Blog

শীঘ্ৰেই দাম বৃদ্ধি পাব গুটখাৰ

শীঘ্ৰেই দাম বৃদ্ধি পাব গুটখাৰ

অচিৰেই বৃদ্ধি পাব গুটখা, চিগাৰেট, শীতল পানীয়ৰ দাম! এইসমূহ সামগ্ৰীৰ GST বৃদ্ধিৰ সম্ভাৱনা প্ৰৱল। বৰ্তমানৰ ২৮ ৰ পৰা ৩৫% লৈ বৃদ্ধি হব পাৰে GST। ২১ ডিচেম্বৰত GSTৰ পৰিষদৰ বৈঠকত হ'ব পাৰে সিদ্ধান্ত। পানী, নোটবুক,চাইকেল আদি সামগ্ৰীৰ GST হ'ব পাৰে হ্ৰাস। জীৱনবীমা,স্বাস্থ্য বীমাৰ GST হ্ৰাসৰো সিদ্ধান্ত হ'ব পাৰে এই বৈঠকত।
Read More
অসম আৰক্ষীৰ বৃহৎ সফলতা

অসম আৰক্ষীৰ বৃহৎ সফলতা

শোণিতপুৰ আৰক্ষীয়ে ঢেকীয়াজুলীৰ বাতাচিপুৰত এক অভিযান চলায় ৷ অসম আৰক্ষীৰ কামাণ্ডো বাহিনীৰ সহযোগত শোণিতপুৰ আৰক্ষীয়ে অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত এলেকাত চলোৱা এক অভিযানত দলটোৱে যথেষ্ট সংখ্যক বিস্ফোৰক সামগ্ৰী আৰু গ্ৰেণেড উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।এক বিশেষ অনুসন্ধানৰ দ্বাৰা বাতাচিপুৰৰ সন্দেহজনক স্থানত আৰক্ষীয়ে ঠাইডোখৰ খন্দাৰ পাচত ৩৬ মডেলৰ পাঁচটা হেণ্ড গ্ৰেণেড আৰু ডিটনেটৰসমূহ সক্ৰিয় অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এক বিশেষ অনুসন্ধানৰ দ্বাৰা বাতাচিপুৰৰ সন্দেহজনক স্থানত আৰক্ষীয়ে ঠাইডোখৰ খন্দাৰ পাচত ৩৬ মডেলৰ পাঁচটা হেণ্ড গ্ৰেণেড আৰু ডিটনেটৰসমূহ সক্ৰিয় অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
Read More
হাইব্ৰিড মডেলত চেম্পিয়নছ ট্ৰফীৰ আয়োজন

হাইব্ৰিড মডেলত চেম্পিয়নছ ট্ৰফীৰ আয়োজন

ভাৰত আৰু পাকিস্তানে ২০২৪ চনৰ পৰা ২০২৮ চনলৈ চেম্পিয়নছ ট্ৰফী আৰু আইচিচি ইভেণ্টৰ বাবে এক হাইব্ৰিড মডেলৰ ওপৰত সন্মত প্ৰকাশ কৰিছে। আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) কৈছে যে ভাৰত আৰু পাকিস্তানে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ বাবে এক হাইব্ৰিড মডেলৰ ওপৰত সন্মত হৈছে। দুয়োপক্ষৰ মাজত হোৱা চুক্তি অনুসৰি, আঠটা দলৰ চেম্পিয়নছ ট্ৰফী টাইত ভাৰতৰ খেলসমূহ নিৰপেক্ষ স্থানত খেলা হ'ব। ইয়াৰ বিনিময়ত ভাৰতত অনুষ্ঠিত হ'বলগীয়া আইচিচি ইভেণ্টত ভাৰতৰ সৈতে পাকিস্তানৰ মেচসমূহো নিৰপেক্ষ স্থানত অনুষ্ঠিত হ'ব। পৰৱৰ্তী চাৰি বছৰৰ বাবে, যিকোনো আইচিচি টুৰ্ণামেণ্টৰ সময়ত ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলবোৰ নিৰপেক্ষ স্থানত খেলা হ'ব। ভাৰত আৰু পাকিস্তানৰ দলে অহা কেইবছৰমানৰ ভিতৰত তিনিবাৰ ইজনে আনজনৰ মুখামুখি…
Read More
সংসদ ভৱনৰ প্ৰৱেশ দ্বাৰত প্ৰতিবাদ কৰিব নোৱাৰিব ৰাজনৈতিক দলে

সংসদ ভৱনৰ প্ৰৱেশ দ্বাৰত প্ৰতিবাদ কৰিব নোৱাৰিব ৰাজনৈতিক দলে

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদন চৌহদত শাসক-বিৰোধী সংসদৰ মাজত হাতাহাতিৰ পিছত এক কঠোৰ নিৰ্দেশ জাৰি কৰিছে। অধ্যক্ষগৰাকীয়ে কয় যে এতিয়াৰ পৰা কোনো ৰাজনৈতিক দল, সাংসদ বা সাংসদৰ গ্ৰুপে সংসদ ভৱনৰ যি কোনো প্ৰৱেশ দ্বাৰত কোনো ধৰণৰ প্ৰতিবাদ বা ধৰ্ণা কৰিব নোৱাৰিব। এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে যে কোনো ৰাজনৈতিক দল, সংসদৰ সদস্য বা সদস্যৰ গোটে সংসদ ভৱনৰ গেটত কোনো ধৰণৰ প্ৰতিবাদ কৰিব নোৱাৰিব। বিৰোধী দলৰ সদস্যসকলে বৃহস্পতিবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে বাবাচাহেব আম্বেদকাৰ সন্দৰ্ভত কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে বিজেপি সাংসদসকলে কংগ্ৰেছক বাবাচাহেব আম্বেদকাৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি এক প্ৰতিবাদ…
Read More
নেটৱৰ্ক১৮ আৰু ওলা ইলেক্ট্ৰিক হ’ষ্ট গ্ৰীণ ভাৰত কনক্লেভ ইভি এডপচন ড্ৰাইভ কৰিবলৈ

নেটৱৰ্ক১৮ আৰু ওলা ইলেক্ট্ৰিক হ’ষ্ট গ্ৰীণ ভাৰত কনক্লেভ ইভি এডপচন ড্ৰাইভ কৰিবলৈ

ভাৰতৰ আগশাৰীৰ মিডিয়া সংঘবদ্ধ সংস্থা নেটৱৰ্ক১৮-এ ভাৰতৰ সৰ্ববৃহৎ পিউৰ-প্লে ইলেক্ট্ৰিক বাহন (ইভি) কোম্পানী অলা ইলেক্ট্ৰিকৰ সহযোগত বাৰ্ষিক কনক্লেভ গ্ৰীণ ভাৰতৰ উদ্বোধনী সংস্কৰণৰ সামৰণি মাৰে। ইভিৰ অৰ্থনৈতিক, পৰিৱেশ, আৰু সমাজৰ সুবিধাসমূহৰ সৈতে মোকাবিলা কৰাৰ লগতে ইয়াৰ ব্যাপক গ্ৰহণত বাধাৰ সৃষ্টি কৰা মূল প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰি ভাৰতৰ বহনক্ষম গতিশীলতালৈ পৰিৱৰ্তনৰ বাবে আখ্যান গঢ় দিয়াৰ লক্ষ্য আছিল এই অনুষ্ঠান। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰী আৰু কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পিয়ুষ গোৱালকে ধৰি বিশিষ্ট অতিথিসকলে কনক্লেভত সন্মানীয় অতিথি হিচাপে শোভা বঢ়ায়। শ্ৰী নীতিন গাডকাৰীয়ে সেউজ গতিশীলতা খণ্ডত ভাৰতৰ অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, আনহাতে শ্ৰী পিযুষ গোৱালে…
Read More
খো খো বিশ্বকাপৰ ব্ৰেণ্ড এম্বেচেডৰ ছলমান খান

খো খো বিশ্বকাপৰ ব্ৰেণ্ড এম্বেচেডৰ ছলমান খান

ভাৰতীয় খো খো ফেডাৰেশ্যনে (কেকেএফআই) নতুন দিল্লীত ১৩ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰী, ২০২৫ ৰ ভিতৰত অনুষ্ঠিত হ'বলগীয়া খো খো বিশ্বকাপৰ প্ৰথম সংস্কৰণৰ প্ৰচাৰৰ বাবে ভাৰতীয় চুপাৰষ্টাৰ ছলমান খানক ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিয়োগ কৰাৰ কথা ঘোষণা কৰে। জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় খেলুৱৈ প্ৰশিক্ষণ শিবিৰত সংবাদ মাধ্যমৰ সন্মুখত এই ঘোষণা কৰা হয়, য'ত কেকেএফআইৰ সভাপতি সুধাংশু মিত্তাল, সাধাৰণ সম্পাদক এম এছ ত্যাগীৰ লগতে ভাৰতীয় পুৰুষ আৰু মহিলা খেলুৱৈ আৰু প্ৰশিক্ষক উপস্থিত আছিল। ছলমান খানে প্ৰথম খো খো বিশ্বকাপৰ এম্বেচেডৰ হিচাপে নিয়োগ কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে, খেলখনৰ সৈতে তেওঁৰ ইতিহাসৰ কথা সোঁৱৰে।
Read More
পুনৰ নিষিদ্ধ হ’ল ম’হ যুঁজ

পুনৰ নিষিদ্ধ হ’ল ম’হ যুঁজ

ৰাজ্যত পুনৰ নিষিদ্ধ হ'ল ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ। এইবাৰ মাঘ বিহুৰ সময়ত হাজোৰ বুলবুলি চৰাইৰ যুঁজ আৰু আঁহতগুৰিৰ ম’হ যুঁজ দেখিবলৈ পোৱা নাযাব। শেহতীয়াকৈ এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান কৰে।ন্যায়ালয়ে এই ৰায় প্ৰদান কৰাৰ লগতে ২০২৩ চনৰ ২৭ ডিচেম্বৰত ৰাজ্য চৰকাৰে জাৰি কৰা এছ অ’ পি খাৰিজ কৰে। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পাছতেই এইবাৰ মাঘ বিহুৰ সময়ত হাজোত বুলবলি চৰাইৰ যুঁজ আৰু আঁহতগুৰিত ম’হ যুঁজ অনুষ্ঠিত কৰিব নোৱাৰিব।উল্লেখ্য যে, বছৰ বছৰ ধৰি মাঘ বিহুৰ সময়ত ৰাজ্যত ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হৈ আহিছে। হাজোৰ বুলবুলি চৰাই যুঁজ আৰু আঁহতগুৰিৰ ম’হ যুঁজ বিখ্যাত। ইয়াৰ মাজতে…
Read More
জামিন লাভ চুমি বৰাৰ

জামিন লাভ চুমি বৰাৰ

CBIৰ অন্তিমটো গোচৰত জামিন লাভ চুমি বৰাৰ। ট্ৰেডিং কেলেংকাৰিৰ গোচৰত কাৰাবন্দী হৈ আছে চুমি। ডিব্ৰুগড় থানাৰ 352/24 নম্বৰ গোচৰত জামিন লাভ। গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰে জামিন। জামিন পালেও কাৰাবন্দী হৈ থাকিব লাগিব চুমি। ট্ৰেডিং কেলেংকাৰিত চুমিৰ বিৰুদ্ধে ৰুজু হৈ আছে আন দুটা গোচৰ। বৰবৰুৱা থানা আৰু দুলীয়াজান থানাত ৰুজু হৈ আছে গোচৰ।
Read More
জম্মু-কাশ্মীৰত পুনৰ সংঘৰ্ষ

জম্মু-কাশ্মীৰত পুনৰ সংঘৰ্ষ

জম্মু আৰু কাশ্মীৰৰ বহুতো অঞ্চলত অব্যাহত আছে সুৰক্ষা বাহিনীৰ অভিযান। ইয়াৰ মাজতে কুলগামত সেনা-সন্ত্ৰাসবাদীৰ মাজত চলিছে ভয়ংকৰ সংঘৰ্ষ। সংঘৰ্ষত সেনাৰ গুলীত নিহত হৈছে ৫টাকৈ সন্ত্ৰাসবাদী।এনকাউণ্টাৰৰ এদিন পূৰ্বে ভাৰতীয় সেনাৰ সৈন্যই কুপৱাৰাত উদ্ধাৰ কৰিছিল অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী।চলিত বৰ্ষত জম্মু আৰু কাশ্মীৰত কেইবাটাও সন্ত্ৰাসবাদী ঘটনা সংঘটিত হৈছে। ২০ অক্টোবৰত, মধ্য কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৭ জন লোক নিহত হৈছিল। এই ঘটনাৰ পূৰ্বে কাশ্মীৰত কাম কৰা বাহিৰৰ লোকসকলৰ ওপৰতো আক্ৰমণ কৰা হৈছিল।
Read More
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক ভ্ৰমণত ভূটানৰ সৈতে সম্পৰ্ক শক্তিশালী কৰে

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক ভ্ৰমণত ভূটানৰ সৈতে সম্পৰ্ক শক্তিশালী কৰে

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইচ.ই. পাৰো বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ভূটানৰ বৈদেশিক পৰিক্ৰমা আৰু বৈদেশিক বাণিজ্য মন্ত্ৰী লিয়নপো ডি.এন. ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে দেশৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনত ৰাজ্যিক অতিথি হিচাপে অংশগ্ৰহণৰ আমন্ত্ৰণত তিনিদিনীয়া এই ভ্ৰমণ। থিম্ফুত মুখ্যমন্ত্ৰীক পৰম্পৰাগত ভূটানী নৃত্য আৰু অসমৰ চিনাকি বিহু নৃত্যৰ বিশেষ পৰিবেশনেৰে আদৰণি জনোৱা হয়। এই ভ্ৰমণৰ সময়ত শ্ৰী হিমন্ত বিশ্ব শৰ্মাই থিম্ফুত অনুষ্ঠিত এডভান্টেজ আছাম ২.০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে, য’ত তেওঁ ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেৰ সৈতে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই ভাৰত আৰু ভূটানৰ মাজত অধিক সহযোগিতাৰ পথ অন্বেষণ কৰে। ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকৰ উপস্থিতিতো এই…
Read More