25
Sep
এলআইচি মিউচুৱেল ফাণ্ডে বিশেষভাৱে মেনুফেকচাৰিং খণ্ডক উদ্দেশ্য কৰি মুক্ত ইকুইটি আঁচনি এলআইচি এমএফ মেনুফেকচাৰিং ফাণ্ড আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই নতুন পুঁজিৰ অফাৰ (এনএফঅ’) এতিয়া গ্ৰাহকৰ বাবে উপলব্ধ। ২০ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈকে চাবস্ক্ৰিপচনৰ বাবে মুকলি কৰা হৈছে, ১১ অক্টোবৰলৈকে ইউনিটসমূহ আবণ্টন কৰিব পাৰিব। মিউচুৱেল ফাণ্ড ক্ষেত্ৰখনৰ ২ অভিজ্ঞ ব্যক্তি যোগেশ পাটিল আৰু মহেশ বেন্দ্ৰেৰ দ্বাৰা পৰিচালিত এই আঁচনিখনৰ লক্ষ্য হৈছে অটোম’বাইল, ঔষধ(ফাৰ্মাচিউটিকেল) আৰু ধাতু(মেটেল)কে ধৰি বিভিন্ন উৎপাদন উদ্যোগৰ সৈতে জড়িত ইকুইটি সঁজুলিত বিনিয়োগ কৰি দীৰ্ঘম্যাদী মূলধনৰ লাভালাভ প্ৰদান কৰা। এলআইচি মিউচুৱেল ফাণ্ডৰ পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া আৰ কে ঝাই উল্লেখ কৰিছে যে, ভাৰতৰ জিডিপি বৃদ্ধি, দ্ৰুত…
