31
May
বৰপেটাৰ ভক্তৰডবাস্থিত পশ্চিম পাকা আজাদ মেমোৰিয়েল হাইস্কুলত উপস্থিত হয় বৰপেটা বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসে। উল্লেখ্য যে, ধনৰ বিনিময়ত বিদ্যালয়খনৰ খেলপথাৰত পুখুৰী খান্দি লিজত দিছিল বৰপেটা জিলাৰ ভক্তৰডবাস্থিত পশ্চিম পাকা আজাদ মেমোৰিয়েল হাইস্কুল কৰ্তৃপক্ষই। বৃহত্তৰ ভক্তৰডবা অঞ্চলৰ একমাত্ৰ খেলৰ উপযোগী হৈছে পশ্চিম পাকা আজাদ মেমোৰিয়েল হাইস্কুলৰ খেলপথাৰখন। কিন্তু উক্ত খেলপথাৰখনত পুখুৰী খান্দি দুয়োপাৰে বান্ধ দি লিজত দিয়াত বিতৰ্কৰ সৃষ্টি হৈছিল। উল্লেখ্য যে, বিদ্যালয়খনৰ প্ৰধান শিক্ষকে বিগত দুটা বছৰ ধৰি এইদৰেই খেলপথাৰ লিজত দি বৃহৎ অংকৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৰাইজে। পিছে সমগ্ৰ বিষয়টো সন্দৰ্ভত স্থানীয় ৰাইজে যোৱা ৯ মে'ত বৰপেটা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত অভিযোগ দাখিল…
