এদিনতে বিশ্বজুৰি ১০০ কোটি টকাৰ উপাৰ্জন অতিক্ৰম কৰা প্ৰথমখন হিন্দী বা বলীউড চিনেমা হিচাপে পৰিগণিত হৈছে পাঠান।

ভাৰতত আনুমানিক ৬৭ কোটি আৰু আন দেশত ৩৬.৭ কোটি টকা উপাৰ্জন কৰি বিশ্বজুৰি আয় প্ৰায় ১০৩ কোটিলৈ বৃদ্ধি পাইছে পাঠানৰ।

শ্বাহৰুখ খান, দীপিকা পাডুকন অভিনীত এই ছবিখন এতিয়া ভাৰতৰ সৰ্ববৃহৎ হিন্দী ছবি হিচাপে পৰিগণিত হৈছে।

উল্লেখ্য যে, ছবিখনৰ মুক্তিৰ পূৰ্বেই সমগ্ৰ দেশত চলিছিল বয়কট ট্ৰেণ্ড।

কিন্তু তাৰ পিছতো অভিলেখ গঢ়িবলৈ সক্ষম হয় পাঠানে।