মনোৰঞ্জনৰ

ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ত বিগবীৰ প্ৰৱেশ, দশৰথৰ চৰিত্ৰত কৰিব অভিনয় ?

ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ত বিগবীৰ প্ৰৱেশ, দশৰথৰ চৰিত্ৰত কৰিব অভিনয় ?

বৰ্তমান নিতেশ তিৱাৰীৰ ‘ৰামায়ণ’ ছবিৰ কাষ্টিং পূৰ্ণগতিত চলি আছে। ছবিখনত বিভিন্ন চৰিত্ৰৰ বাবে নিৰ্বাচিত হৈছে জনপ্ৰিয় অভিনেতা। ছবিখনত ৰণবীৰ কাপুৰে ভগৱান শ্ৰীৰামৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে অভিনেত্ৰী ছাই পল্লৱীয়ে সীতাৰ চৰিত্ৰত অভিনয় কৰিব। এতিয়া মেগাষ্টাৰ অমিতাভ বচ্চনেও ‘ৰামায়ণ’ ছবিখনত প্ৰৱেশ কৰিছে আৰু তেওঁ দশৰথৰ চৰিত্ৰত অভিনয় কৰিব। ইয়াৰ পূৰ্বেও অমিতাভক ‘দ্য লিজেণ্ড অৱ ৰামা’ ছবিখনৰ বাবে দশৰথৰ চৰিত্ৰৰ প্ৰস্তাৱ দিয়া হৈছিল। ‘ৰামায়ণ’ ছবিখনৰ কাষ্টিঙৰ কথা ক’বলৈ গ’লে ছানী দেওলক ছবিখনত ভগৱান হনুমানৰ চৰিত্ৰত দেখা যাব। ৰাৱণৰ চৰিত্ৰত দেখা যাব কেজিএফৰ তাৰকা যশক। কুম্ভকৰ্ণৰ চৰিত্ৰত অভিনয় কৰিব ববি দেউলে। কাইকেয়ীৰ চৰিত্ৰত লাৰা দত্তই আৰু বিভিষণৰ চৰিত্ৰত অভিনয় কৰিব বিজয় সেঠুপথীয়ে। নিতেশ…
Read More
শ্ৰী ৰঘুপতি’ৰ অভূতপূৰ্ব সাফল্যৰ পিছত এইবাৰ আহি আছে যতীন বৰা অভিনীত মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ নতুন ছবি ‘অগ্নিবাণ’

শ্ৰী ৰঘুপতি’ৰ অভূতপূৰ্ব সাফল্যৰ পিছত এইবাৰ আহি আছে যতীন বৰা অভিনীত মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ নতুন ছবি ‘অগ্নিবাণ’

ব্লকবাষ্টাৰ অসমীয়া ছবি নিৰ্মাণেৰে কৰি অসমীয়া চলচ্চিত্ৰ উদ্যোগত খ্যাতি অৰ্জন কৰা মণিৰত্ন এণ্টাৰটেইনমেণ্টে (শ্ৰী ৰঘুপতিৰ প্ৰযোজক) এইবাৰ আন এখন ব্যতিক্ৰমী ছবিৰে দৰ্শকৰ মাজত প্ৰৱেশৰ প্ৰস্তুতি চলাইছে। যুৱ পৰিচালক মৃণ্ময় অৰুণ শইকীয়াৰ পৰিচালনাৰে আৰু যতীন বৰাৰ দৰে তাৰকা অভিনেতাৰ অভিনয়ৰে সমৃদ্ধ মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ আহিবলগীয়া ছবিখনৰ নাম হৈছে 'অগ্নিবাণ’। ছবিখনৰ কাহিনীৰ আধাৰ হৈছে উত্তৰ-পূব ভাৰতত বিভীষিকা নমাই অনা মাদক সন্ত্ৰাস।ব্লকবাষ্টাৰ অসমীয়া ছবি নিৰ্মাণেৰে কৰি অসমীয়া চলচ্চিত্ৰ উদ্যোগত খ্যাতি অৰ্জন কৰা মণিৰত্ন এণ্টাৰটেইনমেণ্টে (শ্ৰী ৰঘুপতিৰ প্ৰযোজক) এইবাৰ আন এখন ব্যতিক্ৰমী ছবিৰে দৰ্শকৰ মাজত প্ৰৱেশৰ প্ৰস্তুতি চলাইছে। যুৱ পৰিচালক মৃণ্ময় অৰুণ শইকীয়াৰ পৰিচালনাৰে আৰু যতীন বৰাৰ দৰে তাৰকা অভিনেতাৰ অভিনয়ৰে সমৃদ্ধ মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ আহিবলগীয়া…
Read More
12TH FAIL লৈ শ্ৰেষ্ঠ ছবিৰ ফিল্মফেয়াৰ বঁটা

12TH FAIL লৈ শ্ৰেষ্ঠ ছবিৰ ফিল্মফেয়াৰ বঁটা

গুজৰাটৰ গান্ধীনগৰত দেওবাৰে ৬৯ সংখ্যক ফিল্মফেয়াৰ বঁটা অনুষ্ঠিত হয়। এইবাৰ অনুষ্ঠানটো কৰণ জোহৰ আৰু মনীষ পলৰ দ্বাৰা পৰিচালনা কৰা হয়। বৰুণ ধাৱান, জাহ্নৱী কাপুৰ আৰু কৰীণা কাপুৰ খানৰ দৰে বহুতো চেলিব্ৰেটীয়ে তেওঁলোকৰ প্ৰদৰ্শনত সকলোকে প্ৰভাৱিত কৰিছিল। ৬৯ সংখ্যক ফিল্মফেয়াত ৰণবীৰ-আলিয়াই শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ বঁটা লাভ কৰে। এই তালিকাৰ প্ৰথম নাম উচ্চাৰণ হয় ৰণবীৰ কাপুৰৰ নাম। ৰণবীৰে এনিমেলত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। একে সময়তে, আলিয়া ভাটে 'ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী' চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। আনহাতে, শ্বাহৰুখ খানে চুপাৰহিট ছবি 'ডাঙ্কিত' বিকি কৌশলৰ চৰিত্ৰৰ বাবে শ্ৰেষ্ঠ সহঅভিনেতাৰ (পুৰুষ) বঁটা লাভ কৰে। এইবাৰ 12TH FAIL এ…
Read More
বিবাহ বিচ্ছেদ কৰিব নেকি ছানিয়া মিৰ্জাই? ছ’চিয়েল মিডিয়াৰ পোষ্টক লৈ পুনৰ চৰ্চা…

বিবাহ বিচ্ছেদ কৰিব নেকি ছানিয়া মিৰ্জাই? ছ’চিয়েল মিডিয়াৰ পোষ্টক লৈ পুনৰ চৰ্চা…

পাকিস্তানী ক্ৰিকেটাৰ স্বামী শ্বোয়েইব মালিকৰ পৰা পৃথক হ’ব নেকি ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জা? ২০২২ চনৰ পৰাই চৰ্চিত হৈ অহা তাৰকা দম্পতীহালৰ বিবাহ বিচ্ছেদৰ উৰা বাতৰিত এইবাৰ পুনৰ ইন্ধন যোগাইছে ছানিয়া মিৰ্জাৰ আন এক ছ’চিয়েল মিডিয়া পোষ্টে। পূৰ্বেও সামাজিক মাধ্যমত বিবাহ বিচ্ছেদ সম্পৰ্কীয় বিভিন্ন পোষ্ট শ্বেয়াৰ কৰি তেওঁলোকক বিবাহ বিচ্ছেদৰ খবৰক ৰহস্যঘন কৰি তোলা ছানিয়াৰ আন এক পোষ্টে এতিয়া সামাজিক মাধ্যমত লাভ কৰিছে যথেষ্ট চৰ্চা। বুধবাৰে পুৱা ছানিয়াই নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত এটা পোষ্ট শ্বেয়াৰ কৰে। এই পোষ্টটোত লিখা আছে- “বিবাহ কঠিন। বিবাহ বিচ্ছেদ কঠিন। আপোনাৰ কঠিনতম বাছি লওক। মেদবহুলতা কঠিন। ফিট হৈ থকাটো কঠিন। আপোনাৰ কঠিনতম বাছি লওক। ঋণগ্ৰস্ত হোৱাটো…
Read More
ছবিগৃহত শ্বাহৰুখৰ ‘ডংকি’ৰ উন্মাদনা! মুক্তিৰ দ্বিতীয় দিনটোত উপাৰ্জন…

ছবিগৃহত শ্বাহৰুখৰ ‘ডংকি’ৰ উন্মাদনা! মুক্তিৰ দ্বিতীয় দিনটোত উপাৰ্জন…

সকলোৱে দেখিছে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানক কিমান ভাল পায় অনুৰাগীয়ে। কিং খানৰ ছবিয়েই হওক বা জন্মদিনেই হওক, তেওঁৰ অনুৰাগীয়ে মৰমৰ বৰষুণ নমায় অভিনেতাগৰাকীৰ ওপৰত। কেৱল এয়াই নহয়, অভিনেতাগৰাকীৰ অনুৰাগীয়ে তেওঁৰ প্ৰতিখন ছবিকে মুকলিকৈ আদৰণিও জনায়। কেৱল দেশতে নহয়, বহিঃৰাষ্ট্ৰতো শ্বাহৰুখৰ অনুৰাগীৰ অভাৱ নাই। এনে পৰিস্থিতিত তেওঁৰ ছবি ডংকি মুক্তি পাইছে। যাৰ প্ৰতি অনুৰাগীয়ে সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে। এইবাৰ শ্বাহৰুখৰ তিনিখন ছবি মুক্তি পাইছে আৰু তিনিওখন ছবিক লৈ অনুৰাগীৰ মাজত দেখা পোৱা উন্মাদনা যাদুতকৈ কোনোপধ্যেই কম নাছিল। শ্বাহৰুখৰ বাবে অনুৰাগীৰ উন্মাদনা বেলেগ স্তৰৰ। এনে পৰিস্থিতিত মুক্তিৰ দ্বিতীয় দিনা এই ছবিখনে কিমান উপাৰ্জন কৰিছে সেই কথা জানিবলৈ সকলো আগ্ৰহী হৈ পৰিছে। প্ৰথম দিনটোৰ…
Read More
বিগ বছ তেলেগুৰ সপ্তম সংস্কৰণৰ বিজয়ী পল্লৱ প্ৰশান্তক গ্ৰেপ্তাৰ, কাৰণ…

বিগ বছ তেলেগুৰ সপ্তম সংস্কৰণৰ বিজয়ী পল্লৱ প্ৰশান্তক গ্ৰেপ্তাৰ, কাৰণ…

বিগ বছ তেলেগুৰ সপ্তম সংস্কৰণৰ বিজয়ী ঘোষণা কৰাৰ পিছতে সংঘটিত অপ্ৰীতিকৰ ঘটনাৰ বাবে বৃহস্পতিবাৰে নিশা গ্ৰেপ্তা্ৰ কৰা হয় ৰিয়েলিটী শ্ব’টোৰ বিজয়ী পল্লৱ প্ৰশান্তক। এই খবৰে আলোড়ন তুলিছে তেলেগু টিভি উদ্যোগত। নিউজ ১৮ৰ প্ৰতিবেদন অনুসৰি পল্লৱ প্ৰশান্তক গ্ৰেপ্তাৰ কৰা হৈছে। কোৱা হৈছে যে পল্লৱ প্ৰশান্তই যেতিয়া ‘বিগ বছ ৭’ৰ ট্ৰফী লাভ কৰিছিল তেতিয়া তেওঁৰ অনুৰাগীয়ে শ্ব’টোৰ ৰানাৰ্ছ আপ অমৰদ্বীপ চৌধাৰীৰ গাড়ীৰ গ্লাছ ভাঙি পেলাইছিল। তেওঁৰ লগত বেয়া বেয়া আচৰণ কৰা হৈছিল, তাৰ পিছত আৰক্ষীৰ ওচৰচ অভিযোগ দাখিল কৰা হৈছিল। এতিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অভিযুক্তৰ বিৰুদ্ধে ১৪৭, ১৪৮, ২৯০, ৩৫৩, ৪২৭ r/w ১৪৯ আইপিচি আৰু ৩ নং ধাৰা পিডিপিপি আইনৰ অধীনত…
Read More
৩ ইডিয়টছ খ্যাত অভিনেতা অখিল মিশ্ৰৰ আকস্মিক মৃত্যু…

৩ ইডিয়টছ খ্যাত অভিনেতা অখিল মিশ্ৰৰ আকস্মিক মৃত্যু…

আমিৰ খান অভিনীত থ্ৰি ইডিয়টছ ছবিত লাইব্ৰেৰিয়ান ডুবেৰ চৰিত্ৰত অভিনয় কৰি পৰিচিত হোৱা অভিনেতা অখিল মিশ্ৰৰ মৃত্যু। জানিব পৰা মতে, অভিনেতাগৰাকীৰ আকস্মিক মৃত্যুৰ সময়ত হায়দৰাবাদত শ্বুটিঙত ব্যস্ত আছিল তেওঁৰ পত্নী চুজেন বাৰ্নাৰ্ট। প্ৰতিবেদন অনুসৰি অভিনেতাগৰাকীয়ে নিজৰ পাকঘৰত কাম কৰি থকা সময়তে পিছলি পৰে। লগে লগে তেওঁক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। অখিলে বহু ছবিৰ লগতে টেলিভিছন ধাৰাবাহিকতো অভিনয় কৰিছিল। ৩ ইডিয়টৰ বাহিৰেও তেওঁ হাজাৰোন খোৱাইশ্বেইন এইছি, ভোপালঃ এ প্ৰেয়াৰ ফৰ ৰেইন, মেৰে দোষ্ট পিকচাৰ অভি বাকি হ্যায়, ৰেডিঅ’, ব্লু অৰেঞ্জ, ডন, ক্ৰাইম, ৱেল ডন আব্বা, গান্ধী মাই ফাদাৰ, ইছ ৰাত কি ছুবহ নহী আদি ছবিত অভিনয় কৰিছিল।…
Read More
বিশ্বজুৰি ১০০ কোটিৰো অধিক টকা উপাৰ্জন কৰি অভিলেখ ‘পাঠান’ৰ…

বিশ্বজুৰি ১০০ কোটিৰো অধিক টকা উপাৰ্জন কৰি অভিলেখ ‘পাঠান’ৰ…

এদিনতে বিশ্বজুৰি ১০০ কোটি টকাৰ উপাৰ্জন অতিক্ৰম কৰা প্ৰথমখন হিন্দী বা বলীউড চিনেমা হিচাপে পৰিগণিত হৈছে পাঠান। ভাৰতত আনুমানিক ৬৭ কোটি আৰু আন দেশত ৩৬.৭ কোটি টকা উপাৰ্জন কৰি বিশ্বজুৰি আয় প্ৰায় ১০৩ কোটিলৈ বৃদ্ধি পাইছে পাঠানৰ। শ্বাহৰুখ খান, দীপিকা পাডুকন অভিনীত এই ছবিখন এতিয়া ভাৰতৰ সৰ্ববৃহৎ হিন্দী ছবি হিচাপে পৰিগণিত হৈছে। উল্লেখ্য যে, ছবিখনৰ মুক্তিৰ পূৰ্বেই সমগ্ৰ দেশত চলিছিল বয়কট ট্ৰেণ্ড। কিন্তু তাৰ পিছতো অভিলেখ গঢ়িবলৈ সক্ষম হয় পাঠানে।
Read More
অভিনেতা-পৰিচালক ই ৰামাডোছৰ বিয়োগ…

অভিনেতা-পৰিচালক ই ৰামাডোছৰ বিয়োগ…

তামিল ছবিৰ পৰিচালক তথা অভিনেতা ই ৰামাডোছৰ মৃত্যু। মঙলবাৰে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু অভিনেতা-পৰিচালকগৰাকীৰ। চেন্নাইৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল ৰামাডোছ। ১৯৮৬ চনত পৰিচালক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল তেওঁ। পৰৱৰ্তী সময়ত ৰামাডোছে বিছাৰণাই, বিক্ৰম বেধা আৰু আৰামৰ দৰে ছবিৰে অভিনেতা হিচাপে খ্যাতি অৰ্জন কৰে।
Read More
কোভিড মহামাৰীৰ পিছত বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে অভিলেখ অৱতাৰ-২ৰ…

কোভিড মহামাৰীৰ পিছত বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে অভিলেখ অৱতাৰ-২ৰ…

জেমছ কেমেৰনৰ অৱতাৰ ২ ছবিয়ে স্পাইডাৰ মেন: ন’ ৱে হোমৰ উপাৰ্জন অতিক্ৰম কৰি বিশ্বজুৰি ১.৯ বিলিয়ন ডলাৰৰ অধিক উপাৰ্জনেৰে মহামাৰীৰ পিছৰ যুগত সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছে। ইয়াৰ উপৰিও এই চিনেমাখন সৰ্বকালৰ ষষ্ঠ সৰ্বাধিক উপাৰ্জনকাৰী হিচাপে পৰিগণিত হৈছে। টাইটানিক আৰু অৱতাৰৰ পিছত ২ বিলিয়ন ডলাৰ উপাৰ্জন কৰা কেমেৰনৰ একেৰাহে তৃতীয়খন সফল ছবি হ’ব অৱতাৰ ২।
Read More