উত্তৰ-পূৱ

ডিমাছা কছাৰীসকলে আজি পালন কৰিছে কৃষি ভিত্তিক উৎসৱ

ডিমাছা কছাৰীসকলে আজি পালন কৰিছে কৃষি ভিত্তিক উৎসৱ

আজি সমগ্ৰ ডিমাছা কছাৰীসকলে পালন কৰিছে কৃষিভিত্তিক উৎসৱ বুছু ডিমা। কঠোৰ পৰিশ্ৰম কৰি ঝুম খেতি চপোৱাৰ অন্তত ডিমাছা কছাৰীসকলে এই উৎসৱ পালন কৰে।এই উৎসৱ সাধাৰণতে ৰোমান বৰ্ষপঞ্জীৰ জানুৱাৰী মাহৰ শেষৰ সপ্তাহ আৰু ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত পালন কৰা হয়। বুছু ডিমা উৎসৱৰ সময়ত সপ্তাহযোৰা কাৰ্যসূচীৰ আয়োজন কৰা হয় য’ত বিভিন্ন পৰম্পৰাগত অনুষ্ঠানৰ আয়োজন কৰা হয়।অসমৰ ডিমা হাচাও, কাৰ্বি আংলং, কাছাৰ, নগাঁও আদি জিলাত সাধাৰণতে এই উৎসৱৰ প্ৰভাৱ বেছি দেখা যায়। ইয়াৰোপৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু ডিমাপুৰৰ আদিবাসী ডিমা জনগোষ্ঠীৰ লোকসকলৰ বাবেও ই এক প্ৰধান উৎসৱ।
Read More
কাইলৈ বহু সৈনিকক সন্মানিত কৰিব ৰাষ্ট্ৰপতিয়ে

কাইলৈ বহু সৈনিকক সন্মানিত কৰিব ৰাষ্ট্ৰপতিয়ে

এইবাৰ ৯৪২জন সৈনিকক সন্মানিত কৰিব ৰাষ্ট্ৰপতিয়ে । ইয়াৰ ভিতৰত ৯৫ জন জোৱানক বীৰত্ব বঁটা, ১০১ জনক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক আৰু ৭৪৬ জনক উৎকৃষ্ট সেৱাৰ বাবে পদক প্ৰদান কৰা হ'ব। বীৰত্ব বঁটা লাভ কৰা ৯৫ জন জোৱানৰ ভিতৰত ৭৮ জন আৰক্ষী কৰ্মী আৰু ১৭ জন অগ্নি নিৰ্বাপক বিভাগৰ জোৱান।ইয়াৰ উপৰিও অসমৰ কেইবাগৰাকীও আৰক্ষী বিষয়া-জোৱানক প্ৰদান কৰা হ’ব ৰাষ্ট্ৰপতিৰ পদক। আৰক্ষীৰ উৎকৃষ্ট সেৱাৰ বাবে অসম আৰক্ষীৰ DIG ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ পদক আগবঢ়োৱা হৈছে। লগতে ৰাজ্যৰ ১৪গৰাকী আৰক্ষী বিষয়া-জোৱানলৈ ৰাষ্ট্ৰপতিৰ উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে ।
Read More
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন। কোনো যাতে অপ্ৰীতিকৰ বা অনাকাংক্ষিত ঘটনা সংঘটিত নহয়, তাৰ প্ৰতি চোকা দৃষ্টি নিবদ্ধ ৰাখিছে অসম আৰক্ষীয়ে। গুৱাহাটীৰ লগতে ৰাজ্যৰ আন আন প্ৰান্তটো চলিছে প্ৰশাসনৰ তালাচী অভিযান। ইয়াৰ মাজত কেইবাস্থানটো উদ্ধাৰ কৰা হৈছে বিস্ফোৰক সামগ্ৰী।ঢেকীয়াজুলিৰ বাতাচিপুৰৰ খাবৰাত উদ্ধাৰ হেণ্ড গ্ৰেনেড। ঢেকীয়াজুলিত জংঘলত লুকুৱাই থোৱা অৱস্থাত ৫টাকৈ হেণ্ড গ্ৰেনেড উদ্ধাৰ। এখন ৰবৰৰ বাগানত উদ্ধাৰ হৈছে গ্ৰেনেডকেইটা। আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰা হয় ৫টাকৈ হেণ্ড গ্ৰেনেড। লগতে উদ্ধাৰ কৰা হৈছে তিনিডাল ডিট’নেটৰ।
Read More
সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস

সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস

সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস । এই দিৱস উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বৰ্তমান সকলো ক্ষেত্ৰতে কন্যা সন্তানসকলৰ সফলতাৰ বাবে দেশ গৌৰৱান্বিত । তেওঁ লগতে দাবী কৰে যে তেওঁৰ চৰকাৰে কন্যা সন্তানৰ বিৰুদ্ধে যাতে কোনো ধৰণৰ বৈষম্য নহয় সেইটো নিশ্চিত কৰিবলৈও সমানে দৃঢ় ।প্ৰতিবছৰে 24 জানুৱাৰীত ভাৰতত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয় । ই হৈছে কন্যা সন্তানৰ অধিকাৰ, শিক্ষা আৰু তেওঁলোকৰ কল্যাণৰ ওপৰত আলোকপাত কৰাৰ বাবে উৎসৰ্গিত এক গুৰুত্বপূৰ্ণ দিৱস ।
Read More
তেল চুৰি চক্ৰক গ্ৰেপ্তাৰ

তেল চুৰি চক্ৰক গ্ৰেপ্তাৰ

নগাঁও আৰক্ষীয়ে এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত শিৱসাগৰ আৰক্ষীৰ সহযোগত শিৱসাগৰৰ ডিমৌত অভিযান চলাই তেল চুৰিৰ এক বৃহৎ চক্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী সুত্ৰই জানিবলৈ দিয়ামতে কেইদিনমানৰ আগতে নগাঁও জিলাৰ বঢ়মপুৰ ভেৰভেৰীত খাৰুৱা তেল পৰিবাহী পাইপ ফুটাই তেল চুৰি চক্ৰটোৱে তেল চুৰি কৰিছিল। এই সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত ৫২/ ২০২৫ নম্বৰৰ এক গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছিল। এই গোচৰৰ আত ধৰি নগাঁও আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত শিৱসাগৰ আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত যোৱা নিশা অভিযান চলাই পাচজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁলোকৰ পৰা চুৰি তেলৰ টেংকাৰ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তেল চুৰি চক্ৰটো হল বঢ়মপুৰৰ প্ৰাঞ্জল…
Read More
দ্ৰুত গতিত সংক্ৰমণ হৈছে HMPV

দ্ৰুত গতিত সংক্ৰমণ হৈছে HMPV

ৰাজ্যত বিয়পিছে HMP ভাইৰাছ। গুৱাহাটীত ২৪ঘণ্টাত দুজন লোকৰ শৰীৰত ধৰা পৰিল HMPভাইৰাছ। মঙলবাৰে এজন লোক এই ৰোগত আক্ৰান্ত হোৱাৰ পাছতে মহিলাগৰাকীৰ স্বামীৰ দেহত ধৰা পৰিছে HMP ভাইৰাছৰ সংক্ৰমণ।উল্লেখ্য যে, প্ৰথমে অসমত ১০ মহীয়া শিশুৰ দেহত ধৰা পৰিছিল HMPVৰ অৱস্থিতি। ডিব্ৰুগড়ৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্রত কৰা পৰীক্ষাত ধৰা পৰে HMPV। শিশুটিক AMCHত আছুতীয়াকৈ ৰাখি কৰা হয় উন্নত চিকিৎসা। আক্ৰান্ত শিশুটি আছিল লখিমপুৰৰ ।
Read More
আজি সমগ্ৰ দেশে পালন কৰিছে পৰাক্ৰম দিৱস

আজি সমগ্ৰ দেশে পালন কৰিছে পৰাক্ৰম দিৱস

আজি সমগ্ৰ দেশে পালন কৰিছে পৰাক্ৰম দিৱস। এই দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত বহু অনুষ্ঠানৰ আয়োজন হৈছে। লগতে বিভিন্ন জনে নেতাজীক জনাইছে শ্ৰদ্ধাঞ্জলি।২৬ জানুৱাৰীত সমগ্ৰ দেশে পালন কৰে গণৰাজ্য দিৱস। কিন্তু তাৰ পূৰ্বে ২৩ জানুৱাৰীত দেশে পালন কৰে পৰাক্ৰম দিৱস । এই দিৱসটো দেশৰ এগৰাকী সাহসী স্বাধীনতা সংগ্ৰামীৰ বীৰত্বৰ প্ৰতি উৎসৰ্গিত। এই দিনটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ সৈতে জড়িত। পৰাক্ৰম দিৱস প্ৰতি বছৰৰ ২৩ জানুৱাৰীত পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য ভাৰতৰ স্বাধীনতা সংগ্ৰামত নেতাজীৰ অৱদানক সন্মান জনোৱা আৰু দেশপ্ৰেমৰ মনোভাৱ জাগ্ৰত কৰা।
Read More
বেলগ্ৰেডত ভয়ংকৰ অ*গ্নিকাণ্ড

বেলগ্ৰেডত ভয়ংকৰ অ*গ্নিকাণ্ড

বেলগ্ৰেডৰ উপকণ্ঠ অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অঞ্চলটোৰ এখন বৃদ্ধাশ্ৰমত সংঘটিত এই অগ্নিকাণ্ডত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে আঠজন লোকে। আনহাতে অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈছে বহু কেইজন লোক। আহত লোককেইজনক চিকিৎসাৰ বাবে তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।ইউৰোপীয়ান ৰাষ্ট্ৰ ছাৰ্বিয়াত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
Read More
কেৰেলাত ভয়ংকৰ ঘটনাৰ ৰায়দান

কেৰেলাত ভয়ংকৰ ঘটনাৰ ৰায়দান

কিছুবছৰ পূৰ্বে কেৰালাত সংঘটিত হোৱা এক জঘন্য ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল। এগৰাকী যুৱতীয়ে নিজ প্ৰেমিকক বিহ খুৱাই হত্যা কৰিছিল। এই গোচৰতে শেহতীয়াকৈ কেৰালাৰ এখন আদালতে ৰায়দান কৰে।২০২২ চনত কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰম সংঘটিত এক চাঞ্চল্য়কৰ ঘটনাই সমগ্ৰ দেশত চাঞ্চল্য়ৰ সৃষ্টি কৰিছিল। এগৰাকী যুৱতীয়ে হত্যা কৰিছিল নিজ প্ৰেমিকক। এই হত্যাৰ গোচৰতে সোমবাৰে আদালতে ২৪ বছৰীয়া যুৱতী গ্ৰীষ্মাক মৃত্যুদণ্ড প্ৰদান কৰে। গ্ৰীষ্মা নামৰ যুৱতীগৰাকীয়ে প্ৰেমিক শ্বেৰনক কীটনাশক দ্ৰব্য মিহলি আয়ুৰ্বেদিক মিশ্ৰণ খুৱাই হত্যা কৰিছিল। এই গোচৰৰ ৰায় প্ৰদান কৰি আদালতে কয় যে, এই ঘটনা অতি নৃশংস, অমানৱীয় তথা ঘৃণনীয়। এই ঘটনাই সমাজৰ সামূহিক বিবেকক আঘাত হানিছে। ইয়াৰোপৰি আদালতে দোষী সাব্যস্ত হোৱা গ্ৰীষ্মাক…
Read More
সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব কিশোৰ কিশোৰীয়ে

সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব কিশোৰ কিশোৰীয়ে

ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, ইউটিউব একাউন্ট খুলিব নোৱাৰিব ১৮ বছৰৰ তলৰ লোকে! ব্যৱহাৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়া! ডিজিটেল তথ্য সুৰক্ষা আইনৰ অধীনত খচৰা যুগুত ভাৰতৰ। অসমতো বলৱৎ হ'ব এই কঠোৰ আইন। প্ৰতিখন ৰাজ্যতে অতি সোনকালেই আহিব এই আইন। কিশোৰ অপৰাধ প্ৰৱণতা ৰোধৰ বাবেই এই বিশেষ পদক্ষেপ গ্ৰহণ।
Read More