অসম

পুনৰ মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা

পুনৰ মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা

দিছপুৰ প্ৰেছ ক্লাবত দ্বাদশ সংখ্যক কালচক্ৰ পূৰ্ণাঙ্গ পঞ্জিকা উন্মোচন। কাল চক্ৰ পূৰ্ণাঙ্গ পঞ্জিকা অনুসৰি অসম ৰাজ্য আৰু ৰাজনৈতিক নেতা সকলৰ ভৱিষ্যতবাণী। পঞ্জিকাখনৰ ভৱিষ্যতবাণী অনুসৰি ২৬ চনৰ ২৫ আগষ্টলৈকে হিমন্ত বিশ্ব শৰ্মাই বহু ক্ষেত্ৰত সফলতা পাব আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাৰ কিছু দুৰ্বলতা দেখা যাব অত্যাধিক ঋনে ভৱিষ্যত প্ৰজন্মক অসুবিধাত পেলাব। হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাব পৰা দ্বিতীয়জন এতিয়াই নোলাব পুনৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা।শনিৰ দৃষ্টিৰ বাবে পিছপৰি থাকিব সৰ্বানন্দ সোণোৱালসৰ্বানন্দ সোণোৱালতকৈ বহু ওপৰত থাকিব হিমন্ত বিশ্ব শৰ্মা।
Read More
পশু অধিকাৰ কৰ্মী মেনকা গান্ধীক উচ্চতম ন্যায়ালয়ৰ কঠোৰ ভৰ্ত্সনা

পশু অধিকাৰ কৰ্মী মেনকা গান্ধীক উচ্চতম ন্যায়ালয়ৰ কঠোৰ ভৰ্ত্সনা

উচ্চতম ন্যায়ালয়ে অলপতে এক পডকাষ্টত আদালতৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে পশু অধিকাৰ কৰ্মী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মেনকা গান্ধীক তীব্ৰ সমালোচনা কৰিছে। ভৱিষ্যতৰ মুখ্য ন্যায়াধীশ বিক্ৰম নাথৰ নেতৃত্বত গঠিত বিচাৰপীঠখনে বুধবাৰে পদপথৰ কুকুৰ সম্পৰ্কীয় এক গোচৰৰ শুনানি গ্ৰহণ কৰি এই অসন্তুষ্টি প্ৰকাশ কৰে। বাতৰি অনুসৰি, মেনকা গান্ধীয়ে এক পডকাষ্টৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ কিছুমান নিৰীক্ষণৰ সমালোচনা কৰিছিল। আদালতৰ মজিয়াত বিচাৰপীঠখনে মেনকা গান্ধীৰ অধিবক্তা ৰাজু ৰামচন্দ্ৰনক উদ্দেশ্যি কয় যে তেওঁৰ ক্লায়েণ্টৰ বডী লেংগুৱেজ আৰু মন্তব্যসমূহ আদালত অৱমাননাৰ শাৰীত পৰে। অৱশ্যে আদালতে মহানুভৱতা প্ৰদৰ্শন কৰি তেওঁৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিয়ে। শুনানিৰ সময়ত অধিবক্তা ৰামচন্দ্ৰনে মুম্বাই আক্ৰমণৰ…
Read More
অসমৰ বিলুপ্তপ্রায় ভাষা খাময়াং, টাই ফাকে আৰু চিংফৌ ভাষাৰ ডিজিটেল সংৰক্ষণৰ কাম সম্পূর্ণ

অসমৰ বিলুপ্তপ্রায় ভাষা খাময়াং, টাই ফাকে আৰু চিংফৌ ভাষাৰ ডিজিটেল সংৰক্ষণৰ কাম সম্পূর্ণ

সদৌ অসম ছাত্ৰ সন্থা আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্বনে অসমৰ বিলুপ্তপ্রায় ভাষা খাময়াং, টাই ফাকে আৰু চিংফৌ ভাষাৰ ডিজিটেল সংৰক্ষণৰ কাম সম্পূর্ণ কৰিছে। তিনিওটা ভাষাত উপলভ্য সমূহ তথ্য অধ্যয়ন আৰু গৱেষণাৰ বাবে আজি ৰাজহুৱাকৈ মুকলি কৰি দিছে। ছাত্র-ছাত্রী, গবেষক আৰু ইচ্ছুক ৰাইজে তিনিওটা ভাষাৰ সংৰক্ষিত তথ্যসমূহ ডিজিটেল মাধ্যমত বিচাৰিব আৰু ব্যৱহাৰ কৰিব পাৰিব। ১০ হাজাৰতকৈ কম মানুহে ব্যৱহাৰ কৰা ইউনেস্কোই অতি বিপন্ন ভাষা হিচাপে স্বীকৃতি দিয়া খাময়াং,টাই ফাকে আৰু চিংফৌ ভাষা তিনিটা বাচি লোৱা হৈছিল সংৰক্ষণ  বাবে। এই তিনিটা ভাষাৰ খাময়াং ভাষা ভাষী লোক তিনিচুকীয়া, শিৱসাগৰ আৰু গোলাঘাটত  প্ৰায় ১০০০-১৪০০ আছে। টাই ফাকে তিনিচুকীয়া আৰু ডিব্ৰুগড় প্ৰায় ২০০০ মান আছে আৰু চিংফৌ…
Read More
ক্ৰাইম ব্ৰাঞ্চত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ

ক্ৰাইম ব্ৰাঞ্চত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ

শিখা শৰ্মাৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে জুবিন গাৰ্গৰ পৰিয়াল। ক্ৰাইম ব্ৰাঞ্চত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ। জুবিন গাগৰ্ক জনমানসত হেয় কৰাৰ বিৰুদ্ধে আৰক্ষীত গোচৰ। পুৱাই ক্ৰাইম ব্ৰাঞ্চত উপস্থিত গৰিমা শইকীয়া গাৰ্গ। আজি  চাৰিটা মাহ সম্পূৰ্ণ হৈছে জুবিন গাৰ্গক হেৰুৱাৰ আৰু আজিৰ দিনটোতে শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দিবলৈ আহিল গৰিমা শইকীয়া গাৰ্গ।
Read More
আউনীআটী সত্ৰত একাদশ অসম ভাওনা সমাৰোহৰ বিশাল আয়োজনঃ ৫০০ সূত্ৰধাৰৰ নৃত্যৰে হ’ব উদ্বোধন

আউনীআটী সত্ৰত একাদশ অসম ভাওনা সমাৰোহৰ বিশাল আয়োজনঃ ৫০০ সূত্ৰধাৰৰ নৃত্যৰে হ’ব উদ্বোধন

মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ মণিকাঞ্চন ক্ষেত্ৰত কাইলৈৰ পৰা আৰম্ভ হ’ব একাদশ সংখ্যক অসম ভাওনা সমাৰোহ। ১৮ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই বিশাল আধ্যাত্মিক অনুষ্ঠানৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ তথা সমাৰোহৰ সভাপতি ডঃ পীতাম্বৰদেৱ গোস্বামীয়ে জনোৱা মতে, এইবাৰৰ সমাৰোহত ৫০০গৰাকী সূত্ৰধাৰৰ নৃত্যৰে এক অভূতপূৰ্ব পৰিৱেশৰ মাজত উদ্বোধনী অনুষ্ঠান সম্পন্ন হ’ব। বিশেষভাৱে উল্লেখনীয় যে এইবাৰৰ সমাৰোহখনি অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গা কৰা হৈছে। শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই সমাৰোহস্থলীত ‘জুবিন গাৰ্গ স্মৃতি প্ৰদৰ্শনী ক্ষেত্ৰ’ নিৰ্মাণ কৰা হৈছে। সমাৰোহৰ লগত সংগতি ৰাখি ৩২খন ব্ৰজাৱলী ভাষাৰ নাটৰ এটি বিশেষ সংকলনো প্ৰকাশ কৰাৰ দিহা কৰা হৈছে।…
Read More
বাগুৰুম্বা দ’হৌৰ বিশাল আয়োজনত প্ৰধানমন্ত্ৰী মোদী: বড়োলেণ্ড এতিয়া শান্তিৰ দ্বীপ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

বাগুৰুম্বা দ’হৌৰ বিশাল আয়োজনত প্ৰধানমন্ত্ৰী মোদী: বড়োলেণ্ড এতিয়া শান্তিৰ দ্বীপ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ

গুৱাহাটীত আয়োজিত বাগুৰুম্বা দ’হৌৰ বিশাল কাৰ্যসূচীত আজি উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অনুষ্ঠানত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে ‘জয় বড়ো হাৰিনি’ ধ্বনিৰে অনুষ্ঠানস্থলীত এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে। আজিৰ এই দিনটোক অসমৰ ইতিহাসৰ বাবে এক মাইলৰ খুঁটি বুলিও তেওঁ অভিহিত কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বাগুৰুম্বা নৃত্যই অসমৰ চহকী কৃষ্টি-সংস্কৃতিক প্ৰতিনিধিত্ব কৰে আৰু নতুন দিল্লীত ই ইতিমধ্যে ৰাষ্ট্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰিছে। কালীচৰণ ব্ৰহ্ম আৰু সীতানাথ ব্ৰহ্ম চৌধুৰীৰ দৰে মহান মনিষীসকলক স্মৰণ কৰি তেওঁ উল্লেখ কৰে যে এতিয়া বড়োলেণ্ড এক শান্তিৰ দ্বীপলৈ পৰিণত হৈছে। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত…
Read More
লালকিল্লা বিস্ফোৰণৰ অভিযুক্তক নিযুক্তি আল ফালাহ বিশ্ববিদ্যালয়ৰঃ পোহৰলৈ জেহাদী চিকিৎসকৰ তথ্য

লালকিল্লা বিস্ফোৰণৰ অভিযুক্তক নিযুক্তি আল ফালাহ বিশ্ববিদ্যালয়ৰঃ পোহৰলৈ জেহাদী চিকিৎসকৰ তথ্য

হাৰিয়ানাৰ ফৰিদাবাদস্থিত আল ফালাহ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে এক বিস্ফোৰক তথ্য দাঙি ধৰিছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিয়ে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ২০২৫ চনৰ নৱেম্বৰ মাহত দিল্লীৰ লালকিল্লা অঞ্চলত হোৱা ভয়াবহ গাড়ী বিস্ফোৰণৰ সৈতে জড়িত তিনিগৰাকী চিকিৎসকক কোনো ধৰণৰ আৰক্ষীৰ ভেৰিফিকেচন বা পৰীক্ষা-নিৰীক্ষা নোহোৱাকৈয়ে নিযুক্তি দিছিল বুলি ইডিয়ে দাবী কৰিছে। শুকুৰবাৰে দিল্লীৰ আদালতত দাখিল কৰা ইডিৰ ২৬০ পৃষ্ঠীয়া চাৰ্জশ্বীটত এই চাঞ্চল্যৰ তথ্য প্ৰকাশ পাইছে। তদন্তকাৰী সংস্থাটোৰ তথ্য অনুসৰি, বিশ্ববিদ্যালয়খনৰ হাস্পতালত কৰ্মৰত আছিল ডাঃ মুজাম্মিল গাণাই, ডাঃ শ্বাহিন ছৈয়দ আৰু ডাঃ উমৰ নবী। ইয়াৰে ডাঃ উমৰ নবী আছিল লালকিল্লাৰ সেই আত্মঘাতী বিস্ফোৰণৰ মূল অভিযুক্ত, যিয়ে বিস্ফোৰক ভৰ্তি গাড়ীখন চলাই আনিছিল। ইফালে, ডাঃ মুজাম্মিল আৰু ডাঃ শ্বাহিনক…
Read More
ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ দৈনিক শ শ লোকৰ সমাগম

ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ দৈনিক শ শ লোকৰ সমাগম

ব্ৰহ্মপুত্ৰৰ মাজত থকা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত আৰু সমষ্টি পুনৰ গঠনৰ পাছত  জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা ধাৰাপুৰৰ সমীপৰ ৰাণী চাপৰিলৈ কৃষক ৰাইজৰ যাতায়াতৰ সুব্যবস্থা, বিদ্যুৎ সংযোগ স্থাপনৰে আলোকিত কৰাৰ বাবে বিগত ২০২৫ বৰ্ষত ভোগালী বিহুৰ সময়ত কৰা  ঘোষণা অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত  খৰালি কালত ৰাণী চাপৰিলৈ কৃষক ৰাইজৰ যাতায়াতৰ সুবিধাৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত  প্ৰায় ডেৰ কোটি টকা ব্যয়ৰে ২৫০ মিটাৰ দৈৰ্ঘ্যৰ এখন ভাসমান দলং নিৰ্মাণৰ কাম সমাপ্ত হৈছে।  একেদৰে  প্ৰায় চাৰে ছয় কোটি টকা ব্যয়ৰে ৰাণী চাপৰিত বিদ্যুৎ সংযোগ দিয়াৰ বাবে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম চলি আছে ।…
Read More
মৃত্যুৰ পাছতো ৫ জনক নতুন জীৱন দি গ’ল এগৰাকী কিশোৰীয়ে!

মৃত্যুৰ পাছতো ৫ জনক নতুন জীৱন দি গ’ল এগৰাকী কিশোৰীয়ে!

'ব্ৰেইন ডেড’ এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ মহানুভৱতাৰ বাবে কেৰালাত পাঁচজন ব্যক্তিয়ে লাভ কৰিবলৈ সক্ষম হ’ল এক নতুন জীৱন। একে সময়তে প্ৰথমবাৰ বাবে কেৰালাত অংগ সংস্থাপনৰ বাবে ব্যৱহাৰ কৰা হ’ল ব্যৱসায়িক বিমান। যোৱা ১২ জানুৱাৰীত স্কুলৰ ভৱনৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা কান্নুৰ জিলাৰ পায়াভুৰ চ্যাক্ৰেড হাৰ্টছ হায়াৰ চেকেণ্ডাৰী স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী আয়োনা মনছনক বুধবাৰে চিকিৎসকে মগজু মৃত্যু হোৱা বুলি ঘোষণা কৰে। ইয়াৰ পিছতে পিতৃ-মাতৃ আৰু দুই ভাই-ভনীয়ে কিশোৰীগৰাকীৰ অংগ দান কৰাৰ এক সাহসী সিদ্ধান্ত গ্ৰহণ কৰে। আয়োনাৰ এটা বৃক্ক তিৰুৱনন্তপুৰম মেডিকেল কলেজ হাস্পতালৰ এজন ৰোগীৰ সৈতে মিলি যোৱাত দূৰত্বৰ বাবে কৰ্তৃপক্ষই বিমানেৰে অংগটো অনাৰ পৰিকল্পনা কৰে। সেই মৰ্মে ইণ্ডিগোৰ…
Read More
শীৰ্ষ আদালতৰ ঐতিহাসিক ৰায়ঃ সাধাৰণ শ্ৰেণীতকৈ অধিক নম্বৰ পালে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে লাভ কৰিব জেনেৰেল আসন

শীৰ্ষ আদালতৰ ঐতিহাসিক ৰায়ঃ সাধাৰণ শ্ৰেণীতকৈ অধিক নম্বৰ পালে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে লাভ কৰিব জেনেৰেল আসন

সংৰক্ষণ সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দান কৰি উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে স্পষ্ট কৰি দিয়ে যে যদিহে সংৰক্ষিত শ্ৰেণীৰ (অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী) কোনো প্ৰাৰ্থীয়ে সাধাৰণ শ্ৰেণীৰ 'কাট-অফ'তকৈ অধিক নম্বৰ লাভ কৰে, তেন্তে তেওঁক অসংৰক্ষিত বা সাধাৰণ আসনতে নিযুক্তি দিব লাগিব। ন্যায়াধীশ এম এম সুন্দ্ৰেশ আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে এই ঐতিহাসিক ৰায় প্ৰদান কৰে। বিচাৰপীঠৰ মতে, অসংৰক্ষিত শ্ৰেণীটো কেৱল সাধাৰণ প্ৰাৰ্থীৰ বাবে কোনো 'কোটা' নহয়, বৰঞ্চ ই এক মুকলি শ্ৰেণী য'ত যিকোনো যোগ্য প্ৰাৰ্থীয়ে কেৱল মেধাৰ ভিত্তিত স্থান পাব পাৰে। উচ্চতম ন্যায়ালয়ে কেৰালা উচ্চ ন্যায়ালয়ৰ ২০২০ চনৰ এক ৰায়দান খাৰিজ কৰি এই মন্তব্য কৰে। উল্লেখ্য যে ভাৰতীয়…
Read More