02
Feb
বাংলাদেশক সমৰ্থন জনাই ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপ নেখেলে পাকিস্তানে। পাকিস্তান চৰকাৰে দেওবাৰে ঘোষণা কৰে যে পাকিস্তান ক্ৰিকেট দলে টি-২০ বিশ্বকাপ ২০২৬ত অংশগ্ৰহণ কৰিব যদিও প্ৰধান প্ৰতিদ্বন্দ্বী ভাৰতৰ বিৰুদ্ধে খেলখন বৰ্জন কৰিব। অহা ১৫ ফেব্ৰুৱাৰীত কলম্বোত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া আছিল টি-২০ বিশ্বকাপৰ খেলখন। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বাংলাদেশক প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰাৰ পিছতে পাকিস্তান চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বাংলাদেশে ভাৰতত নিৰাপত্তাৰ কথা দোহাই দি ভাৰতত বিশ্বকাপ নেখেলাৰ সিদ্ধান্ত লৈছিল। বাংলাদেশৰ এই সিদ্ধান্তক সমৰ্থন কৰিলে পাকিস্তানে। পাকিস্তানেও বিশ্বকাপৰ পৰা আঁতৰি যাব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কিন্তু সেয়া নহ’ল, পাকিস্তান চৰকাৰে বৰ্জন ভাৰত-পাকিস্তানৰ মেচতে সীমাবদ্ধ কৰি ৰাখিলে। পাকিস্তান চৰকাৰে…
