অসম

এগৰাকী কিশোৰীৰ লগত জঘন্য কাণ্ড

এগৰাকী কিশোৰীৰ লগত জঘন্য কাণ্ড

বকোৰ পৰা পোহৰলৈ আহিছে এক জঘন্য কাণ্ড। এগৰাকী কিশোৰীৰ লগতে জঘন্য কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত বকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কেইবাজনক।এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত আটক হৈছে ৩জনকৈ যুৱক। বকোত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে।
Read More
বিহাৰত মুখ থেকেচা খাব নেকি আনন্দ মিশ্ৰই?

বিহাৰত মুখ থেকেচা খাব নেকি আনন্দ মিশ্ৰই?

বিহাৰৰ বাক্সাৰ বিধানসভা সমষ্টিত এইবাৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থাী আনন্দ মিশ্ৰ। বহুদিনৰ জল্পনা-কল্পনাৰ অন্ত পেলাই চাকৰি জীৱন আধাতে এৰি যোৱা আনন্দ মিশ্ৰই অৱশেষত গেৰুৱা বসন পিন্ধিছিল। আনন্দ মিশ্ৰই নিৰ্বাচনক লৈ বাক্সাৰ অলি-গলিয়ে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। কিন্তু তাৰ মাজতে শেহতীয়াকৈ খবৰ আহিছে যে, দলৰ ভিতৰতে সৃষ্টি হোৱা বিসম্বাদৰ বাবে আনন্দ মিশ্ৰই বিধায়ক হোৱা আনন্দ হয়তো লাভ নকৰিব। কিয়নো অইন দলৰ পৰা আহি বিজেপিত যোগদান কৰিয়েই টিকট লাভ কৰাৰ বাবে সমষ্টিটোত পুৰণি বিজেপি কাৰ্যকতাসকল যথেষ্ট ক্ষোভিত হৈ আছে।ইতিমধ্যে কেইবাটাও ভাগত বিভক্ত হৈছে বাক্সাৰ বিজেপি। ন-পুৰণি কৰ্মকতা সকলৰ মাজত চলিছে এখন শীতল যুদ্ধ। এনে পৰিস্থিতিত নিৰ্বাচনী বৈতৰণী পাৰ হোৱাত যথেষ্ট প্ৰত্যাহ্বান আহিছে আনন্দ…
Read More
মুক্তিৰ পূৰ্বেই জনপ্ৰিয়তাৰ শীৰ্ষত জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’

মুক্তিৰ পূৰ্বেই জনপ্ৰিয়তাৰ শীৰ্ষত জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’

হার্টথ্র'ব জুবিন গাৰ্গৰ ছবি 'ৰৈ ৰৈ বিনালে' এতিয়া অসমত মুক্তিৰ পূৰ্বেই এক ইতিহাস ৰচনা কৰিছে। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ছবিখনে। মুক্তিৰ পূর্বেই সকলো টিকট এসপ্তাহৰ বাবে সম্পূণরূপে বিক্ৰী হৈছে। এটা টিকটৰ বাবে দর্শকসকলে ঘণ্টাৰ পিছত ঘণ্টা ধৰি শাৰী পাতিবলগীয়া হৈছে। আনহাতে অনলাইনতো টিকট এসপ্তাহৰ বাবে প্রায় উপলব্ধ নোহোৱা হৈ পৰিছে। যিটোৱে জুবিন গার্গে অসমৰ চলচ্চিত্র জগতৰ বাবে যি এক সপোন ৰচিছিল, সেই সপোন এতিয়া সার্থক হোৱাৰ দিশে আগবাঢ়িছে। অসমৰ চলচ্চিত্র জগতত এক নতুনত্ব আহি পৰিছে। পূর্বে অভিযোগ আছিল যে অসমীয়া ছবি অসমৰ দৰ্শকে নাচায়, যাৰ বাবে অসমীয়া ছবি নির্মাণৰ ক্ষেত্ৰত প্রযোজকসকলৰ অনীহা আহি পৰিছে আৰু বহু উন্নত মানৰ ছবি…
Read More
শীঘ্ৰেই অসমত নিষিদ্ধ হ’ব পাৰে বীৰ লাচিত সেনা!

শীঘ্ৰেই অসমত নিষিদ্ধ হ’ব পাৰে বীৰ লাচিত সেনা!

বীৰ লাচিত সেনা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে লাচিত সেনাৰ শেহতীয়া কাৰ্যকলাপ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়, “লাচিত সেনাৰ কাৰ্য-কলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্য-কলাপক আমি গভীৰ উদ্বেগৰ সৈতে লক্ষ্য কৰি আছো।” আলফা(স্বাধীন)-ৰ দৰে বীৰ লাচিত সেনাকো হয়তো নিষিদ্ধ কৰিবলগা এটা দিন আহিব পাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
Read More
মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’

মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’

মুম্বাই সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ এখন সভা  গুগুল মীটৰ জৰিয়তে 'চিনাকি পৰ্ব' শীৰ্ষক  এখন সভা অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে অনুষ্ঠানটোত যিসকল শিল্পী, সাহিত্যিক, সমাজসেৱীয়ে  সমাজলৈ  স্বাৰ্থহীন ভাবে আগবঢ়াই আহিছে  সেই সকলৰ প্ৰতি জীৱিত অৱস্থাতে সন্মান প্ৰদৰ্শন কৰিবলৈ 'চিনাকি পৰ্ব' অনুষ্ঠানটো আৰম্ভ কৰা হৈছে। অনুষ্ঠানত প্ৰথমজন অতিথি আছিলে  প্ৰখ্যাত অভিনেতা, শিল্পী  বীৰেণ হাজৰিকাক সম্বৰ্ধনা জনোৱা হয়। আনহাতে সভাপতি হিৰণ ভূঞাই সভাপত্বিত কৰা অনুষ্ঠানটোত ভাৰ্চুৱেলী ভাগ লয় অসম সাহিত্য সভাৰ মূখ্য সম্পাদক  দেৱজিৎ বৰাই । আহ্বায়ক উত্তম দাসৰ দায়িত্বত কথোপকথনৰ আঁত ধৰিছিল সহকাৰী সম্পাদক মৌচুমী দাসে। অনুষ্ঠানত কবিতা পাঠ কৰে সদানন্দ গগৈ,  দেৱীকা বৰপূজাৰী, গৌৰী চুবেদাৰ বৰা আৰু হিৰণ ভূঞাই। গুৱাহাটীৰ…
Read More
দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হ’ব সূৰ্য্যকান্ত

দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হ’ব সূৰ্য্যকান্ত

জ্যেষ্ঠ ন্যায়াধীশ সূৰ্য্যকান্ত ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হোৱাৰ সম্ভাৱনা আছে। বৰ্তমানৰ মুখ্য ন্যায়াধীশ ভূষণ আৰ গাভাইয়ে সোমবাৰে কেন্দ্ৰীয় চৰকাৰক তেওঁৰ নাম পৰামৰ্শ দিয়ে। ইয়াৰ সৈতে আৰম্ভ হৈছে চি জে আই নিযুক্তিৰ প্ৰক্ৰিয়া। পৰম্পৰাগতভাৱে বৰ্তমানৰ চিজেআইয়ে আইন মন্ত্ৰালয়ে কোৱাৰ পিছতহে তেওঁৰ উত্তৰাধিকাৰীক পৰামৰ্শ দিয়ে। বৰ্তমানৰ চিজেআই গাভাইৰ কাৰ্যকাল ২৩ নৱেম্বৰত শেষ হ’ব। তেওঁৰ উত্তৰাধিকাৰী ন্যায়াধীশ সূৰ্যকান্তই ২৪ নৱেম্বৰত চিজেআই হিচাপে শপত গ্ৰহণ কৰিব। ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰিব।তেওঁৰ কাৰ্যকাল প্ৰায় ১৪ মাহ হ’ব। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে ৬৫ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে। হাৰিয়ানাৰ পৰা ভাৰতীয় ন্যায়পালিকাৰ শীৰ্ষ পদত উপনীত হোৱা প্ৰথমজন ব্যক্তি হ’ব ন্যায়াধীশ সূৰ্য্যকান্ত। নামৰ পৰামৰ্শ দি…
Read More
উত্তৰ পূব ভাৰতত কিডনীৰ সুচিকিৎসাৰ বাবে আয়োজন কৰা

উত্তৰ পূব ভাৰতত কিডনীৰ সুচিকিৎসাৰ বাবে আয়োজন কৰা

আজি নেডফি কন্ভেনচন চেন্টাৰত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা জিএনআৰচি নেফ্ৰ’কন ২০২৫ অনুষ্ঠান সুকলমে সম্প্ন্ন হয়। এই সন্মিলনখনত বহু অভিজ্ঞ কিডনী বিশেষজ্ঞই নবীন কিডনী চিকিৎসক সকলে কৰা উন্নতি আৰু প্ৰত্যাহ্বানৰ বিষয়ে বিশদ ভাবে আলোচনা কৰে। এই অনুষ্ঠানত উত্তৰ পূব আৰু ভাৰতৰ অন্য স্থানৰ পৰা ১০০ৰো অধিক কিডনী বিশেষজ্ঞ, ইউৰ’ল’জিষ্ট আৰু ইন্টাৰনেল মেডিচিন বিশেষজ্ঞ একত্রিত হৈ কিডনী চিকিৎসাৰ উন্নত মানৰ চিকিৎসা আৰু সহযোগী চিকিৎসা সমূহৰ বিষয়ে মত বিনিময় কৰে।  জিএনআৰচি নেফ্ৰ’কন ২০২৫ত অংশগ্ৰহণ কৰা অভিজ্ঞ বক্তাসকল হ’ল- ডাঃ সঞ্জীৱ ছাক্সেনা (চেয়াৰমেন আৰু মুৰব্বী, PSRI Institute of Renal Sciences, নিউ দিল্লী), প্ৰফেচৰ ডাঃ দিলীপ কুমাৰ পাহাৰী (চিনিয়ৰ কনচাল্টেন্ট নেফ্ৰ’ল’জিষ্ট, মনিপাল হাস্পতাল…
Read More
কৰ্কট ৰোগক পৰাভূত কৰা জালুকবাৰীৰ ৰুণা লাইলাক দিছপুৰ প্ৰেছ ক্লাবত সম্বৰ্ধনা

কৰ্কট ৰোগক পৰাভূত কৰা জালুকবাৰীৰ ৰুণা লাইলাক দিছপুৰ প্ৰেছ ক্লাবত সম্বৰ্ধনা

গুৱাহাটী মহানগৰীৰৰ  ৰিহাবাৰীস্থিত অগ্ৰণী অনা চৰকাৰী সংগঠন অভয় শংকৰ ফাউণ্ডেছনৰ উদ্যোগত আজি দিছপুৰ প্ৰেছ ক্লাবত 'কৰ্কট ৰোগ মানে মৃত্যু নহয়' শীৰ্ষক এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত কৰ্কট ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰি জীৱন যুদ্ধত জয়ী হোৱা সমাজকৰ্মী , ছবি নিৰ্মাতা , আৰু গুৱাহাটীৰ জালুকবাৰীৰ সুন্দৰবড়ী নিবাসী লেখিকা ৰুণা লাইলাক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ৰুণা লাইলাই ভাষণ প্ৰসংগত কৰ্কট ৰোগ সন্দৰ্ভত নিজৰ অনুভব আৰু অভিজ্ঞতা ব্যক্ত কৰি কয় যে নিজৰ মনোবল অটুত থাকিলে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দি জয়ী হব পাৰি। লাগিব কেবল মনৰ দৃঢ়তা আৰু জীয়াই থকাৰ দুৰ্বাৰ হেপাহ। আনহাতে ফাউণ্ডেছনৰ সভাপতি মৃগাংক পাটোৱাৰীয়ে…
Read More
ৰাজ্যৰ যুৱক-যুৱতীসকলক বিশ্বব্যাপী কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে CM-FLIGHT কাৰ্যসূচী আৰম্ভ

ৰাজ্যৰ যুৱক-যুৱতীসকলক বিশ্বব্যাপী কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে CM-FLIGHT কাৰ্যসূচী আৰম্ভ

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ যুৱক-যুৱতীসকলক বিশ্বব্যাপী কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে CM-FLIGHT কাৰ্যসূচী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এই পদক্ষেপৰ অধীনত যুৱক-যুৱতীসকলক বিশ্বজুৰি কৰ্মসংস্থাপনৰ সুযোগৰ বাবে প্ৰস্তুত কৰিবলৈ বিভিন্ন বিদেশী ভাষা আৰু দক্ষতাৰ প্ৰশিক্ষণ দিয়া হ’ব। বৰ্তমান এই কাৰ্যসূচীৰ অধীনত জাপানী ভাষাত এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দি বহিঃৰাজ্যত কৰ্মসংস্থাপন প্ৰদানৰ বাবে এক ব্যাপক সহায় ব্যৱস্থা গঢ়ি তোলা হৈছে, যাৰ ফলত অসমৰ যুৱক-যুৱতীসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজলাই তুলিব পাৰিব।
Read More
হাজাৰ হাজাৰ মহিলাই লাভ কৰে ১০ হাজাৰ টকাৰ চেক

হাজাৰ হাজাৰ মহিলাই লাভ কৰে ১০ হাজাৰ টকাৰ চেক

আজি নগাঁৱৰ হাজাৰ হাজাৰ মহিলাই লাভ কৰে ১০ হাজাৰ টকাৰ চেক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই চেক প্ৰদান কৰে। মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰদান কৰা হৈছে এই ধন।এই আঁচনিৰ অধীনত মহিলাসকলক প্ৰথম পৰ্যায়ত ১০,০০০ টকা প্ৰদান কৰা হৈছে। পৰৱৰ্তী সময়ত চৰ্ত সাপেক্ষে আৰু অধিক ধনৰাশি প্ৰদান কৰিব।উল্লেখ্য যে, এই আঁচনিৰ অধীনত মহিলাসকলক প্ৰথম পৰ্যায়ত ১০,০০০কৈ টকা প্ৰদান কৰা হৈছে। ইতিমধ্যে কেইবাটা সমষ্টিৰ মহিলাই এই আঁচনিৰ ধন লাভ কৰিছে। মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ বাবে এই বিশেষ পদক্ষেপ।
Read More