ক্ৰীড়া

স্প্ৰিণ্টাৰ হিমা দাসক নাডাৰ নিলম্বনে সৃষ্টি কৰিছে বিভ্ৰান্তি

স্প্ৰিণ্টাৰ হিমা দাসক নাডাৰ নিলম্বনে সৃষ্টি কৰিছে বিভ্ৰান্তি

এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী স্প্ৰিণ্টাৰ হিমা দাসক ঠিকনা প্ৰকাশ কৰাত ব্যৰ্থ হোৱাৰ ঘটনাত দোষমুক্ত কৰাৰ পিছত ৰাষ্ট্ৰীয় এণ্টি-ড'পিং এজেন্সিয়ে (নাডা) তেওঁক পুনৰ পূৰ্বাৱৰ্তী নিলম্বন কৰিছে। ষোল্ল মাহৰ নিলম্বনৰ ম্যাদ আছিল ২২ জুলাই ২০২৩ ৰ পৰা ২১ নৱেম্বৰ ২০২৪ লৈ আৰু খেলুৱৈগৰাকী এতিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ মুক্ত কিন্তু আশ্চৰ্যজনকভাৱে, তেওঁ এই বছৰৰ জুনত প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল। নাডাই শেহতীয়াকৈ ঘোষণা কৰিছিল যে তেওঁ ঠিকনা প্ৰকাশ নকৰাৰ বাবে তেঁওলোকৰ এণ্টি-ড'পিং পেনেলে তেওঁক নিলম্বিত কৰে। নাডা ৱেবছাইট অনুসৰি, 'ধিং এক্সপ্ৰেছ' বুলি খ্যাত হিমাক ৰিজলিউশ্বন চুক্তিৰ অংশ হিচাপে নিলম্বনৰ অধীনত ৰখা হৈছে। তেওঁ বৰ্তমান তিৰুৱন্তপুৰমত প্ৰশিক্ষণ লৈ আছে। তেওঁৰ নিলম্বনৰ ম্যাদে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে…
Read More
হাইব্ৰিড মডেলত চেম্পিয়নছ ট্ৰফীৰ আয়োজন

হাইব্ৰিড মডেলত চেম্পিয়নছ ট্ৰফীৰ আয়োজন

ভাৰত আৰু পাকিস্তানে ২০২৪ চনৰ পৰা ২০২৮ চনলৈ চেম্পিয়নছ ট্ৰফী আৰু আইচিচি ইভেণ্টৰ বাবে এক হাইব্ৰিড মডেলৰ ওপৰত সন্মত প্ৰকাশ কৰিছে। আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) কৈছে যে ভাৰত আৰু পাকিস্তানে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ বাবে এক হাইব্ৰিড মডেলৰ ওপৰত সন্মত হৈছে। দুয়োপক্ষৰ মাজত হোৱা চুক্তি অনুসৰি, আঠটা দলৰ চেম্পিয়নছ ট্ৰফী টাইত ভাৰতৰ খেলসমূহ নিৰপেক্ষ স্থানত খেলা হ'ব। ইয়াৰ বিনিময়ত ভাৰতত অনুষ্ঠিত হ'বলগীয়া আইচিচি ইভেণ্টত ভাৰতৰ সৈতে পাকিস্তানৰ মেচসমূহো নিৰপেক্ষ স্থানত অনুষ্ঠিত হ'ব। পৰৱৰ্তী চাৰি বছৰৰ বাবে, যিকোনো আইচিচি টুৰ্ণামেণ্টৰ সময়ত ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলবোৰ নিৰপেক্ষ স্থানত খেলা হ'ব। ভাৰত আৰু পাকিস্তানৰ দলে অহা কেইবছৰমানৰ ভিতৰত তিনিবাৰ ইজনে আনজনৰ মুখামুখি…
Read More
খো খো বিশ্বকাপৰ ব্ৰেণ্ড এম্বেচেডৰ ছলমান খান

খো খো বিশ্বকাপৰ ব্ৰেণ্ড এম্বেচেডৰ ছলমান খান

ভাৰতীয় খো খো ফেডাৰেশ্যনে (কেকেএফআই) নতুন দিল্লীত ১৩ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰী, ২০২৫ ৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া খো খো বিশ্বকাপৰ প্ৰথম সংস্কৰণৰ প্ৰচাৰৰ বাবে ভাৰতীয় চুপাৰষ্টাৰ ছলমান খানক ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিয়োগ কৰাৰ কথা ঘোষণা কৰে। জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় খেলুৱৈ প্ৰশিক্ষণ শিবিৰত সংবাদ মাধ্যমৰ সন্মুখত এই ঘোষণা কৰা হয়, য'ত কেকেএফআইৰ সভাপতি সুধাংশু মিত্তাল, সাধাৰণ সম্পাদক এম এছ ত্যাগীৰ লগতে ভাৰতীয় পুৰুষ আৰু মহিলা খেলুৱৈ আৰু প্ৰশিক্ষক উপস্থিত আছিল। ছলমান খানে প্ৰথম খো খো বিশ্বকাপৰ এম্বেচেডৰ হিচাপে নিয়োগ কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে, খেলখনৰ সৈতে তেওঁৰ ইতিহাসৰ কথা সোঁৱৰে।
Read More
১৪ ডিচেম্বৰৰ পৰা গাব্বাত ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্ট

১৪ ডিচেম্বৰৰ পৰা গাব্বাত ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্ট

এডিলেডত পৰাজয়ৰ পিছত গাব্বাত ইয়াৰ প্ৰতিশোধ লোৱাৰ উদ্দ্যেশ্যৰে কাইলৈ ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয় টেষ্টত অবতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে গাব্বাত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰিছিল। তাৰে পুনৰাবৃত্তি কৰিব বিচাৰিব ভাৰতীয় দলটোৱে। এই সময়ছোৱাত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ প্ৰদৰ্শনৰ ওপৰত সকলোৰে দৃষ্টি থাকিব। শৃংখলা ১-১ত টাই হোৱাৰ পিছত, ব্ৰিছবেন টেষ্ট নিৰ্ণায়ক প্ৰমাণিত হ'ব পাৰে। ভাৰতীয় বলাৰসকলে অষ্ট্ৰেলিয়াৰ বেটছমেনসকলৰ দুৰ্বলতাক ব্যৱহাৰ কৰিব বিচাৰিব, যাৰ বাবে ট্ৰেভিছ হেড দ্বিতীয় টেষ্টত সমস্যা সৃষ্টিকাৰী হিচাপে প্ৰমাণিত হৈছিল। ষ্টিভ স্মিথ আৰু কোহলী দুয়োজনে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰা নাই। বলিংত ভাৰতীয় দলত যশপ্ৰীত বুমৰাহ আছে, যিয়ে সুন্দৰ প্ৰদৰ্শন কৰিছে। অৱশ্যে, তেওঁক আনটো প্ৰান্তৰ পৰা…
Read More
ছিংগাপুৰত বিশ্ব দবা চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জনৰে ইতিহাস ৰচিলে গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশে

ছিংগাপুৰত বিশ্ব দবা চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জনৰে ইতিহাস ৰচিলে গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশে

১৮ বছৰীয়া ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশে বৃহস্পতিবাৰে ছিংগাপুৰত বিশ্ব দবা চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে। তেওঁ ফাইনেলত চীনৰ ডিফেণ্ডিং চেম্পিয়ন ডিং লিৰেনক ৭.৫-৬.৫ ত পৰাস্ত কৰে।তেওঁৰ বিজয়ে দেশৰ দবা খেলুৱৈসকলৰ বাবে আধিপত্যৰ এক নতুন যুগৰ সূচনা কৰিব আৰু চেম্পিয়ন বিশ্বনাথন আনন্দৰ অতুলনীয় উত্তৰাধিকাৰীক আগবঢ়াই নিব। আনন্দৰ পিছত খিতাপ জয় কৰা গুকেশ দ্বিতীয় ভাৰতীয়। আনন্দে তেওঁৰ কেৰিয়াৰত পাঁচবাৰ প্ৰতিষ্ঠিত খিতাপ জিকিছিল। গুকেশে ১৪ খেলৰ টাইৰ অন্তিমখন ধ্ৰুপদী খেলত জয়লাভ কৰি প্ৰয়োজনীয় ৭.৫ পইণ্ট অৰ্জন কৰি খিতাপ অৰ্জন কৰে। আনহাতে লিৰেনৰ ৬.৫ পইণ্ট আছিল। অৱশ্যে খেলখন বেছিভাগ সময় ড্ৰ'ৰ দিশে আগবাঢ়ি যোৱা যেন লাগিছিল। গুকেশে খিতাপ জয়ৰ বাবে ২.৫ নিযুত আমেৰিকান ডলাৰৰ ভিতৰত…
Read More
২০৩৪ত চৌদি আৰবে আয়োজন কৰিব ফিফা বিশ্বকাপ

২০৩৪ত চৌদি আৰবে আয়োজন কৰিব ফিফা বিশ্বকাপ

ফুটবল প্ৰেমীসকলৰ বাবে ডাঙৰ খবৰ। চৌদি আৰবে ফুটবল বিশ্বকাপ আয়োজন কৰিব। ফেডাৰেচন ইণ্টাৰনেচনেল ফুটবল এছ'চিয়েশ্যনে (ফিফা) ঘোষণা কৰিছে যে চৌদি আৰবে ২০৩৪ৰ বিশ্বকাপ আয়োজন কৰিব। ২০৩০ চনৰ বিশ্বকাপ স্পেইন, পৰ্তুগাল আৰু মৰক্কোৰ দ্বাৰা যুটীয়াভাৱে আয়োজন কৰা হ'ব। তাৰ পিছত চৌদি আৰবে ২০৩৪ চনৰ ফুটবল বিশ্বকাপ আয়োজন কৰিব। ফিফাই এই কথা ঘোষণা কৰিছে। এইটো প্ৰথম বাৰৰ বাবে নহয় যে ফুটবল বিশ্বকাপ এখন আৰৱ দেশত অনুষ্ঠিত হ'ব। যোৱা বিশ্বকাপ কাটাৰত খেলা হৈছিল। কাটাৰত খেলা বিশ্বকাপত লিয়নেল মেছিৰ দল আৰ্জেণ্টিনাই খিতাপ অৰ্জন কৰিছিল। এতিয়া আকৌ এবাৰ ক্ৰীড়াৰ এই আটাইতকৈ ডাঙৰ মহাকুম্ভ আৰৱ দেশত খেলা হ'ব। উল্লেখ্য যে পৰৱৰ্তী বিশ্বকাপ ২০২৬ চনত অনুষ্ঠিত হ'ব।…
Read More
পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন টি-২০ত দক্ষিণ আফ্ৰিকাৰ জয়লাভ

পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন টি-২০ত দক্ষিণ আফ্ৰিকাৰ জয়লাভ

ডেভিদ মিলাৰৰ দুৰ্দান্ত বেটিং আৰু জৰ্জ লিণ্ডেৰ অলৰাউণ্ড প্ৰদৰ্শনৰ সহায়ত দক্ষিণ আফ্ৰিকাই মঙলবাৰে নিশা ডাৰ্বানত প্ৰথমখন টি-২০ প্ৰতিদ্বন্দি পাকিস্তানক ১১ ৰানত পৰাস্ত কৰি তিনিখন খেলৰ শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিছে। মিলাৰে ২০৫.০০ ৰ ষ্ট্ৰাইক ৰেটৰে ৮২ ৰানৰ ইনিংছ খেলি পাকিস্তানক বিচলিত কৰে। আনহাতে, লিণ্ডে ৪২ ৰানৰ দ্ৰুত ইনিংছ খেলে। ১৮৪ ৰানৰ লক্ষ্য অনুসৰণ কৰি পাকিস্তানে বাবৰ আজমৰ উইকেট চাৰিটা বলত শূন্য ৰানত হেৰুৱায়। দ্ৰুত ৰানৰ হেঁচাত চেম আয়ুবে দুটা চাৰিৰ সহায়ত ১৫ টা বলত ৩১ ৰান সংগ্ৰহ কৰি ড্ৰেছিং ৰুমলৈ উভতে। উইকেটবোৰ এনেদৰে এটাৰ পিছত এটাকৈ পৰি থাকে, আনহাতে অধিনায়ক মহম্মদ ৰিজৱানে তেওঁৰ শেষত দৃঢ়তাৰে থিয় হৈ লক্ষ্যটো অনুসৰণ কৰিলে।তেওঁ…
Read More
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ৰেংকিঙত শীৰ্ষ অষ্ট্ৰেলিয়া, তৃতীয়ত ভাৰত

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ৰেংকিঙত শীৰ্ষ অষ্ট্ৰেলিয়া, তৃতীয়ত ভাৰত

এডিলেড ওভালত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত ভাৰতক দহ উইকেটত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শৃংখলা ১-১ ত সমতা অৰ্জন কৰিছে। এই বিজয়ৰ সৈতে, অষ্ট্ৰেলিয়াই ২০২৩-২০২৫ আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ৰেংকিঙত শীৰ্ষ স্থান পুনৰ দখল কৰিছে। পেট কামিন্সৰ অধিনায়কত্বত দলটোৰ এতিয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাক অতিক্ৰম কৰি পইণ্ট শতাংশ ৬০.৭১ হৈছে। বৰ্তমানৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ চক্ৰত এইটো তেওঁলোকৰ নৱম জয়।আনহাতে, ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটো এই শোচনীয় পৰাজয়ৰ পিছত তৃতীয় স্থানলৈ অৱনমিত হৈছে। ভাৰতৰ পইণ্ট শতাংশ ৬১.১১ ৰ পৰা ৫৭.২৯ লৈ হ্ৰাস পাইছে। ভাৰতে এতিয়া ব্ৰিছবেন, মেলবৰ্ণ আৰু চিডনীত বাকী তিনিখন টেষ্ট মেচ জিকিব লাগিব। তেতিয়াহে অহা বছৰ লৰ্ডছত একেৰাহে তৃতীয়খন টেষ্ট…
Read More
২.৬৩ কোটি টকাত বিক্ৰী ছাৰ ডন ব্ৰেডমেনৰ কেপ

২.৬৩ কোটি টকাত বিক্ৰী ছাৰ ডন ব্ৰেডমেনৰ কেপ

ছাৰ ডন ব্ৰেডমেনৰ আইকনিক 'বেগী গ্ৰীণ কেপ'  ক্ৰিকেট ইতিহাসৰ বিৰল সামগ্ৰীৰ নিলামত ২.৬৩ কোটি টকাত বিক্ৰী হয়। নিলাম ঘৰ বনহামছে কয় যে ব্ৰেডমেনে ভাৰতৰ ১৯৪৭-৪৮ চনৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত প্ৰায় ৮০ বছৰ পুৰণি কেপটো পিন্ধিছিল। ঘৰুৱা ভূমিত এইটো তেওঁৰ অন্তিম টেষ্ট শৃংখলা আছিল। এই কেপটো প্ৰথমে ২.১৪ কোটি টকাত ক্ৰয় কৰা হৈছিল, যাৰ পিছত ক্ৰেতাৰ প্ৰিমিয়াম মাচুলত যোগ কৰা হৈছিল। ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন ব্ৰেডমেনৰ ২০০১ চনত ৯২ বছৰ বয়সত মৃত্যু হয়।  ব্ৰেডমেনে ভাৰতৰ বিৰুদ্ধে সেই টেষ্ট শৃংখলাত ১৭৮.৭৫ গড়ে ছয়টা ইনিংছত ৭১৫ ৰান সংগ্ৰহ কৰিছিল, যাৰ ভিতৰত আছিল তিনিটা শতক আৰু এটা দ্বিশতক, যি অষ্ট্ৰেলিয়াক ৪-০ ত জয়লাভ কৰাত…
Read More
২২ ডিচেম্বৰত উদয়পুৰত বিবাহপাশত আৱদ্ধ হ’ব পি ভি সিন্ধু

২২ ডিচেম্বৰত উদয়পুৰত বিবাহপাশত আৱদ্ধ হ’ব পি ভি সিন্ধু

দুবাৰৰ অলিম্পিক পদক বিজয়ী বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুয়ে ২২ ডিচেম্বৰত উদয়পুৰত বিবাহপাশত আৱদ্ধ হ'ব। দেওবাৰে লক্ষ্ণৌত অনুষ্ঠিত চৈয়দ মোদী ইণ্টাৰনেচনেলত জয়লাভ কৰি দীৰ্ঘদিনীয়া খিতাপৰ অপেক্ষা সমাপ্ত কৰা প্ৰাক্তন বিশ্ব চেম্পিয়ন সিন্ধুৱে হায়দৰাবাদস্থিত ভেংকট দত্ত চাইৰে বিবাহত বহিব, যি পচিডেক্স টেকন'লজিছৰ কাৰ্যবাহী সঞ্চালক। সিন্ধুৰ পিতৃ পি ভি ৰমনাই  কয়-দুয়োটা পৰিয়ালে ইজনে আনজনক চিনি পাইছিল কিন্তু মাত্ৰ এমাহ আগতে সকলো চূড়ান্ত কৰা হৈছিল। এইটোৱেই একমাত্ৰ সম্ভৱ সময় আছিল কিয়নো তেওঁ (সিন্ধু) জানুৱাৰীৰ পৰা ব্যস্ত সময়সূচীৰ মাজত থাকিব। এইকাৰণেই দুয়োটা পৰিয়ালে ২২ ডিচেম্বৰত বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। অভ্যৰ্থনা অনুষ্ঠানটো ২৪ ডিচেম্বৰত হায়দৰাবাদত অনুষ্ঠিত হ'ব। তেওঁ সোনকালেই তেওঁৰ প্ৰশিক্ষণ আৰম্ভ কৰিব…
Read More