Blog

বাইচান্সৰ লাইচেন্স নাই! কেতিয়াবা যদি কিবা অঘটন হয়… বিধায়ক ৰমাকান্ত দেউৰীৰ PSOৰ সপক্ষে যুক্তি

বাইচান্সৰ লাইচেন্স নাই! কেতিয়াবা যদি কিবা অঘটন হয়… বিধায়ক ৰমাকান্ত দেউৰীৰ PSOৰ সপক্ষে যুক্তি

"বাইচান্সৰ লাইচেন্স নাই! কেতিয়াবা যদি কিবা অঘটন হয়…" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়ক, ভিআইপিৰ পিএছঅ' উঠাই লোৱাৰ ঘোষণা কৰাৰ পিছত ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাধাৰণ লোকে মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ সমৰ্থন কৰিছে ঠিকেই, কিন্তু পিএছঅ'ৰ মাজত ঘূৰি নিজকে ভিআইপি-ভিভিআইপি অনুভৱ কৰা আন বহুতেই অসন্তুষ্ট হৈ পৰিছে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তত। তেনে ধৰণেই অসন্তুষ্টি ব্যক্ত কৰিছে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। বিতৰ্কিত মন্তব্যৰে প্ৰায়ে চৰ্চাত থকা বিধায়কজনে যুক্তি দিলে পিএছঅ'ৰ প্ৰয়োজনীয়তাৰ। বিধায়ক ৰমাকান্ত দেউৰীয়ে পিএছঅ'ৰ সপক্ষে যুক্তি দি ক'লে- "যদি পিএছঅ' নাথাকে তেন্তে সাধাৰণ জনতা আৰু জনপ্ৰতিনিধিৰ মাজত পাৰ্থক্য ক'ত থাকিব?" বিধায়কজনৰ মতে, বাইচান্সৰ লাইচেন্স নাই। গতিকে যদি কিবা এটা হৈ যায়, তেন্তে…
Read More
কোভিড ভেকচিন বাধ্যতামূলক নহয়; উচ্চতম ন্যায়ালয়ত জনালে কেন্দ্ৰীয় চৰকাৰে

কোভিড ভেকচিন বাধ্যতামূলক নহয়; উচ্চতম ন্যায়ালয়ত জনালে কেন্দ্ৰীয় চৰকাৰে

অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ঘৰে-ঘৰে গৈ বিভিন্নজনক তেওঁলােকৰ ইচ্ছাৰ বিপৰীতে ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰধান কৰিছে। ইতিমধ্যে এনে বহু ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। ইয়াৰ লগতে অসম চৰকাৰৰ তথা দেশৰ অন্য কেবাখনাে ৰাজ্যৰ চৰকাৰেও ক’ভিড-১৯ৰ ভেকচিন নােলােৱা লােকসকলক বিভিন্ন চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ কথা ঘােষণা কৰিছে। অসম চৰকাৰে ৰাজহুৱা স্থানত প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে তেনে লােকৰ ওপৰত জৰিমনা বিহাৰ কথাও ঘােষণা কৰিছে। তেনে সময়তে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা এক শপতনামাই চৰকাৰৰ এনে ব্যৱস্থাক লৈ প্ৰশ্নৰ উদ্ৰেক ঘটাইছে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত কৈছে যে কোভিড প্ৰতিষেধক লােৱাটাে বাধ্যতামূলক নহয় আৰু কোনো ব্যক্তিক তেওঁলোকৰ ইচ্ছাৰ…
Read More
এসপ্তাহৰ বাবে স্থগিত পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন, কাৰণ…

এসপ্তাহৰ বাবে স্থগিত পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন, কাৰণ…

পঞ্জাৱৰ ৰাজনৈতিক দলসমূহৰ আহ্বানৰ পিছতে এসপ্তাহৰ বাবে স্থগিত ৰখা হৈছে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন। নিৰ্বাচন আয়োগে সোমবাৰে ঘোষণা কৰা অনুসৰি, ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন পূৰ্বৰ ১৪ ফেব্ৰুৱাৰীৰ পৰিবৰ্তে ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব। গুৰু ৰবিদাস জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱৰ সকলো ৰাজনৈতিক দলে নিৰ্বাচন আয়োগক এসপ্তাহৰ বাবে ভোটদান স্থগিত ৰাখিবলৈ আহ্বান জনোৱাৰ পিছতে পিছুৱাই দিয়া হয় ভোটগ্ৰহনৰ তাৰিখ। পঞ্জাৱৰ সকলো ৰাজনৈতিক দলে নিৰ্বাচন আয়োগক ভোটদানৰ তাৰিখ বৃদ্ধি কৰিবলৈ নিৰন্তৰ আহ্বান জনাই আহিছিল। নিৰ্বাচন আয়োগে সোমবাৰে এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত নিৰ্বাচন আয়োগে গুৰু ৰবিদাস জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি বিধানসভা নিৰ্বাচনৰ ভোটদান ৬ দিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।…
Read More
চনিৰ ডব্লিউএফ-১০০০এক্সএম৪ ৱায়াৰলেচ ইয়াৰবাড

চনিৰ ডব্লিউএফ-১০০০এক্সএম৪ ৱায়াৰলেচ ইয়াৰবাড

চনি ইণ্ডিয়াই নতুন ডব্লিউএফ-১০এক্সএম৪ ঘোষণা কৰিছে – সমালোচকৰ দ্বাৰা প্ৰশংসিত ১০০০এক্স শৃংখলাত সঁচাকৈয়ে বেতাঁৰ শ্ৰেণীত শেহতীয়া সংযোজন। ডব্লিউএফ-১০০০এক্সএম৪-এ ব্যতিক্ৰমী মানদণ্ডত অডিঅ' সমল প্ৰদান কৰিবলৈ উচ্চ-ৰিজলিউশ্বন অডিঅ' ৱায়াৰলেচ সমৰ্থন কৰে। ডব্লিউএফ-১০০০এক্সএম৪-ত এডাপ্টিভ চাউণ্ড কণ্ট্ৰোল ও আছে, এক স্মাৰ্ট সুবিধা যি ব্যৱহাৰকাৰী ক'ত আছে আৰু তেওঁ কি কৰি আছে অনুভৱ কৰে – উদাহৰণ স্বৰূপে, ভ্ৰমণ, খোজ কঢ়া বা অপেক্ষা কৰা – তাৰ পিছত আদৰ্শ শ্ৰৱণ অভিজ্ঞতাৰ বাবে পৰিৱেশৰ ধ্বনি ছেটিংছ মিলাই লয়। চুম্বকৰ পৰিমাণ ২০% বৃদ্ধিৰ সৈতে নতুনকৈ ডিজাইন কৰা ৬ মিমি ড্ৰাইভাৰ ইউনিটেও ডব্লিউএফ-১০০০এক্সএম৪-ৰ শব্দ বাতিল কৰাৰ ক্ষমতা উন্নত কৰে। ডব্লিউএফ-১০০০এক্সএম৪ সৰু আৰু পাতল হ'বলৈ ডিজাইন কৰা হৈছে। কাণৰ কলিবোৰে ৮…
Read More
ভাগি পৰিল চেপন চূণপোৰা সংযোগী পথৰ দিচাং নৈৰ ওপৰৰ পকী দলং

ভাগি পৰিল চেপন চূণপোৰা সংযোগী পথৰ দিচাং নৈৰ ওপৰৰ পকী দলং

ভাগি পৰিল শিৱসাগৰ জিলাৰ চেপন চূণপোৰা সংযোগী পথৰ এখন দলং। পথটোৰ বকতা অঞ্চলত দিচাং নৈৰ ওপৰত থকা পকী এখন দলং মাজতে ভাঙি পৰাত ব্যাহত হৈ পৰিছে অঞ্চল দুটাৰ যাতায়াত। দেওবাৰে পুৱা ৯ বজাত এখন শিলভৰ্তি ডাম্পাৰ দলং খনেদি পাৰ হওঁতেই আকস্মিকভাৱে মাজতে ভাগি পৰে দলংখন। সম্প্ৰতি বৃহত্তৰ বকতা অঞ্চলৰ ৰাইজৰ শিৱসাগৰ, নাজিৰা, শিমলুগুৰি অঞ্চলৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ১৯৭১ চনৰ পৰা নিৰ্মাণ আৰম্ভ কৰা দলংখনৰ ১৯৭৭ চনত নিৰ্মাণ সম্পূৰ্ণ হৈছিল আৰু বিগত এক দশকজুৰি দলংখন অতি দুৰ্বল হৈ পৰিছিল। দলংখন মেৰামতিৰ বাবে ৰাইজে বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পাছতো কাণসাৰ দিয়া নাছিল কৰ্তৃপক্ষই। এতিয়া আকস্মিকভাৱে দলংখন ভাঙি পৰাত ক্ষোভিত হৈ…
Read More
লখৰাত ২.৪৪ গ্ৰাম হেৰোইন আৰু ২.৪৫৪ কিলোগ্ৰাম গাঞ্জাসহ এজনক আটক

লখৰাত ২.৪৪ গ্ৰাম হেৰোইন আৰু ২.৪৫৪ কিলোগ্ৰাম গাঞ্জাসহ এজনক আটক

গড়চুক আৰক্ষী থানাৰ পশ্চিম গুৱাহাটী আৰক্ষী বিভাগৰ (ডব্লিউজিপিডি) এটা দলে দেওবাৰে লখৰা অঞ্চলৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। আটকাধীন সৰবৰাহকাৰীজনক কলাইগাঁৱৰ বাসিন্দা ৰাহুল পাল ওৰফে বিশ্ব বুলি চিনাক্ত কৰা হৈছে। দেওবাৰে সন্ধিয়া আৰক্ষীয়ে চলোৱা অভিযানত সৰবৰাহকাৰী জনক আটক কৰা হয়। গুৱাহাটী আৰক্ষীৰ টুইটাৰ হেণ্ডেলে জনাইছে যে সৰবৰাহকাৰীজনৰ পৰা মুঠ ২.৪৪ গ্ৰাম হেৰোইন আৰু ২.৪৫৪ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত সৰবৰাহকাৰীজনে দীৰ্ঘদিন ধৰি গুৱাহাটীৰ লখৰা অঞ্চলত ড্ৰাগছ আৰু গাঞ্জাৰ অবৈধ ব্যৱসায় চলাই আহিছিল। প্ৰাপ্ত তথ্যৰ ওপৰত আধাৰিত কৰি, গড়চুক আৰক্ষীয়ে অভিযান চলাই পেডলাৰজনক ধৰিবলৈ সক্ষম হয়।
Read More
আজি শিল্পী দিৱস…

আজি শিল্পী দিৱস…

আজি শিল্পী দিৱস। ৰাজ্যজুৰি আজি পালন হৈছে শিল্পী দিৱস। ৰূপকোঁ‌ৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্ম আৰু সাধনাৰ থলী ঐতিহ্যমণ্ডিত তেজপুৰ শিল্পী গৰাকীৰ কালজয়ী গীত-মাত আৰু কবিতাৰে মুখৰিত হৈ পৰে। সেই অনুসৰি পুৱাতেই তেজপুৰ চহৰৰ কমলানগৰস্থিত সমাধিস্থলীত উপস্থিত হৈ বিভিন্ন দল-সংগঠন, শিল্পী, সাহিত্যিক আৰু ৰাইজে কোভিড প্ৰট'কল মানি শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতেদি জ্যোতি ভাৰতীতো শিল্পী দিৱসৰ উদযাপন কৰা হয়।
Read More
কিংবদন্তী কথক নৃত্যশিল্পী বিৰ্জু মহাৰাজ আৰু নাই!

কিংবদন্তী কথক নৃত্যশিল্পী বিৰ্জু মহাৰাজ আৰু নাই!

ভাৰতৰ কিংবদন্তী কথক নৃত্যশিল্পী বিৰ্জু মহাৰাজৰ সোমবাৰে পুৱতি নিশা হৃদৰোগত আক্ৰান্ত হৈ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ। প্ৰখ্যাত নৃত্যশিল্পীগৰাকীৰ নাতিনী ৰাগিনী মহাৰাজে প্ৰকাশ কৰা মতে, নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকে অন্তক্ষৰী' খেলি থকাৰ সময়তে অসুস্থ হৈ পৰে বিৰ্জু মহাৰাজ। ভাৰতৰ অন্যতম জনপ্ৰিয় কথক নৃত্যশিল্পীগৰাকী বৃক্কৰ ৰোগত আক্ৰান্ত আছিল আৰু ডায়েলাইচিছ চিকিৎসাধীন আছিল। উল্লেখ্য যে, ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণেৰে সন্মানিত বিৰ্জু মহাৰাজৰ জন্ম হৈছিল ১৯৩৭ চনৰ ৪ ফেব্ৰুৱাৰীত। তেওঁৰ প্ৰকৃত নাম আছিল ব্ৰজ মোহন নাথ মিশ্ৰ। কিন্তু কথক নৃত্যক বিশ্বমুখী মাত্ৰা প্ৰদান কৰি তেওঁ বিৰ্জু মহাৰাজ নামেৰে পৰিচিত হৈ পৰে। আনহাতে…
Read More
এম্বুলেন্সৰ জৰিয়তে ড্ৰাগছৰ সৰবৰাহ! নগাঁৱত আটক মহিলাসহ ৩ জন

এম্বুলেন্সৰ জৰিয়তে ড্ৰাগছৰ সৰবৰাহ! নগাঁৱত আটক মহিলাসহ ৩ জন

ড্ৰাগছ, গাঞ্জা আদি নিচাজাতীয় সামগ্ৰীৰ বিক্ৰী, সৰবৰাহৰ বিৰুদ্ধে যিমানেই আৰক্ষী কঠোৰ হৈছে সিমানেই ন ন কৌশলেৰে সৰবৰাহ অব্যাহত ৰখাৰ চেষ্টা চলাইছে একাংশই। এম্বুলেন্সৰ জৰিয়তে ড্ৰাগছ সৰবৰাহ কৰা তিনি সৰবৰাহকাৰীক দেওবাৰে আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে। আৰক্ষীয়ে অভিযান চলাই ইটাচালি আৰক্ষী চকীৰ অন্তৰ্গত ম’হখুলিত এ এছ ১২ এ চি ৪৮৬২ নম্বৰৰ এখন এম্বুলেন্সসহ তিনিজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এম্বুলেন্সৰ চালক ৰফিকুল ইছলামৰ লগতে চহিদুল হক আৰু মামনি বেগম নামৰ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।
Read More
মিজোৰামত পুনৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অসমীয়া যুৱক

মিজোৰামত পুনৰ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অসমীয়া যুৱক

পুনৰ বহি:ৰাজ্যত আক্ৰমণৰ বলি হল অসমীয়া যুৱক। এইবাৰ মিজো দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হল বোকাখাতৰ সজন কুমাৰ শইকীয়া নামৰ এজন যুৱক। মিজোৰামত ফকলেন কোম্পানিত কৰ্মৰত বোকাখাত ৰজাবাৰীৰ সজন কুমাৰ শইকীয়া। মিজোৰামৰ আইজলত কৰ্মস্থলীৰ পৰা উভতাৰ পথত ধন দাবী কৰি মিজো দুৰ্বৃত্তই মাৰপিত কৰাৰ অভিযোগ উত্থাপন হৈছে যুৱকজনক। ইফালে মিজো দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক জন সম্প্ৰতি আইজলৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে পুত্ৰৰ কাষলৈ ৰাওনা হৈছে পিতৃ-মাতৃ।
Read More