15
Jun
নগাঁৱ চহৰৰ মাজমজিয়াত ৱাৰ্ড কমিচনাৰৰ নেতৃত্বত চলিছে অবৈধ ষ্টেণ্ড৷ নগাঁও চহৰৰ মাজমজিয়াত জলসম্পদ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত অবৈধভাৱে আছে ষ্টেণ্ডটো৷ বছৰ বছৰ ধৰি চলি অহা অবৈধ ষ্টেণ্ডটোত গাড়ী পাৰ্কিং কৰা আৰু যাত্ৰী উঠোৱাৰ বাবদ গাড়ীচালকৰ পৰা আমানত ধন ১০০০ টকা আৰু প্ৰতিটো টিপত ৩০ ৰ পৰা ৫০ টকা আদায় কৰি আহিছে একাংশই৷ বৰ্তমান এই ষ্টেণ্ডটো অবৈধভাৱে চলায় আহিছে নগাঁও পৌৰসভাৰ 14 নম্বৰ মহলাৰ ৱাৰ্ড কমিচনাৰ মলয় দাসে। নগাঁৱৰ মাজমজিয়াত এইবোৰ অবৈধ ষ্টেণ্ড আৰু যধেমধে গাড়ী পাৰ্কিং কৰি যানযঁটৰ সৃষ্টি কৰা একাংশক নাকী লগাবলৈ তৎপৰ হৈছে নগাঁও যানবাহন আৰক্ষী৷ মাজেসময়ে যানবাহন আইন উলংঘা কৰা সকলক সতৰ্ক কৰা আৰু জড়িমনা বিহা পৰিলক্ষিত হৈছে৷…
