অসম

কয়াকুছিত সুলভ মূল্যৰ দোকান জ্বলালে দুস্কৃতিকাৰীয়ে

কয়াকুছিত সুলভ মূল্যৰ দোকান জ্বলালে দুস্কৃতিকাৰীয়ে

বৰপেটা জিলাৰ কয়াকুছিত যোৱা নিশা এদল দুস্কৃতিকাৰীয়ে কয়াকুছি পথাৰ গাঁৱৰ তাইজ উদ্দিনৰ সুলভ মূল্যৰ দোকান জ্বলাই দিয়াৰ অভিযোগ উঠিছে ৷ আনকি উক্ত অগ্নিকাণ্ডত সুলভ মূল্যৰ দোকানৰ সংলগ্ন গোহালি ঘৰ এটাও ভস্মীভূত হয় ৷ ঘটনা সন্দৰ্ভত তাইজ উদ্দিনৰ পৰিয়ালে সদৰি কৰা মতে, কয়াকুছি পথাৰ গাঁৱৰ তাইজ উদ্দিনৰ সুলভ মুল্যৰ দোকানত আকস্মিকভাৱে জুই লাগে ৷ উক্ত অগ্নিকাণ্ডত দৰিদ্ৰ সীমাৰেখাৰ তলৰ বাসিন্দাৰ বাবে চৰকাৰীভাৱেআবন্টিত ১০৫ কুইন্টল চাউলৰ ২৬ কুইন্টল সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ লগতে সুলভ মূল্যৰ দোকানৰ লগত সংলগ্ন গোহালি ঘৰটো জুই লাগি ২৬ কুইন্টল চাউলৰ সৈতে উক্ত ঘৰখন সম্পূৰ্ণ ভাৱে ভস্মীভূত হয়। জুইৰ সূত্ৰপাত ঘটিবলৈ কোনো বিশেষ কাৰণ দৃষ্টিগোচৰ নোহোৱা পৰিয়ালটোৱে পৰিকল্পিতভাৱে…
Read More
ভূপেন হাজৰিকা হুবহু ভেশ প্ৰদৰ্শন কৰা অমূল্য কলিতাৰ মৃত্যু

ভূপেন হাজৰিকা হুবহু ভেশ প্ৰদৰ্শন কৰা অমূল্য কলিতাৰ মৃত্যু

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ দুই নম্বৰ জীয়াকুৰৰ অমূল্য কলিতা নামৰ এগৰাকী শিল্পীৰ কিছুদিন পূৰ্বে গুৱাহাটীৰ গুড হেল্থ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। দীর্ঘদিন ধৰি হাঁওফাঁও, হৃদযন্ত্র আৰু বৃক্কৰ ৰোগত ভুগি থকা অমূল্য কলিতা অতি সহজ-সৰল ব্যক্তি আছিল। দক্ষিণ কামৰূপৰ কুকুৰমাৰা, ছয়গাঁও, বকো, আমতলা, আমতলা সত্ৰ, জীয়াকুৰ, ভাঠি জীয়াকুৰ, বৰটাৰী, ৩ নং আমতলা আদি অঞ্চলত এইগৰাকী শিল্পীয়ে বিহু নচাৰ লগতে বিহুৰ প্ৰশিক্ষণো দিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৫ বছৰ। কলিতাই মৃত্যুৰ সময়ত পত্নী আৰু এটি কণমানি পুত্র সন্তান এৰি থৈ যায়। কলিতাৰ মৃত্যুত ছয়গাঁও চম্পকনগৰ সাৰ্বজনীন ৰাস মহোৎসৱ, কুকুৰমাৰাৰ প্ৰভাতী সূৰুয নাট্য গোষ্ঠী, ৰোহিণী কুমাৰ চৌধুৰী হাইস্কুলৰ ১৯৯৫ চনৰ ছাত্ৰ-ছাত্ৰীসকল,গুৱাহাটী…
Read More
বর্ণালী সাংস্কৃতিক কেন্দ্ৰৰ একাদশ  প্ৰতিস্থা দিৱসটি আজি বিস্তৃত কায্যসূচিৰে পাঞ্জাবাৰী শংকৰদেৱ নগৰ স্থিত আৰ. বি.কমিউনিটি হ’ল ঘৰত অনুস্থিত কৰা হয়

বর্ণালী সাংস্কৃতিক কেন্দ্ৰৰ একাদশ  প্ৰতিস্থা দিৱসটি আজি বিস্তৃত কায্যসূচিৰে পাঞ্জাবাৰী শংকৰদেৱ নগৰ স্থিত আৰ. বি.কমিউনিটি হ’ল ঘৰত অনুস্থিত কৰা হয়

অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত বিষয়া মঞ্জুলা ভট্ৰাচায্যৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুস্থানটিত সমবেত সংগীত, সত্ৰীয়া নৃত্য ,গীত ,কবিতা পাঠ আদি ৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুস্থিত হৈ যোৱা চিত্ৰাংকণ প্ৰতিযোগিতা আৰু সাধু কোৱা প্ৰতিযোগিতাৰ  আৰু মহিলা সকলৰ মাজত অনুস্থিত হৈ যোৱা আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ বিজয়ী সকলকো বটাঁ প্ৰদান কৰা হয়। অনুস্থানটিত মূখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেত্ৰী চেতনা দাস, ড° ছবিন ৰাজখোৱা ,কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব। ড° নগেন ভূঞা যুটিয়া অধিবক্তা, অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগ। বিশিষ্ট সংগীত শিল্পী মহেশ্বৰ বৰা, বিশিষ্ট চিত্ৰগ্ৰহণ কাৰী সুমন দুৱৰা ,সমাজ বন্ধু চাজন ভূঞা ইত্যাদিকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি। উল্লেখ্য যে বণালী সাংস্কৃতিক কেন্দ্ৰৰ প্ৰতিস্থাপক…
Read More
এপ্ৰিলৰ পৰা জুনমাহলৈ বৃদ্ধি পাব অত্যাধিক হিটৱেভৰ সংখ্যা

এপ্ৰিলৰ পৰা জুনমাহলৈ বৃদ্ধি পাব অত্যাধিক হিটৱেভৰ সংখ্যা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) কৈছে যে এপ্ৰিলৰ পৰা জুনমাহলৈ অত্যাধিক হিটৱেভৰ সংখ্যা বৃদ্ধি পাব। একে সময়তে, দেশৰ কিছু অংশত বৰষুণ হ্ৰাস হোৱাৰো সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ এই পূৰ্বানুমানই নিশ্চিত কৰিছে যে ২০২৪ বৰ্ষৰ গ্ৰীষ্মকাল অধিক ভয়াবহ হ'ব। ১ এপ্ৰিলত, বতৰ বিজ্ঞান বিভাগে আয়োজিত এখন সংবাদমেলত এপ্ৰিলৰ পৰা জুন ২০২৪ লৈ বতৰৰ পূৰ্বানুমান প্ৰকাশ কৰা হৈছিল। লগতে ২০২৪ চনৰ এপ্ৰিলত বৰষুণ আৰু তাপমাত্ৰাৰ বিষয়ে প্ৰকাশ কৰিছিল। বতৰ বিজ্ঞানৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই এখন সংবাদমেলত কয় যে এপ্ৰিলৰ পৰা জুনমাহৰ ভিতৰত সৰ্বাধিক তাপমাত্ৰা স্বাভাৱিকতকৈ অধিক থাকিব বুলি আশা কৰা হৈছে, যাৰ ফলত তাপ তৰংগৰ সৈতে দিনৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা…
Read More
অসমত আফস্পাৰ ম্যাদ পুনৰ বৃদ্ধি কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে

অসমত আফস্পাৰ ম্যাদ পুনৰ বৃদ্ধি কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA)( আফস্পা) ৰাজ্যৰ চাৰিখন জিলাত ছয় মাহলৈ ম্যাদ বৃদ্ধি কৰিছে। এই চাৰিখন জিলা হৈছে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ। চৰকাৰে কয় যে এই ঘোষণা ১ এপ্ৰিল, ২০২৪ ৰ পৰা কাৰ্যকৰী হ'ব। গৃহ মন্ত্ৰালয়ে বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ তিনিখন জিলা আৰু নাগালেণ্ডৰ আঠখন জিলা আৰু আন কিছু অঞ্চলত আফস্পা আৰু ছয় মাহৰ বাবে বৃদ্ধি কৰিছিল। মন্ত্ৰালয়ে উত্তৰ-পূবৰ দুখন ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত এই সিদ্ধান্ত লৈছিল। এক জাননীত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন, ১৯৫৮ৰ ধাৰা-৩ ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি অৰুণাচল প্ৰদেশৰ টিৰাপ, চাংলাং…
Read More
তামুলপুৰত কচুবাৰীত সাগৰিকা বিহুৱা দলৰ আখৰাৰ শুভাৰম্ভ

তামুলপুৰত কচুবাৰীত সাগৰিকা বিহুৱা দলৰ আখৰাৰ শুভাৰম্ভ

তামুলপুৰ জিলা সদৰস্থ কচুবাৰীৰ অন্যতম সাংস্কৃতিক গোষ্ঠী সাগৰিকা বিহুৱা দলটি এইবাৰ বিহুতলিৰ বাবে ন ৰূপত সাজু হৈ ওলাইছে ৷ সাগৰিকা বিহুৱা দলৰ  বিহুৱা ৱিহুৱতী সকল আজিৰে পৰা বাপটি সাহোন  ব'হাগৰ বিহুটিক আদৰিবলৈ সাজু হৈছে। গাঁৱখনৰ একাংশ যুৱক যুৱতীয়ে সাগৰিকা বিহুৱা দলৰ উদ্যোগত বিহুনৃত্যৰ আখৰা আৰম্ভ কৰিছে ৷ তদুপলক্ষে মঙলবাৰে নিশা কচুবাৰী হাইস্কুলৰ বাকৰিত  আঁহতৰ তলত শুভাৰম্ভ কৰে বিহুনামৰ আখৰা। নিশা বন্তি প্ৰজ্বলন কৰি ঢোল, পেঁপা গগনা, আগত ৰাখি বিহু নৃত্যৰ আখৰাৰ শুভ উদ্বোধন কৰে এসময়ৰ  জ্যেষ্ঠ বিহুৱা পৰমেশ্বৰ দাসে ৷ স্থানীয় যুৱক ৰমেন ৰাজবংশী,  প্ৰণৱ শৰ্মা ৰ নেতৃত্বত বিহুৱা দলৰ বিহু প্ৰশিক্ষণ দিব শিল্পী ৰামচৰণ কলিতাই। সাগৰিকা বিহুৱা দলৰ দলপতিয়ে…
Read More
ডিব্রুগড় নিৰ্বাচনী জিলাত ষ্টেটিক ছাৰ্ভিলেন্স আৰু ফ্লায়িং স্কোৱাডৰ  তালাচী অভিযানত  নগদ ধন জব্দ

ডিব্রুগড় নিৰ্বাচনী জিলাত ষ্টেটিক ছাৰ্ভিলেন্স আৰু ফ্লায়িং স্কোৱাডৰ  তালাচী অভিযানত  নগদ ধন জব্দ

ডিব্ৰুগড় নিৰ্বাচন জিলাত নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত ধনৰ অবৈধ লেনদেন, ভোটাৰক ধন দি প্ৰলোভিত কৰা, সুৰাৰ অবাধ প্ৰচলন আদি ৰোধ কৰাৰ উদ্দেশ্যে  আদৰ্শ আচৰণ বিধি কোষে সক্ৰিয় ভূমিকা পালন কৰিছে। ডিব্রুগড় নিৰ্বাচনী জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেন্স দল, ফ্লায়িং স্কোৱাড আৰু ভিডিঅ' ছাৰ্ভিলেন্স  দলসমূহে ২৪ ঘণ্টাই নিয়মীয়া তালাচী অভিযান চলোৱাৰ লগতে আদৰ্শ আচৰণ বিধি উলঙ্ঘনৰ ঘটনা ৰোধ কৰাৰ বাবে কাম কৰি আছে। বুধবাৰে  সন্ধিয়া ষ্টেটিক ছাৰ্ভিলেন্সৰ দলে  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জি'ৰ পইণ্টত শিৱসাগৰৰ পৰা তিনিচুকীয়ালৈ গৈ থকা এজন ব্যক্তিৰ পৰা নগদ  ৬৯,৩১০ টকা জব্দ কৰাৰ লগতে  উক্ত স্থানতেই ফ্লায়িং স্কোৱাডৰ দলে এ এচ০৬…
Read More
নগাঁৱৰ শংখধ্বনিলৈ শ্ৰেষ্ঠ ভাওনা দলৰ সন্মান

নগাঁৱৰ শংখধ্বনিলৈ শ্ৰেষ্ঠ ভাওনা দলৰ সন্মান

মঞ্জুলা কলা কেন্দ্ৰৰ উদ্যোগত যোৰহাট বৰখঙীয়াত শিক্ষাবিদ, ৰূপকাৰ সোণধৰ বৰা সোঁৱৰণী সমন্বয় ক্ষেত্ৰ আৰু  শ্ৰীশ্ৰী নাৰায়ন চন্দ্ৰ দেৱ গোস্বামী সোঁৱৰণী অস্থায়ী নাট ঘৰত যোৱা ২২ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ আয়োজিত সদৌ অসম অংকীয়া ভাওনা সমাৰোহ,২০২৪ত অসমৰ প্ৰায় বাৰ খন জিলাৰ ১৫ টাকৈ অংকীয়া ভাওনা দলে অংশগ্ৰহণ কৰে। চাৰি দিনত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱ গুৰুজনাৰ আটাইকেইখন অংকীয়া ভাওনা আৰু ঝুমুৰা সমাৰোহত পৰিৱেশন কৰা হয়। নগাঁও জিলাৰ পুৰণিগুদামৰ পৰা   অনিত্য ভূঞাৰ পৰিচালনাত ২৩ মাৰ্চত শঙ্কৰদেৱ গুৰুজনাৰ " পাৰিজাত হৰণ" আৰু ২৫ মাৰ্চ অৰ্থাৎ শেষৰ দিনা শংখধ্বনি শিল্পী সমাজে ভাস্কৰ্য্য পূৰ্ণ গায়ন, হিমাশ্ৰী সেনাপতি আৰু জ্ঞানদ্বীপ হাজৰিকাৰ পৰিচালনাত  শঙ্কৰদেৱ গুৰুজনাৰ " কেলিগোপাল"…
Read More
সুৱেৰীত আনন্দত বুৰ গ’ল শৰণীয়া তিনিশ পৰিয়াল

সুৱেৰীত আনন্দত বুৰ গ’ল শৰণীয়া তিনিশ পৰিয়াল

দৌলোৎসৱৰ আজিৰ দিনটোত ৰং বিৰঙৰ আবিৰেৰে ৰঞ্জিত হৈ পৰিল ঐতিহাসিক গোপাল আতা আৰু আই পদ্মপ্ৰিয়া সত্ৰৰ লগতে পুৰণ ভৱানীপুৰৰ ৰাজহুৱা নামঘৰ প্ৰাঙ্গণ।  দিনৰ প্ৰায় এঘাৰ বজাত গোঁসাইক দৌলৰ পৰা অৱৰোহণ কৰাৰ পিছতেই অনুষ্ঠিত 'গোঁসাই ফুৰোৱা' কাৰ্যসূচী পুৰণ ভৱানীপুৰ গাঁৱৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি কাৰ্তিক চন্দ্ৰ দাসে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তাৰ পিছতেই প্ৰায় সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত 'গোঁসাই ফুৰোৱা' কাৰ্যসূচী সম্পন্ন হয়। সমগ্ৰ বাট-পথ ৰঙ-বিৰঙৰ আবিৰ ছটিয়াই হৰিনাম পৰিবেশ কৰি ঐতিহাসিক গোপাল আতা সত্ৰ আৰু আই পদ্মপ্ৰিয়া সত্ৰত উপস্থিত হোৱাৰ পিছতেই সুৱেৰী উপলক্ষে আনন্দত বুৰ গ'ল 'শৰণীয়া' তিনিশ পৰিয়াল।শৰণীয়া লোকসকলে ইজনে সিজনক আবিৰ ছটিয়াই আনন্দ প্ৰকাশ কৰাৰ লগত ঠাইতে শৰাই নৈবেদ্য…
Read More
ৰাছিয়াৰ ৰাজধানী মস্কোত আই এছ আই এছৰ আক্ৰমণত ৭০ জনৰ মৃত্যু

ৰাছিয়াৰ ৰাজধানী মস্কোত আই এছ আই এছৰ আক্ৰমণত ৭০ জনৰ মৃত্যু

ৰাছিয়াৰ ৰাজধানী মস্কোত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৭০ জন লোকৰ মৃত্যু হৈছে।  ইয়াৰ উপৰিও, সন্ত্ৰাসবাদী আক্ৰমণত ১৪৫ জন লোক আহত হৈছিল, যিসকল বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইফালে, সন্ত্ৰাসবাদী সংগঠন আই এছ আই এছে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে আৰু দাবী কৰে যে তেওঁলোকৰ যুঁজাৰুসকলে খ্ৰীষ্টানসকলৰ এক বৃহৎ জনসমাগমত আক্ৰমণ কৰিছিল। আই এছ আই এছ ৰ সৈতে সম্পৰ্কিত সংবাদ সংস্থাই টেলিগ্ৰামত এক বিবৃতিত কয়, "আমাৰ যুঁজাৰুসকলে ৰাছিয়াৰ ৰাজধানী মস্কোৰ উপকণ্ঠত খ্ৰীষ্টানসকলৰ এক বৃহৎ সমাৱেশত আক্ৰমণ চলাইছিল, যাৰ ফলত বহুলোক নিহত আৰু আহত হৈছিল আৰু বৃহৎ ধ্বংসৰ সৃষ্টি হৈছিল।" আক্ৰমণৰ সময়ত, মস্কোৰ ক্ৰকাছ চিটি হল কনচাৰ্ট স্থানত পাঁচজন লোকে গুলীচালনা কৰে আৰু বোমা…
Read More