27
Aug
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ পৰা অৱসৰ গ্ৰহণ কৰিছে প্ৰবীণ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে। এই বিষয়ে তেওঁ ছ’চিয়েল মিডিয়াত অৱগত কৰে। অশ্বিনে লিখিছে- কোৱা হয় যে প্ৰতিটো শেষত নতুন আৰম্ভণি আছে, আই পি এল ক্ৰিকেটাৰ হিচাপে মোৰ সময় আজি শেষ হৈছে, কিন্তু আন বহু লীগত খেলাৰ সময় আজিৰ পৰা আৰম্ভ হৈছে। ২০২৫ চনৰ আই পি এলত চি এছ কে দলৰ অংশ আছিল অশ্বিন, কিন্তু তেওঁ বহু মেচ খেলা নাছিল। চলিত বৰ্ষৰ আই পি এলৰ অন্তিমখন মেচ ২০ মে’ত খেলিছিল। আই পি এলত ২২১ খন মেচ খেলা অশ্বিনৰ নামত ১৮৭ টা উইকেট (ইকনমি ৰেট ৭.২৯) আৰু ৮৩৩ ৰান (ষ্ট্ৰাইক ৰেট ১১৮)।…
