15
Sep
ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা বি চি চি আইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীয়ে পুনৰবাৰ ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলৰ সভাপতি হ’ব পাৰে। তেওঁ কেবৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছে। তেওঁৰ বিৰুদ্ধে আন কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা নাই। এনে পৰিস্থিতিত ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত তেওঁ নিজৰ জ্যেষ্ঠ ভাতৃ স্নেহাশিশ গাংগুলীৰ ঠাইত সভাপতি হ'ব বুলি আশা কৰা হৈছে। দেওবাৰে এক বিবৃতিত গাংগুলীয়ে কয়, সকলোকে সহায়ৰ বাবে ধন্যবাদ জনাইছো। ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলত কোনো বিৰোধিতা নাই। সকলোৱে এই সংঘৰ অংশ। আমি একেলগে ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগল আৰু বংগ ক্ৰিকেটক আগুৱাই লৈ যাম। আগন্তুক ছিজনত ইডেন গাৰ্ডেনছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট মেচ,…
