উত্তৰ-পূৱ

অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ৰ পাঠদান আৰম্ভনি

অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ৰ পাঠদান আৰম্ভনি

সাংস্কৃতিক নগৰী যোৰহাটত অসম সত্ৰ মহাসভাৰ  নতুনকৈ সংযোজন হ'ল এখন সাংস্কৃতিক মহাবিদ্যালয়।  অসম সত্ৰ মহাসভাৰ সাংস্কৃতিক মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পাঠদান আৰম্ভনি  হয় যোৱা ১৭ আগষ্ট ২০২২ তাৰিখে। অসম সত্ৰ মহাসভাৰ মুখ্য কাৰ্যালয়, যোৰহাটৰ কলাভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে আৰম্ভ হয়। যোৰহাটৰ অসম  সত্ৰ মহাসভাৰ কলাভৱত  “অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়”ৰ অধ্যক্ষ ডঃ ৰঞ্জিত কুমাৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠানটি অনুষ্ঠিত হয়। যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ শ্ৰীযুতা ৰূপা দত্তই বন্তি প্ৰজ্বলন আৰু শিৱসাগৰৰ নটৰাজ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত দূৰ্গেশ্বৰ বৰুৱাই সৰস্বতী বন্দনাৰে অনুষ্ঠান  শুভাৰম্ভ কৰে। মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰীযুতা সংগীতা শ‍ইকীয়াই আঁত ধৰা সভাখনিত উদ্দেশ্য বাখ্যা কৰে অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ সচিব…
Read More

আজি ভাদৰ মাহৰ পহিলা দিনটোত মৈৰাবাৰী শ্ৰী শ্ৰী আলিপুখুৰী পাটেকীবড়ীত সত্ৰত দেখা গল এক মনজুৰোৱা পৰিৱেশ

আজি ভাদৰ মাহৰ পহিলা দিনটোত মৈৰাবাৰী শ্ৰী শ্ৰী আলিপুখুৰী পাটেকীবড়ীত সত্ৰত দেখা গল এক মনজুৰোৱা পৰিৱেশ ।আজি অসমীয়া পবিত্ৰ ভাদ মাহৰ ১ তাৰিখ অৰ্থাৎ পহিলা ভাদ। আজিৰে পৰা ৰাজ্যৰ প্ৰতিখন সত্ৰ-নামঘৰ হৰি নামৰ ধ্বনিৰে গুঞ্জৰিত হব। ইয়াৰ ব্যতিক্ৰম নহয় মৈৰাবাৰী শ্ৰী শ্ৰী আলিপুখুৰী পাটেকীবড়ীত সত্ৰ ।আজিৰে পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাটেকীবড়ী সত্ৰত মাহজোৰা চাৰি প্ৰসঙ্গীয়া পাল নামৰ আশিষ লোৱাৰ লগতে নেদেখাজনৰ ওচৰত আশিষ লবলৈ ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিছে। নেদেখা জনৰ ওচৰত ধূপ-দীপ, নৈবেদ্য আগবঢ়াই প্ৰতিজন ভক্তই নিজৰ লগতে পৰিয়ালৰ মংগল কামনা কৰি অক্ষয় বন্তিত সেৱা লৈছে।
Read More

আধাৰ কার্ডৰ নামত ধন সংগ্ৰহ সুলভ মূল্য দোকানীৰ

দক্ষিণ গৰুৱাঝাৰত ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰাৰ বাবদ ধন দাবী এজেন্টৰ।হিতাধিকাৰী পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নামত ৩০০ টকাকৈ নিদিলে কাৰ্ড বিকল বা নিস্ক্ৰিয় কৰাৰ ধমক কণ্টেইল দোকানীৰ।সমবায় এজেন্টৰ বিৰুদ্ধে হিতাধিকাৰী ৰাইজৰ উত্তাল প্ৰতিবাদ।চৰকাৰী আঁচনিৰ সুফল প্ৰকৃত হিতাধিকাৰীক প্ৰদানৰ লক্ষ্যৰে নিত্য নতুন নতুন সংশোধন কৰি আহিছে ৷ খাদ্য আৰু অসামৰিক যোগান বিভাগেও প্ৰকৃত হিতাধিকাৰীক খাদ্য-সামগ্ৰী যোগানৰ বাবে ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড সংলগ্ন কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে ৷ এই নিৰ্দেশ মানি বহু সমবায় এজেণ্টে নিষ্ঠা আৰু সততাৰে ৰেচন কাৰ্ডত উল্লেখিত সদস্যৰ আধাৰ কাৰ্ড সংগ্ৰহ কৰি সংলগ্ন কৰাৰ ব্যৱস্থা কৰিছে যদিও আন একাংশ সমবায়ৰ এজেণ্টে এই নিৰ্দেশৰ অচিলা লৈ নিয়ম…
Read More

ঐতিহ্যমণ্ডিত বেলশৰ বিল্বেশ্বৰ দেৱালয়ত আশীষ ল’লে ৰাজ্যপাল জগদীশ মুখীয়ে

নামনি অসমৰ অন্যতম শৈৱশক্তি পীঠ নলবাৰী জিলাৰ বেলশৰৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত বৃহস্পতি বাৰে প্ৰথম বাৰৰ বাবে উপস্থিত হল ৰাজ্যৰ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখী । দেৱালয় খনত ৰাজ্যপাল গৰাকী উপস্থিত হোৱাৰ লগে লগে পুষ্পবৃষ্টিৰে আদৰণি জনাই । প্ৰবিত্ৰ ভাদ মাহৰ পহিলা দিনটোতে ৰাজ্যপাল গৰাকীয়ে দেৱালয় দৰ্শন কৰি ৰাইজৰ মংগল কামনা কৰি পূজা অৰ্চনা কৰে । ৰাজ্যপাল গৰাকীয়ে লগতে দেৱালয়ৰ গহ্বৰত থকা মূল শিৱ লিংগটো পূজা কৰে।ইয়াৰ পিছতে ৰাজ্যপাল গৰাকীক দেৱালয় কৰ্তৃপক্ষই সম্বৰ্ধনা জ্ঞাপন কৰে । ৰাজ্যপাল গৰাকীয়ে এই শৈৱ শক্তি পিঠ খনলৈ আহি অভিভূত হৈ পৰে আৰু হিন্দুস্থানত ধৰ্মই মানুহৰ মাজত একাত্ম ভাব গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি…
Read More

পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

দৰং জিলাৰ অভিভাবক মন্ত্রী চন্দ্র মোহন পাটোৱাৰী ওচৰত কাতৰ আহ্বান‌ স্থানীয় ৰাইজৰ।উল্লেখযোগ্য যে দৰং জিলাৰ দলগাওঁ সমষ্টিৰ অন্তৰ্গত দলগাঁও- শিয়ালমাৰীৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১/২ নং বৰুৱাঝাৰ গাওঁ পঞ্চায়তৰ সভানেত্রীৰ ঘৰৰ সন্মুখৰ ৰাস্তা MGNREGA আচনিৰ "construction of cc block road from Abu Bakkar siddique house to PWD road via Azmat ali house at no. 1/2 Baruajhar" কামত বৃহৎ দূৰ্নীতি হোৱা ৰাইজৰ দৃষ্টি গোচৰ হৈছে।পথ একেবাৰে নিম্নমানৰ কাম কৰাৰ ফলত জহি খহি গৈছে। আৰু এই প্ৰধান ৰাস্তাটোৰে দৈনিক সৰ্বসাধাৰণ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী সকলেও অহা যোৱা কৰে। কোনো মতে পথচাৰীসকলে বৰ ভয়ংকৰ পৰিস্থিতিৰ মাজেৰে অহা যোৱা কৰিবলগীয়া হৈছে। একাংশ ঠিকাদা, , আমানুল…
Read More
খানাপাৰাৰ কৃষি ভৱন চৌহদত MOVCD-NER, অসম আঁচনিৰ অধীনত জৈৱিক খুচুৰা বিপণীৰ আধাৰশিলা স্থাপন

খানাপাৰাৰ কৃষি ভৱন চৌহদত MOVCD-NER, অসম আঁচনিৰ অধীনত জৈৱিক খুচুৰা বিপণীৰ আধাৰশিলা স্থাপন

উত্তৰ পূৰ্বাঞ্চলৰ বাবে মিছন অৰ্গেনিক ভেলু চেইন ডেভেলপমেন্ট (MOVCD-NER) -এ এখন জৈৱিক খুচুৰা বিপণী নিৰ্মাণৰ প্ৰস্তুতি চলাইছে । এই উদ্দেশ্যে ১৭ আগষ্টত গুৱাহাটীৰ খানাপাৰাস্থিত কৃষি ভৱনৰ চৌহদত আধাৰশিলা স্থাপন কাৰ্যসূচীৰ আয়োজন কৰে উদ্যানশস্য আৰু খাদ্য সংসাধীকৰণ সঞ্চালকালয়ে । অসমৰ কৃষি, উদ্যানশস্য আৰু খাদ্য সংসাধীকৰণ দপ্তৰৰ সন্মানীয় মন্ত্ৰী শ্ৰী অতুল বৰাই এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আধাৰশিলা স্থাপন কৰে ।  এই জৈৱিক খুচুৰা বিপণী মুকলি কৰাৰ মূল উদ্দেশ্য হৈছে চহৰবাসীৰ বাবে জৈৱিকভাৱে উৎপাদিত সামগ্ৰী সহজে উপলব্ধ কৰা । MOVCD-NER, অসম আঁচনিৰ অধীনত বিভিন্ন জিলাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীজে (FPC) এতিয়া গুৱাহাটীত এই বিপণীৰ জৰিয়তে তেওঁলোকৰ জৈৱিক সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰিব…
Read More
মহানগৰীৰ চেনিকুঠীস্থ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সঞ্চালকালয়ত  সংহত নমুনা জৰীপ প্ৰতিবেদনৰ তথ্যপুথিৰ শুভ উন্মোচন

মহানগৰীৰ চেনিকুঠীস্থ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সঞ্চালকালয়ত  সংহত নমুনা জৰীপ প্ৰতিবেদনৰ তথ্যপুথিৰ শুভ উন্মোচন

মহানগৰীৰ চেনিকুঠীস্থ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সঞ্চালকালয়ৰ তথ্য আৰু প্ৰদৰ্শনী শাখাৰ সভাগৃহত বুধবাৰে সংহত নমুনা জৰীপ প্ৰতিবেদন, ২০১৯-২০ শীৰ্ষক তথ্যপুথি খন উন্মোচন কৰে পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সঞ্চালক তথা সচিবৰূপে কৰ্মৰত ইন্দিৰা আৰ কলিতাই। পৰিসংখ্যা শাখাৰ পৰিদৰ্শক পুলকেশ ৰায় বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত বিভাগৰ অতিৰিক্ত সঞ্চালক ডা: দিলীপ কুমাৰ ভূঞা, পৰিকল্পনা বিষয়া ডা: দণ্ডেশ্বৰ ডেকা,যুটীয়া সঞ্চালক ডা: প্ৰবীণ দাস আৰু অতিৰিক্ত সঞ্চালক ডা: এল থিকে বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে। অলপতে অসম চৰকাৰে ভাৰতীয় প্ৰশাসনিক পদলৈ পদোন্নতি দিয়া সন্দৰ্ভত ইন্দিৰা আৰ কলিতাক এখন ফুলাম গামোচা আৰু এখন শুভেচ্ছামূলক পত্ৰেৰে বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা অনুষ্ঠানটোত উদ্বোধক হিচাপে তেওঁ কয়, "পশুপালন আৰু পশুচিকিৎসা…
Read More
সুৰভি কলিতালৈ আদৰ্শ জননী বটা

সুৰভি কলিতালৈ আদৰ্শ জননী বটা

১৫ আগষ্টত আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি,অমৃত নিউজ আৰু জনপ্ৰিয় অসমীয়া সাপ্তাহিক অমৃত প্ৰবাহ কাকতৰ উদ্যোগত মহানগৰীৰ কটন এলমনাই প্ৰেক্ষাগৃহত ২০২২বৰ্ষৰ আদৰ্শ জননী বঁটা সমাজকৰ্মী সুৰভি কলিতাক আৰু অমৃত প্ৰবাহ সাংবাদিকতা বটা বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীক প্ৰদান কৰা হয়৷ আন্তৰ্জাতিক খেলুৱৈ তথা প্ৰেছ ক্লাব অসমৰ সভাপতি কৈলাশ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ স্মৰণ কৰাৰ লগতে বন্তি প্ৰজ্বলন, মাল্যৰ্পন কৰি সভাৰ আনুষ্ঠানিকতাৰ শুভাৰম্ভ কৰে৷ সাংবাদিক দৰ্শনা বৰুৱাই আতঁধৰা এই বঁটা প্ৰদান অনুষ্ঠানত এইবৰ্ষৰ  "আদৰ্শ জননী বঁটা"  নিজহাতে গ্ৰহণ কৰে কমলপুৰ সমষ্টিৰ অন্তৰ্গত শিংৰাৰ সুৰভি কলিতাই৷উক্ত বঁটাটি  প্ৰদান কৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা   অসম…
Read More

ছাত্ৰাবাসত গুটখা খোৱাক লৈ দশম শ্ৰেণীক একাদশ শ্ৰেণীৰ ছাত্ৰক বহিষ্কাৰ

নাজিৰা জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰাবাসত গুটখা খোৱাক লৈ দশম শ্ৰেণীক একাদশ শ্ৰেণীৰ ছাত্ৰৰ মাৰপিট,অধ্যক্ষৰ উপস্থিতি সাময়িকভাৱে ছয়গৰাকীকৈ একাদশ শ্ৰেণীৰ ছাত্ৰক বহিষ্কাৰ বিদ্যালয়ৰ পৰা। গোলাঘাট জৱাহৰ নবোদয় বিদ্যালয়ৰ বাতৰি মাৰ নৌ যাওঁতেই এইবাৰ নাজিৰা জৱাহৰ বিদ্যালয়ৰ ছাত্ৰ নিবাসত সংঘটিত হৈছে অন্য এক ঘটনা।বুধবাৰে নিশা নাজিৰা জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰাবাসত গুটখা খোৱাক লৈ মাৰপিট,কাজিয়াৰ সূত্ৰ পাত হয় জেষ্ঠ আৰু কনিষ্ঠ ছাত্ৰৰ মাজত। মাৰপিট তথা কাজিয়াৰ সূত্ৰপাতৰ খবৰ পায় ঘটনাস্থলীত উপস্থিত হয় নাজিৰা জৱাহৰ নবোদয় বিদ্যালয়ৰ অধ্যক্ষ । যদিও ঘটনাস্থলীত অধ্যক্ষ উপস্থিত হয় গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় কেইবাগৰাকীয়ো ছাত্ৰ ।এই ঘটনাৰ পিছতেই বিদ্যালয়খনৰ অধ্যক্ষই জেষ্ঠ ছয়গৰাকীকৈ ছাত্ৰক বহিষ্কাৰ কৰে বিদ্যালয়ৰ পৰা।এতিয়া একাংশ অভিভাৱকৰ মাজত…
Read More

৮বছৰীয়া নাবালিকাক ধৰ্ষণৰ চেষ্টা

বঙাইগাঁও কোকিলাত মানৱ সমাজক লজ্জিত কৰা এটা ঘটনা ।অভয়াপুৰী নাম্বাৰপাৰাত ৮ বছৰীয়া নাবালিকাক ধৰ্ষণৰ চেষ্টা ।অভয়াপুৰী থানাৰ অন্তৰ্গত নাম্বাৰপাৰা ১ ম খণ্ডত ঘটে এই ঘটনাটো ।প্ৰাপ্ত তথ্য অনুসৰি বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰাত এগৰাকী ৮ বছৰীয়া নাবালিকাই দক্ষিণ নাম্বাৰপাৰাৰ চাৰিআলিবজাৰৰ দোকান এখনত বিস্কুট কিনিবলৈ যায় ।সেই বজাৰতে অৱস্থিত সোহা মেডিকেলৰ গৰাকী আমিনুল ইছলাম ওৰফে ওৱাহাব আলী নামৰ লম্পটজনে ৮ বছৰীয়া নাবালিকা জনীক সোহা মেডিকেল দোকান খনৰ ভিতৰত মাতি লৈ যায় আৰু পৰ্ণ ভিডিও দেখুৱাই নাবালিকা জনীৰ কাপোৰ কানি ছিঙি ধৰ্ষণ কৰাৰ চেষ্টা কৰে।নাবালিকা জনীয়ে চিঞৰ বাখৰ কৰি কোনোমতে লম্পট আমিনুল ইছলাম ওৰফে ওৱাহাব আলীৰ পৰা পলাই যাবলৈ…
Read More