পশ্চিম বংগৰ আলিপুৰদুৱাৰ জিলাৰ এটা বাঁহৰ গাঁথনিত ওলমি থকা অৱস্থাত এজন বিজেপি যুৱ শাখাৰ নেতাৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে ভাৰতীয় জনতা যুৱ মৰ্চা স্থানীয় সমিতিৰ সদস্য শুভ্ৰ জ্যোতি ঘোষৰ মৃতদেহ বুধবাৰে বানচুকমাৰী অঞ্চলৰ ঘাঘৰা গাঁৱত তেওঁৰ বাসগৃহৰ ওচৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।

বিজেপি নেতাজনৰ মৃত্যুক লৈ তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। ইফালে ৰাজ্যখনৰ শাসকীয় দলে এই অভিযোগ অস্বীকাৰ কৰে।

স্থানীয় বিজেপি কৰ্মীসকলে ঘটনাটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু দোষীক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। জানিব পৰা মতে, ঘোষ মঙলবাৰৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।