অসম

জনসংযোগৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈক চৰাইদেউ জিলা সাংবাদিক সন্থাৰ বিদায় সম্বৰ্ধনা

জনসংযোগৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈক চৰাইদেউ জিলা সাংবাদিক সন্থাৰ বিদায় সম্বৰ্ধনা

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ এক বিশেষ অনুষ্ঠানত চাকৰি সূত্ৰে বদলি হৈ যোৱা চৰাইদেউ জিলাৰ জনসংযোগ বিভাগৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈক সন্থাৰ তৰফৰ পৰা বিশেষভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানটি সোণাৰিৰ গ্ৰীণ ভিউ হোটেলৰ সভাকক্ষত জিলা সম্পাদক ধ্ৰুৱজ্যোতি বৰুৱাই আঁত ধৰা আৰু জিলা সমিতিৰ সভাপতি মৃদুল কুমাৰ চাহুৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত ভাস্কৰ বৰদলৈক এখন কৃতজ্ঞতা পত্ৰ আৰু গামোচাৰে বিদায় সম্বৰ্ধনা জনোৱা হয় । আনহাতে চৰাইদেউ প্ৰেছ ক্লাবৰ তৰফৰ পৰাও সম্পাদক প্ৰণৱ বৰগোহাঁয়ে ভাষ্কৰ বৰদলৈক বিদায় সম্বৰ্ধনা জনায় ।
Read More
বানত কাজিৰঙাত ৬ টা গড়ৰ মৃত্যু

বানত কাজিৰঙাত ৬ টা গড়ৰ মৃত্যু

কেইবাসপ্তাহ ধৰি প্ৰলয়ংকৰী বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত বনৰীয়া জন্তুটোৰ দুৰ্দশাৰ ওপৰত আলোকপাত কৰি সোমবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা আৱদ্ধ গঁড়ৰ পোৱালীৰ ভিডিঅ' শ্বেয়াৰ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছ'চিয়েল মিডিয়া প্লেটফৰ্ম 'এক্স'ত পোষ্ট কৰা ভিডিঅ'টোত মুখ্যমন্ত্ৰী শৰ্মাই বানপানীৰ উদ্যানখনৰ মাজত থিয় হৈ থকা গঁড়ৰ পোৱালীটোৰ দৃশ্য বন্দী কৰে। মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ পোষ্টত লিখিছে; শেহতীয়াকৈ, কাজিৰঙাৰ মাজেৰে পাৰ হৈ যাওঁতে, মই এই আৱদ্ধ গঁড়পোৱালীটো লক্ষ্য কৰিছিলো আৰু ইয়াৰ তাৎক্ষণিক উদ্ধাৰৰ নিৰ্দেশ দিছিলো। #AssamFloods মানুহ আৰু জন্তুক একেধৰণে প্ৰভাৱিত কৰিছে, আৰু টীম অসমে সকলোকে সহায় কৰিবলৈ ২৪ ঘণ্টা কাম কৰি আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত বানপানীৰ ফলত যথেষ্ট ক্ষতি…
Read More
উত্তৰ প্ৰদেশৰ উন্নাওত পথ দুৰ্ঘটনাত ১৮ জন লোকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ উন্নাওত পথ দুৰ্ঘটনাত ১৮ জন লোকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ উন্নাওৰ ওচৰত বুধবাৰে পুৱা সংঘটিত বাছ দুৰ্ঘটনাত কমেও ১৮ জন লোকৰ মৃত্যু হোৱাৰ উপৰিও ১৯ জন লোক আহত হৈছে। আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেৰ উন্নাওৰ মাজেৰে এখন নৈশ বাছ পাৰ হৈ যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। বাছখন এখন গাখীৰ টেংকাৰৰ সৈতে সংঘৰ্ষ হয়। উন্নাওৰ গাৰা গাঁৱৰ ওচৰত এক্সপ্ৰেছৱেৰ ২৪৮ নম্বৰ মাইলৰ খুঁটিৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হয়। আৰক্ষীয়ে জনোৱা অনুসৰি, টেংকাৰখনক অতিক্ৰম কৰাৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয়। টেংকাৰখনৰ সৈতে সংঘৰ্ষ হোৱাৰ পিছত বাছখন এক্সপ্ৰেছৱেত বাগৰি পৰে। যাৰ ফলত বাছখনত থকা বহুযাত্ৰীৰ ঘটনাস্থলীত মৃত্যু হয়। বাছখন বিহাৰৰ সীতামাঢ়ীৰ পৰা মতিহাৰী হৈ দিল্লীলৈ গৈ আছিল। দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আহতসকলক…
Read More
সমাজ দৰদী মথুৰাপুৰী বঁটা থানেশ্বৰ মালাকাৰলৈ

সমাজ দৰদী মথুৰাপুৰী বঁটা থানেশ্বৰ মালাকাৰলৈ

বৰ্ষীয়ান বেহেলা বাদক সত্যকৃষ্ণ মিশ্ৰলৈ এইবাৰৰ ২০২৪ বৰ্ষৰ 'তাঁতীকুছি বঁটা' আগবঢ়োৱা হ'ব । সমান্তৰাল ভাৱে বিশিষ্ট সাহিত্যিক তথা বৰপেটাৰ প্ৰাক্তন আয়ুক্ত থানেশ্বৰ মালাকাৰলৈ ২০২৪ বৰ্ষৰ 'সমাজ দৰদী মথুৰাপুৰী বঁটা' আৰু ২০২৪ বৰ্ষৰ প্ৰয়াত শিক্ষাবিদ 'অৰ্জুন চন্দ্ৰ দাস বঁটা' বিশিষ্ট গণিতজ্ঞ তাৰকেশ্বৰ চৌধুৰীলৈ আগবঢ়োৱা হ'ব । আয়োজক তথা বৰপেটাৰ সমাজ সেৱী সংগঠন 'তাতীকুছি'ৰ উদ্যোগত অনুষ্ঠিত এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়  'তাতীকুছি'ৰ আহ্বানত তথা কৃষ্ণকান্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত প্ৰথমে 'তাঁতীকুছি'ৰ মুখ্য সম্পাদক হৰেকৃষ্ণ দাস দীপুৱে আঁত ধৰা সভাখনত এইবাৰৰ উচ্চ মাধ্যমিক পৰীক্ষাত গণিত বিষয়ত সৰ্ব্বোচ্চ নম্বৰ প্ৰাপ্ত তথা কলগাছিয়াৰ ক্ষুদ্ৰাকুছিৰ আব্বাছ আলী চৌধুৰী মেমোৰীয়েলৰ মেধাৱী ছাত্ৰ আশিক হুছেইনৰ…
Read More
কোৰোনা মহামাৰীৰ সময়ত ভাৰতত বৃদ্ধি কম ওজনৰ শিশুৰ সংখ্যা

কোৰোনা মহামাৰীৰ সময়ত ভাৰতত বৃদ্ধি কম ওজনৰ শিশুৰ সংখ্যা

ভাৰতত নৱজাতকৰ ওপৰত কোৰোনাৰ প্ৰভাৱৰ ওপৰত এক নতুন অধ্যয়ন প্ৰকাশ পাইছে। য'ত উল্লেখ আছে যে মাতৃসকলে মহামাৰীৰ সময়ত আগতকৈ অধিক দুৰ্বল শিশুৰ জন্ম দিয়ে। দুৰ্বল শিশুসকলক কেৱল স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি থকাই নহয়, তেওঁলোক শাৰীৰিক আৰু মানসিক বিকাশৰ ওপৰতো গভীৰ প্ৰভাৱ পেলাইছে। হাৱাই বিশ্ববিদ্যালয় আৰু নটৰ ডেম বিশ্ববিদ্যালয়ৰ গৱেষকসকলে চলোৱা অধ্যয়ন অনুসৰি, মহামাৰীৰ আগৰ তুলনাত ভাৰতত ক'ভিড-১৯-ৰ সময়ত জন্ম হোৱা তিনি শতাংশ অধিক দুৰ্বল শিশু আছিল। মহামাৰীৰ আগতে, ১৭ শতাংশ নৱজাতকৰ ওজন কম আছিল। একে সময়তে, মহামাৰীৰ সময়ত এই সংখ্যা ২০ শতাংশলৈ বৃদ্ধি হয়। উল্লেখ্য যে জন্মৰ সময়ত নৱজাতকৰ ওজন ভ্ৰূণৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ সূচক। যেতিয়া কেঁচুৱা এটাৰ ওজন জন্মৰ…
Read More
বিৰিণা গোষ্ঠী, অসমৰ জুলাই মাহৰ সাহিত্য আলাপ অনুষ্ঠানত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ মৃত্যুদিন পালন

বিৰিণা গোষ্ঠী, অসমৰ জুলাই মাহৰ সাহিত্য আলাপ অনুষ্ঠানত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ মৃত্যুদিন পালন

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানটোত আধুনিক অসমীয়া সাহিত্যৰ স্বনামধন্য কবিগৰাকীৰ  কাব্যকৃতি আৰু জীৱন-দৰ্শন সম্পৰ্কত আলোকপাত কৰি কবিগৰাকীলৈ  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দৌলাশাল হাইস্কুলৰ নৱনিৰ্মিত পুথিভঁৰালত অনুষ্ঠিত অনুষ্ঠানটোত সভাপতিত্ব কৰে গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকে। বিৰিণা গোষ্ঠী, অসমৰ সম্পাদক তফিকুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোৰ আঁত ধৰে সহকাৰী সম্পাদক জয়ন্ত ডেকা আৰু সুৰজিৎ পাঠকে । নলবাৰী আৰু বৰপেটা জিলাৰ অৰ্ধ শতাধিক সদস্য উপস্থিত থকা অনুষ্ঠানটোত ভাষা আন্দোলনৰ প্ৰথমজন শ্বহীদ ৰঞ্জিৎ বৰপূজাৰীকো স্মৰণ কৰি দুয়োগৰাকী পুণ্যাত্মাৰ চিৰশান্তিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। অনুষ্ঠানটোৰ বন্তি জ্বলাই দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক গুৰুচৰণ…
Read More
ডক্ৰেশ্বৰ অঞ্চল পৰিদৰ্শন বৰপেটা ‘আছু’ৰ  

ডক্ৰেশ্বৰ অঞ্চল পৰিদৰ্শন বৰপেটা ‘আছু’ৰ  

ডক্ৰেশ্বৰ পাজাৰভাংগাত নৱ নিৰ্মিত মথাউৰিয়েদি ব্ৰহ্মপুত্ৰৰ পানী নিগৰি বৃহত্তৰ ভোগেৰপাৰ, ডক্ৰেশ্বৰ আদি খিলঞ্জীয়া ৰাইজৰ বিগত তিনি চাৰিদিন ধৰি টোপনি হৰণ কৰা বিষয়টোৱে সমগ্ৰ বৰপেটা অঞ্চলৰ ৰাইজৰ মাজত এক আতংকই বিৰাজ কৰিছে। মথাউৰিটোৰ পানী নিগৰি অহা অংশখিনি যোৱা দুদিন ধৰি বাহ, বস্তা আদি দি অঞ্চলটোৰ ৰাইজ আৰু বিভাগীয় কতৃপক্ষই মেৰামতিৰ কাম অব্যাহত ৰখাৰ চেষ্টা কৰিছে যদিও বৃহত্তৰ অঞ্চলটোৰ ৰাইজে শংকামুক্ত হ'ব পৰা নাই। লক্ষনীয়ভাৱে মথাউৰিটোৰে পানী নিগৰি চিঙি গ'লে তাৰ পৰা এশ মিটাৰ দূৰত্বৰ ৰজাদিনীয়া ডক্ৰেশ্বৰ দেৱালয়ৰ প্ৰতিও তীব্ৰ ভাবুকি কঢ়িওৱা পৰিলক্ষিত হোৱা দেখা গৈছে।এনে অৱস্থা প্ৰত্যক্ষ কৰি বুজ ল'বলৈ যায় বৰপেটা জিলা ছাত্ৰ সন্থাৰ এটা সজাতি দলে । আছু নেতা…
Read More
এজাক মুষলধাৰ বৰষুণত ডুবিল গুৱাহাটী

এজাক মুষলধাৰ বৰষুণত ডুবিল গুৱাহাটী

বৰ্তমান সময়ছোৱাত ৰাজ্যৰ ২৯ খন জিলা আহাৰমহীয়া বানত প্লাবিত হৈ আছে। বানৰ ফলত ৰাজ্যত মৃতকৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি পাইছে। দৈনিক ন ন অঞ্চল বানত প্লাবিত হ'বলৈ ধৰিছে। উজনিৰ পৰা নামনিলৈ বানৰ ভয়াবহৰূপ। ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশাৰ এজাক নেৰা নেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰী কৃত্ৰিম বানৰ কবলত পৰিছে। মহানগৰীৰ চৌদিশে কৃত্ৰিম বানৰ সংহাৰীৰূপ। হাহাকাৰ সদৃশ পৰিৱেশ গুৱাহাটী মহানগৰীত। নিশাৰ মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ মাজমজিয়াত এতিয়া সাগৰ সদৃশ পৰিৱেশ। কৃত্ৰিম বানত বুৰ গৈছে বিভিন্ন অঞ্চল। হাতীগাওঁ, ৰাজগাড়, চানমাৰী, অনিল নগৰ, নবীন নগৰ, লাচিত নগৰ, জি এছ ৰোডৰ বহু অঞ্চল বানত বুৰ গৈছে। ইয়াৰ মাজতে মহানগৰীৰ আঠমাইলৰ গাৰো বস্তিত এক শোকাবহ ঘটনা…
Read More
ভৱানীপুৰৰ ধুমাৰকুৰৰ হত্যাকাণ্ড ::  আৰক্ষীৰ জালত ৬ হত্যাকাৰী

ভৱানীপুৰৰ ধুমাৰকুৰৰ হত্যাকাণ্ড ::  আৰক্ষীৰ জালত ৬ হত্যাকাৰী

নিশা নৃশংস হত্যাৰ বলি হোৱা ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ধুমাৰকুৰৰ যুৱ ব্যৱসায়ী ইব্ৰাহিম আলীৰ হত্যাৰে জড়িত ৬ গৰাকীকৈ হত্যাকাৰীক অৱশেষত বজালী আৰক্ষীয়ে গুৱাহাটীৰ পল্টনবজাৰৰ লাখটকীয়াত এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাৰ পৰাই কৰায়ত্ত কৰিবলৈ সক্ষম হয়।ঘটনাৰ পিছতেই বজালী জিলা ব্লক কংগ্ৰেছৰ পক্ষৰ পৰা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু বৰপেটা সমষ্টিৰ বিধায়ক বজালী আব্দুল ৰহিম আহমেদ আৰু বিভিন্ন কংগ্ৰেছ নেতা-কৰ্মীৰ উপস্থিতিত কংগ্ৰেছৰ সঁজাতি দলটোৱে বজালী জিলা জিলা আয়ুক্ত আৰু বজালী জিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে ঘটনাৰ ক্ষীপ্ৰ আৰু উচিত তদন্তৰ লগতে হত্যাকাৰীক কৰায়ত্ত কৰাৰ দাবীত বজালী জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ ওচৰত বেলেগে বেলেগে দুখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিল। তদুপৰি…
Read More
অসমৰ ২৯ জন জিলাৰ ২১ লাখৰো অধিক লোক বানপানীত ক্ষতিগ্ৰস্ত

অসমৰ ২৯ জন জিলাৰ ২১ লাখৰো অধিক লোক বানপানীত ক্ষতিগ্ৰস্ত

অসমৰ বান পৰিস্থিতি নিৰন্তৰ অৱনতি হৈ আহিছে। যোৱা নিশাৰ পৰা বানপানীত আৰু ছয়জন লোকৰ মৃত্যু হৈছে। ২৯ খন জিলাৰ ২১ লাখৰো অধিক লোক বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনৰ মুখ্য নদীবোৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। নলবাৰী জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলবোৰৰ ভিতৰত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এএছডিএমএ) কয় যে বৃহস্পতিবাৰে নিশাৰ পৰা বানপানীত মৃত্যু হোৱা ছয়জন লোকৰ ভিতৰত চাৰিজন গোলাঘাট জিলাৰ। ডিব্ৰুগড় আৰু চৰাইদেউ অঞ্চলত এজনকৈ লোকৰ মৃত্যু হৈছে। যাৰ ফলত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি পাইছে। সাহায্য সংস্থাসমূহে বহুতো অঞ্চলত সাহায্যৰ কাম আৰম্ভ কৰিছে। বহু ঠাইত খাদ্য বিতৰণ কৰা হৈছে আৰু বানপানীত আৱদ্ধ লোকসকলক সাহায্য…
Read More