দিল্লীৰ কেবিনেট মন্ত্ৰী আতিশীয়ে শুকুৰবাৰে কয় যে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) জিম্মাত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নিৰাপত্তাক লৈ আম আদমী পাৰ্টি (আপ) চিন্তিত। কেজৰিৱালক বৃহস্পতিবাৰে ইডিয়ে আবকাৰী নীতিৰ সৈতে জড়িত এটা গোচৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল। এখন সংবাদমেল সম্বোধন কৰি আতিশীয়ে কয় যে ভাৰতৰ গণতান্ত্ৰিক ইতিহাসত প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনৰ পূৰ্বে এটা ৰাষ্ট্ৰীয় দলৰ মুৰব্বীক গ্ৰেপ্তাৰ কৰা হৈছে। ইডিয়ে এটাও প্ৰমাণ প্ৰস্তুত কৰিবলৈ সক্ষম হোৱা নাই। এইটোৱে দেখুৱায় যে ভাৰতীয় জনতা পাৰ্টি (বিজেপি) কেজৰিৱালৰ প্ৰতি কিমান ভয় খাইছে। তেওঁ কয়, “তেওঁলোকে জানে যে কেৱল এজন নেতাই তেওঁলোকক প্ৰত্যাহ্বান জনাব পাৰে, সেয়েহে তেওঁলোকে অৰবিন্দ কেজৰিৱাল আৰু আপক চূৰ্ণ-বিচূৰ্ণ কৰিবলৈ সকলো প্ৰচেষ্টা চলাই আছে।” আতিশীয়ে লগতে কয় যে আম আদমী পাৰ্টি ইডিৰ জিম্মাত কেজৰিৱালৰ নিৰাপত্তাক লৈ চিন্তিত।
Home ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয় ইডিৰ জিম্মাত মুখ্যমন্ত্ৰী কেজৰিৱালৰ নিৰাপত্তাক আপ চিন্তিত: মন্ত্ৰী আতিশী