উত্তৰ-পূৱ

মৌচুমী খাই ভাল পাইনে আপুনি

মৌচুমী খাই ভাল পাইনে আপুনি

আমাৰ শৰীৰৰ বাবে মৌচুমী খুবেই এবিধ উপকাৰী ফল ৷ ই কেৱল পুষ্টিকৰ উপাদানেৰে ভৰপূৰ হোৱাই নহয় বৰঞ্চ ইয়াক খোৱাৰ আছে অনেক লাভ৷ মৌচুমী টেঙা সেৱন ভাৰতীয় খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংশ, এই ফলৰ আছে বহু স্বাস্থ্য উপকাৰিতা। বিশেষকৈ গ্ৰীষ্মকালত এই ফল অতি উপকাৰী।আমাৰ শাৰীৰিক স্বাস্থ্যৰ উন্নতিৰ ক্ষেত্ৰত ফলৰ ভূমিকা অপৰিহাৰ্য্য। সতেজ আৰু শুকান পুষ্টিকাৰক ফল সমূহ আমাৰ শৰীৰৰ সুস্বাস্থ্যৰ বাবে উপকাৰী। এই ফল সমূহৰ বহু ধৰণৰ উপাদান যেনে ভিটামিন (Vitamins), খনিজ পদাৰ্থ (Minerals), এণ্টি-অক্সিডেণ্টে (Anti-oxidant) থকাৰ উপৰিও আঁহ জাতীয় গুণেৰে ভৰপূৰ। বিভিন্ন ধৰণৰ পুষ্টিৰে সমৃদ্ধ এনে এবিধ উৎকৃষ্ট ফল হৈছে মৌচুমী।মৌচুমীয়ে বিশেষকৈ গ্ৰীষ্মকালত অতি উপকাৰী, কাৰণ ইয়াত প্ৰাকৃতিক তৰল পদাৰ্থ, ভিটামিন,…
Read More
জনতাৰ মূৰত পুনৰ ৰামটাঙোন

জনতাৰ মূৰত পুনৰ ৰামটাঙোন

ৰাজ্যত পুনৰ বৃদ্ধি টোলগেটৰ মাচুল। ১০ মাহত দ্বিতীয়বাৰলৈ বৃদ্ধি কৰা হ’ল টোল কৰ। ১ এপ্ৰিলৰ মাজনিশাৰ পৰা ৫-১০ শতাংশলৈ বৃদ্ধি পালে টোল কৰ। নাজিৰাখাট টোলগেট আৰু ৰহা টোলগেট পাৰ হওঁতে ভৰিব লাগিব অতিৰিক্ত মাচুল। ইফালে যদি ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনী অৱস্থা, আনফালে আকৌ ৰাজ্যত বৃদ্ধি হ'ল টোল কৰ। প্ৰতিখন টোল গেটত এখন সৰু বহনে দিব লাগিব ৫-১০ টকা। লগতে গধুৰ সামগ্রী কঢ়িওৱা যান-বাহনৰ বাবে ২০-২৫ টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে। ৯০০ বিধ ঔষধৰ দাম বৃদ্ধিৰ পাছতে টোল কৰ বৃদ্ধিক লৈ এতিয়া ক্ষোভ উজাৰিছে সাধাৰণ নাগৰিক তথা বাণিজ্যিক যান বাহনৰ গৰাকীসকলে।অসমত পুনৰ তিনিখনকৈ টোলগেট মুকলি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে…
Read More
কেঁচা বুট খায় আপুনি ভাল পাইনে

কেঁচা বুট খায় আপুনি ভাল পাইনে

আমি প্ৰায়ে শুনো যে, ঘৰৰ জ্যেষ্ঠসকলে কনিষ্ঠসকলক স্বাস্থ্য ভালে ৰাখিবলৈ ৰাতিপুৱা তিয়াই থোৱা বুট খাবলৈ উপদেশ দিয়ে।কিয়নো তিয়াই থোৱা বুটে আমাৰ স্বাস্থ্য ৰক্ষাত অমৃতৰ দৰে কাম কৰে।শীতেই হওক অথবা গ্ৰীষ্ম বহুতেই পুৱাই ৰাতি তিয়াই থোৱা বুট খোৱা দেখিবলৈ পোৱা যায়৷ কেঁচা বুটৰ উপকাৰৰ বিষয়ে সকলোৰে জ্ঞাত৷ কেঁচা বুত খালে উচ্ছ মাত্ৰাত প্ৰ’টিন পোৱা যায়৷ বুট উচ্ছ প্ৰ’টিনেৰে সমৃদ্ধ হেতু স্বাস্থ্যৰ পক্ষে খুব উপকাৰী৷ বুট সাধাৰণতে দুই ধৰণৰ থাকে৷ এবিধ বাকলি থকা আৰু আনবিধ বাকলি নথকা৷ বাকলি থকািবধ স্বাস্থ্যৰ পক্ষে বেছি উপকাৰী৷বুট আমাৰ সকলোৰে পৰিচিত এক খাদ্য সামগ্ৰী। মাংগলিক কাৰ্যতো বুটৰ গুৰুত্ব সৰ্বাধিক। বুট কেঁচাই, ভাজি, বইল কৰি, চাটনি বনাই খোৱা…
Read More
জনতাক পুনৰ সকাহ

জনতাক পুনৰ সকাহ

প্ৰতি মাহৰ দৰেই চৰকাৰী তেল কোম্পানীসমূহে LPG চিলিণ্ডাৰৰ মূল্য় আপডেট কৰিছে । এই মূল্য়ৰ তালিকা আজিৰ পৰা অৰ্থাৎ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে । সেই অনুসৰি ১৯ কিলোগ্ৰাম বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম হ্ৰাস কৰা হৈছে ।এতিয়া এই দাম পহিলা এপ্ৰিলৰ পৰা 41 টকাকৈ হ্ৰাস কৰা হৈছে । অৱশ্যে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই ।তেল বিপণন কোম্পানীসমূহে 19 কিলোগ্ৰামৰ বাণিজ্যিক LPG গেছ চিলিণ্ডাৰৰ মূল্য 41 টকা হ্ৰাস কৰাত ৰাজধানী দিল্লীত ইয়াৰ খুচুৰা বিক্ৰী মূল্য আজিৰ পৰা 1762 টকা হৈছে ।মায়ানগৰী মুম্বইত 1714.50 টকা,কলকাতাত 19 কিলোগ্ৰামৰ চিলিণ্ডাৰৰ নতুন মূল্য 1872 টকা ,এই মূল্য় ইয়াৰ পূৰ্বে 1913 টকা আছিল ।…
Read More
তিয়ঁহ খায় আপুনি ভাল পাইনে

তিয়ঁহ খায় আপুনি ভাল পাইনে

তিঁয়হ এবিধ পাচলি যি কেৱল সোৱাদযুক্তই নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে পানী পোৱা যায়। এনে ক্ষেত্ৰত তিঁয়হে শৰীৰক হাইড্ৰেদ কৰি ৰখাত সহায় কৰে। ইয়াক গ্ৰীষ্মকালত খালে শৰীৰক সতেজ আৰু ঠাণ্ডা কৰি ৰখাত সহায় কৰে। বেছিভাগ মানুহেই গ্ৰীষ্মকালত ইয়াক খায়।প্ৰতিটো স্বাস্থ্যকৰ খাদ্যৰ নিজা বিশেষত্ব আছে কিয়নো সেইবোৰে আমাৰ শৰীৰক যথেষ্ট উপকৃত কৰে, কিন্তু যদি আপুনি সাৱধানতা অৱলম্বন নকৰে, তেন্তে সমস্যা হ’ব পাৰে।কোনো সন্দেহ নাই যে তিয়ঁহ খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী আৰু ইয়াক প্ৰায়ে চালাড বা পাচলি হিচাপে পোৱা যায়। ইয়াত ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায়, লগতে ইয়াত উচ্চ পানী থাকে যি শৰীৰক হাইড্ৰেটেড ৰখাত…
Read More
কাইলৈ ঈদ

কাইলৈ ঈদ

ঈদ-উল-ফিতৰ মুছলমানসকলৰ এক প্ৰধান উৎসৱ। ইয়াৰ জৰিয়তে পবিত্ৰ ৰমজান মাহৰ অন্ত পৰে, যিটো ৰোজা আৰু আত্মসংযমৰ মাহ। ইছলামিক কেলেণ্ডাৰ অনুসৰি শ্বাৱাল মাহৰ প্ৰথম দিনটোত ঈদ পালন কৰা হয়।৩১ মাৰ্চ সোমবাৰে পালন কৰা হ’ব ঈদ-উল-ফিতৰ উৎসৱ। ঈদৰ উৎসৱ পাৰস্পৰিক ভাতৃত্ববোধৰ প্ৰতীক। সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে অতি আনন্দৰে ঈদ উদযাপন কৰে।ঈদৰ দিনা মানুহে ৰাতিপুৱা সোনকালে সাৰ পাই নতুন কাপোৰ পিন্ধি নামাজ আদায় কৰে আৰু ইজনে সিজনক ঈদ মোবাৰক শুভেচ্ছা জনায়। আজিৰ দিনটোত মানুহে ভাৰ্মিচেলি আৰু অন্যান্য মিঠা খাদ্য তৈয়াৰ কৰি খায়। ঈদ-উল-ফিতৰতো দান-বৰঙণি আৰু দয়াৰ উৎসৱ। আজিৰ দিনটোতে মুছলমানসকলে দুখীয়া আৰু আৰ্তজনক ফিতৰা নামৰ দান-বৰঙণি আগবঢ়ায়।
Read More
জলবিদ্যুৎ প্ৰকল্পত অঘটন

জলবিদ্যুৎ প্ৰকল্পত অঘটন

গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অঘটন। কাম কৰি থকা অৱস্থাত ওপৰৰ পৰা তলত পৰি মৃত্যুক সাৱতিলে এজন শ্ৰমিকে। শ্ৰমিকগৰাকীৰ নাম অবিনাশ দলে। চেফটি বেল্ট খুলি পৰাৰ ফলত এই অঘটন।মৃত শ্ৰমিকজনৰ ঘৰ গোগামুখৰ মিংমাঙত।এতিয়ালৈকে এই জলবিদ্যুৎ প্ৰকল্পত ১৬জন লোকৰ মৃত্যু হৈছে।
Read More
সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ সফলতা

সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ সফলতা

কথুৱা জিলাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে বৃহৎ সফলতা লাভ কৰিছে। এই এনকাউণ্টাৰত নিৰাপত্তা বাহিনীৰ হাতত নিহত দ৩ জন সন্ত্ৰাসবাদী। এই এনকাউণ্টাৰত তিনিজন নিৰাপত্তাৰক্ষীয়ো জোৱানো শ্বহীদ হয়। জিলাখনত বিগত চাৰিদিন ধৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক বৃহৎ অভিযান অব্যাহত আছে।সন্ত্রাসবাদীৰ সন্ধানত ছানয়ালৰ পৰা ডিং আম্ব আৰু ইয়াৰ বাহিৰলৈকে অভিযান চলাই আছে। এই অভিযানত সেনা, এন এছ জি, বি এছ এফ, আৰক্ষী আৰু চি আৰ পি এফ জোৱান নিয়োজিত হৈ আছে।
Read More
ফুলকবি কোনে খোৱাটো উপকাৰী

ফুলকবি কোনে খোৱাটো উপকাৰী

শৰীৰ সুস্থ ৰাখিবলৈ সেউজীয়া শাক- পাচলি গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয়। ভিন্ন ধৰণৰ পুষ্টিৰে সমৃদ্ধ এই সেউজীয়া শাক – পাচলি সমূহৰ নিয়মীয়া ব্যৱহাৰে আমাৰ শৰীৰক ভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে আৰু বহুবোৰ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত সহায় কৰে। ভিন্ন পুষ্টিৰে সমৃদ্ধ এনে এবিধ পাচলি হৈছে- ফুলকবি।ফুলকবি কোনো ছুপাৰফুডকৈ কম নহয়, ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু পুষ্টিকৰ উপাদান থাকে ৷ ফুলকবিৰ ইংৰাজী নাম হৈছে 'কলিফ্লাৱাৰ' ৷ এই পাচলিবিধৰ পৰা বহু ধৰণৰ ব্যঞ্জন তৈয়াৰ কৰা হয় ৷ খাবলৈ সুস্বাদু হোৱাৰ উপৰিও ইয়াৰ স্বাস্থ্যৰ বহু উপকাৰো আছে ৷ ডায়েবেটিছ ৰোগীয়ে ফুলকবি খোৱাটো উপকাৰী নে অপকাৰী সেই বিষয়ে প্ৰায়ে এক খেলি-মেলিত পৰে কাৰণ আমি সকলোৱে জানো…
Read More
মহানগৰীত পুনৰ যুৱতীৰ তাণ্ডৱ

মহানগৰীত পুনৰ যুৱতীৰ তাণ্ডৱ

সুৰাপান কৰি উদ্ভাণ্ডলী কৰা এতিয়া যেন ট্ৰেণ্ডলৈ ৰূপান্তৰিত হৈছে। শেহতীয়াকৈ এগৰাকী যুৱতীৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।কিছুদিন পূৰ্বে সুৰাপান কৰা এগৰাকী যুৱতীৰ অভদ্ৰামীৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। ইয়াৰ মাজতে পুনৰ অনুৰূপ এক ঘটনাই জোকাৰিছে সামাজিক মাধ্যম। বুধবাৰে নিশা সুৰাপান কৰি এগৰাকী যুৱতীয়ে চলাই তাণ্ডৱ।এই ঘটনা ছয়মাইলৰ চন্দৰ নগৰৰ ত্ৰিবেণী পথৰ ছানৰাইজ এপাৰ্টমেন্টৰ। অভিযোগ অনুসৰি, যুৱতীগৰাকীয়ে দৈনিক সুৰা-ড্ৰাগছ সেৱন কৰি এপাৰ্টমেন্টৰ আৱাসীৰ সৈতে অভদ্ৰামী কৰে। ইমানেই নহয়, বিভিন্নজনক মাৰপিটো কৰে। দীৰ্ঘদিন ধৰি যুৱতীগৰাকীয়ে এপাৰ্টমেন্টৰ আৱাসীসকলক অশ্লীল গালি- গালাজ পাৰি অশান্তি কৰি আহিছিল। যুৱতীগৰাকীৰ এনে কাৰ্যৰ বাবে কেতিয়াবা ওৰে নিশা উজাগৰে কটাবলগীয়া হয় আৱাসী।
Read More