ক্ৰীড়া

লছ এঞ্জেলছ ২০২৮ অলিম্পিকৰ সম্পূৰ্ণ সূচী প্ৰকাশ

লছ এঞ্জেলছ ২০২৮ অলিম্পিকৰ সম্পূৰ্ণ সূচী প্ৰকাশ

লছ এঞ্জেলছ ২০২৮ অলিম্পিকৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰা হৈছে। ১৪ জুলাইৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা। ১০০ বছৰৰ পাছত পুনৰ অলিম্পিকলৈ ঘূৰি আহিছে ক্ৰিকেট। খেলখনৰ বাবে সকলো ইভেণ্ট ১২ জুলাইৰ পৰা আৰম্ভ হ’ব। ২৯ জুলাইত অনুষ্ঠিত হ’ব ফাইনেল। লছ এঞ্জেলছ ২০২৮ ৰ চিইঅ’ ৰেইনল্ড হুভাৰে কয় যে ২০২৬ চনৰ জানুৱাৰী মাহত টিকট পঞ্জীয়ন মুকলি হ’ব। লছ এঞ্জেলছ ২০২৮ হ’ব এতিয়ালৈকে হোৱা সৰ্ববৃহৎ অলিম্পিক। ৩৬টা ভিন্ন ক্ৰীড়া অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনৰ বাবে ৪৯টা স্থান আৰু ১৮টা জ’ন (লছ এঞ্জেলছ আৰু ওকলাহোমা চহৰত) নিৰ্ধাৰণ কৰা হৈছে। ১৪ জুলাইত মুকলি অনুষ্ঠান, আৰু ৩০ জুলাইত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া প্ৰথমটো সোণৰ পদক…
Read More
নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলে

নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলে

মহিলা এদিনীয়া বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলটোৱে শীঘ্ৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। খবৰ অনুসৰি এই বৈঠক ৫ নৱেম্বৰত দিল্লীত হোৱাৰ সম্ভাৱনা আছে। আজি সন্ধিয়া মুম্বাইৰ পৰা দিল্লী অভিমুখে ৰাওনা হয় টিম ইণ্ডিয়া। নৱী মুম্বাইৰ ডি ৱাই পাটিল স্প’ৰ্টছ একাডেমীত অনুষ্ঠিত চূড়ান্ত খেলখনত দেওবাৰে (২ নৱেম্বৰ) দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰি ইতিহাস ৰচনা কৰে ভাৰতীয় দলটোৱে। হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত ভাৰতে প্ৰথমবাৰৰ বাবে মহিলা এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰে। ইফালে দলটোৰ অল-ৰাউণ্ডাৰ দীপ্তী শৰ্মাই জনাইছে যে তেওঁলোকে দল হিচাপে প্ৰধানমন্ত্ৰী মোদীক কি উপহাৰ দিব সেয়া অতি সোনকালে সিদ্ধান্ত ল’ব। দীপ্তিয়ে কয়-আমি নিশ্চিতভাৱে তেওঁক কিবা এটা উপহাৰ দিম, সেয়া…
Read More
মাৰ্চত কেৰালালৈ আহিব লিয়নেল মেছিসহ আৰ্জেণ্টিনা ফুটবল দল

মাৰ্চত কেৰালালৈ আহিব লিয়নেল মেছিসহ আৰ্জেণ্টিনা ফুটবল দল

কেৰালাৰ ক্ৰীড়া মন্ত্ৰী ভি আব্দুৰাহিমানে সোমবাৰে কয় যে তাৰকা খেলুৱৈ লিয়নেল মেছিৰ সৈতে আৰ্জেণ্টিনাৰ ফুটবল দলটোৱে অহা বছৰৰ মাৰ্চ মাহত ৰাজ্যখনত এখন মেচ খেলিব। কেৰালা চৰকাৰৰ স্প’ৰ্টছ ভিজন ২০৩১ৰ সৈতে জড়িত এক অনুষ্ঠানত তেওঁ এইদৰে কয়। তেওঁ কয়-দুদিন পূৰ্বে আৰ্জেণ্টিনাৰ দলৰ পৰা মাৰ্চ মাহত তেওঁলোকৰ আগমন নিশ্চিত কৰা ইমেইল পাইছিলোঁ। তেওঁলোকেও আমাক জনাইছিল যে অতি সোনকালে আনুষ্ঠানিক ঘোষণা কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে আৰ্জেণ্টিনা দলৰ এই ভ্ৰমণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে।
Read More
BCCI ৰ এক ডাঙৰ ঘোষণা

BCCI ৰ এক ডাঙৰ ঘোষণা

অৱশেষত বিশ্বকাপৰ খিতাপ দখল কৰিলে মহিলা ক্ৰিকেট দলটোয়ে। প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলটো চেম্পিয়ন হয়। ইয়াৰ মাজতে দলটোৰ বাবে BCCI য়ে এক ডাঙৰ ঘোষণা কৰিছে।ভাৰতীয় মহিলা দল আৰু প্ৰশিক্ষক-কৰ্মচাৰীসকলৰ বাবে পুৰস্কাৰৰ ঘোষণা কৰা হৈছে। বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই এই ঘোষণা কৰে।মহিলা দলটোক জয়ৰ বাবে অভিনন্দন জনাই BCCI য়ে কয় যে, বিচিচিআইয়ে খেলুৱৈ, প্ৰশিক্ষক, সহায়ক-কৰ্মচাৰী তথা সমগ্ৰ দলটোৰ বাবে ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। ইয়াৰোপৰি দলটোৱে আৰু বহু সুবিধা লাভ কৰিব।
Read More
অহা মাহত ভাৰতলৈ নাহে লিয়নেল মেছি

অহা মাহত ভাৰতলৈ নাহে লিয়নেল মেছি

আৰ্জেণ্টিনাৰ ফুটবল দল তথা তাৰকা খেলুৱৈ লিয়নেল মেছিয়ে অহা মাহত কেৰালা ভ্ৰমণ নকৰে বুলি শনিবাৰে এই ভ্ৰমণৰ পৃষ্ঠপোষকে ঘোষণা কৰে। ইয়াৰ পূৰ্বে প্ৰস্তাৱিত ফুটবল খেলখনৰ পৃষ্ঠপোষক এণ্টনিঅ’ অগাষ্টিনে কেৰালাৰ ক্ৰীড়া বিভাগৰ সহযোগত ঘোষণা কৰিছিল যে মেছিৰ নেতৃত্বত আৰ্জেণ্টিনা দলটোৱে ১৭ নৱেম্বৰত কোচিত প্ৰীতি মেচ খেলিব। এতিয়া অগাষ্টিনে নিজৰ ফেচবুক পেজত ঘোষণা কৰিছে যে অহা মাহত খেলখন অনুষ্ঠিত নহ’ব। অগাষ্টিনে লিখিছে-ফিফাৰ অনুমতি লাভ কৰাত পলম হোৱাৰ পৰিপ্ৰেক্ষিতত আৰ্জেণ্টিনাৰ ফুটবল এছ’চিয়েশ্যনৰ সৈতে আলোচনাৰ অন্তত নৱেম্বৰৰ খেলখন পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। আগন্তুক আন্তঃৰাষ্ট্ৰীয় ছিজনত কেৰালাত অনুষ্ঠিত হ’ব বুলিও কয় আৰু শীঘ্ৰে নতুন তাৰিখ ঘোষণা কৰা হ’ব। কেৰালাৰ ক্ৰীড়া মন্ত্ৰী ভি আব্দুৰ ৰহমানৰ…
Read More
২০২৬ৰ ফিফা বিশ্বকাপলৈ ২২ দলৰ যোগ্যতা অৰ্জন

২০২৬ৰ ফিফা বিশ্বকাপলৈ ২২ দলৰ যোগ্যতা অৰ্জন

২০২৬ চনৰ ফিফা বিশ্বকাপ এক ঐতিহাসিক হ'ব। কিয়নো এই প্ৰতিযোগিতাত ৪৮ টা দলে অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। এইবাৰ ফুটবল বিশ্বকাপ আমেৰিকা, মেক্সিকো, কানাডাই যৌথভাৱে আয়োজন কৰিব। ফলত এই তিনিখন আয়োজক দেশে স্বয়ংক্ৰিয়ভাৱে প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে আফ্ৰিকা মহাদেশৰ ছখন দেশে ফিফা বিশ্বকাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰিছে। কেপ ভাৰ্ডে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰি ইতিহাস ৰচনা কৰে। আফ্ৰিকাৰ পৰা এতিয়ালৈকে যোগ্যতা অৰ্জন কৰা দলসমূহৰ ভিতৰত আছে আলজেৰিয়া, ইজিপ্ত, ঘানা, মৰক্কো, টিউনিছিয়া, কেপ ভাৰ্ডে। কেপ ভাৰ্ডে প্ৰথমবাৰৰ বাবে বিশ্বকাপত খেলিব। তদুপৰি আফ্ৰিকান ফুটবলৰ বাবে এয়া এক ডাঙৰ কৃতিত্ব। তদুপৰি এছিয়া মহাদেশৰ ছটা দলে ইতিমধ্যে ২০২৬ চনৰ ফিফা…
Read More
২০১০ৰ পিছত ফিফা বিশ্বকাপলৈ যোগ্যতা দক্ষিণ আফ্ৰিকাৰ

২০১০ৰ পিছত ফিফা বিশ্বকাপলৈ যোগ্যতা দক্ষিণ আফ্ৰিকাৰ

ৰুৱাণ্ডাক ৩-০ গ’লত পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাই ২০২৬ ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে। ২০১০ চনৰ পিছত এইটোৱেই হ’ব তেওঁলোকৰ প্ৰথমখন বিশ্বকাপ খেল। গ্ৰুপ চি-ৰ শীৰ্ষস্থান দখল কৰি তেওঁলোকে আকৰ্ষণীয়ভাৱে চূড়ান্ত ৰাউণ্ডলৈ আগবাঢ়ি যায়।এই জয়ত নাইজেৰিয়াইও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, বেনিনক ৪-০ গ’লত পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাক আগবাঢ়ি যোৱাত সহায় কৰিছিল। অন্তিম ৰাউণ্ডৰ পূৰ্বে বেনিনে দুই পইণ্টৰ অগ্ৰগতি লাভ কৰিছিল যদিও নাইজেৰিয়াৰ বিৰুদ্ধে পৰাজযত তৃতীয় স্থানলৈ নামি আহিছিল। নাইজেৰিয়া আৰু বেনিনে দুয়োখনেই ১৭ পইণ্টকৈ লাভ কৰিছিল যদিও গ’লৰ পাৰ্থক্য ভাল হোৱাৰ বাবে নাইজেৰিয়াই ৰানাৰ্ছ আপৰ স্থান দখল কৰে। ১৮ পইণ্টেৰে গ্ৰুপত প্ৰথম স্থান দখল কৰে দক্ষিণ আফ্ৰিকাই। খেলখনৰ পঞ্চম মিনিটত…
Read More
২০৩০ৰ কমনৱেলথ গেমছ আয়োজন কৰিবলৈ আহমেদাবাদক মনোনীত

২০৩০ৰ কমনৱেলথ গেমছ আয়োজন কৰিবলৈ আহমেদাবাদক মনোনীত

কমনৱেলথ গেমছৰ কাৰ্যবাহী ব’ৰ্ডে ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজন কৰিবলৈ আহমেদাবাদক মনোনীত কৰিছে। ২৬ নৱেম্বৰত গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছৰ বৈঠকত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। এই গেমছ আয়োজনৰ বাবে ভাৰতে নাইজেৰিয়াৰ আবুজাৰ পৰা প্ৰতিযোগিতাৰ সন্মুখীন হৈছিল। অৱশ্যে ২০৩৪ চনৰ কমনৱেলথ গেমছ আয়োজন কৰাত নাইজেৰিয়াক সহায় কৰিব কমনৱেলথ এক্সিকিউটিভ ব’ৰ্ডে। কমনৱেলথ গেমছ স্প’ৰ্টছে এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে যে কমনৱেলথ গেমছ এক্সিকিউটিভ ব’ৰ্ডে ২০৩০ চনৰ কমনৱেলথ গেমছৰ আয়োজক চহৰ হিচাপে ভাৰতৰ আহমেদাবাদক পৰামৰ্শ দিয়াৰ সিদ্ধান্ত লৈছে। ভাৰতে ২০১০ চনত নতুন দিল্লীত প্ৰথমবাৰলৈ কমনৱেলথ গেমছ আয়োজন কৰিছে। ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনে জনোৱা মতে, গ্লাছগো ২০২৬ কমনৱেলথ গেমছৰ পৰা আঁতৰোৱা সকলো খেল ২০৩০ চনত…
Read More
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ক্লিন ছুইপ ভাৰতৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ক্লিন ছুইপ ভাৰতৰ

ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত ২-০ ত ক্লিন ছুইপ কৰে। মঙলবাৰে দ্বিতীয়খন টেষ্টত ৱেষ্ট ইণ্ডিজক ৭ উইকেটত পৰাস্ত কৰে দলটোৱে। প্ৰথমখন টেষ্টত ভাৰতে এক ইনিংছ আৰু ১৪০ ৰানত জয়লাভ কৰিছিল। দিল্লী টেষ্টত ভাৰতক ১২১ ৰানৰ লক্ষ্য দিয়া হৈছিল, যিটো ভাৰতে তিনিটা উইকেটত অৰ্জন কৰিছিল। কে এল ৰাহুলে বাউণ্ডেৰী মাৰি জয় নিশ্চিত কৰে। ৫৮ ৰানত অপৰাজিত হৈ থাকে। অধিনায়ক হিচাপে প্ৰথমখন টেষ্ট শৃংখলাত জয়লাভ কৰিছে শুভমান গিলে। ইয়াৰ এদিন পূৰ্বে ফ’ল’ অন খেলি থকা ৱেষ্ট ইণ্ডিজে দ্বিতীয় ইনিংছত ৩৯০ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। প্ৰথম ইনিংছত ভাৰতে ৫১৮ ৰান আৰু ৱেষ্ট ইণ্ডিজে ২৪৮ ৰান সংগ্ৰহ কৰে।…
Read More
১২,৩৫২ কোটি টকাৰ সম্পত্তি গৰাকী ক্রিষ্টিয়ানো ৰোনাল্ডো

১২,৩৫২ কোটি টকাৰ সম্পত্তি গৰাকী ক্রিষ্টিয়ানো ৰোনাল্ডো

৪০ বছৰ বয়সত কিংবদন্তি ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ইতিহাসৰ সৃষ্টি কৰিছে৷ ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংক অনুসৰি ক্রিষ্টিয়ানো ৰোনাল্ডো কোটিপতিৰ মৰ্যাদা লাভ কৰা প্রথমজন ফুটবলাৰ হিচাপে পৰিগণিত হৈছে৷ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে পৰ্তুগীজ ফুটবলাৰগৰাকীৰ সম্পত্তি এতিয়া ১.৪ বিলিয়ন ডলাৰ, যাৰ অৰ্থ হ’ল ভাৰতীয় মুদ্ৰাত ১২,৩৫২ কোটি টকা। জুন মাহত ছৌদি আৰৱৰ দল আল-নাছৰৰ সৈতে নতুন চুক্তি স্বাক্ষৰ কৰাৰ পিছতে ৪০ বছৰীয়া ষ্ট্ৰাইকাৰগৰাকীৰ আৰ্থিক বিকাশ ঘটিছে, যাৰ মূল্য ৪০ কোটি ডলাৰৰ ওপৰত বুলি জানিব পৰা গৈছে। ব্লুমবাৰ্গে প্ৰকাশ কৰা অনুসৰি ২০২২ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ৰোনাল্ডোৱে ৫৫ কোটি ডলাৰৰ ওপৰত দৰমহা লাভ কৰিছিল, নাইকৰ সৈতে বছৰি প্ৰায় ১৮ মিলিয়ন ডলাৰৰ দশকজোৰা চুক্তি…
Read More