অসম

ডিব্ৰুগড়ৰ পৰা অপহৃত কিশোৰীক বঙাইগাঁৱৰ পৰা উদ্ধাৰ, ৩ অভিযুক্তক আটক…

ডিব্ৰুগড়ৰ পৰা অপহৃত কিশোৰীক বঙাইগাঁৱৰ পৰা উদ্ধাৰ, ৩ অভিযুক্তক আটক…

ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ পৰা অপহৃত কিশোৰীক বঙাইগাঁৱৰ পৰা উদ্ধাৰ আৰক্ষীৰ। বঙাইগাঁও জিলাৰ চৰ অঞ্চলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ১৭ বছৰীয়া কিশোৰীগৰাকীক। উল্লেখ্য যে, যোৱা ১ জানুৱাৰীত দুলীয়াজান থানাত আগৰৱালা উপাধিৰ কিশোৰীগৰাকী নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল পিতৃ-মাতৃয়ে। ৩১ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৬ বজাত টিউচনৰ বাবে কিশোৰীগৰাকী যোৱাৰ পিছতে সন্ধানহীন হৈ আছিল। পৰিয়ালৰ লোকে কিশোৰীগৰাকীক বৰপেটাৰ জাহিদুল আলী নামৰ এজন যুৱকে অপহৰণ কৰাৰ অভিযোগ কৰিছিল। লক্ষণীয়ভাৱে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই নাবালিকাগৰাকীৰ অপহৰণৰ তদন্ত কৰিবলৈ ডিব্রুগড় আৰক্ষীক নির্দেশ দিছিল৷ ইফালে কিশোৰীগৰাকীক আজি উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে অভিযুক্তৰ মোমায়েকসহ ৩ জনক আটক কৰিছে। অৱশ্যে মূল অভিযুক্তৰ সন্ধান এতিয়াও লাভ কৰা নাই আৰক্ষীয়ে।
Read More
ৰাজ্যত বৰ্তমানলৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সম্পূৰ্ণ হৈছে ৬৫,৪৬৯টা ঘৰঃ অশোক সিংঘাল

ৰাজ্যত বৰ্তমানলৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সম্পূৰ্ণ হৈছে ৬৫,৪৬৯টা ঘৰঃ অশোক সিংঘাল

অসমৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালে মঙলবাৰে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰৰ অধীনত আবণ্টিত ১.৫১ লাখ ঘৰৰ ভিতৰত ৰাজ্যত এই পৰ্যন্ত ৬৫,৪৬৯টা গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈছে। সংবাদমেলত সিংঘালে কয়, ‘আমি মুঠ ৬৫,৪৬৯টা ঘৰ সম্পূৰ্ণ কৰিছো আৰু ইয়াৰে ৩২,০০৩টা ঘৰ বিগত এবছৰৰ ভিতৰত নিৰ্মাণ কৰা হৈছে। আৰু প্ৰায় ৩২ হাজাৰ ঘৰ সম্পূৰ্ণ হোৱাৰ বিভিন্ন পৰ্যায়ত আছে।” তেওঁ আৰু কয় যে হিন্দুস্তান কাগজ কৰ্পৰ বন্ধ হৈ যোৱা নগাঁও কাগজ কলৰ পৰা অধিগ্ৰহণ কৰা ভূমিত চৰকাৰে নগাঁও জিলাৰ জাগীৰোডত এখন চেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ মনস্থ কৰিছে। তেওঁ কয়, ‘এইখন হ’ব বিশ্বমানৰ অমৃত-গুৱাহাটী সংহত নগৰ, যিখন ১০০০ একৰ মাটিত বিস্তৃত হ’ব। আমি…
Read More
অসম চৰকাৰক অৰ্পণ গোৱালপৰীয়া লোকশিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ ঐতিহাসিক হাৱা মহল…

অসম চৰকাৰক অৰ্পণ গোৱালপৰীয়া লোকশিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ ঐতিহাসিক হাৱা মহল…

গোৱালপৰীয়া লোক কিংবদন্তি পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ পৰিয়ালৰ সদস্যই ঐতিহাসিক মাটিয়াবাগ হাৱা মহল পুনৰুদ্ধাৰ আৰু সংৰক্ষণৰ বাবে অসম ৰাজ্যিক সাংস্কৃতিক বিভাগক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। এই হাৱা মহলটো আছিল লোক শিল্পীগৰাকীৰ বৈবাহিক ঘৰ আৰু ধুবুৰীৰ গৌৰীপুৰ জমিদাৰী বাগিচাৰ আইকন। ঐতিহাসিক হাৱা মহলৰ উপৰিও দেৱদাসৰ চলচ্চিত্ৰ নিৰ্মাতা প্ৰমথেশ চন্দ্ৰ বৰুৱা আৰু গৌৰীপুৰ জমিন্দৰী বাগিচাৰ ইতিহাসৰ সৈতে প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন আৰু খ্যাতি ৰক্ষাৰ বাবে সংগ্ৰহালয় স্থাপনৰ বাবে মাটিয়াবাগত মাটিও গতাই দিয়ে। ২৪টা কোঠা থকা হাৱা মহলৰ সমান্তৰালকৈ ঐতিহাসিক গৌৰীপুৰ বাগিচাখনৰ পৰা প্ৰতিমা বৰুৱা পাণ্ডে আৰু চলচ্চিত্ৰ নিৰ্মাতা প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ ঐতিহাসিক সামগ্ৰী, তৈলচিত্ৰ, প্ৰাচীন অস্ত্ৰ-শস্ত্ৰ, বিৰল ছবিকে ধৰি অন্যান্য ঐতিহাসিক সামগ্ৰীও চৰকাৰে…
Read More
দিছপুৰ বিধায়ক আৱাসৰ চৌহদৰ দোকান খালী কৰিবলৈ জাননী বিধানসভাৰ…

দিছপুৰ বিধায়ক আৱাসৰ চৌহদৰ দোকান খালী কৰিবলৈ জাননী বিধানসভাৰ…

গুৱাহাটীৰ দিছপুৰৰ পুৰণি বিধায়ক আৱাসৰ কমপ্লেক্সত অৱস্থিত দোকানখন খালী কৰিবলৈ দোকানীক নিৰ্দেশ জাৰি কৰিছে অসম বিধানসভাৰ অধ্যক্ষই। এই কমপ্লেক্সত বিধায়কৰ বাবে নতুন আৱাসিক বহুমহলীয়া অট্টালিকা নিৰ্মাণ কৰা হ’ব বুলি সুভাষ বৰ্মন নামৰ দোকানীজনক উক্ত অঞ্চলটো মুকলি কৰিবলৈ কোৱা হৈছে। এই সন্দৰ্ভত বৰ্মনক ২০ জানুৱাৰীৰ ভিতৰত দোকানখন খালী কৰিবলৈ কোৱা হৈছে। অসম বিধানসভাৰ অধ্যক্ষৰ নিৰ্দেশ অনুসৰি এই জাননী জাৰি কৰা হৈছে।
Read More
শোকাবহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে গীটাৰিষ্ট সাগৰ বুঢ়াগোহাঁইৰ…

শোকাবহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে গীটাৰিষ্ট সাগৰ বুঢ়াগোহাঁইৰ…

নিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এগৰাকী যুৱ শিল্পীৰ। কমাৰগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা নৈশ বাছ আৰু চাৰিচকীয়া বাহনৰ সংঘৰ্ষত মৃত্যু জনপ্ৰিয় গীটাৰিষ্ট সাগৰ বুঢ়াগোহাঁইৰ। জানিব পৰা মতে, নিশা যোৰহাট দিশৰ পৰা আহি থকা এআৰ ০১কিউ ৫৬০৭ নম্বৰৰ নৈশ বাছখনৰ সৈতে সংঘৰ্ষ ঘটে এএছ ০৩টি ৪৪৪৩ নম্বৰৰ চাৰিচকীয়া বাহনখনৰ। দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে কমাৰগাঁৱৰ পানীদিঙীয়া গাঁৱৰ নিৱাসী তথা জনপ্ৰিয় গীটাৰিষ্ট সাগৰ বুঢ়াগোহাঁইৰ।
Read More
চাপৰত চাইকেল আৰোহীক মহতিয়াই নিলে বলেৰ’ পিকআপ ভানে, মৃত্যু

চাপৰত চাইকেল আৰোহীক মহতিয়াই নিলে বলেৰ’ পিকআপ ভানে, মৃত্যু

ধুবুৰী জিলাত শনিবাৰে পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। জানিব পৰা মতে, নিহত প্ৰদীপ সূত্ৰধৰ নামৰ যুৱকজনে চাপৰত চাইকেল চলাই গৈ থকা অৱস্থাত এখন বলেৰ’ পিক আপ ভেনে তেওঁক মহতিয়াই নিয়ে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও আধা বাটতে মৃত্যু ঘটে। ইফালে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত হোৱা বাহনখন জব্দ কৰিছে আৰক্ষীয়ে।
Read More
গোৱাত অসম আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

গোৱাত অসম আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

শনিবাৰে গোৱাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকলক কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী আয়ুষ সৰ্বানন্দ সোণোৱালে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্বহীদ দিৱাস হিচাপে পালন কৰা এই দিৱসত অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত পালন কৰা হৈ আহিছে। উপকূলীয় ৰাজ্যখনলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী যোৱাৰ সময়তে পাঞ্জিমৰ ফ্ৰান্সিস্কো লুইছ গোমেছ গাৰ্ডেনত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত অসম ছ’চাইটি অৱ গোৱাৰ উদ্যোগত অসমীয়া জনগোষ্ঠীৰ সদস্যৰ লগতে গণ্যমান্য ব্যক্তি আৰু স্থানীয় লোকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি সোণোৱালে ১৯৭৯-১৯৮৫ চনৰ ছবছৰীয়া অসম আন্দোলনৰ শ্বহীদসকলৰ বীৰত্বৰ কথা মনত পেলাই দিয়ে।
Read More
দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল পুনৰ ২ ঘোচখোৰ কৰ্মচাৰী…

দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল পুনৰ ২ ঘোচখোৰ কৰ্মচাৰী…

দুৰ্নীতি নিবাৰক শাখাই শুকুৰবাৰে অভিযান চলাই ঘোচ লোৱাৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ কৰে লখিমপুৰ জিলাৰ জলসম্পদ বিভাগৰ মুখ্য সহায়ক আৰু নিম্ন সংমণ্ডল সহায়কক। লখিমপুৰৰ জলসম্পদ চক্ৰৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত দুৰ্নীতি বিৰোধী কোষৰ বিষয়াসকলে তালাচী অভিযান চলাই চৰকাৰী কৰ্মচাৰী দুজনক গ্ৰেপ্তাৰ কৰে। দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী দুজনক মুৰব্বী সহায়ক তৰুণ চন্দ্ৰ মৰাং আৰু এল ডি এ সমৰজ্যোতি শইকীয়া বুলি চিনাক্ত কৰা হৈছে। ঠিকাদাৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ বাবে অভিযোগকাৰীৰ পৰা উৎকোচ গ্ৰহণ কৰি থকাৰ সময়তে এই যুটিটো হাতে লোটে ধৰা পৰে।
Read More
মিছ নৰ্থ ইষ্ট ২০২২ত খিতাপ দখল মেঘালয়ৰ সুন্দৰী আইৰিন ডখাৰৰ…

মিছ নৰ্থ ইষ্ট ২০২২ত খিতাপ দখল মেঘালয়ৰ সুন্দৰী আইৰিন ডখাৰৰ…

বৃহস্পতিবাৰে নাগালেণ্ডৰ কোহিমাত অনুষ্ঠিত হোৱা মিছ নৰ্থ ইষ্ট ২০২২ৰ খিতাপ দখল কৰিছে মেঘালয়ৰ আইৰিন ডখাৰে। উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ মুঠ ১৪ গৰাকী প্ৰতিযোগীয়ে খিতাপৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে। নৰ্থ ইষ্ট বিউটি পেজেণ্ট অৰ্গেনাইজেশ্যনৰ উদ্যোগত আৰু বিউটি এণ্ড এষ্টেটিক ছ’চাইটি অৱ নাগালেণ্ড (BASN)ৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই মিছ নৰ্থ ইষ্ট প্ৰতিযোগিতাখন। উল্লেখযোগ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে মিছ নৰ্থ-ইষ্ট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। নাগালেণ্ড চৰকাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰা হয় এই প্ৰতিযোগিতা। প্রতিযোগিতাত বিজয়ী ঘোষণা কৰা ডখাৰে উপহাৰৰ টোপোলাৰ লগতে ১.৫ লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰে। এই প্ৰতিযোগিতাৰ পৰৱৰ্তী সংস্কৰণ ছিকিমত অনুষ্ঠিত হোৱাৰ কথা। ইফালে, প্ৰথম ৰানাৰ্ছ আপ আৰু দ্বিতীয় ৰানাৰ্ছ আপ হৈছে অসমৰ…
Read More
নিবনুৱাৰ বাবে ভাল খবৰঃ গুৱাহাটীত কেবিন ক্ৰুৰ বাবে আবেদন আহ্বান এয়াৰ এছিয়া ইণ্ডিয়াৰ

নিবনুৱাৰ বাবে ভাল খবৰঃ গুৱাহাটীত কেবিন ক্ৰুৰ বাবে আবেদন আহ্বান এয়াৰ এছিয়া ইণ্ডিয়াৰ

গুৱাহাটীঃ নিবনুৱাৰ বাবে এক সুখবৰ। গুৱাহাটীত কেবিন ক্ৰুৰ বাবে নিযুক্তি ঘোষণা কৰিছে এয়াৰ এছিয়া ইণ্ডিয়াই। ব্যতিক্ৰমী গ্ৰাহক সেৱা প্ৰদানৰ প্ৰতি ইচ্ছুক আবেদনকাৰীক বিমান সংস্থাটোৱে airasia.co.in/jointhecrew অথবা ছচিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে। ৬ অক্টোবৰ ২০২২, শনিবাৰে কিৰণশ্ৰী গ্ৰেণ্ডত অনুষ্ঠিত হ’বলগীয়া এই নিযুক্তি অভিযানত স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰমাণ পত্ৰ (HSC) বা প্ৰাক-বিশ্ববিদ্যালয় পাঠ্যক্ৰম (PUC) প্ৰমাণপত্ৰ (১০+২) থকা প্ৰাৰ্থী বা লিখিত আৰু কথিত ভাষা, ইংৰাজী আৰু হিন্দীৰ বিষয়ে ভালদৰে জ্ঞান থকা, আৰু বৈধ-ভাৰতীয় পাছপ'ৰ্ট থকা বিশ্ববিদ্যালয়ৰ প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব। লগতে প্ৰাৰ্থীসকলে নিৰ্ধাৰিত উচ্চতা আৰু বডি মাছ ইনডেক্স (BMI) মাপকাঠী পূৰণ কৰিব লাগিব। নিযুক্তি প্ৰক্ৰিয়াৰ সবিশেষ তলত…
Read More