07
Feb
আজি পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা পক্ষী গণনা কাৰ্য্য দুপৰীয়া ১২ বজাত সামৰণি পৰে।অভয়াৰণ্য খনত এইবাৰ মুঠ ৫৬ টা প্ৰজাতিৰ ৮১৮৮ টা জলচৰ পক্ষী পোৱা গৈছে।পৰিভ্ৰমী পক্ষীৰ কলকাকলিৰে মুখৰিত হৈ থকা অভয়াৰণ্য খনত আজি জলচৰ পক্ষীৰ গণনা কাম আৰম্ভ কৰে বন বিভাগ আৰু প্ৰকৃতি প্ৰেমী সংগঠন আৰণ্যক ৰ কৰ্ম কৰ্তা সকলে। এইবাৰ গণনাৰ কাম বহু পলম কৈ আৰম্ভ কৰাৰ বাবেও প্ৰকৃত তথ্য পাবলৈ সক্ষম নহল গণনা কাৰী দলটো।ডিচেম্বৰ বা জানুৱাৰীৰ প্ৰথম ভাগত গণনা কৰা হেতেন জলচৰ পক্ষীৰ অৱস্থিতি ৰ আচল ছবি এখন দেখা পোৱা গল হেতেন।আনহাতে অভয়াৰণ্য ৰ কিনাৰেদি যোৱা মায়ং কমাৰপুৰ চামতা সংযোগী ব্যস্ত পথত অত্যাধিক শব্দ প্ৰদূষণ…
