠিত হয় । সভাৰ উদ্দেশ্যে, বিগত বৰ্ষৰ প্ৰতিবেদন পাঠ কৰে শাখা সভাৰ সম্পাদক…
Read More
বিজেপিত যোগদান নকৰে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ

বিজেপিত যোগদান নকৰে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ

মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা কমল নাথে সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি বিজেপিত যোগদানৰ জল্পনা-কল্পনা সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ দিয়ে। তেওঁ কয় যে তেওঁ বিজেপিত যোগদান নকৰে। ইয়াৰ পূৰ্বে, কমল নাথ শনিবাৰে বিজেপিত যোগদানৰ জল্পনা-কল্পনাৰ মাজতে দিল্লীত উপস্থিত হৈছিল। তেওঁ তেতিয়া কৈছিল যে যদি এনে কোনো বিষয় থাকে, তেন্তে তেওঁ প্ৰথমে সংবাদ মাধ্যমক জনাব। দৰাচলতে, যোৱা কেইদিনমান ধৰি কমল নাথ আৰু তেওঁৰ সাংসদ পুত্ৰ নুকুল নাথে কংগ্ৰেছ এৰি শাসকীয় বিজেপিত যোগদান কৰাৰ বিষয়ে জল্পনা-কল্পনা চলি আছিল। কমল নাথ ছিন্দৱাৰাৰ পৰা নবাৰ সাংসদ আছিল আৰু বৰ্তমান তাৰ পৰা এজন বিধায়ক। নৱেম্বৰত অনুষ্ঠিত মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত তেওঁক ৰাজ্যিক…
Read More
দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তালিকাৰ তৃতীয়ত হিমন্ত বিশ্ব শৰ্মা

দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তালিকাৰ তৃতীয়ত হিমন্ত বিশ্ব শৰ্মা

ভাৰতৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী কোন? এই বিষয়ে এটা জৰীপ কৰা হয়, যাৰ প্ৰতিবেদন প্ৰকাশ পাইছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক জৰীপ প্ৰতিবেদনৰ তালিকাত এক নম্বৰত আছে, যি জনসাধাৰণৰ মাজত অতি জনপ্ৰিয়। তেওঁ ৫২.৭ শতাংশ ৰেটিং লাভ কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৫১.৩ শতাংশ ৰেটিংৰ সৈতে দ্বিতীয় স্থানত আছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৪৮.৬ শতাংশ ৰেটিংৰ সৈতে তৃতীয় স্থানত আছে। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল ৪২.৬ শতাংশ ৰেটিংৰ সৈতে তালিকাৰ চতুৰ্থ স্থানত আছে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ৫ নম্বৰত আছে, তেওঁৰ ৰেটিং হৈছে ৪১.৪ শতাংশ। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অৱশ্যে, মুখ্যমন্ত্ৰীসকলৰ জৰীপৰ দ্বিতীয় জনপ্ৰিয় নেতা যোগী আদিত্যনাথ, কিন্তু ২০২৪…
Read More