অসম

জালুকবাৰী সম জিলাত চুলাই মদ প্ৰস্তুত কৰা ভাটীত আবকাৰী বিভাগৰ অভিযান

জালুকবাৰী সম জিলাত চুলাই মদ প্ৰস্তুত কৰা ভাটীত আবকাৰী বিভাগৰ অভিযান

গুৱাহাটী মহানগৰীক দেশী - বিদেশী অবৈধ সুৰাৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক দেৱজিৎ নাথৰ নিৰ্দেশত চলাই থকা অভিযানৰ অংশ হিচাপে আজি পুৱাৰে পৰা দূপৰীয়ালৈ জালুকবাৰী সম জিলাৰ অন্তৰ্গত জালুকবাৰী থানাৰ অন্তৰ্গত মালিগাঁও ছাটেলগেট আৰু আদিংগিৰি, আজাৰা থানাৰ অন্তৰ্গত বৰঝাৰৰ বিভিন্ন অঞ্চলত চুলাই মদ প্ৰস্তুত কৰা ভাটীত  এক বৃহৎ অভিযান চলায়। জালুকবাৰী সম জিলাৰ উপ আবকাৰী অধীক্ষকৰ তদাৰকতাত জালুকবাৰী আবকাৰী চক্ৰ  আৰু বৰঝাৰ আবকাৰী চক্ৰৰ আবকাৰী পৰিদৰ্শকৰ নেতৃত্বত  আবকাৰী দলটোৱে চলোৱা অভিযানত  ১২০  লিটাৰৰো অধিক  চুলাই মদ আৰু চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত প্ৰায় ১১,৮০০  লিটাৰ  পাছ , ২০ টা বিভিন্ন ধৰণৰ সজুলি  জব্দ কৰা হয়। আনহাতে…
Read More
ৰাণীৰ ধৰমপুৰত গাড়ী গৰু চোৰ কৰিবলৈ অহা তিনিজন গৰুচোৰক ধৰিলে পহৰাৰত যুৱকৰ দলে; এটা মাহত ৰাণীৰ পৰা ৪০ টাকৈ গৰু চুৰি

ৰাণীৰ ধৰমপুৰত গাড়ী গৰু চোৰ কৰিবলৈ অহা তিনিজন গৰুচোৰক ধৰিলে পহৰাৰত যুৱকৰ দলে; এটা মাহত ৰাণীৰ পৰা ৪০ টাকৈ গৰু চুৰি

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ  বৃহত্তৰ ৰাণী অঞ্চলত এটা মাহত ৪০ টাকৈ গৰু চুৰি হোৱাৰ পাছত অঞ্চলটোৰ যুৱক সকলে বিগত প্ৰায় দুটা সপ্তাহ ধৰি নিশাৰ ভাগত পহৰা দিয়া কাৰ্য আৰম্ভ কৰিছে। ইয়াৰ মাজতে যোৱা ২০ মাৰ্চত ৰাণীৰ  কাঁহাৰপাৰা গাঁৱত মাজনিশা এঘৰ লোকৰ গোহালিত এটা সন্দেহযুক্ত গৰুচোৰক ৰাইজে ধৰি উত্তম - মধ্যম দি ৰাণী আৰক্ষী চকীত গতাই দিছিল। তাৰ তিনিদিন পাছত পুনৰ ২৩ মাৰ্চৰ দিনা নিশা ১১  বজাত ৰাণীৰ কাষৰীয়া কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ধৰমপুৰ গাঁৱত  এ এছ ১৫ এ চি ৫৫৮২ নম্বৰৰ   এখন টাটা মেজিক  ভান সোমোৱাত পহৰাত থকা যুৱকসকলৰ সন্দেহ হয়।  যুৱকসকলে আগছি ধৰি ভানখন ৰখোৱাত তাত থকা ৫ জনৰ…
Read More
মালয়বাৰী গাওঁ সংগঠন সমিতিৰ হীৰক জয়ন্তীত সহস্ৰাধিক লোকৰ পথ-সুৰক্ষা সজাগতাৰ শপত

মালয়বাৰী গাওঁ সংগঠন সমিতিৰ হীৰক জয়ন্তীত সহস্ৰাধিক লোকৰ পথ-সুৰক্ষা সজাগতাৰ শপত

কামৰূপ মহানগৰ জিলাৰ বৃহত্তৰ মালয়বাৰীত দেওবাৰে নিশা সহস্ৰাধিক লোকে আগন্তুক দিনত ৰাজপথত পথ-সুৰক্ষাৰ সজাগতা গঢ়ি তোলাৰ বাবে সমস্বৰে শপত গ্ৰহণ কৰে । উল্লেখ্য যে, মালয়বাৰী গাওঁ সংগঠন সমিতিৰ হীৰক জয়ন্তী মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধনৰ বাবে দেওবাৰে নিশা উপস্থিত হয় ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাস। মঞ্চ উদ্বোধন কৰি দিয়া ভাষণত গ্ৰামাঞ্চলসমূহত ব্যাপক পথ-সুৰক্ষা সজাগতা গঢ়ি তোলাত তেওঁ গুৰুত্ব আৰোপ কৰে। কিয়নো ভিতৰুৱা গ্ৰামাঞ্চলসমূহত বহুতেই পথ-সুৰক্ষাৰ দিশটোৰ প্ৰতি আওকান কৰি নিজৰ খেয়াল খুচিমতে যানবাহন চলাই থকাৰ বাবে কিছুমান চালক কাষৰ ব্যস্ততম পথলৈ ওলাই আহিলে দুৰ্ঘটনাত পতিত হ’বলগীয়া হয়। ইফালে…
Read More
শান্তিপুৰৰ পৰা ৰহস্যজনকভাবে সন্ধানহীন বিবাহিতা মহিলা

শান্তিপুৰৰ পৰা ৰহস্যজনকভাবে সন্ধানহীন বিবাহিতা মহিলা

গুৱাহাটী মহানগৰীৰ ভৰলুমুখ আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপুৰৰ পৰা নিজৰা গগৈ নামৰ এজনী ৩৩ বছৰীয়া বিবাহিতা মহিলা বিগত পাঁচদিন ধৰি ৰহস্যজনক ভাৱে সন্ধানহীন হৈ থকা ঘটনাই স্বাভাবিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত মহিলা গৰাকীৰ স্বামী মোহন বিশ্বকৰ্মাই ২০ মাৰ্চত ভৰলুমুখ থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা অনুসৰি ১৭ মাৰ্চৰ দিনা বিয়লি ৩ মান বজাত  চুৰিদাৰ পৰিধান কৰি ঘৰৰ পৰা ওলাই অহাৰ পাছৰে পৰা এই পৰ্যন্ত সন্ধানহীন হৈ আছে। কোনো লোকে নিজৰা গগৈৰ কিবা সন্ধান পালে ভৰলুমুখ বা নিকটবৰ্তী আৰক্ষী থানা বা চকী নাইবা ৮৮৩৮৬২৮৭৬৪ , ৭০০২০২০৬৬০ নম্বৰৰ মবাইল ফোনত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
Read More
দেশৰ ৪,০৯২ জন বিধায়কৰ ৪৫ শতাংশৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

দেশৰ ৪,০৯২ জন বিধায়কৰ ৪৫ শতাংশৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

নিৰ্বাচনী অধিকাৰ সংস্থা এডিআৰৰ এক বিশ্লেষণ অনুসৰি ৪,০৯২ জন বিধায়কৰ কমেও ৪৫ শতাংশই নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰৰ কথা ঘোষণা কৰিছে। এছ'চিয়েশ্যন অৱ ডেমক্ৰেটিক ৰিফৰ্মছে (এডিআৰ) ২৮ খন ৰাজ্য আৰু তিনিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪,১২৩ জন বিধায়কৰ ভিতৰত ৪,০৯২ জনৰ শপতনামা বিশ্লেষণ কৰে। ২৪ জন বিধায়কৰ শপতনামা বিশ্লেষণ কৰিব নোৱাৰিলে কিয়নো সেইবোৰ দুৰ্বল স্কেন কৰা বা পঢ়িব নোৱাৰা অৱস্থাত আছিল। বিধানসভাত সাতখন আসন খালী আছে। এডিআৰৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ১,৮৬১ জন বিধায়কে তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ঘোষণা কৰিছে। ইয়াৰ ভিতৰত, ১,২০৫ জন বিধায়কে গুৰুতৰ অপৰাধমূলক অভিযোগৰ সন্মুখীন হৈছে, যাৰ ভিতৰত আছে হত্যা, হত্যাৰ চেষ্টা, অপহৰণ, আৰু মহিলাৰ বিৰুদ্ধে অপৰাধ। এ.ডি.আৰ.-ৰ বিশ্লেষণ…
Read More
১৭ ঘণ্টাৰ যাত্ৰা অতিক্ৰম কৰি স্পেচএক্সৰ ড্ৰেগন কেপচুলৰে পৃথিৱীলৈ উভতিল সুনীতা উইলিয়ামছ-বাচ্চ উইলমোৰসহ চাৰি মহাকাশচাৰী

১৭ ঘণ্টাৰ যাত্ৰা অতিক্ৰম কৰি স্পেচএক্সৰ ড্ৰেগন কেপচুলৰে পৃথিৱীলৈ উভতিল সুনীতা উইলিয়ামছ-বাচ্চ উইলমোৰসহ চাৰি মহাকাশচাৰী

মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলমোৰে স্পেচএক্সৰ ড্ৰেগন কেপচুলৰ জৰিয়তে আন দুজন মহাকাশচাৰীৰ সৈতে পৃথিৱীলৈ উভতি আহিছে। যোৱা জুন মাহত মাত্ৰ আঠ দিনৰ বাবে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ যোৱা এই দুজন মহাকাশচাৰী ন মাহৰ পিছত পৃথিৱীলৈ উভতি আহিবলৈ সক্ষম হৈছে। বোয়িংৰ ষ্টাৰলাইনাৰ মহাকাশযানখনে তেওঁলোকক পৃথিৱীলৈ উভতাই অনাৰ কথা আছিল, কিন্তু মহাকাশত বিকল হৈ পাৰৰ ফলত তেওঁলোকে ইমান দীঘলীয়া সময় অপেক্ষা কৰিব লগা হৈছিল। অৱশেষত তেওঁলোকক এলন মাস্কৰ কোম্পানী স্পেচএক্সৰ ড্ৰেগন কেপচুলে ফ্লৰিডাৰ উপকূলত সুৰক্ষিতভাৱে অৱতৰণ কৰে। ইয়াৰ সৈতে তেওঁলোকক লৈ চলি থকা জল্পনা-কল্পনা অন্ত পৰে। মহাকাশ আস্থানৰ পৰা পৃথিৱী পাবলৈ মহাকাশচাৰীসকলক দীঘলীয়া ১৭ ঘণ্টা সময় লাগিছিল। ভাৰতীয় সময় অনুসৰি পুৱতি নিশা…
Read More
হোলোঙাপাৰ গিবন অভয়াৰণ্যত “বান্দৰ নিৰীক্ষণ”ৰ জৰিয়তে বান্দৰ সম্পৰ্কীয় সজাগতা সৃষ্টি

হোলোঙাপাৰ গিবন অভয়াৰণ্যত “বান্দৰ নিৰীক্ষণ”ৰ জৰিয়তে বান্দৰ সম্পৰ্কীয় সজাগতা সৃষ্টি

বিচিত্ৰ কপিকুলৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে বন বিভাগৰ যোৰহাট বন সংমণ্ডলৰ সহযোগত যোৰহাট জিলাৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত “বান্দৰ নিৰীক্ষণ” (প্ৰাইমেট ৱাট্ছ)শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচীৰ আয়োজন কৰে। মেকাক প্ৰজাতিৰ বান্দৰৰ সংৰক্ষণ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে উৎসৰ্গিত আন্ত:ৰাষ্ট্ৰীয় মেকাক দিৱসৰ সৈতে সংগতি ৰাখি ১৬ মাৰ্চত আয়োজিত এই কাৰ্যসূচীত শিক্ষাৰ্থী, প্ৰকৃতি অনুৰাগী আৰু বিভিন্ন ক্ষেত্ৰৰ পেছাদাৰী ব্যক্তিকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা মুঠ ২০ জন লোকে অংশগ্ৰহণ কৰে । আৰণ্যকৰ প্ৰাইমেট গৱেষণা আৰু সংৰক্ষণ বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা নন্দিতা মেধিৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বিশিষ্ট প্ৰাইমেট বিশেষজ্ঞ তথা আৰণ্যকৰ প্ৰাইমেট গৱেষণা আৰু সংৰক্ষণ বিভাগৰ…
Read More
সাংসদ অমৃতপাল সিঙসহ ৭ সহযোগীক পঞ্জাৱলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ

সাংসদ অমৃতপাল সিঙসহ ৭ সহযোগীক পঞ্জাৱলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ

অসমৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা 'ৱাৰিছ পাঞ্জাৱ দে' সংগঠনৰ মুৰব্বী তথা খাদুৰ চাহিব সমষ্টিৰ সাংসদ অমৃতপাল সিংসহ ৭ সহযোগীক পঞ্জাৱলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে শীঘ্ৰে পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিঙৰ ৭সহযোগীক পঞ্জাৱলৈ স্থানান্তৰ কৰিব। অৱশ্যে, পঞ্জাৱ চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ (এনএছএ) ম্যাদ বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছে। সোমবাৰৰ পৰা অসমৰ ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙৰ সহযোগীসকলক পঞ্জাৱলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হয়। পঞ্জাৱ আৰক্ষীয়ে সাংসদ অমৃতপাল সিঙৰ ৭জন সহযোগীক ডিব্ৰুগড় কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰিব আৰু পাঞ্জাৱৰ আৰক্ষী থানাত পঞ্জীয়ন কৰা বিভিন্ন গোচৰ সন্দৰ্ভত ব্যৱস্থা গ্রহণ কৰিব। এই আটাইকেইজন অভিযুক্তক পাঞ্জাৱৰ কাৰাগাৰলৈ স্থানান্তৰ কৰা…
Read More
ইলন মাস্কৰ কোম্পানী ষ্টাৰলিংকৰে এয়াৰটেল- জিঅ’ৰ চুক্তিক লৈ প্ৰশ্ন কংগ্ৰেছৰ

ইলন মাস্কৰ কোম্পানী ষ্টাৰলিংকৰে এয়াৰটেল- জিঅ’ৰ চুক্তিক লৈ প্ৰশ্ন কংগ্ৰেছৰ

কংগ্ৰেছে ইলন মাস্কৰ উপগ্ৰহ ইণ্টাৰনেট প্ৰদানকাৰী ষ্টাৰলিংকৰ সৈতে দুটা ভাৰতীয় কোম্পানীৰ চুক্তিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে তেওঁৰ ছ'চিয়েল মিডিয়া পোষ্টত লিখিছে, "মাত্ৰ বাৰ ঘণ্টাৰ ভিতৰতে এয়াৰটেল আৰু জিঅ'ই ষ্টাৰলিংকৰ সৈতে অংশীদাৰীত্ব ঘোষণা কৰিছে, এনে লাগিছে যে ষ্টাৰলিংকৰ ভাৰতত প্ৰৱেশৰ ক্ষেত্ৰত তেওঁলোকৰ সকলো আপত্তি আঁতৰ কৰা হৈছে, যিটো তেওঁ দীৰ্ঘদিন ধৰি মাত মাতি আহিছে। ইয়াৰ পৰা স্পষ্ট যে এই অংশীদাৰীত্ব আন কোনোৱে নহয় প্ৰধানমন্ত্ৰীয়ে ষ্টাৰলিংকৰ গৰাকী এলন মাস্কৰ জৰিয়তে   ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে এক ভাল সম্পৰ্ক অৰ্জন কৰিবলৈ চেষ্টা চলাইছে। জয়ৰাম ৰমেশে লিখিছে-কিন্তু বহুতো প্ৰশ্ন বাকী আছে। সম্ভৱতঃ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে সম্পৰ্কিত। ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰয়োজন…
Read More
অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

অসম ভ্ৰমণলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। ১৪-১৬ মাৰ্চলৈ তিনিদিনীয়া কাৰ্যসূচীলৈ ১৪ মার্চত অসমত উপস্থিত হ'ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। সদৌ বড়ো ছাত্র সন্থা (এবছু)ৰ বাৰ্ষিক সম্মিলনকে ধৰি বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।খবৰ অনুসৰি ১৪ মার্চত যোৰহাটত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। ১৫ মাৰ্চত তেওঁ দেৰগাঁৱত নতুনকৈ উন্নীত কৰা লাচিত বৰফুকন আৰক্ষী একাডেমী উদ্বোধন কৰিব। একেদিনাই তেওঁ মিজোৰামো ভ্ৰমণ কৰিব।তেওঁ ১৬ মাৰ্চত কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া সদৌ বড়ো ছাত্র সন্থাৰ ৫৭ সংখ্যক বার্ষিক অধিৱেশনৰ চূড়ান্ত অধিৱেশনত অংশগ্ৰহণ কৰিব। ১৩ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ কোকৰাঝাৰৰ বডোফা ফাওথাৰত অনুষ্ঠিত হ'ব এবছুৰ বাৰ্ষিক সম্মিলন।
Read More