অসম

মাৰ্চত অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল…

মাৰ্চত অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল…

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে মাৰ্চ মাহৰ প্ৰথমাৰ্ধত অসমত উপস্থিত হোৱাৰ কথা সোমবাৰে ৰাজ্যিক দলৰ নেতাসকলে অৱগত কৰে। আপৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সন্দীপ পাঠকৰ সৈতে অসম ভ্ৰমণ কৰিব কেজৰিৱালে। সূত্ৰ অনুসৰি, দলটোৰ ৰাজ্যিক ইউনিটৰ জ্যেষ্ঠ নেতাৰ এটা দলৰ সৈতে ভবেন চৌধুৰীয়ে নতুন দিল্লীত অৰবিন্দ কেজৰিৱাল আৰু সন্দীপ পাঠকৰ সৈতে বৈঠকত মিলিত হয়। দলটোৱে কেজৰিৱাল চৰকাৰে আৰম্ভ কৰা কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ বুজ লয়, য’ত মোহল্লা ক্লিনিক আৰু দিল্লী চৰকাৰী বিদ্যালয়ক দিয়া ফেচলিফ্ট আদিৰ বুজ লয়। দলটোৰ ৰাজ্যিক যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত ডুবেয়ে উল্লেখ কৰে যে, সন্দীপ পাঠকৰ সৈতে অৰবিন্দ কেজৰিৱালে অসমলৈ আহিলেই স্বয়ংক্ৰিয়ভাৱে ৰাজ্যৰ আপ সংগঠনক স্বতঃস্ফূৰ্ত…
Read More
গুৱাহাটীত যুৱকক অপহৰণ আৰু হত্যাৰ গোচৰত গ্ৰেপ্তাৰ নিউজ পৰ্টেলৰ ভিডিঅ’ এডিটৰসহ ৫ জনক…

গুৱাহাটীত যুৱকক অপহৰণ আৰু হত্যাৰ গোচৰত গ্ৰেপ্তাৰ নিউজ পৰ্টেলৰ ভিডিঅ’ এডিটৰসহ ৫ জনক…

গুৱাহাটীস্থিত এটা নিউজ পৰ্টেলৰ ভিডিঅ’ এডিটৰ এজনৰ লগতে আন ৫জনক গ্ৰেপ্তাৰ কৰিছে মহানগৰীৰ এজন যুৱকক অপহৰণ আৰু হত্যাৰ গোচৰত। এই কথা সোমবাৰে অৱগত কৰে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। সংবাদমেল সম্বোধন কৰি বৰাই বিগত বৰ্ষৰ ৯ অক্টোবৰৰ সন্ধিয়া ৰিক্সাত ঘৰলৈ উভতি অহাৰ সময়ত অপহৰণ কৰা বিশ্বজিৎ হাজৰিকাৰ অপহৰণ গোচৰৰ বিষয়ে অৱগত কৰে। অপহৰণকাৰীয়ে বিশ্বজিতৰ ভিডিঅ’ প্ৰেৰণ কৰি ৫০ লাখ টকা মুক্তিপণ বিচাৰিছিল। ৪০ লাখ টকাৰ বিনিময়ত ভুক্তভোগীক মুকলি কৰি দিয়া হয়। বৰাই কয়, “বিশ্বজিতৰ স্থান সম্পৰ্কে কোনো তথ্য পোৱা নগ’ল।” ১ নৱেম্বৰত এমাহৰ পাছত নেলী অঞ্চলত উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ যিটো পৰৱৰ্তী সময়ত বিশ্বজিতৰ মৃতদেহ বুলি চিনাক্ত হয়। ঘটনাৰ পিছতে…
Read More
ৰাজ্যত ২৪ ঘণ্টাৰ ভিতৰত দুবাৰকৈ অনুভূত হ’ল ভূমিকম্পৰ জোকাৰণি…

ৰাজ্যত ২৪ ঘণ্টাৰ ভিতৰত দুবাৰকৈ অনুভূত হ’ল ভূমিকম্পৰ জোকাৰণি…

বিগত ২৪ ঘন্টাত ৰাজ্যত দ্বিতীয়টাে ভূমিকম্পৰ জােকাৰণি। দেওবাৰে বিয়লি ৪ বাজি ১৮ মিনিটত ৪.੦ প্ৰাবল্যৰ ভূমিকম্পৰ জােকাৰণিৰ পিছত সােমবাৰে দিনৰ ১১ বাজি ৫৭ মিনিটত দ্বিতীয়টাে ভূমিকম্পৰ জােকাৰণি। এইবাৰ ইয়াৰ প্ৰাবল্য আছিল ৰিখ্টাৰ স্কেলত ৩.২। উৎপত্তি স্থলঃ হােজাই। Lat: 26.05 N, Long: 93.01 E উল্লেখ্য যে দেওবাৰে অনুভূত ভূমিকম্পৰ কেন্দ্ৰস্থল নগাওঁ আছিল। এই সন্দৰ্ভত বৰঝাৰ স্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰদান কৰা তথ্যঃ Date: 13/02/2023 M: 3.2Time: 11:57:27 ISTLat: 26.05 NLong: 93.01 EDepth: 10 KmRegion: Hojai, Assam দেওবাৰৰ ভূমিকম্পৰ সবিশেষঃ Date: 12/02/2023 M: 4.0Time: 16:18:17 ISTLat: 26.10 NLong: 92.72 EDepth: 10 KmRegion: Nagaon, Assam
Read More
ভয়ংকৰ ই-ৰিক্সা দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যু

ভয়ংকৰ ই-ৰিক্সা দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যু

ৰঙিয়াৰ বৰলীয়া নৈৰ দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত এজন কিশোৰ। নিয়ন্ত্ৰণ হেৰুৱাই দলঙত প্ৰচণ্ড খুন্দা এখন ই-ৰিক্সাৰ। ই-ৰিক্সাৰ পৰা পৰি গুৰুতভাৱে আহত হয় কিশোৰজন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ছাত্ৰজন সংকটজনক অৱস্থাত স্থানীয় ৰাইজে ৰঙিয়া মহকুমা চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। কিশোৰজন কামৰূপ জিলাৰ পিতাম্বৰৰ পিতাম্বৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম মান শ্ৰেণাৰ ছাত্ৰ নিতুমণি কলিতা বুলি জানিব পৰা গৈছে। বিদ্যালয়ৰ বিদায় সভাৰ বজাৰৰ বাবে ওলাই আহি দুৰ্ঘটনাত নিহত ছাত্ৰজন। দুৰ্ঘটনা সংঘটিত কৰা ই-ৰিক্সাখনৰ চালক বৰ্তমানেও পলাতক। ছাত্ৰজনৰ এনে আকস্মিক দুৰ্ঘটনাত মৃত্যুক কেন্দ্ৰ কৰি পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোতে কান্দোনৰ ৰোল।
Read More
বিজেপি নেত্ৰী উপমা বৰাৰ আকস্মিক মৃত্যু! ভুল চিকিৎসাৰ বলি হোৱাৰ অভিযোগ

বিজেপি নেত্ৰী উপমা বৰাৰ আকস্মিক মৃত্যু! ভুল চিকিৎসাৰ বলি হোৱাৰ অভিযোগ

ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ নগৰ মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী, শিৱসাগৰ পৌৰসভাৰ ১০নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ উপমা বৰাৰ আকস্মিক মৃত্যু। শিৱসাগৰ চহৰৰ প্ৰগতি নাৰ্ছিংহোমত শেষ নিশ্বাস ত্যাগ কৰে বৰাই। সমাজসেৱিকাগৰাকী মৃত্যুৰ পিছতে চিকিৎসকৰ চূড়ান্ত অৱহেলা আৰু ভুল চিকিৎসাৰ বাবেই মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে নাৰ্ছিংহোম চৌহদত বহু লোক উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। শিৱসাগৰ পৌৰসভাৰ ১০ নং ৱাৰ্ডৰ ৱাৰ্ড, কমিছনাৰ তথা ফুকন নগৰৰ নিবাসী উপমা বৰা চিকিৎসকৰ অৱহেলাত মৃত্যু হোৱাৰ পিচতে নিশা নাৰ্ছিংহোমখনত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে নাৰ্ছিংহোমত পুলিচ চি আৰ পি বাহিনী নিয়োগ কৰে। অতি নিষ্ঠাৰে ৰাজহুৱা কাম-কাজত সদাব্যস্ত জনপ্রিয় নেত্ৰীগৰাকীৰ মৃত্যু সন্দৰ্ভত…
Read More
জনপ্ৰিয় ইউটিউবাৰ প্ৰিয়লিনা নাথৰ ৰহস্যজনক মৃত্যু

জনপ্ৰিয় ইউটিউবাৰ প্ৰিয়লিনা নাথৰ ৰহস্যজনক মৃত্যু

গুৱাহাটীৰ বামুণীমৈদামত যুৱতীৰ ৰহস্যজনক মৃত্যু। ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ জনপ্ৰিয় ইউটিউবাৰ চাংকি ব্লগাৰৰ। মৃতদেহৰ কেইবাটাও স্থানত আঘাতৰ চিন পোৱা গৈছে ব্লগাৰ গৰাকীৰ। ইউটিউবাৰ প্ৰিয়লিনা নাথ নামৰ যুৱতীগৰাকীক হত্যাৰ অভিযোগ পৰিয়ালৰ। তিনিমাহৰ পূৰ্বে জামুগুৰি হাটৰ পংকজ নাথৰ সৈতে হৈছিল বিবাহ। পংকজ নাথৰ অনুৰাধা চিনেমা হলৰ সন্মুখত আছে ফাৰ্মাচী। চানমাৰি থানাত এজাহাৰ দাখিল যুৱতীগৰাকীৰ পৰিয়ালৰ। পৰিয়ালৰ অজ্ঞাতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰোৱাৰ অভিযোগ।
Read More
কাৰাবন্দী অবৈধ স্বামীক সাক্ষাতৰ বাবে দিব লাগে ধন! শাস্তিমূলক বদলি কোকৰাঝাৰ জিলা কাৰাগাৰৰ আৰক্ষীক…

কাৰাবন্দী অবৈধ স্বামীক সাক্ষাতৰ বাবে দিব লাগে ধন! শাস্তিমূলক বদলি কোকৰাঝাৰ জিলা কাৰাগাৰৰ আৰক্ষীক…

সাক্ষাতৰ বিনিময়ত উৎকোচ লৈ শাস্তিমূলক বদলি হ’ল কোকৰাঝাৰ জিলা কাৰাগাৰৰ আৰক্ষী। কোকৰাঝাৰ জিলা কাৰাগাৰৰ আৰক্ষীক শাস্তিমূলক বদলি কৰা হ’ল৷ শদিয়ালৈ বদলি হ’ল বিপ্লৱ সৰকাৰক৷দৰাচলতে কাৰাগাৰত আচামীক সাক্ষাতৰ বিনিময়ত উৎকোচ লৈছিল আৰক্ষীজনে৷ ঘটনাটো পোহৰলৈ অহাৰ পিছত কোকৰাঝাৰ জিলা উপায়ুক্তই তদন্তৰ ঘোষণা কৰিছিল| আৰু তদন্ত প্ৰক্ৰিয়াৰ অন্তত শাস্তিমূলক বদলি কৰা বিপ্লৱ সৰকাৰক৷
Read More
শোণিতপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড, পুত্ৰই মৰিয়াই হত্যা কৰিলে পিতৃক

শোণিতপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড, পুত্ৰই মৰিয়াই হত্যা কৰিলে পিতৃক

শোণিতপুৰৰ ৰঙাপাৰাত এক নৃশংস ঘটনা সংঘটিত হৈছে। ৰঙাপাৰাত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ। তাৰাজুলি চাহ বাগিচাৰ ৭ নং লাইনত সংঘটিত হৈছে এই ঘটনাটো। জানিব পৰা মতে পুত্ৰ কমল লাংগাৰে লাঠীৰে প্ৰহাৰ কৰে পিতৃ চমেল লাংগাৰক। পুত্ৰৰ লাঠীৰ প্ৰহাৰত মৃত্যু হ’ল পিতৃ চমেল লাংগাৰৰ। ঘটনাৰ পিছতে আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে পুত্ৰ কমল লাংগাক।
Read More
ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলমৰ আৰক্ষীৰ জিম্মাত আত্মহত্যাৰ চেষ্টা…

ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলমৰ আৰক্ষীৰ জিম্মাত আত্মহত্যাৰ চেষ্টা…

ৰঞ্জিত বৰা হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত শ্বাহ আলম তালুকদাৰে শুকুৰবাৰে গুৱাহাটীত আৰক্ষীৰ লকআপৰ ভিতৰতে আত্মহত্যাৰ চেষ্টা চলায়। আৰক্ষী বিষয়াৰ মতে, অভিযুক্ত শ্বাহ আলমে টয়লেটৰ মগটো ভাঙি মগটোৰ ভঙা অংশটোৰে হাতখন কাটিবলৈ চেষ্টা কৰে। উল্লেখ্য যে, ৰঞ্জিত বৰা আছিল পূৰবী ডেইৰীৰ বিতৰক। ২০২২ চনৰ ২১ নৱেম্বৰত গুৱাহাটীৰ পাঞ্জাবাৰী পথৰ সমীপত দুজন ব্যক্তিয়ে গুলীচালনা কৰে। ঘটনাটো সংঘটিত হয় মৃত ৰঞ্জিত বৰাই নিজৰ গাড়ীত ধন জমা কৰিবলৈ বেংকলৈ যোৱাৰ পথত যাৰ পিছতে বাইক আৰোহী দুজন দুষ্কৃতিকাৰীয়ে তেওঁৰ ডিঙিত গুলীচালনা কৰে। যদিও লগে লগে তেওঁক গৌহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। যোৱা ৬ ফেব্ৰুৱাৰীত শ্বাহ আলমক গুৱাহাটীত…
Read More
শোকাবহ ঘটনা! হাস্পতাললৈ নিয়াৰ সময়তে মৃত্যু গৰ্ভৱতী কিশোৰীৰ…

শোকাবহ ঘটনা! হাস্পতাললৈ নিয়াৰ সময়তে মৃত্যু গৰ্ভৱতী কিশোৰীৰ…

গুৱাহাটীঃ ৰাজ্যজুৰি বাল্য বিবাহ বিৰোধী অভিযান অব্যাহত থকাৰ সময়তে বঙাইগাঁৱত সংঘটিত কৰুণ ঘটনা। হাস্পতাললৈ নিয়াৰ সময়তে মৃত্যুক সাৱটিলে এগৰাকী সন্তানসম্ভৱা কিশোৰীয়ে। জানিব পৰা মতে, পৰিয়ালে ঘৰতে সন্তানটো প্ৰসৱ কৰিবলৈ চেষ্টা কৰাৰ সময়তে কিশোৰীগৰাকীৰ গুৰুতৰ জটিলতা আহি পৰে। স্বাস্থ্যৰ অৱস্থা অধিক বেয়া হোৱাৰ লগে লগে তেওঁক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়, য’ত চিকিৎসকে তেওঁক বঙাইগাঁওলৈ ৰেফাৰ কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ বঙাইগাঁওলৈ যোৱাৰ পথতে ১৬ বছৰীয়া গৰ্ভৱতী কিশোৰীগাকীৰ মৃত্যু হয়। অৱশ্যে জিলা আৰক্ষীয়ে মৃত কিশোৰীগৰাকীৰ স্বামী ছাহিনুৰ আলী আৰু পিতৃ আয়নাল হকক গ্ৰেপ্তাৰ কৰে। অধিক তদন্ত অব্যাহত আছে।
Read More