09
Dec
অহা ১৬ ডিচেম্বৰত আবুধাবিত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ নিলামত ২৪০ জন ভাৰতীয় আৰু ১১০ জন বিদেশী খেলুৱৈকে ধৰি মুঠ ৩৫০ গৰাকী ক্ৰিকেটাৰৰ নিলাম হ'ব। শেহতীয়াকৈ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰৰ সিদ্ধান্ত সলনি কৰা দক্ষিণ আফ্ৰিকাৰ উইকেটকীপাৰ-বেটছমেন কুইণ্টন ডি কককো চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁৰ ভিত্তি মূল্য ১ কোটি। অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ভিত্তি মূল্য ২ কোটি। স্মিথে শেষবাৰৰ বাবে ২০২১ চনত আই পি এলত খেলিছিল। আই পি এলৰ এক বিবৃতি অনুসৰি খেলুৱৈ নিলামৰ বাবে মুঠ ১৩৯০ গৰাকী খেলুৱৈয়ে পঞ্জীয়ন কৰে। পিছত এই সংখ্যা ১০০৫ লৈ হ্ৰাস পায়। এই খেলুৱৈসকলৰ পৰা…
