06
Feb
ডিব্ৰুগড় জিলাত এগৰাকী ১৪ বছৰীয়া কিশোৰীক অপহৰণ কৰি দুদিন ধৰি দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। জিলাখনৰ লাহোৱালৰ বেবেজিয়া অঞ্চলত সংঘটিত হৈছে এই ঘটনা। বাতৰি অনুসৰি দেওবাৰে বিয়লি আঠাবাৰী চাহ বাগিচাৰ সমীপত অচেতন অৱস্থাত উদ্ধাৰ হয় কিশোৰীগৰাকী। তাইৰ হাত-ভৰি ৰছীৰে বান্ধি থোৱা আছিল, আৰু তাইক দলবদ্ধ ধৰ্ষণ কৰা বুলি সন্দেহ কৰা হৈছে। যোৱা ৩ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল কিশোৰীগৰাকী। ঘটনাৰ পিছতে এই সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাইজান আলী আৰু চফৰ আলী নামৰ দুজন ব্যক্তিক। এই গোচৰৰ মূল অভিযুক্ত ভাইজান আলী বুলি সন্দেহ কৰা হৈছে। বিষয়াসকলৰ মতে, যোৱা ৩ ফেব্ৰুৱাৰীত ভাইজান আলীয়ে অপহৰণ কৰি চাহ বাগিচালৈ লৈ যোৱা বুলি জানিব…
