শিক্ষা

ইউপিএছচিৰ অসামৰিক সেৱা ২০২৩-ৰ ফলাফল ঘোষণা

ইউপিএছচিৰ অসামৰিক সেৱা ২০২৩-ৰ ফলাফল ঘোষণা

ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছনে (ইউপিএছচি) মঙলবাৰে অসামৰিক সেৱা পৰীক্ষা ২০২৩-ৰ ফলাফল ঘোষণা কৰে, য'ত আদিত্য শ্ৰীবাস্তৱে প্ৰথম স্থান লাভ কৰে। অনিমেশ প্ৰধান আৰু ডোনুৰু অনন্যা ৰেড্ডীয়ে ক্ৰমান্বয়ে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। ইউপিএছচিয়ে প্ৰকাশ কৰা অনুসৰি। মুঠ ১,০১৬ জন প্ৰাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছিল। উল্লেখ্য যে ইউপিএছচিয়ে প্ৰতি বছৰে তিনিটা পৰ্যায়ত ভাৰতীয় প্ৰশাসনিক সেৱা (আইএএছ), ভাৰতীয় বৈদেশিক সেৱা (আইএফএছ) আৰু ভাৰতীয় আৰক্ষী সেৱাৰ (আইপিএছ) বাবে বিষয়া বাছনি কৰে। প্ৰাথমিক, মুখ্য আৰু সাক্ষাৎকাৰত অসামৰিক সেৱা পৰীক্ষা অনুষ্ঠিত কৰে।
Read More
জেএনইউ দেশৰ শীৰ্ষ বিশ্ববিদ্যাল়য়

জেএনইউ দেশৰ শীৰ্ষ বিশ্ববিদ্যাল়য়

বিশ্বব্যাপী কিউএছ বিশ্ববিদ্যালয় ৰেংকিং অনুসৰি দ্য ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট (আহমেদাবাদ) ব্যৱসায় আৰু ব্যৱস্থাপনা অধ্যয়ন শ্ৰেণীত বিশ্বৰ শীৰ্ষ ২৫ খন শিক্ষানুষ্ঠানৰ ভিতৰত স্থান লাভ কৰিছে। তাৰ পিছত শীৰ্ষ ৫০ খন শিক্ষানুষ্ঠানত স্থান লাভ কৰিছে আইআইএম-বাংগালোৰ আৰু আইআইএম-কলিকতা। বুধবাৰে কিউএছ ৰেংকিং প্ৰকাশ কৰা হৈছিল। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ)ক লণ্ডনৰ উচ্চ শিক্ষা বিশ্লেষণ প্ৰতিষ্ঠান কোৱাকুৱেৰেলি চাইমণ্ডছে (কিউএছ) ঘোষণা কৰা সন্মানীয় ৰেংকিঙত ভাৰতৰ সৰ্বোচ্চ স্থানপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ স্থান দিয়া হৈছে। বিকাশ অধ্যয়ন শ্ৰেণীত, বিশ্ববিদ্যালয়খন বিশ্বব্যাপী ২০ তম স্থানত আছে। চেন্নাইস্থিত চেভেথা ইনষ্টিটিউট অৱ মেডিকেল এণ্ড টেকনিকেল চাইন্সেছ দন্ত অধ্যয়ন শ্ৰেণীত বিশ্বব্যাপী ২৪ তম স্থানত আছে।  কিউএছৰ মুখ্য কাৰ্যবাহী (চিইঅ') জেছিকা টাৰ্ণাৰে কয় যে ভাৰতৰ…
Read More
বজালী জিলাত নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ কাৰ্যসূচী

বজালী জিলাত নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ কাৰ্যসূচী

ভাৰতৰ সাধাৰণ নিৰ্বাচন ২০২৪ ৰ অংশ ৰূপে অহা ৭ মে তাৰিখে অসমৰ বজালী নিৰ্বাচনী জিলাৰ অধীনৰ দুয়োটা সমষ্টিত ভোট সংগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে বজালী জিলাত ভোটগ্ৰহণকাৰী বিষয়া সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। ৪ এপ্ৰিলত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অংশ হিচাপে ৫৬৯ গৰাকী দ্বিতীয় আৰু৫৬৯ গৰাকী তৃতীয় পোলিং বিষয়াৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় বুলি বজালী নিৰ্বাচনী জিলাৰ কৰ্মচাৰী কোষৰ পৰা জানিব পৰা গৈছে। বজালী জিলাৰ আয়ুক্ত মৃদুল কুমাৰ দাসৰ নেতৃত্বত আৰু কৰ্মচাৰী কোষৰ মূৰব্বী বিষয়া ডা: আশ্ৰাফুল আমিন আৰু কোষৰ আন বিষয়া সকলৰ তত্বাৱধানত মুঠ ৪৯ গৰাকী প্ৰশিক্ষকে স্থানীয় ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত পৰ্যায় ক্ৰমে নিৰ্বাচনী কৰ্তব্যত নিয়োজিত হ’ব লগা…
Read More
বিৰুবাৰীত সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুংৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী পুথিভঁৰালৰ দ্বাৰ উন্মোচন

বিৰুবাৰীত সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুংৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী পুথিভঁৰালৰ দ্বাৰ উন্মোচন

মিচিং সমাজৰ সাংস্কৃতিক ইতিহাসস্বৰূপ "মিচিং সংস্কৃতিৰ আলেখ্য" ৰ স্ৰষ্টা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰাপক বৰেণ্য সাহিত্যিক, তাত্বিক সমালোচক, লোক-সংস্কৃতিৰ গৱেষক, সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুংৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী পুথিভঁৰালৰ দ্বাৰ উন্মোচন আজি মহানগৰীৰ বিৰুবাৰীস্থিত য়ুং বয়জ ক্লাব প্ৰাংগণত অনুষ্ঠিত হয় । 'গমলাব মিগাং (সাহিত্যাচাৰ্য) ভৃগুমুনি কাগয়ুং স্মৃতি সুৰক্ষা সমিতি"ৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠান সমিতিৰ সভাপতি কৃষ্ণ ৰাম মিলিৰ সঞ্চালনাত অনুষ্ঠিত হয় । সমিতিৰ সম্পাদক ড০ অভিজিৎ পায়েঙে আঁত ধৰা অনুষ্ঠানত আনুষ্ঠানিক ভাৱে পুথিভঁৰালৰ দ্বাৰ উন্মোচন কৰি পুঠিমাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান অধ্যাপিকা ড০ প্ৰণতি তালুকদাৰ মুদিয়াৰে কয়- "জনগোষ্ঠীয় ভাষাসূহ আমি জানিব লাগে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে খোঁজ কাঢ়ি-কাঢ়ি, বহু ঘাত -প্ৰতিঘাত নেওচি সমগ্ৰ…
Read More
কাউলী আদৰ্শ জাতীয় বিদ্যালয়ে ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰিবলৈ সক্ষম হোৱাটো কম গৌৰৱৰ কথা-নহয়– বিশ্বজিত দৈমাৰী

কাউলী আদৰ্শ জাতীয় বিদ্যালয়ে ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰিবলৈ সক্ষম হোৱাটো কম গৌৰৱৰ কথা-নহয়– বিশ্বজিত দৈমাৰী

দেওবাৰে তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ নিকটৱৰ্তী কাউলীস্থ আদৰ্শ জাতীয় বিদ্যালয় কাউলীৰ  ২২ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰূপালী জয়ন্তী উৎসৱৰ মুকলি সভা উদ্বোধন কৰি তেওঁ এই মন্তব্য প্ৰদান কৰে ৷ ৰূপালী জয়ন্তী সমাৰোহ উদযাপন সমিতিৰ সভাপতি দুলাল চাহাৰ সভাপতিত্বত অনুষ্ঠিত ডুলুজিত দাসে আঁতধৰা সভাত তেওঁ পুনৰ কয়। মই জনাত বিগত ২৫বছৰে এইখন বিদ্যালয়ে কাউলী অঞ্চলত বহুতো নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক আগবঢ়াই লৈ গৈছে৷ বিগত ২৫ বছৰে তেওঁলোকৰ জীৱন গড় দিব পাৰিছে ৷ অকল ছাত্ৰ -ছাত্ৰীক শিক্ষা দিয়াই নহয়  এই বিদ্যালয়ৰ যিটো পৰিৱেশ আৰু সংস্কৃতি --এইটো অকল এই অঞ্চলতে প্ৰভাৱ পৰা নাই অন্যান্য অঞ্চলতো ইয়াৰ প্ৰভাৱ পৰিছে৷ ভাষণ…
Read More
ইডিৰ জিম্মাত মুখ্যমন্ত্ৰী কেজৰিৱালৰ নিৰাপত্তাক আপ চিন্তিত: মন্ত্ৰী আতিশী

ইডিৰ জিম্মাত মুখ্যমন্ত্ৰী কেজৰিৱালৰ নিৰাপত্তাক আপ চিন্তিত: মন্ত্ৰী আতিশী

দিল্লীৰ কেবিনেট মন্ত্ৰী আতিশীয়ে শুকুৰবাৰে কয় যে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) জিম্মাত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নিৰাপত্তাক লৈ আম আদমী পাৰ্টি (আপ) চিন্তিত। কেজৰিৱালক বৃহস্পতিবাৰে ইডিয়ে আবকাৰী নীতিৰ সৈতে জড়িত এটা গোচৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল। এখন সংবাদমেল সম্বোধন কৰি আতিশীয়ে কয় যে ভাৰতৰ গণতান্ত্ৰিক ইতিহাসত প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনৰ পূৰ্বে এটা ৰাষ্ট্ৰীয় দলৰ মুৰব্বীক গ্ৰেপ্তাৰ কৰা হৈছে। ইডিয়ে এটাও প্ৰমাণ প্ৰস্তুত কৰিবলৈ সক্ষম হোৱা নাই। এইটোৱে দেখুৱায় যে ভাৰতীয় জনতা পাৰ্টি (বিজেপি) কেজৰিৱালৰ প্ৰতি কিমান ভয় খাইছে। তেওঁ কয়, "তেওঁলোকে জানে যে কেৱল এজন নেতাই তেওঁলোকক প্ৰত্যাহ্বান জনাব পাৰে, সেয়েহে তেওঁলোকে অৰবিন্দ কেজৰিৱাল আৰু আপক চূৰ্ণ-বিচূৰ্ণ কৰিবলৈ সকলো প্ৰচেষ্টা চলাই আছে।" আতিশীয়ে…
Read More
ডঃ নীলাক্ষী চৌধুৰীৰ “Winds For Change” নামৰ আইন বিষয়ক গ্ৰন্থখনি উন্মোচন

ডঃ নীলাক্ষী চৌধুৰীৰ “Winds For Change” নামৰ আইন বিষয়ক গ্ৰন্থখনি উন্মোচন

বৰপেটা জিলাৰ অন্তৰ্গত বৰপেটাৰোডৰ জীয়ৰী বৰ্তমান দিল্লীৰ বাসিন্দা ডঃ নীলাক্ষী চৌধুৰীৰ " Winds For Change" নামৰ আইন বিষয়ক গ্ৰন্থখনি অলপতে উন্মোচন কৰা হয় ৷ গ্ৰন্থখনি ডুবাইৰ ৰজাৰ কাৰ্য্যালয় Emirates Towerত উন্মোচন কৰে ৰজাৰ উপদেষ্টা তথা প্ৰাক্তন ৰাষ্ট্ৰদূত ডঃ খালিদ অল মেৰিয়ে ৷ বৰপেটাৰোডৰ প্ৰাক্তন পৌৰপতি বিদ্যানন্দ চৌধুৰীৰ প্ৰথমা কণ্যা নীলাক্ষীয়ে এফ চি এছ , এম বি এ আৰু আইনৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত দিল্লীস্থ দেশৰ উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাবে সেৱা আগবঢ়াই আহিছে। তেখেতে দেশৰ আগশাৰীৰ ৪ খন ফাৰ্ম আৰু ১০ টা আন্তৰাষ্ট্ৰীয় কোম্পানীৰ হৈ কাম কৰি আছে ৷ দেশৰ এগৰাকী আগশাৰীৰ অধিবক্তা হিচাবে নিজকে প্ৰতিস্থা কৰা ডঃ নীলাক্ষীয়ে চুপ্ৰিম…
Read More
‘কা’-বিৰোধী আন্দোলন পিছুৱালে সদৌ অসম ছাত্র সন্থাই

‘কা’-বিৰোধী আন্দোলন পিছুৱালে সদৌ অসম ছাত্র সন্থাই

জাতীয় বীৰ লাচিত বৰফুকনৰ সর্বোচ্চ প্রতিমূর্তি উন্মোচন উপলক্ষে সদৌ টাই আহোম ছাত্র সন্থা আৰু টাই আহোম যুৱ পৰিষদে কৰা অনুৰোধৰ প্রতি সম্মান জনাই অহা ৯ মার্চ তাৰিখে সদৌ অসম ছাত্র সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনে আহ্বান জনোৱা 'কা'-বিৰোধী প্রতিবাদী কার্যসূচীটো ১০ মার্চ তাৰিখে ৰূপায়ণ কৰা হ'ব। ১০ মার্চ তাৰিখে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ প্রতিখন জিলা সদৰত ১২ ঘন্টীয়া অনশন কার্যসূচী ৰূপায়ণ কৰা হ'ব।
Read More
ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয়ত খালী হৈ আছে ১৫,৭৫২টা শিক্ষক পদ: শিক্ষামন্ত্ৰী

ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয়ত খালী হৈ আছে ১৫,৭৫২টা শিক্ষক পদ: শিক্ষামন্ত্ৰী

বিধানসভাত শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে কয় যে অসমত বিদ্যালয় পৰ্যায়ত ১৫ হাজাৰৰো অধিক শিক্ষক পদ আৰু মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ১৩০০টা শিক্ষক পদ খালী হৈ আছে। লগতে তেওঁ কয় যে ২০২১-২২ চনত প্ৰাথমিক পৰ্যায়ৰ পৰিসংখ্যাৰ তুলনাত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ মুঠ নামভৰ্তি অনুপাত (জিইআৰ) নিম্নগামী ধাৰাত আছে। কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ প্ৰশ্নৰ উত্তৰত পেগুৱে কয় যে বিভিন্ন বিদ্যালয়ত মুঠ ১৫,৭৫২টা শিক্ষক পদ খালী হৈ আছে। বিদ্যালয়সমূহত মুঠ ২৮৩০টা অশিক্ষক পদও এতিয়াও পূৰণ হোৱা নাই বুলিও তেওঁ কয়। এ আই ইউ ডি এফৰ ৰফিকুল ইছলামৰ প্ৰশ্নৰ উত্তৰত পেগুৱে কয় যে প্ৰাদেশিক হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ ১৬৮৬টা পদ, অধ্যক্ষৰ ৩২০টা আৰু উপাধ্যক্ষৰ…
Read More
শিক্ষামন্ত্ৰীৰ ঘোষণা: এইবাৰ অনুষ্ঠিত হব মেট্ৰিক-হায়াৰ চেকেণ্ডাৰী পৰীক্ষা

শিক্ষামন্ত্ৰীৰ ঘোষণা: এইবাৰ অনুষ্ঠিত হব মেট্ৰিক-হায়াৰ চেকেণ্ডাৰী পৰীক্ষা

এইবাৰ নিশ্চিতভাৱে অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষা ৷ এই মন্তব্য শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ৷ শিক্ষা বিভাগে পৰীক্ষা আনুষ্ঠিত কৰিবৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ লখিমপুৰত ঠেঙাল কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰত অংশ ল'বলৈ আহি এই গুৰুত্বপুৰ্ণ মন্তব্য কৰে মন্ত্ৰী ৰনোজ পেগুৱে।
Read More