মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে পানী, বোকা আৰু ধ্বংসস্তূপৰ সোঁতে তচনচ কৰি পেলালে সমগ্ৰ এটা আবাসিক কলনী। ৪৮ ঘণ্টাধৰি অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ কীয়ি পান্যোৰ জিলাত সংঘটিত হোৱা ভয়ংকৰ আকস্মিক বানত নিৰুদ্দেশ হয় কমেও তিনিজন লোক। বিধ্বস্ত হৈ পৰিছে নীপক’ৰ এটা বৃহৎ আবাসিক কলনী। আনহাতে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমতো জাৰি কৰা হৈছে উচ্চ সতৰ্কতা।
বুধবাৰে পুৱা ইয়াজালি চাৰ্কলৰ পুছা অঞ্চলস্থিত ৪৩ কিলোমিটাৰ এলেকাত সংঘটিত হয় এই দুৰ্যোগ। স্থানীয়ভাৱে নীপক’ প্ৰকল্প কলনী নামেৰে পৰিচিত অঞ্চলটোত পুৱা প্ৰায় ৬ বজাত নিৰ্মাণাধীন এটা সংৰক্ষণ প্ৰাচীৰ ভাঙি পৰাৰ পাছতেই নিয়ন্ত্ৰণহীনভাৱে নামি আহে বোকা, শিল আৰু পানীৰ প্ৰবল সোঁত।
জিলা প্ৰশাসনে জানিবলৈ দিয়া মতে, মাত্ৰ তিনি ঘণ্টাত ৭২.৮ মিলিমিটাৰ বৰষুণ হোৱাৰ ফলত অঞ্চলটোৰ নদ-নদীৰ জলস্তৰ বিপজ্জনকভাৱে বৃদ্ধি পায়। ইয়াৰ পাছতেই কলনীৰ নিম্নাঞ্চলসমূহত প্ৰৱেশ কৰে আকস্মিক বানে।
প্ৰাথমিক হিচাপ অনুসৰি, ১৫ৰ পৰা ১৮টা কৰ্মচাৰী আৱাস সম্পূৰ্ণৰূপে ধ্বংস অথবা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। বানৰ সোঁতে উটুৱাই নিয়ে কেইবাখনো বাহনো।
কীয়ি পান্যোৰ জিলাৰ উপায়ুক্ত শ্বেতা নাগৰকোটীয়ে নিশ্চিত কৰিছে যে, এগৰাকী মহিলাসহ তিনিজন লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। তেওঁলোক বানৰ পানীত উটি যোৱাৰ আশংকা কৰা হৈছে। উদ্ধাৰ অভিযান অব্যাহত থাকিলেও বৃহৎ ভূমিস্খলনৰ বাবে ইয়াজালি আৰু হোজ-পোটিন দুয়োফালৰ পথ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।
পৰিস্থিতি অধিক জটিল কৰি তুলিছে নীপক’ৰ হেলিপেড ক্ষতিগ্ৰস্ত হোৱাৰ ঘটনাই। ফলত আকাশীপথেৰে তাৎক্ষণিক উদ্ধাৰ অভিযান চলোৱাতো সমস্যাৰ সৃষ্টি হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দল বৰ্তমান খোজকাঢ়ি দুৰ্যোগপীড়িত অঞ্চলত উপস্থিত হোৱাৰ চেষ্টা চলাই আছে। আনহাতে, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীকো সতৰ্ক অৱস্থাত ৰখা হৈছে।
ইফালে, পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি পান্যোৰ জলবিদ্যুৎ প্ৰকল্পত বিদ্যুৎ উৎপাদন সাময়িকভাৱে বন্ধ ৰাখিছে নীপক’ই। লগতে ৰঙানদী বান্ধৰ পৰা নিয়ন্ত্ৰিতভাৱে পানী এৰি দিয়াৰ প্ৰক্ৰিয়াও আৰম্ভ কৰা হৈছে।
এই সিদ্ধান্তৰ পাছতে নিম্নপ্ৰবাহ অঞ্চলত জলস্তৰ বৃদ্ধি পোৱাৰ আশংকাত অসমৰ কেইবাখনো জিলাৰ বাবে উচ্চ সতৰ্কতা জাৰি কৰিছে অসম চৰকাৰে। বতৰ স্বাভাৱিক নোহোৱালৈকে ল’ৱাৰ সোৱণশিৰি জিলাৰ জিৰ’ অভিমুখী পথ ব্যৱহাৰ নকৰিবলৈও জনসাধাৰণক পৰামৰ্শ দিছে প্ৰশাসনে।
