ব্যৱসায়

ভিআইয়ে আৰম্ভ কৰিছে নতুন পোষ্টপেইড সেৱা ‘ভি আই প্ৰায়’ৰিটি

ভিআইয়ে আৰম্ভ কৰিছে নতুন পোষ্টপেইড সেৱা ‘ভি আই প্ৰায়’ৰিটি

আগশাৰীৰ টেলিকম অপাৰেটৰ ভিআইয়ে নিজৰ উচ্চ মূল্যৰ - পোষ্টপেইড ব্যৱহাৰকাৰীসকলৰ বাবে এক স্বকীয় গ্ৰাহক সেৱাৰ অভিজ্ঞতা গঢ়ি তুলিবলৈ এটা নতুন সেৱা 'ভিআই প্ৰায়’ৰিটি' আৰম্ভ কৰিছে। নিৰ্বাচিত চাৰ্কোলত পৰিচালিত পাইলটৰ পৰা সংগ্ৰহ কৰা শিক্ষণ আৰু অন্তৰ্দৃষ্টিৰ ভিত্তিত এই নতুন সেৱা আৰম্ভ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। ভিআই প্ৰায়’ৰিটি হৈছে এনে এক সেৱা যিয়ে গ্ৰাহকৰ অভিজ্ঞতা আৰু প্ৰদৰ্শনৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে, মূল্য বৃদ্ধি আৰু সন্তুষ্টি বৃদ্ধি কৰাৰ বাবে পৃথক সুবিধা প্ৰদান কৰে। ইয়াক উচ্চ দৰৰ আঁচনি(হাই ৰেণ্টেল প্লান), ফেমিলী প্লান, জ্যেষ্ঠ নাগৰিক আৰু দীৰ্ঘম্যাদী গ্ৰাহকৰ বাবে ১০ বছৰ বা ততোধিক সময়ৰ বাবে পোষ্টপেইড গ্ৰাহকসকলৰ বাবে উপলব্ধ। ভিআই প্ৰায়’ৰিটি  প্ৰস্তাৱ আৰু সুবিধা…
Read More
টিকেএমে নৰ্থ টেক চিম্পোজিয়াম ২০২৩ৰ সময়ত বিশেষ উদ্দেশ্যৰ আইকনিক হাইলাক্স প্ৰদৰ্শন কৰে

টিকেএমে নৰ্থ টেক চিম্পোজিয়াম ২০২৩ৰ সময়ত বিশেষ উদ্দেশ্যৰ আইকনিক হাইলাক্স প্ৰদৰ্শন কৰে

টয়োটা কিৰ্লোস্কাৰ মটৰে (টিকেএম) ভাৰতীয় প্ৰতিৰক্ষা নিৰ্মাতা(মেনুফেকচাৰ্ছ) আৰু আইআইটি জম্মুৰ সহযোগত ভাৰতীয় সেনাৰ নৰ্ডাৰ্ন কমাণ্ডৰ দ্বাৰা আয়োজিত বাৰ্ষিক অনুষ্ঠান নৰ্থ টেক চিম্পোজিয়াম ২০২৩ত দুখন মডিফাইড হাইলাক্স বাহন প্ৰদৰ্শন কৰে। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে প্ৰতিৰক্ষা খণ্ডত থলুৱা প্ৰতিৰক্ষা প্ৰযুক্তিগত বিকাশ আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰা। লগতে আধুনিকীকৰণ আৰু প্ৰতিৰক্ষা সক্ষমতা শক্তিশালী কৰাৰ বাবে ভাৰতীয় সেনাৰ সমন্বয়, গৱেষণা বিকাশ আৰু উদ্ভাৱনৰ প্ৰচেষ্টা বৃদ্ধি কৰা। বজাৰ সমীক্ষাৰ অন্তত টিকেএমে বিশেষভাৱে ভাৰতীয় সেনা-বাহিনীৰ বাবে টয়োটা হাইলাক্সত সালসলনি কৰিছে। এই সংশোধনবোৰৰ ভিতৰত আছে দূৰৱৰ্তী স্থানৰ বাবে ফিল্ড ডায়েগন’ছিছ ভেহিকেল (এফডিভি) আৰু জৰুৰীকালীন পৰিস্থিতিৰ বাবে ৰেপিড ইণ্টাৰভেনচন ভেহিকেল (আৰআইভি)। এই সংশোধনসমূহৰ লক্ষ্য হৈছে ভাৰতীয় সেনা আৰু অন্যান্য…
Read More
আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ সৈতে অংশীদাৰিত্ব নিছানৰ

আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ সৈতে অংশীদাৰিত্ব নিছানৰ

নিছানে আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ অফিচিয়েল স্পনছৰ(আনুষ্ঠানিক পৃষ্ঠপোষক) হিচাপে ইণ্টাৰনেচনেল ক্ৰিকেট কাউঞ্চিল(আইচিচি)ৰ সৈতে একেৰাহে অষ্টম বৰ্ষৰ অংশীদাৰিত্ব ঘোষণা কৰিছে। এই বহু প্ৰত্যাশিত প্ৰতিযোগিতাখন ভাৰতত ৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰ, ২০২৩লৈ অনুষ্ঠিত হ'ব আৰু ইয়াত বিশ্বকাপৰ অফিচিয়েল বাহন হিচাপে বিগ, বোল্ড আৰু বিউটিফুল নিছান মেগনাইট প্ৰদৰ্শিত হ'ব। নিছান মটৰ ইণ্ডিয়াই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ(আইচিচি)ৰ সৈতে অংশীদাৰীত্বক নতুন মাত্ৰা প্ৰদান কৰিবলৈ আৰু উৎসৱমুখৰ ক্ৰিকেট বতৰ উদযাপনৰ বাবে নিছান মাগনাইট কুৰো বিশেষ সংস্কৰণ মুকলি কৰিছে। নিছানে আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ সৈতে অংশীদাৰিত্ব কৰি ষ্টেডিয়ামত নিছান গাড়ীখন প্ৰদৰ্শন কৰাৰ লগতে টুৰ্ণামেণ্ট ট্ৰফী ট্যুৰৰ জৰিয়তে ক্ৰিকেট অনুৰাগীসকলক আকৰ্ষিত কৰিছে। প্ৰতিষ্ঠানটোৱে মলসমূহত 3ডি ট্ৰফী মুকলি…
Read More
ডিএছপি মিউচুৱেল ফাণ্ডে বৈচিত্ৰ্যতা বৃদ্ধিৰ বাবে আগবঢ়াইছে ডিএছপি মাল্টি এছেট আৱণ্টন পুঁজি

ডিএছপি মিউচুৱেল ফাণ্ডে বৈচিত্ৰ্যতা বৃদ্ধিৰ বাবে আগবঢ়াইছে ডিএছপি মাল্টি এছেট আৱণ্টন পুঁজি

ডিএছপি মিউচুৱেল ফাণ্ডে মুকলি কৰিছে ডিএছপি মাল্টি এছেট এল’কেচন ফাণ্ড (ডিএছপি এমএএএফ) মুকলি কৰিছে। যি হৈছে এক মুক্ত আঁচনি, যিয়ে ইকুইটিৰ দৰে দীৰ্ঘম্যাদী ৰিটাৰ্ণ প্ৰদান কৰি বজাৰৰ স্থিতিস্থাপকতা যোগ কৰে। এই আঁচনিখনে সামগ্ৰিক বিপদাশংকা হ্ৰাস কৰিবলৈ ঘৰুৱা ইকুইটি, আন্তৰ্জাতিক ষ্টক, ঋণ সঁজুলি, গল্ড ইটিএফ, পণ্য আৰু ইটিএফ তথা ইটিএফ চিডিকে ধৰি বিভিন্ন সম্পদ শ্ৰেণীত বিনিয়োগৰ বৈচিত্ৰ্যতা প্ৰদান কৰে। ডিএছপি এমএএফে ইকুইটিত ৩৫-৮০% বিনিয়োগ কৰিব পাৰে। আন্তঃৰাষ্ট্ৰীয় ইকুইটিত ৫০% পৰ্যন্ত বিনিয়োগ কৰিব পাৰে। ইয়াৰ লগতে ১০-৫০% ঋণত, ১০-৫০% গোল্ড ইটিএফত, ০-২০% অন্যান্য সামগ্ৰীত আৰু ১০% পৰ্যন্ত আৰইআইটি আৰু ইনভিআইটিত বিনিয়োগ কৰিব পাৰে। সময়ৰ লগে লগে সৰ্বোত্তম প্ৰদৰ্শন কৰা সম্পত্তিৰ শ্ৰেণীটো ভিন্ন…
Read More
তিলকনগৰ ইণ্ডাষ্ট্ৰীজে মুকলি কৰিছে অল নিউ ব্লু লেগুন প্ৰিমিয়াম জিন

তিলকনগৰ ইণ্ডাষ্ট্ৰীজে মুকলি কৰিছে অল নিউ ব্লু লেগুন প্ৰিমিয়াম জিন

ভাৰতত নিৰ্মিত বিদেশী সুৰা প্ৰস্তুতকাৰী প্ৰতিষ্ঠান তিলকনগৰ ইণ্ডাষ্ট্ৰীজ লিমিটেডে পৰম্পৰাগত কাৰুশিল্প আৰু সমসাময়িক ডিজাইনৰ মিশ্ৰণেৰে নতুন ব্লু লেগুন প্ৰিমিয়াম জিন উন্মোচন কৰিছে। প্ৰিমিয়াম জিন তিনিটা ভেৰিয়েণ্টত উপলব্ধ: কমলা, লেমন আৰু প্লেইন।তিলকনগৰ ইণ্ডাষ্ট্ৰীজে ব্ৰেণ্ডীৰ বাহিৰেও নিজৰ পৰ্টফলিঅ’ সম্প্ৰসাৰণ কৰি আইএমএফএল ছেগমেণ্টৰ সম্ভাৱনা থকা পূব আৰু উত্তৰ-পূব ভাৰতত প্ৰৱেশ কৰিবলৈ নিজৰ ব্লু লেগুন জিনক নতুন ৰূপ দিছে। প্ৰথম পৰ্যায়ত অসমত মুকলি কৰা হ'ব, পৰ্যায়ক্ৰমে পিছত আন ৰাজ্যবোৰত মুকলিৰ পৰিকল্পনা ৰখা হৈছে। জীৱন্ত আৰু কৌতুকপূৰ্ণ পেকেজিং প্ৰদৰ্শেনেৰে ব্ৰেণ্ডটোৰ টেগলাইন "জাষ্ট ডাইভ ইনে" স্পিৰিট উৎসাহীসকলক ব্লু লেগুনৰ আকৰ্ষণীয় আৰু সোৱাদযুক্ত ক্ষেত্ৰখনত নিজকে বিলীন কৰিবলৈ আমন্ত্ৰণ জনাইছে। এই বিষয়ে তিলকনগৰ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালনা…
Read More
‘ট্ৰাক উৎসৱ’ মুকলি কৰাৰ কথা ঘোষণা কৰিছে টাটা মটৰ্ছে

‘ট্ৰাক উৎসৱ’ মুকলি কৰাৰ কথা ঘোষণা কৰিছে টাটা মটৰ্ছে

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে 'ট্ৰাক উৎসৱ' নামৰ এক অনন্য গ্ৰাহকৰ সৈতে জড়িত প্ৰচেষ্টা আৰম্ভ কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে টাটা মটৰ্ছৰ শেহতীয়া বাহন আৰু গতিশীলতা সমাধানৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, উদ্ভাৱনীমূলক আৰু প্ৰযুক্তিগতভাৱে উন্নত শেহতীয়া ট্ৰাকসমূহ প্ৰদৰ্শন কৰা। এই অনুষ্ঠানত শ্ৰেণী-আগশাৰীৰ সংযোজন এল পি টি ১৯১৬ উন্মোচন কৰা হ’ব। গ্ৰাহকসকলে টাটা মটৰ্ছৰ উন্নত গতিশীলতা সমাধানৰ পৰা লাভান্বিত হ'ব পাৰে আৰু সহজ বাহন বিত্তীয় সাহায্যৰ বাবে বিত্তীয় অংশীদাৰৰ সৈতে জড়িত হ’ব পাৰে। এই অনুষ্ঠান দেশৰ বিভিন্ন চহৰত অনুষ্ঠিত হ'ব। ট্ৰাক উৎসৱত উন্মোচন কৰা টাটা এলপিটি ১৯১৬-এ নিজৰ ছেগমেণ্টত সৰ্বাধিক পেলোড প্ৰদান কৰে, যাৰ ফলত বাহনৰ মালিকসকলে অধিক…
Read More
চৌদি আৰবৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

চৌদি আৰবৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চৌদি আৰবৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান বিন আব্দুল আজিজ আল-চাউদে নতুন দিল্লীত দ্বিপাক্ষিক আৰু প্ৰতিনিধি পৰ্যায়ৰ আলোচনাচ মিলিত হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি ভাৰত-চৌদি আৰব কৌশলগত অংশীদাৰিত্বৰ সম্ভাৱনা বৃদ্ধি কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আঞ্চলিক স্থিৰতা, বিশ্ব কল্যাণ আৰু ভাৰতৰ স্বাৰ্থৰ বাবে ভাৰত-চৌদি আৰবৰ অংশীদাৰিত্বৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু ভাৰত, পশ্চিম এছিয়া আৰু ইউৰোপৰ মাজত এক ঐতিহাসিক অৰ্থনৈতিক কৰিড'ৰ স্থাপনৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, এই কৰিড’ৰে কেৱল দুয়োখন দেশক সংযোগ কৰাই নহয় এছিয়া, পশ্চিম এছিয়া আৰু ইউৰোপৰ মাজত অৰ্থনৈতিক উন্নয়ন আৰু ডিজিটেল সংযোগৰ সুবিধা…
Read More
বেইদ ফিনচাৰ্ভ লিমিটেডে আগবঢ়াইছে ২৫০ কোটি টকাৰ নন-কনভাৰ্টিবুল ডেবেঞ্চাৰ

বেইদ ফিনচাৰ্ভ লিমিটেডে আগবঢ়াইছে ২৫০ কোটি টকাৰ নন-কনভাৰ্টিবুল ডেবেঞ্চাৰ

ভাৰতৰ আগশাৰীৰ এমএছএমই ঋণ আৰু বাহন ঋণ প্ৰদানকাৰী বেইদ ফিনচাৰ্ভ লিমিটেডে ২৫০ কোটি টকা পৰ্যন্ত ব্যক্তিগত প্লেচমেণ্ট বেচিকৰ বাবে নন কনভাৰ্টিবল ডেবেঞ্চাৰ(অ-পৰিৱৰ্তনযোগ্য ঋণপত্ৰ) জাৰি কৰাত অনুমোদন জনাইছে। ইয়াৰ চৰ্ত আৰু নিয়মসমূহ পৰিচালনা সমিতিৰ ৩২ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত নিৰ্ধাৰণ কৰা হ’ব। ১৯৯১ চনত প্ৰতিষ্ঠা হোৱা বেইদ ফিনচাৰ্ভ লিমিটেড ভাৰতৰ আগশাৰীৰ গাড়ীৰ ঋণ আৰু এমএছএমই ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠান। নন-ডিপজিট টেকিং এনবিএফচি হিচাপে ই অটো লোন, বাণিজ্যিক বাহন ঋণ, এমএছএমই লোন, সম্পত্তিৰ বিপৰীতে ঋণ আৰু অন্যান্য সম্পদ সমৰ্থিত ঋণ প্ৰদান কৰে। অভাৱগ্ৰস্ত লোকসকলক সেৱা আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইতিমধ্যে মধ্যপ্ৰদেশ আৰু ৰাজস্থানলৈ সম্প্ৰসাৰণ কৰিছে। বেইদ ফিনচাৰ্ভৰ লক্ষ্য হৈছে স্বচ্ছতা বজাই ৰাখি…
Read More
টাটা মটৰ্ছে ওড়িশা চৰকাৰক প্ৰদান কৰিলে ১৮১খন উইংগাৰ ভেটেৰিনেৰী ভান

টাটা মটৰ্ছে ওড়িশা চৰকাৰক প্ৰদান কৰিলে ১৮১খন উইংগাৰ ভেটেৰিনেৰী ভান

টাটা মটৰ্ছে ওড়িশা চৰকাৰক ১৮১ খন উইংগাৰ পশু চিকিৎসা ভান প্ৰদান কৰিছে। যিসমূহ বাহন ভাৰতীয় নিৰ্মাতা প্ৰতিষ্ঠানৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই বাহনসমূহ ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিছে। ওড়িশাৰ পশুপালন আৰু পশু চিকিৎসা সেৱা সঞ্চালকালয়ে সম্পূৰ্ণ নিৰ্মিত টাটা উইংগাৰ পশু চিকিৎসা ভান যোগানৰ বাবে টাটা মটৰ্ছক শীৰ্ষ নিবিদাকাৰী হিচাপে বাছনি কৰিছে, যাক চৰকাৰী ই-মাৰ্কেটপ্লেচৰ জৰিয়তে কৰা এক ই-বিডিং প্ৰক্ৰিয়াৰ পিছত অত্যাধুনিক বাহন হিচাপে ব্যৱহাৰ কৰা হ'ব। ২.২-লিটাৰৰ ডিক’ৰ ইঞ্জিনেৰে চালিত টাটা উইংগাৰে ইকো চুইটছ আৰু গিয়েৰ শ্বিফ্ট এডভাইজাৰৰ দৰে বৈশিষ্ট্যৰ দ্বাৰা উন্নত টৰ্ক আৰু ইন্ধন অৰ্থনীতিক নতুন মাত্ৰা প্ৰদান কৰিছে। উইংগাৰৰ সৰ্বশ্ৰেষ্ঠ গ্ৰেড-ক্ষমতা …
Read More
নেষ্টলে ইণ্ডিয়াই মুকলি কৰিলে নেষ্টলে এ+ মচলা মিলেট

নেষ্টলে ইণ্ডিয়াই মুকলি কৰিলে নেষ্টলে এ+ মচলা মিলেট

নেষ্টলে ইণ্ডিয়াই নিজৰ খাদ্য পৰ্টফলিঅ'ত এটা উপাদান হিচাপে মিলেট প্ৰৱৰ্তন কৰি বিশাল পৰিসৰৰ বিকল্পৰ সুবিধা প্ৰদান কৰিছে। চৰকাৰে মিলেটৰ ওপৰত গুৰুত্ব প্ৰদানৰ সৈতে সংগতি ৰাখি কোম্পানীটোৱে অংশীদাৰিত্ব আৰু সামগ্ৰীৰ উদ্ভাৱনৰ জৰিয়তে মিলেটক এক বহনক্ষম খাদ্য বিকল্প হিচাপে প্ৰচাৰ কৰি আছে। নেষ্টলে ইণ্ডিয়াই নেষ্টলেé এ+ মচলা মিলেট মুকলি কৰিছে, যি হৈছে বাজৰাৰ সৈতে এক পাতল আহাৰৰ বিকল্প। নেষ্টলেéই এ+ মচলা মিলেট দুটা ফ্লেভাৰত উপলব্ধ, টেংগি টমেটো আৰু ভেজি মচলা। এইসমূহ ১৭৫ টকাত মাল্টি-চাৰ্ভ পেক আৰু ৩০ টকাত এটা ছিংগল-চাৰ্ভ পেকত উপলব্ধ। নেষ্টলে ইণ্ডিয়াই কেইবাবিধো ব্ৰেকফাষ্টৰ শস্য মুকলি কৰিছে, যাৰ ভিতৰত আছে ৰাগিৰ সৈতে নেষ্টলে চেৰেগ্ৰোগ্ৰেইন বাছনি, বাজৰাৰ সৈতে নেষ্টলেéমিলোককোৱা মল্ট আৰু…
Read More