উত্তৰ-পূৱ

নগাঁৱৰ ধিঙত গ্ৰেপ্তাৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰী

নগাঁৱৰ ধিঙত গ্ৰেপ্তাৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰী

নগাঁৱৰ ধিঙত গ্ৰেপ্তাৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰী।ডিমাপুৰৰ পৰা বাছেৰে ধিঙলৈ ড্ৰাগছ সৰবৰাহ কৰোতেই গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰীক।*আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছ ভৰ্তি চাৰিপেকেট সন্দেহজনক ড্ৰাগছ।ড্ৰাগছ খিনিৰ ওজন ১৬৭.৪৫ গ্ৰা ।ডিমাপুৰৰ পৰা AS21A C3357 নম্বৰৰ এখন বাছেৰে ড্ৰাগছ সৰবৰাহ কৰি ধিঙলৈ আহি থকা অৱস্থাতেই ধিং চাৰিআলিৰ অভিযান চলাই জব্দ কৰে ড্ৰাগছ খিনি ।এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীয়ে ডিমাপুৰৰ পৰা মোনাত ভৰাই ড্ৰাগছ খিনি লৈ আনিছিল ধিঙলৈ।ধৃত মহিলা ড্ৰাগছ সৰবৰাহকাৰীৰ নাম ফুলেচা খাতুন, ঘৰ ধিঙৰ পানবাৰীত।ধিং আৰক্ষীৰ থানাৰ আৰক্ষী উপ পৰিদৰ্শক নৰেশ্বৰ কুমাৰ ৰয়ৰ নেত্বিত্বত আৰক্ষীৰ এটি দলে অভিযান চলাই উদ্ধাৰ কৰে ড্ৰাগছ খিনি ।বৰ্তমান ধিং আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে মহিলা ড্ৰাগছ সৰবৰাহকাৰীক।
Read More
কলকাতাৰ কাণ্ডই জোকাৰিছে সমগ্র দেশ

কলকাতাৰ কাণ্ডই জোকাৰিছে সমগ্র দেশ

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা চিকিৎসক ছাত্ৰীৰ জঘণ্য হত্যাকাণ্ডৰ ন্যায় বিচাৰি সমগ্ৰ দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। তাৰ মাজতেই পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধেও ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলসমূহে মুকলিকৈ প্ৰতিবাদ কৰিছে। এনে পৰিস্থিতিত আজি বংগৰ ৰাজপথত প্ৰতিবাদ কৰিবলৈ সাজু হৈছে খোদ মমতা বেনাৰ্জী। মমতা বেনাৰ্জীয়ে ৰাজপথত নামি কিয় আৰু কাৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰিবলৈ বিচাৰিছে সেই লৈ এতিয়া দেশজুৰি উৎসুকতাৰো সৃষ্টি হৈছে।
Read More
লামডিংত উত্তপ্ত পৰিস্থিতি

লামডিংত উত্তপ্ত পৰিস্থিতি

বিদ্যুৎ যোগান নধৰাক কেন্দ্ৰ কৰি লামডিং নিশাই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। লামডিঙৰ সৰ্ব সাধাৰণ ৰাইজক প্ৰতিদিনে বিদ্যুতে জ্বলা-কলা খোৱাই অহাত ক্ষুব্ধ হৈ পৰে স্থানীয়লোক।বৃহস্পতিবাৰে নিশা লামডিঙৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে। বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত পুৰুষ মহিলাই চৰকাৰ মুৰ্দাবাদ, ৰাকাৰ প্ৰতিশ্ৰুতি ব্যৰ্থ, বিদ্যুৎ বিভাগ মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
Read More
জম্মু-কাশ্মীৰত অঘটন

জম্মু-কাশ্মীৰত অঘটন

জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ আছাৰত শোকাৱহ ঘটনা। সন্ত্ৰাসবাদীৰ গুলীত ছহিদ এগৰাকী সেনা বিষয়া। এগৰাকী অসামৰিক লোকো গুৰুতৰভাৱে আহত। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত এই সংঘৰ্ষ। সন্ত্ৰাসবাদীৰ দলটোত আছিল ৪জন সদস্য। ঘটনাস্থলীত আমেৰিকাত নিৰ্মিত M4 assault ৰাইফল জব্দ। লগতে জব্দ আন বহু আপত্তিজনক সামগ্ৰী ।
Read More
কপিলীপৰীয়া ৰাইজৰ আতংক

কপিলীপৰীয়া ৰাইজৰ আতংক

নগাঁৱৰ ৰহাৰ খলিহামাৰীত চৰম আতংকত ভুগিছে কপিলীপৰীয়া ৰাইজ। নিশাটোৰ ভিতৰতে চপৰা চপৰে খহিছে কপিলী নদীৰ গৰা। চৰম নিৰাপত্তাহীনতাত ভুগিছে নৈপৰীয়া জনতা। উল্লেখ্য যে ১৯৮৮ চনৰ কপিলী নদীৰ প্ৰৱল বানৰ পাছৰে পৰা অঞ্চলটো প্ৰৱল খহনীয়া আৰম্ভ হৈছিল। খহনীয়াই বহু বিঘা মাটি খহাই নিয়াৰ পিচত মথাউৰি তথা যোগাযোগৰ পথ পৰ্যন্ত খহাই নিলে।ৰাইজৰ পট্টা মাটিৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰিবলগীয়া হ'ল পথ তথা মথাউৰি। প্ৰতি বছৰে অহা বানৰ ফলত সেই মথাউৰি তথা পথো জাহ গ'ল নদীৰ বুকুত। খহনীয়াৰ ফলত এনেদৰে অঞ্চলটোত ৩বাৰকৈ পিচুৱাই নিৰ্মাণ কৰিবলগীয়া হ'ল পথ। ২০০৪ চনৰ প্ৰলয়ংকৰী বানৰ পাছত অঞ্চলটোত পুনৰ আৰম্ভ হ'ল ভয়াৱহ খহনীয়া। পাছত জলসম্পদ বিভাগে শৈলবান্ধ দি খহনীয়া…
Read More
কাইলৈ দেশৰ স্বাধীনতা দিৱস

কাইলৈ দেশৰ স্বাধীনতা দিৱস

সমাগত দেশৰ স্বাধীনতা দিৱস। বৃহস্পতিবাৰে দেশে উদযাপন কৰিব ৭৮সংখ্যক স্বাধীনতা দিৱস। লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে একাদশবাৰৰ বাবে স্বাধীনতা দিৱসত দিল্লীৰ লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰিব নৰেন্দ্ৰ মোডীয়ে।ধাৰাবাহিকভাৱে একাদশবাৰৰ বাবে স্বাধীনতা দিৱসত দেশবাসীক সম্বোধন কৰা নৰেন্দ্ৰ মোডী হ’ব দেশৰ তৃতীয়গৰাকী প্ৰধানমন্ত্ৰী। ইয়াৰ পূৰ্বে জৱাহৰলাল নেহৰু আৰু তেওঁৰ কন্যা ইন্দিৰা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে এই দৃষ্টান্ত স্থাপন কৰিছিল। এইবেলি প্ৰধানমন্ত্ৰী মোডীয়ে একেই দৃষ্টতা স্থাপন কৰিব।
Read More
মেৰাপানীত উচ্ছেদ অভিযান

মেৰাপানীত উচ্ছেদ অভিযান

মঙলবাৰে পুৱাই মেৰাপানীত বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলালে গোলাঘাট জিলা প্ৰশাসনে। বিশেষকৈ মেৰাপানী আৰক্ষী থানা আৰু পশু চিকিৎসালয়ৰ সন্মুখত চৰকাৰী ভূমিত গঢ় লৈ উঠা দোকান সমূহ উচ্ছেদ কৰে প্ৰশাসনে।শেহতীয়াকৈ একাংশ বেদখলকাৰীয়ে চৰকাৰী ভূমিখণ্ডত অবৈধভাৱে দোকান ঘৰ নিৰ্মাণ কৰি মেৰাপানীৰ পৰিবেশ বিনষ্ট কৰিছিল। একাংশ বেদখলকাৰী এনে পৰ্যায়লৈ গৈছিল যে, মেৰাপানী পশু চিকিৎসালয়ৰ প্ৰবেশ পথটোও বেদখল কৰি একপ্ৰকাৰ বন্ধ কৰি দিছিল।
Read More
ধুবুৰীত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ এজনক আটক

ধুবুৰীত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ এজনক আটক

ধুবুৰীৰ শৌলমাৰী আৰক্ষী চকীৰ এটি দলে এক গোপন তথ্যৰ ভিত্তিত নিকটৱৰ্তী বেপাৰীপাৰা অন্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহ জনক ব্ৰাউন চুগাৰ সহ এজন সৰৱৰাহকাৰীক আটক কৰে। ধৃত ব্যক্তিজন হামিদুল ইছলাম বুলি জানিব পৰা গৈছে।হামিদুল ইছলামৰ ঘৰৰ চিলিঙৰ পৰা সন্দেহ জনক ব্ৰাউন চুগাৰখিনি আৰক্ষীয়ে জব্দ কৰে। ঘটনাস্থলীত শৌলমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আকিব ৰেজাৰ লগতে আৰক্ষীৰ এটা দলে উপস্থিত হৈ ৪০টা সন্দেহজনক ব্ৰাউন ছুগাৰ ভৰ্তি কন্টেইনাৰ জব্দ কৰাৰ লগতে চাবোনৰ কেচতো সন্দেহজনক ব্ৰাউন ছুগাৰ জব্দ কৰা বুলি জানিব পৰা গৈছে।
Read More
পুনৰ ভূমিস্খলন

পুনৰ ভূমিস্খলন

মেঘালয়ত পুনৰ ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে। চুবুৰীয়া ৰাজ্যখনৰ কুলিয়াং এলেকাত সংঘটিত হৈছে এই ভূমিস্খলন।‌ নিশাৰ পৰা হোৱা প্ৰৱল বৰষুণৰ ফলত পাহাৰৰ পৰা বোকা মাটি আৰু শিল খহি ৬ নম্বৰ শিলচৰ-শ্বিলং- গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ ৰূপে পুতি পেলাইছে।ফলত সম্পূৰ্ণ বন্ধ হৈ পৰিছে ৬ নম্বৰ শিলচৰ-শ্বিলং-গুৱাহাটী ৰাষ্ট্ৰীয় পথ। ফলত বৰাকসহ চুবুৰীয়া ৰাজ্য মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰাম দেশৰ বাকী অংশৰ সৈতে পথ যোগাযাগ বিচ্ছিন্ন হৈ পৰিছে।
Read More
বাঢ়নী পানীত পৰি মৃত্যু বহু জনৰ

বাঢ়নী পানীত পৰি মৃত্যু বহু জনৰ

দেশৰ বিভিন্ন প্ৰান্তত বিগত কিছুদিন ধৰি অব্যাহত আছে নেৰানেপেৰা বৰষুণ। বহু ঠাইত বৰষুণৰ ফলত সৃষ্টি হৈছে বানৰ। নেৰানেপেৰা বৰষুণৰ ফলত অধিকাংশ স্থানৰে জনজীৱন প্ৰায় স্তব্ধ হৈ পৰিছে। দুই-তিনিদিন ধৰি হৈ থকা এনে ধাৰাসাৰ বৰষুণৰ ফলত উপচি পৰিছে নদ-নদীসমূহ। এনে উদ্বেগজনক পৰিস্থিতিয়ে বহু অঞ্চলত জনসাধাৰণৰ জীৱনলৈ শংকা নমাই আনিছে। দেওবাৰে পঞ্জাৱত এনে পৰিস্থিতিৰ চিকাৰ হৈছে ৯ জনকৈ লোক। বাঢ়নি নদীত পৰি প্ৰাণ হেৰুৱাইছে এই লোককেইজনে। পঞ্জাৱৰ হোছিয়াৰপুৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। লোকসকলে এখন বাহনেৰে হোছিয়াৰপুৰৰ জয়জত ছৌটি পৰ্ছাটি নদী পাৰ কৰাৰ সময়তে নদীত বাগৰি পৰে আৰু ইয়াৰ ফলশ্ৰুতিত শোকাৱহভাৱে প্ৰাণ হেৰুৱায়। বাহনখনত চালকসহ মুঠ ১১ গৰাকী ব্যক্তি আছিল বুলি জানিব…
Read More