উত্তৰ-পূৱ

কলকাতা কাণ্ডৰ নতুন তথ্য

কলকাতা কাণ্ডৰ নতুন তথ্য

কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজৰ চিকিৎসক ধৰ্ষণ তথা হত্যাৰ গোচৰৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। কেন্দ্ৰীয় সংস্থা চিবিআইয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তদন্তত দৈনিক পোহৰলৈ আহিছে নতুন নতুন তথ্য। ইফালে এই নৃশংস ঘটনাৰ ভুক্তভোগী চিকিৎসকগৰাকীক ন্যায় প্ৰদানৰ দাবীত ঘটনাৰ পিছৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল কলকাতাৰ কনিষ্ঠ চিকিৎসকসকলে। অৱশেষত আজি কনিষ্ঠ চিকিৎসকসকলে এই প্ৰতিবাদৰ অন্ত পেলাই নিজ নিজ কৰ্মস্থলীলৈ উভতিছে। সুদীৰ্ঘ ৪২ দিনৰ মূৰত প্ৰতিবাদস্থলীৰ পৰা কৰ্মস্থলীলৈ উভতিছে চিকিৎসকসকল।চিকিৎসকসকলে জানিবলৈ দিয়া মতে তেওঁলোকে আংশিকভাৱেহে কামলৈ ঘূৰি আহিছে, সেয়েহে তেওঁলোকে অ’পিডিত কাম কৰাৰ পৰা বিৰত থাকিব। তেওঁলোকে কেৱল অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰতহে সেৱা আগবঢ়াব বুলি চিকিৎসকসকলে উল্লেখ কৰিছে।বংগ…
Read More
কাছাৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক

কাছাৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক

কাছাৰত ১৫ কোটিতকৈ অধিক মূল্যৰ ড্ৰাগছ জব্দ, আটক দুই সৰবৰাহকাৰী।আৰক্ষীয়ে চলোৱা এই অভিযান কালত প্ৰথমে এখন সন্দেহজনক ট্ৰাক আটক কৰে আৰক্ষীয়ে । ইয়াৰ পাছতে ট্ৰাকখনত পুংখানুপুংখভাৱে তালাচী চলোৱা হয় । এই তালাচীত আৰক্ষীয়ে প্ৰায় ১৫.৫ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হোৱাৰ কথা সদৰী কৰিছে সূত্ৰটোৱে । জানিব পৰা মতে, ট্ৰাকখনৰ পৰা ১৮ হাজাৰ য়াবা(YABA) টেবলেট আৰু ২ কেজি ক্রিষ্টলাইন মেথামফেটামাইন জব্দ কৰে আৰক্ষীয়ে ৷অসম আৰক্ষীয়ে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত কাছাৰ জিলাত এক ড্ৰাগছ বিৰোধী অভিযান চলাইছিল । এই অভিযান কালত ড্ৰাগছ সহ নিষিদ্ধ নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ অভিযোগত দুজন লোকক আটক কৰে আৰক্ষীয়ে ।
Read More
দক্ষিণ কামৰূপৰ গৰৈমাৰীত চাঞ্চল্যকৰ অপহৰণ

দক্ষিণ কামৰূপৰ গৰৈমাৰীত চাঞ্চল্যকৰ অপহৰণ

দক্ষিণ কামৰূপৰ গৰৈমাৰীত চাঞ্চল্যকৰ অপহৰণ। এগৰাকী শিক্ষয়িত্ৰীক অপহৰণ নিচাসক্ত যুৱকৰ। শিক্ষয়িত্ৰীগৰাকীক অপহৰণ নুৰুল ইছলাম নামৰ যুৱকজনৰ। ৪জনকৈ লোকৰ সহযোগত অপহৰণ কৰে শিক্ষয়িত্ৰীগৰাকীক। বিৱাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ বাবে অপহৰণ কৰাৰ সন্দেহ।
Read More
বহিঃৰাজ্যৰ পৰা অহাৰ পথত নিৰুদ্দিষ্ট যুৱকৰ

বহিঃৰাজ্যৰ পৰা অহাৰ পথত নিৰুদ্দিষ্ট যুৱকৰ

বহিঃৰাজ্যৰ পৰা ৰে’লেৰে ঘৰলৈ ওভতাৰ পথত সন্ধানহীন যুৱক। সন্ধানহীন যুৱকজন মৰিয়নিৰ চেলেং ৰণখামৰ বিষ্ণু মুড়া। ছমাহ পূৰ্বে কৰ্মৰ সন্ধানত চেন্নাইলৈ গৈছিল যুৱকজন। কোম্পানীটোৰ কাম এৰি ৫ দিন পূৰ্বে ঘৰলৈ ৰাওনা হৈছিল বিষ্ণু মুড়া। সতীৰ্থ ৪জন যুৱকৰ সৈতে ঘৰ অভিমুখে আহি আছিল বিষ্ণু মুড়া। কিন্তু পশ্চিমবংগৰ শামুকতোলা ষ্টেচনৰ পৰা সন্ধানহীন হয় যুৱকজন। সন্ধানহীন পাছৰে পৰা অফ হৈ আছে যুৱকজনৰ মোবাইল ফোন। যুৱকজনৰ সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। ঘটনা সন্দৰ্ভত চেলেংহাট আৰক্ষীক অৱগত কৰে পৰিয়ালে।
Read More
মিজোৰামত গেছ চিলিণ্ডাৰভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

মিজোৰামত গেছ চিলিণ্ডাৰভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

মিজোৰামত গেছ চিলিণ্ডাৰভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা কেইবাশ ফুট দ খাৱৈত পৰিল ট্ৰাকখন। দুৰ্ঘটনাত থিতাতে নিহত ট্ৰাকখনৰ চালক-হেণ্ডিমেন। নিহত চালকজন শিলচৰৰ জাকিৰ হুছেইন। বৰ্তমানেও জানিব পৰা হোৱা নাই হেণ্ডিমেনজনৰ পৰিচয়। মিজোৰামৰ চিয়াহাত সংঘটিত হয় এই দুৰ্ঘটনা।
Read More
ধুবুৰী আৰক্ষীৰ জালত পৰিছে চিকিৎসা কৰ্মী

ধুবুৰী আৰক্ষীৰ জালত পৰিছে চিকিৎসা কৰ্মী

ধুবুৰী আৰক্ষীৰ জালত পৰিছে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী কৰ্মচাৰী। আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ কেলেংকাৰীৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে হাবিবুল হাছান আলম নামৰ এগৰাকী কৰ্মচাৰীক।জানিব পৰা মতে ধনৰ বিনিময়ত আয়ুস্মান ভাৰত কাৰ্ড নথকা ব্যক্তিকো দিছিল সুবিধা।অন্য লোকৰ আয়ুস্মান কাৰ্ড অন্য লোকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ অভিযোগ হাবিবুলৰ বিৰুদ্ধে।
Read More
ডবকাত ৰাষ্ট্ৰীয় ঘাইপথত দুর্ঘটনা

ডবকাত ৰাষ্ট্ৰীয় ঘাইপথত দুর্ঘটনা

ডবকাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। ডিভাইডাৰত প্ৰচণ্ড খুন্দা তীব্ৰবেগী বাইকৰ। দুৰ্ঘটনাত থিতাতে নিহত মটৰচাইকেল আৰোহীজন। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয়। ডবকা-ডিফু বাইপাছত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS-12AB-4258। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ আৰক্ষীৰ।
Read More
ৰামপুৰত ভয়ংকৰ পথ দুর্ঘটনা

ৰামপুৰত ভয়ংকৰ পথ দুর্ঘটনা

বুধবাৰে পুৱা দক্ষিণ কামৰূপৰ ৰামপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুখনকৈ যাত্ৰীবাহী বাছৰ মাজত হোৱা সংঘৰ্ষৰ ফলত আহত হয় প্ৰায় ৫০ জন যাত্ৰী। ইয়াৰে কেইবাজনো যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহতসকলত ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে স্বাস্থ্য কেন্দ্ৰত। আজি পুৱা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই পথ দুৰ্ঘটনা সংঘটিত হয়। গুৱাহাটী আৰু গোৱালপাৰা অভিমুখী দুখন বাছৰ মাজত হোৱা প্ৰচণ্ড সংঘৰ্ষৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। যাৰ ফলত প্ৰায় ৫০ জন যাত্ৰী আহত হয়। বাছ দুখনত কিমান সংখ্যক যাত্ৰী আছিল এতিয়ালৈকে জানিব পৰা হোৱা নাই।
Read More
ৰাজপথত মাছৰ উজান

ৰাজপথত মাছৰ উজান

ৰূপহীহাটৰ নগাঁও-নলতলী ৰাজ্যিক ঘাইপথত চালানী মাছৰ উজান। মাছ কঢ়িওৱা টাটা মেজিক বাহনৰ চকা ফুটি বাগৰি পৰে ৰাজ্যিক ঘাইপথত। ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত শালপাৰাত এই ঘটনা নগাঁৱৰ পৰা তেজপুৰ অভিমুখী মাছ ভৰ্তি বাহখন দুৰ্ঘটনাগ্ৰস্থ হোৱাত ৰাজপথত মাছৰ উজান। দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ হৈছে AS 12CC 2910 লক্ষাধিক টকাৰ মাছ এই দৰে ৰাস্তাত পৰি থকা দেখি স্থানীয় ৰাইজে পথৰ পৰা উদ্ধাৰ কৰে মাছ সমূহ। সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় মাছ ভৰ্তি বাহনখনৰ চালক।
Read More
স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ

সমগ্ৰ ৰাজ্যত এ পি ডি চি এল ৰ আসোঁৱাহ পূৰ্ণ স্মাৰ্ট মিটাৰৰ অধিক মাত্ৰা বিদ্যুতৰ মাচুলে সাধাৰণ ৰাইজক জ্বলা কলা খুৱাইছে,এ পি ডি চি এল ৰ আসোঁৱাহ পূৰ্ণ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ দাবীত ৰাজ্যৰ চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠাৰ পৰিলক্ষিত হৈছে। কি সাধাৰণ ৰাইজ, কি দল-সংগঠন,কি বিৰোধী দল,সকলোৱে ৰাজপথলৈ ওলাই আহি এই মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি এক মুখে প্ৰত্যাহাৰ দাবী জনাইছে। তাৰ সমান্তৰাল ভাৱেঅনিয়মীয়া বিদ্যুৎ যোগান ,স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া শাখা সমিতি আৰু মাকুম শাখা সমিতিৰ যৌথ উদ্যোগত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তিনিচুকীয়া বিদ্যুৎ উপ সমণ্ডল কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰে । উৎকট গৰমকো…
Read More