01
Jan
আজি বছৰৰ প্ৰথম দিন। এই দিনটোতেই ৰাজ্যবাসীৰ বাবে আহিছে ভাল খবৰ। কিয়নো গুৱাহাটীত আৰম্ভ হ'ব পাৰে মেট্ৰ' ৰেল সেৱা। এই সন্দৰ্ভত সাংসদ বিজুলী কলিতা মেধিয়েও মন্তব্য আগবঢ়াইছে।তথ্য অনুসৰি গুৱাহাটীত হ'ব মেট্ৰ' ৰেল সেৱা। প্ৰথম পৰ্যায়ত ই গুৱাহাটীৰ ৪ টা কৰিডৰ সংযোগ কৰিব। এই ৪ টা কৰিডৰে ৬১.৪ কিলোমিটাৰ সামৰি ল'ব। এই অভিলাষী মেট্ৰ' আঁচনিৰ বাবে খৰচ হ'ব প্ৰায় ১৬,৮৫০ কোটি টকা।