অসম

ভাৰতকে ধৰি বিশ্বৰ ১০০ কোটিৰো অধিক শিশু ওপৰত জলবায়ু পৰিৱৰ্তনৰ গুৰুতৰ বিপদাশংকা

ভাৰতকে ধৰি বিশ্বৰ ১০০ কোটিৰো অধিক শিশু ওপৰত জলবায়ু পৰিৱৰ্তনৰ গুৰুতৰ বিপদাশংকা

ভাৰতকে ধৰি বিশ্বজুৰি ১০০ কোটিৰো অধিক শিশু জলবায়ু পৰিৱৰ্তনৰ গুৰুতৰ বিপদাশংকাত আছে।  ইউনিচেফে প্ৰকাশ কৰা এক নতুন প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। প্ৰতিবেদন অনুসৰি, ভাৰত, পাকিস্তান, আফগানিস্তান, মধ্য আফ্ৰিকান গণৰাজ্য, চাদ আৰু নাইজেৰিয়াৰ শিশুসকলৰ জলবায়ু পৰিৱৰ্তনৰ আশংকা আটাইতকৈ বেছি। ইউনিচেফে প্ৰকাশ কৰা অনুসৰি ভাৰতকে ধৰি এই দেশবোৰক জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত আটাইতকৈ বিপদাশংকা যুক্ত দেশসমূহত অন্তৰ্ভুক্ত কৰা হৈছে, য'ত জলবায়ু পৰিৱৰ্তনে শিশুসকলৰ বৰ্তমান আৰু ভৱিষ্যতক বিভিন্ন ধৰণে প্ৰভাৱিত কৰিছে। প্ৰতিবেদন অনুসৰি, জলবায়ু পৰিৱৰ্তনে শিশুসকলৰ স্বাস্থ্য, শিক্ষা আৰু সুৰক্ষাৰ বাবে এক গুৰুতৰ ভাবুকি সৃষ্টি কৰিছে। প্ৰতিবেদন অনুসৰি, পৃথিৱীৰ প্ৰায় আধা শিশু, যাৰ সংখ্যা ১০০ কোটিতকৈও অধিক তেওঁলোকে জলবায়ু পৰিৱৰ্তনৰ অতি উচ্চ বিপদাশংকা…
Read More
২৫ নৱেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন

২৫ নৱেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন

কেন্দ্ৰীয় চৰকাৰে সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালীন অধিৱেশনৰ বাবে ১৬ খন বিধেয়ক তালিকাভুক্ত কৰিছে, যাৰ ভিতৰত আছে ৱাকফ সংশোধনী বিধেয়ক। ইয়াৰ পাঁচখন নতুন বিধেয়ক অন্তৰ্ভুক্ত আছে। অমীমাংসিত বিধেয়কসমূহৰ ভিতৰত আছে ৱাকফ (সংশোধনী) বিধেয়ক, যাক দুয়োখন সদনৰ যুটীয়া সমিতিয়ে লোকসভাত প্ৰতিবেদন দাখিল কৰাৰ পিছত বিবেচনা আৰু গৃহীত কৰাৰ বাবে তালিকাভুক্ত কৰা হৈছে। সমিতিখনক শীতকালীন অধিৱেশনৰ প্ৰথম সপ্তাহৰ অন্তিম দিনটোত তেঁওলোকৰ প্ৰতিবেদন দাখিল কৰিব।শীতকালীন অধিৱেশন ২০ ডিচেম্বৰত সমাপ্ত হ'ব। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এখন সমিতিৰ প্ৰতিবেদনৰ ওপৰত আধাৰিত কৰি 'এক দেশ, এক নিৰ্বাচন' সম্পৰ্কীয় কোনো বিধেয়ক বৰ্তমান তালিকাভুক্ত কৰা হোৱা নাই। কেবিনেটে প্ৰতিবেদনখন অনুমোদন জনাইছে। চৰকাৰে তালিকাভুক্ত কৰা আন বিধেয়কখন…
Read More
বাকসা জিলাত বন্যহস্তীৰ দেহত ৰেডিঅ’ কলাৰ সংস্থাপন

বাকসা জিলাত বন্যহস্তীৰ দেহত ৰেডিঅ’ কলাৰ সংস্থাপন

অসমৰ বন বিভাগ আৰু বি টি আৰৰ অন্তৰ্গত বাকসা বন সংমণ্ডলে বাকসা জিলা আৰু আৰক্ষী প্ৰশাসনৰ সহায়ত গ্ৰহণ কৰা এক অভিলাষী পদক্ষেপৰ অংশ হিচাপে জিলাখনৰ কমেও ৫০ বন্যহস্তীৰ এটা জাকৰ এটা মখনাৰ দেহত সোমবাৰে ৰেডিঅ' ক'লাৰ সংস্থাপন কৰা হয় । মানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড: চি ৰমেশৰ নেতৃত্বত আৰু বাকসা বন সংমণ্ডলৰ ডি এফ অ’ গোলাপ বনিয়াৰ নিৰীক্ষণত বন বিভাগৰ লোক আৰু জীৱবিজ্ঞানীৰ সহায়ত এদল বিশেষজ্ঞ পশু চিকিত্সকে জাৰতালুক অঞ্চলত হাতীটোক ট্ৰেংকুলাইজড্ কৰি ৰেডিঅ' ক'লাৰ সংস্থাপন কৰে । পাছত হাতীটোক জকটোৰ সৈতে লগ লগাই দিয়া হয় । এছ বি আই ফাউণ্ডেশ্যন আৰু আমেৰিকাৰ মেছাচুচেটছ বিশ্ববিদ্যালয়ৰ অধ্যাপক কাৰ্টিছ গ্ৰীফিনৰ…
Read More
কৰিমগঞ্জ জিলাক নতুনকৈ ‘শ্রীভূমি জিলা’ হিচাপে নামকৰণ

কৰিমগঞ্জ জিলাক নতুনকৈ ‘শ্রীভূমি জিলা’ হিচাপে নামকৰণ

ৰাজ্য চৰকাৰে সলনি কৰিলে কৰিমগঞ্জ জিলাৰ নাম। কৰিমগঞ্জ জিলাক নতুনকৈ 'শ্রীভূমি জিলা' হিচাপে নামকৰণ কৰিছে ৰাজ্য চৰকাৰে। মঙলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত এই সিন্ধান্ত লোৱাৰ পিছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে কয়-ৰাজ্যৰ গাঁও, নগৰ, চহৰ, জিলাসমূহৰ নাম সেই স্থানৰ ঐতিহ্যৰ চানেকী হিচাপে নামাকৰণ কৰাৰ অংশ হিচাপে কৰিমগঞ্জ জিলাৰ নাম 'শ্রীভূমি জিলা' হিচাপে নামকৰণ কৰা হৈছে। ইতিমধ্যে বিভিন্ন গাঁও, ঠাইৰ নাম সলনি কৰা হৈছে। গাঁও তথা জিলাসমূহৰ নাম ঐতিহাসিক গুৰুত্বৰ লগতে অভিধানিক হোৱাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰসংগত কেবিনেটে লোৱা সিদ্ধান্তৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়-কেবিনেটত পঞ্চায়ত নির্বাচনক লৈ বিশদ আলোচনা কৰা হয়। ডিচেম্বৰৰ আগতে…
Read More
ঘগ্ৰাপাৰত অসম যুৱ-ছাত্র পৰিষদৰ একবিংশতিতম দ্বি-বাৰ্ষিক প্রতিনিধি সভা সম্পন্ন

ঘগ্ৰাপাৰত অসম যুৱ-ছাত্র পৰিষদৰ একবিংশতিতম দ্বি-বাৰ্ষিক প্রতিনিধি সভা সম্পন্ন

জাতীয়তাবাদী যুৱ - ছাত্র পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ  একবিংশতিতম  দ্বি-বাৰ্ষিক প্রতিনিধি আৰু বিষয় বাচনি সভাখন ঘগ্ৰাপাৰ নিম্ন বুনিয়াদী প্রাথমিক বিদ্যালয় প্রাংগণত দেওবাৰে অনুষ্ঠিত হয়। যুৱ-ছাত্র পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ সভাপতি চৰিফুল আলীয়ে সভাপতিত্ব কৰা প্ৰতিনিধি সভাৰ উদ্বোধক হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদ , নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ কলিতা। প্ৰতিনিধি সভাত সংগঠনটোৰ জিলা সাধাৰণ সম্পাদক যোগেশ কলিতাই সংগঠন শক্তিশালী কৰিব পৰা কেতবোৰ বিষয় সম্পৰ্কে প্ৰতিনিধিসকলৰ লগত আলোচনা কৰে । সভাত সংগঠনটোৰ জিলা সাংগঠনিক সম্পাদক বাবুল আলীয়ে সাংগঠনিক দিশ শক্তিশালী কৰাৰ ওপৰত বক্তব্য দিয়াৰ লগতে আগন্তুক দিনৰ কাৰ্যপন্থাৰ ওপৰত বাখ্যা কৰে। আনহাতে সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া…
Read More
দেশৰ দ্বিতীয় আটাইতকৈ দূষিত চহৰ ৰাজধানী দিল্লী

দেশৰ দ্বিতীয় আটাইতকৈ দূষিত চহৰ ৰাজধানী দিল্লী

দিল্লীত বায়ু প্ৰদূষণ নিৰন্তৰ ভাৱে বৃদ্ধি পাই আছে। দেওবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত বায়ুৰ গুণগত মানদণ্ড সূচক (একিউআই) আছিল ৪৪১। ইয়াৰ ফলত দিল্লী দেশৰ দ্বিতীয় আটাইতকৈ দূষিত চহৰ হিচাপে পৰিগণিত হয়। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ (চিপিচিবি) তথ্য অনুসৰি, হাৰিয়ানাৰ বাহাদুৰগড়ত সৰ্বাধিক একিউআই ৪৪৫, তাৰ পিছত দিল্লীত ৪৪১, হাৰিয়ানাৰ ভিৱানী ৪১৫ আৰু ৰাজস্থানৰ বিকানেৰত ৪০৪। দিল্লীৰ আনন্দ বিহাৰে সোমবাৰে পুৱা ৭ বজাত ৪৮৭ একিউআই ৰেকৰ্ড কৰে, আনহাতে আইজিআই বিমানবন্দৰৰ টি-৩ত একিউআই আছিল ৪৯৪। একিউআইক 'গুৰুতৰ' শ্ৰেণীত বিবেচনা কৰা হয়। দিল্লী-এনচিআৰত বায়ুৰ মানদণ্ড হ্ৰাস হোৱাৰ বাবে, আজিৰ পৰা গ্ৰেডেড ৰেচপন্স একচন প্লেনৰ (জিআৰএপি) চতুৰ্থ পৰ্যায় কাৰ্যকৰী কৰা হৈছে। জি.আৰ.এ.পি.-ৰ অধীনত, বায়ুৰ মানদণ্ড উন্নত কৰাৰ…
Read More
১০ দিনত গুৱাহাটী বিমানবন্দৰত ১.৭৪ লাখ যাত্ৰীৰ আহ-যাহ

১০ দিনত গুৱাহাটী বিমানবন্দৰত ১.৭৪ লাখ যাত্ৰীৰ আহ-যাহ

লোকপ্ৰিয়া গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় (এলজিবিআই) বিমানবন্দৰে ৬ নৱেম্বৰৰ পৰা ১০ দিনত ১.৭৪ লাখ যাত্ৰীৰ আহ-যাহ হয়।আদানি গ্ৰুপ নিয়ন্ত্ৰিত বিমানবন্দৰে এক বিবৃতিত কয়-গুৱাহাটীৰ এলজিবিআই বিমানবন্দৰে এই মাহৰ ১০ দিনত ১,২০২ খন বিমান সফলতাৰে পৰিচালনা কৰে, যিয়ে যাত্ৰীসকলৰ বাবে মসৃণ পৰিচালনা নিশ্চিত কৰিছে। বিমানবন্দৰটোৱে এই সময়ছোৱাত ১.৭৪ লাখতকৈও অধিক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ আহ-যাহ ৰেকৰ্ড কৰে। বিবৃতিত উল্লেখ কৰিছে যে ১৪ নৱেম্বৰত এলজিবিআই বিমানবন্দৰে ২০,৪১৩ জনৰো অধিক যাত্ৰী পৰিচালনা কৰিছিল, যি এই বছৰৰ সৰ্বাধিক পৰিচালনা আৰু ১৪৬খন বিমান যান-বাহন চলাচল (এটিএম)। একেটা উৎসৱৰ সপ্তাহতে, গুৱাহাটী বিমানবন্দৰে ১০ নৱেম্বৰত দ্বিতীয় সৰ্বাধিক যাত্ৰী যাতায়ত নথিভুক্ত কৰে। তেওঁলোকে ১৩১ খন বিমান সেৱাৰ সৈতে ২০,০১৬ জন…
Read More
শান্তি চুক্তিৰ পিছত বড়ো ভূমিত উন্নয়নৰ ঢৌ বলিছে: নৰেন্দ্ৰ মোদী

শান্তি চুক্তিৰ পিছত বড়ো ভূমিত উন্নয়নৰ ঢৌ বলিছে: নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ঐতিহাসিক ২০২০ চনৰ শান্তি চুক্তিৰ পিছত হিংসা পৰিহাৰ কৰি শান্তিৰ পথত খোজ দিয়াৰ বাবে বড়ো সম্প্ৰদায়ক প্ৰশংসা কৰি কয় যে এসময়ত আত্মগোন স্থান হিচাপে ব্যৱহৃত অসমৰ কিছু অংশৰ বনাঞ্চল এতিয়া যুৱসকলৰ উচ্চ উচ্চাকাংক্ষা পূৰণ কৰাৰ মাধ্যম হৈ পৰিছে। নতুন দিল্লীৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ ইন্দিৰা গান্ধী ক্ৰীড়া কমপ্লেক্সত দুদিনীয়া প্ৰথম বড়োলেণ্ড মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বড়ো শান্তি চুক্তি স্বাক্ষৰৰ পিছত অঞ্চলটোত উন্নয়নৰ এক নতুন ঢৌ আহিছে আৰু চৰকাৰে উত্তৰ-পূবত স্থায়ী শান্তি স্থাপনৰ বাবে নিৰন্তৰ চেষ্টা কৰি আছে। মোদীয়ে কয় যে বড়ো সম্প্ৰদায়ে প্ৰজন্মৰ হিংসাৰ পিছত কেইবা দশকৰ পিছত এটা উৎসৱ উদযাপন…
Read More
টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা টিম চাউথীৰ

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা টিম চাউথীৰ

নিউজিলেণ্ডৰ দ্ৰুত বলাৰ টিম চাউথীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। ২৮ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন খেলৰ ঘৰুৱা টেষ্ট শৃংখলাৰ পিছত তেওঁ তেওঁৰ টেষ্ট কেৰিয়াৰ সমাপ্ত কৰিব। তেওঁ ১৪ ৰ পৰা ১৮ ডিচেম্বৰলৈ হেমিল্টনত তেওঁৰ অন্তিম খন টেষ্ট মেচ খেলিব। ৩৫ বছৰীয়া চাউথীয়ে তেওঁৰ কেৰিয়াৰত মুঠ ১১২৪ টা উইকেট দখল কৰিছে। তেওঁ এতিয়ালৈকে নিউজিলেণ্ডৰ হৈ মুঠ ১০৪ খন টেষ্ট মেচ খেলিছে। এই সময়ছোৱাত তেওঁ ৩৮৫ জন বেটছমেনক আউট কৰিছে। টেষ্ট ক্ৰিকেটত, তেওঁ নিউজিলেণ্ডৰ হৈ দ্বিতীয় সৰ্বাধিক উইকেট সংগ্ৰহকাৰী। ছাৰ ৰিচাৰ্ড হেডলীয়ে ৪৩১ টা টেষ্ট উইকেট দখল কৰিছিল।
Read More
মণিপুৰলৈ ২০ টা অতিৰিক্ত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কোম্পানী প্ৰেৰণ

মণিপুৰলৈ ২০ টা অতিৰিক্ত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কোম্পানী প্ৰেৰণ

পাহাৰীয়া ৰাজ্য মণিপুৰত পুনৰ আইন-শৃংখলাজনিত সমস্যা দেখা দিয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) ২০ টা অতিৰিক্ত কোম্পানী প্ৰেৰণ কৰিছে। য'ত আছে প্ৰায় ২,০০০ জোৱান। সূত্ৰই কয় যে গৃহ মন্ত্ৰালয়ে মঙলবাৰে নিশা এই জোৱানসকলক তাৎক্ষণিকভাৱে বিমানেৰে মণিপুৰলৈ প্ৰেৰণ আৰু মোতায়েন কৰাৰ নিৰ্দেশ জাৰি কৰে। সোমবাৰে মণিপুৰৰ জিৰিবাম জিলাত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) সৈতে হোৱা ভয়ংকৰ সংঘৰ্ষত কমেও ১০ জন সন্দেহযুক্ত উগ্ৰপন্থী নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। জিৰিবাম জিলাৰ জাকুৰাধোৰত বড়োবেকাৰা আৰক্ষী থানা আৰু ওচৰৰ চিআৰপিএফ শিবিৰত ছদ্মবেশত থকা আৰু অত্যাধুনিক অস্ত্ৰৰে সজ্জিত উগ্ৰপন্থীয়ে নিৰ্বিচাৰ গুলীচালনা কৰাৰ সময়তে এই সংঘৰ্ষ সংঘটিত হয়। চিআৰপিএফে এক ভয়ংকৰ সংঘৰ্ষৰ পিছত…
Read More