পশ্চিমবংগ

পশ্চিম বংগ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

পশ্চিম বংগ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

লিয়নেল মেছিৰ কলকাতা ভ্ৰমণৰ সময়ত সৃষ্টি হোৱা বিশৃংখলতাক লৈ পশ্চিম বংগ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ঘটনাৰ বাবে তেওঁ ৰাজ্যৰ আইন-শৃংখলা ভংগ আৰু ভিআইপি সংস্কৃতিৰ বাবে দোষাৰোপ কৰে।মেছিৰ ‘GOAT Tour 2025’ কলকাতা ভ্ৰমণৰ সময়ত যি বিশৃংখলতাৰ সৃষ্টি হৈছিল সেই কথা উল্লেখ কৰি শৰ্মাই কয় যে প্ৰশ্ন শীৰ্ষৰ পৰা আৰম্ভ হ’ব লাগে। তেওঁ কয়, ৰাজ্যৰ গৃহমন্ত্ৰী, যিগৰাকী মুখ্যমন্ত্ৰীও আৰু কলকাতা আৰক্ষী আয়ুক্তক গ্ৰেপ্তাৰ কৰিব লাগিছিল।অৱশ্যে তেওঁ লগতে কয়, “তেওঁ অনুষ্ঠানৰ আয়োজকজনক গ্ৰেপ্তাৰ কৰাৰ ন্যায্যতা প্ৰদান কৰা নাই বা বিৰোধিতা কৰা নাই। ” তেওঁ জোৰ দি কয় যে, “প্ৰাথমিক দায়িত্ব ৰাজ্যৰ গৃহমন্ত্ৰী আৰু আৰক্ষী আয়ুক্তৰ।”
Read More
ভয়াৱহ বানৰ কবলত পশ্চিম বংগ

ভয়াৱহ বানৰ কবলত পশ্চিম বংগ

ভয়াৱহ বানৰ কবলত পশ্চিম বংগ । হাহাকাৰ লাগিছে লাখ লাখ জনতাৰ ।ভয়াৱহ বানৰ কবলত পৰা পশ্চিম বংগৰ কিছু অংশ বিশেষকৈ ৰাজধানী কলকাতা আৰু ইয়াৰ আশে-পাশে হোৱা মুষলধাৰ বৰষুণৰ ফলত ইতিমধ্য়ে কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে । মঙলবাৰে নিশা ৮:৩০ বজালৈকে বৰষুণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পাইছে । ইয়াৰে ৮ জনৰ মৃত্যু হৈছে কেৱল ৰাজধানী চহৰখনতেই ।বৰষুণৰ ফলত ৰে'ল আৰু মেট্ৰ’ সেৱা ব্যাহত হৈ পৰে । তদুপৰি কলকাতাৰ প্ৰায় প্ৰতিটো পথ ডুব যোৱাত যাতায়ত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে । ধাৰাসাৰ বৰষুণৰ ফলত কলকাতা আৰু ইয়াৰ উপকণ্ঠ বৃহৎ অঞ্চলতো বিদ্যুৎ আৰু ইণ্টাৰনেট সেৱা ব্যাহত হৈ পৰে ।কলকাতাৰ আলিপুৰস্থিত আঞ্চলিক…
Read More
প্ৰতিদিনে কমেও এখন বাংলা ছবি প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰিলে পশ্চিম বংগ চৰকাৰে

প্ৰতিদিনে কমেও এখন বাংলা ছবি প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰিলে পশ্চিম বংগ চৰকাৰে

ৰাজ্যৰ চিনেমা হল আৰু মাল্টিপ্লেক্সত প্ৰাইম টাইমত প্ৰতিদিনে কমেও এখন বাংলা ছবি প্ৰদৰ্শন কৰাটো বাধ্যতামূলক কৰিছে পশ্চিম বংগ চৰকাৰে। পশ্চিম বংগ চিনেমা আইন ১৯৫৪ৰ অধীনত বুধবাৰে তথ্য আৰু সংস্কৃতি বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। ইয়াত উল্লেখ আছে যে বছৰটোৰ ভিতৰতে চিনেমা হল আৰু মাল্টিপ্লেক্সৰ সকলো পৰ্দাত প্ৰতিদিনে অন্ততঃ এখনকৈ বাংলা ছবি প্ৰদৰ্শন কৰিব লাগিব। চৰকাৰৰ মতে প্ৰাইম টাইম মানে নিশা ৩ বজাৰ পৰা নিশা ৯ বজালৈ। ইয়াৰ সৈতে জড়িত আইন সংশোধনৰ কথাও চৰকাৰে কৈছে৷ ৰাজ্যিক সচিবালয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে এই নিৰ্দেশনা তাৎক্ষণিকভাৱে কাৰ্যকৰী হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত বলবৎ থাকিব। যোৱা কেইমাহমানত বংগৰ পৰা অহা…
Read More
মমতা বেনাৰ্জীক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

মমতা বেনাৰ্জীক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

বাংলাভাষী মুছলমান সন্দৰ্ভত মমতা বেনাৰ্জীক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মমতা বেনাৰ্জীয়ে কেৱল বাংলাভাষী মুছলমানকহে ভালপায়। ডঃ শৰ্মাই সকীয়াই দিয়ে যে যদিহে বাংলাদেশী মুছলমানৰ বাবে তেওঁ অসমলৈ আহে, তেন্তে অসমীয়া আৰু হিন্দু বঙালীসকলে "তেওঁক ৰেহায় নিদিয়ে"।শেহতীয়াকৈ তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে বিজেপিৰ বিৰুদ্ধে অভিযোগ তুলিছিল যে ৰাজনৈতিক লক্ষ্যত উপনীত হ’বলৈ বিজেপিয়ে ভাষিক পৰিচয়ক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত এইদৰে কয় অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।“যদি তেওঁ মুছলমান বঙালীৰ বাবে অসমলৈ আহে, তেন্তে অসমীয়া মানুহ আৰু হিন্দু বঙালীসকলে তেওঁক ৰেহাই নিদিয়ে।” ডঃ শৰ্মাই সকীয়াই দিয়ে।
Read More
পশ্চিম বংগত ৭,১০,৯৩০ টা ভোটৰ ব্যৱধানত জয়ী হৈ অভিলেখ ৰচিলে অভিষেক বেনাৰ্জীয়ে

পশ্চিম বংগত ৭,১০,৯৩০ টা ভোটৰ ব্যৱধানত জয়ী হৈ অভিলেখ ৰচিলে অভিষেক বেনাৰ্জীয়ে

তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে পশ্চিম বংগত সৰ্বাধিক বিজয়ৰ ব্যৱধানৰ অভিলেখ ভংগ কৰিছে। কিয়নো তেওঁ বৰ্তমান ডায়মণ্ড হাৰ্বাৰ সমষ্টিত ৭,১০,৯৩০ টা ভোটৰ ব্যৱধানত জয়ী হয়। ২০১৯ ৰ লোকসভা নিৰ্বাচনত প্ৰায় ৩,২০,৫৯৪ টা ভোটৰ ব্যৱধানত জয়ী হোৱা অভিষেক বেনাৰ্জীয়ে চিপিআই(এম)ৰ প্ৰাক্তন সাংসদ অনিল বসুৰ ২০ বছৰ পুৰণি অভিলেখ ভংগ কৰে। দৰাচলতে, টিএমচি প্ৰাৰ্থী অভিষেক বেনাৰ্জীয়ে ১০ লাখ ৪৮ হাজাৰ ২৩০ টা ভোট লাভ কৰে। আনহাতে বিজেপি প্ৰাৰ্থী অভিজিত দাসে (ববি) ৩ লাখ ৩৭ হাজাৰ ৩০০ টা ভোট লাভ কৰে। তেওঁ ৭,১০,৯৩০ টা ভোটৰ ব্যৱধানত পৰাজিত হয়। ইয়াৰ উপৰিও, সাতজন প্ৰাৰ্থীৰ আমানত ধন জব্দ কৰা হয়।২০০৪ চনৰ লোকসভা নিৰ্বাচনত বসুৱে…
Read More
পশ্চিম বংগত ৰাম নৱমীৰ হিংসাৰ গোচৰত ১৬ জনক গ্ৰেপ্তাৰ

পশ্চিম বংগত ৰাম নৱমীৰ হিংসাৰ গোচৰত ১৬ জনক গ্ৰেপ্তাৰ

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এনআইএ) যোৱা বছৰ পশ্চিম বংগত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত "সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিকল্পনা আৰু কাৰ্যকৰী" কৰাৰ অভিযোগত ১৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে। সংস্থাৰ এজন মুখপাত্ৰই কয় যে তদন্তৰ সময়ত সংগ্ৰহ কৰা তথ্য আৰু তদন্তৰ সময়ত জব্দ কৰা হিংসাৰ ভিডিঅ' ফুটেজৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাটো যোৱা বছৰ ৩০ মাৰ্চত পশ্চিম বংগৰ উত্তৰ দিনাজপুৰ জিলাত ৰাম নৱমীৰ শোভাযাত্ৰাৰ সময়ত সংঘটিত হৈছিল।
Read More
পশ্চিম বংগৰ ৪২ খন লোকসভা আসনতে প্ৰতিদ্বন্দিতা কৰিব তৃণমূল কংগ্ৰেছে

পশ্চিম বংগৰ ৪২ খন লোকসভা আসনতে প্ৰতিদ্বন্দিতা কৰিব তৃণমূল কংগ্ৰেছে

তৃণমূল কংগ্ৰেছৰ (টিএমচি) জ্যেষ্ঠ নেতা ডেৰেক অ'ব্ৰায়েনে শুকুৰবাৰে কয় যে পশ্চিম বংগৰ সকলো ৪২ খন লোকসভা আসন, অসমৰ কিছু আসন আৰু মেঘালয়ৰ এখন আসনত প্ৰতিদ্বন্দিতা কৰাৰ দলৰ স্থিতিত কোনো পৰিৱৰ্তন কৰা নাই। কংগ্ৰেছে শীঘ্ৰেই তৃণমূল কংগ্ৰেছৰ সৈতে আসন চুক্তি চূড়ান্ত কৰিব বুলি বাতৰি প্ৰকাশ পোৱাৰ মাজতে অ'ব্ৰাইনৰ এই বক্তব্য কৰিছে। কংগ্ৰেছ আৰু মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ বিৰোধী মহাজোট 'ইণ্ডিয়া'ৰ অংশ। এপ্ৰিল-মে'ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি (বিজেপি) নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) সৈতে ঐক্যবদ্ধভাৱে মুখামুখি হ'বলৈ দুয়োটা দলে আসন ভাগ-বতৰা আলোচনা পুনৰ আৰম্ভ কৰিছে বুলি কোৱা হৈছিল । অৱশ্যে, ৰাজ্যসভাত তৃণমূল কংগ্ৰেছৰ নেতা অ'ব্ৰায়েনে কয়,…
Read More
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আকস্মিক পশ্চিম বংগ ভ্ৰমণক লৈ জল্পনা-কল্পনা, পালে নেকি বিশেষ দায়িত্ব?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আকস্মিক পশ্চিম বংগ ভ্ৰমণক লৈ জল্পনা-কল্পনা, পালে নেকি বিশেষ দায়িত্ব?

লোকসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগ বিজেপিৰ কাণ্ডাৰীৰ ৰূপত দেখা যাব পাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। গেৰুৱা শিৱিৰৰ কেন্দ্ৰীয় সমিতিৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ হাতত পশ্চিমবংগৰ প্ৰাৰ্থী বাছনিৰ ভাৰ অৰ্পণ কৰিব পাৰে শীৰ্ষ নেতৃত্বই। উল্লেখ্য যে, পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকীও নেতা, মন্ত্ৰী, বিধায়ক তথা সাংসদে বিজেপিত যোগদান কৰিছিল। এই যোগদানে গেৰুৱা শিৱিৰক শক্তিশালী কৰিব বুলিও আশা কৰা হৈছিল। আন দলৰ পৰা বেছিভাগ নেতাকেই টিকট প্ৰদান কৰি নিৰ্বাচণী ৰণাঙ্গনত নমাইছিল বিজেপিয়ে। ইয়াৰোপৰি অভিনয় জগতৰ সৈতে জড়িত কেইবাজনকো গেৰুৱা বসন পিন্ধাই প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল। ৰাজ্যখনত বিজেপিৰ এই 'যোগদান মেলা’ৰ নেতৃত্ব দিছিল মুকুল ৰায়ে।…
Read More
পশ্চিমবংগৰ ৰেল দুৰ্ঘটনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

পশ্চিমবংগৰ ৰেল দুৰ্ঘটনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

পশ্চিম বংগ জলপাইগুৰি জিলাত বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে'ল দুৰ্ঘটনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে। আনহাতে দুৰ্ঘটনাত আহত আন ৩৬ জন বৰ্তমান চিকিৎসাধীন হৈ আছে। আহত সকলৰ একাধিক জনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ (এনএফআৰ) আলিপুৰদুৱাৰ বিভাগৰ অন্তৰ্গত দোমোহনীৰ ওচৰত অসম অভিমুখী ৰে'লখনৰ ১২ টা ডবা লাইনচ্যুত হৈ বাগৰি পৰে। কেন্দ্ৰীয় মন্ত্ৰী জন বৰলাই জানিবলৈ দিয়া মতে, উদ্ধাৰ অভিযানৰ ইতিমধ্যে অন্ত পৰিছে। আহত সকলক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সংবাদ সংস্থা এএনআইৰ বাতৰি অনুসৰি, যাত্ৰীসকলক এখন বিশেষ ৰেলযোগে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পূৰ্বে, জলপাইগুৰিৰ জিলা দণ্ডাধীশ মৌমিতা গোদাৰা বসুয়ে…
Read More
আলিপুৰদুৱাৰত বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য, TMCৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

আলিপুৰদুৱাৰত বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য, TMCৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

পশ্চিম বংগৰ আলিপুৰদুৱাৰ জিলাৰ এটা বাঁহৰ গাঁথনিত ওলমি থকা অৱস্থাত এজন বিজেপি যুৱ শাখাৰ নেতাৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে ভাৰতীয় জনতা যুৱ মৰ্চা স্থানীয় সমিতিৰ সদস্য শুভ্ৰ জ্যোতি ঘোষৰ মৃতদেহ বুধবাৰে বানচুকমাৰী অঞ্চলৰ ঘাঘৰা গাঁৱত তেওঁৰ বাসগৃহৰ ওচৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়। বিজেপি নেতাজনৰ মৃত্যুক লৈ তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। ইফালে ৰাজ্যখনৰ শাসকীয় দলে এই অভিযোগ অস্বীকাৰ কৰে। স্থানীয় বিজেপি কৰ্মীসকলে ঘটনাটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু দোষীক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। জানিব পৰা মতে, ঘোষ মঙলবাৰৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে…
Read More