15
Jan
ঝাৰখণ্ডৰ হাজাৰীবাগ সদৰ থানা অঞ্চলৰ অন্তৰ্গত হাবিবীনগৰত বুধবাৰে সংঘটিত হোৱা এটা শক্তিশালী বোমা বিস্ফোৰণৰ ঘটনাত তিনিজন লোকে প্ৰাণ হেৰুৱায়। এই ঘটনাত আন এজন ব্যক্তি গুৰুতৰভাৱে আহত হয়। মৃতসকলৰ ভিতৰত মহম্মদ ইউনুছৰ পুত্ৰ ছাদ্দাম আৰু নহী পৰবীন বুলি চিনাক্ত কৰা হৈছে যদিও আন এজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। বৰ্তমান সংকটজনক অৱস্থাত আহত ব্যক্তিজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। স্থানীয় লোকৰ ভাষ্য অনুসৰি, হাবিবীনগৰ অঞ্চলত জোপোহা চাফা কৰি থকাৰ সময়তে মাটিৰ তলত পুতি থোৱা এটা বোমা হঠাত্ বিস্ফোৰণ ঘটে। চাফাই কামত ব্যৱহৃত কোৰ বা আন কোনো সঁজুলিৰ আঘাত লাগিয়েই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল…
