21
Jun
ক'ভিড -১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যজুৰি চলি থকা অৰ্ধ লকডাউনৰ মাজতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ১৮ বছৰ উৰ্ধৰ সকলোৱে যাতে ক'ভিড প্ৰতিষেধক টিকা গ্ৰহণ কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । সমান্তৰালভাৱে চৰকাৰে স্বেচ্ছাসেৱী বা অনা চৰকাৰী সংগঠন সমূহেও যাতে ক"ভিডৰ বিৰুদ্ধে চলি থকা যুদ্ধখনত সহায়ৰ হাত আগবঢ়াই তাৰ বাবে আহ্বান জনাইছিল । সেই আহ্বানৰ প্ৰতি সঁহাৰি দি গুৱাহাটীৰ গড়চুকৰ কাষৰীয়া মইনাখোৰোং মজলীয়া বিদ্যালয়ত আজিৰে পৰা মইনাখোৰোং আদৰ্শ চিকিৎসালয়ৰ উদ্যোগত আৰু অঞ্চলটোৰ সামাজিক , সাংস্কৃতিক , ক্ৰীড়া অনুষ্ঠান ইয়ং গ্ৰীণ ক্লাৱৰ সহযোগত আৰম্ভ হৈছে ক'ভিডৰ বিশেষ টিকাকৰণ শিবিৰ । প্ৰথম দিনতোতে আজি ১৮ বছৰ উৰ্ধৰ ১৫০ জন লোকক প্ৰথম…
