Blog

অৰুণাচলৰ পৰা অপহৰণ  লগত জড়িত ৩ কৰ্মচাৰীক

অৰুণাচলৰ পৰা অপহৰণ লগত জড়িত ৩ কৰ্মচাৰীক

উগ্ৰপন্থীৰ দ্বাৰা অপহৰণৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে অৰুণাচল প্ৰদেশৰ লংডিং জিলাত। জিলাখনৰ পুমাওৰ পৰা ১০ জন এন এছ চি এন (কে-ৱাই) উগ্ৰপন্থীয়ে পথ নিৰ্মাণৰ লগত জড়িত থকা ৩ শ্ৰমিকক অপহৰণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অপহৃত ৩ জন শ্ৰমিকৰ ভিতৰত আছে এজন অৰুণাচলৰ এজন অসমৰ আৰু এজন বিহাৰৰ শ্ৰমিক। খবৰ মতে, উগ্ৰপন্থীসকলে শ্ৰমিকসকলৰ পৰা তেওঁলোকৰ শিবিৰৰ কাষৰ পৰা মোবাইল ফোন আৰু বাহনৰ চাবি কাঢ়ি লৈছিল।যাৰবাবে কৰ্মীসকলে ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰিবলৈ কেইবা কিলোমিটাৰ খোজ কাঢ়িব লগা হৈছিল। ইফালে নিৰাপত্তা বাহিনীয়ে অপহৃত লোকসকলক বিচাৰি উলিয়াবলৈ এটা বৃহৎ অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
Read More
এতিয়াৰে পৰা  বন্ধ  থাকিৱ  ৰাজ্যৰ  সকলো  মাদ্ৰাছা

এতিয়াৰে পৰা বন্ধ থাকিৱ ৰাজ্যৰ সকলো মাদ্ৰাছা

যোৱা শুকুৰবাৰে চৰকাৰৰ মাদ্ৰাছা বন্ধৰ সিদ্ধান্তক চীল-মোহৰ মাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০২০চনত মাদ্ৰাছা শিক্ষা বন্ধৰ বাবে চৰকাৰে আনিছিল নতুন আইন। এই আইন অনাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। চৰকাৰৰ এই আইনক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত কেইবাগৰাকী ব্য়ক্তিয়ে লেখ আবেদন দাখিল কৰিছিল। কিন্তু অৱশেষত ন্য়ায়ালয়ে চৰকাৰী সিদ্ধান্তক মান্যতা প্ৰদান কৰি ৰাজ্যৰ মাদ্ৰাছা সমূহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰে।
Read More
ৰাজ্যৰ স্কুল–কলেজ–বিশ্ববিদ্যালয়সমূহত  দেৱী সৰস্বতী পূজা আয়োজন

ৰাজ্যৰ স্কুল–কলেজ–বিশ্ববিদ্যালয়সমূহত দেৱী সৰস্বতী পূজা আয়োজন

বাগদেৱীৰ বন্দনাত মুখৰ হৈ পৰিব ৰাজ্যৰ স্কুল–কলেজ–বিশ্ববিদ্যালয়সমূহৰ লগতে বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানসমূহ। লগতে গুৱাহাটী মহানগৰীতো ভিন্ন স্থানত আয়োজন হৈছে সৰস্বতীপূজাৰ। কোৰোনাকেন্দ্ৰিক পৰিস্থিতি আৰু সেমেকা বতৰৰ বাবে পূজাৰ উল্লাহ কিছু হ্ৰাস পাইছে যদিও স্কুল–কলেজতে পুৱাৰে পৰা দেখা গৈছে উখল–মাখল পৰিৱেশ। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ শ্ৰীচৰণত সেৱা লৈ নিজৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাব শিক্ষাৰ্থীসকলে। বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ চৌহদত সুন্দৰকৈ মণ্ডপ সজাই বাগদেবীৰ মূৰ্তি স্থাপন কৰি পূজাৰ আয়োজন কৰা হৈছে।
Read More
অসমত ১২ ডিগ্ৰী ছেলচিয়াছলৈ নামিল তাপমাত্ৰা

অসমত ১২ ডিগ্ৰী ছেলচিয়াছলৈ নামিল তাপমাত্ৰা

প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্যবাসীক। বিগত ২–৩ দিন ধৰি ৰাজ্যত  কিনকিনিয়া বৰষুণ। গুৱাহাটীত শুকুৰবাৰে ন্যূনতম তাপমাত্ৰা নামিল ১২ ডিগ্ৰী ছেলচিয়াছলৈ, সৰ্বোচ্চ তাপমাত্ৰা ১৮ ডিগ্ৰী ছেলচিয়াছ। অসমৰ  কিমান ডিগ্ৰীলৈ নামিল পাৰাস্তম্ভ : তেজপুৰত উষ্ণতা- ন্যূনতম ১২ ডিগ্ৰী ছেলছিয়াছ যোৰহাটত উষ্ণতা- ন্যূনতম ১২ ডিগ্ৰী ছেলছিয়াছ শিলচৰত উষ্ণতা- ন্যূনতম ১৬ ডিগ্ৰী ছেলছিয়াছ ধুবুৰীত উষ্ণতা- ন্যূনতম ১৩ ডিগ্ৰী ছেলছিয়াছ নগাঁৱত উষ্ণতা- ন্যূনতম ১৩ ডিগ্ৰী ছেলছিয়াছ নলবাৰীত উষ্ণতা- ন্যূনতম ১৩ ডিগ্ৰী ছেলছিয়াছ কোকৰাঝাৰত উষ্ণতা- ন্যূনতম ১৩ ডিগ্ৰী ছেলছিয়াছ শিৱসাগৰত উষ্ণতা- ন্যূনতম ১২ ডিগ্ৰী ছেলছিয়াছ গুৱাহাটীত উষ্ণতা- ন্যূনতম ১৩ ডিগ্ৰী ছেলছিয়াছ
Read More
হোষ্টেললৈ নি আছিল প্ৰেমিকাক, ধৰা পেলালে কেয়াৰটেকাৰে, ভিডিঅ’ ভাইৰেল

হোষ্টেললৈ নি আছিল প্ৰেমিকাক, ধৰা পেলালে কেয়াৰটেকাৰে, ভিডিঅ’ ভাইৰেল

এজন ইঞ্জিনিয়াৰিং ছাত্ৰই নিজৰ প্ৰেমিকাক হোষ্টেললৈ নিয়াৰ চেষ্টা চলাইছিল যদিও কেয়াৰ টেকাৰৰ হাতত ধৰা পৰে। তাৰ পিছত কি হ’ব পাৰে সেয়া সহজে অনুমান কৰিব পাৰি। এই ঘটনাৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে, যিয়ে মানুহক হতবাক কৰি তুলিছে। ইঞ্জিনিয়াৰিঙৰ ছাত্ৰই সাধাৰণতে নিজৰ নতুন নতুন কৌশল আৰু অনুসন্ধানৰ বাবে জনাজাত। কিন্তু এজন ইঞ্জিনিয়াৰিং ছাত্ৰই নিজৰ প্ৰেমিকাক অভিনৱ কৌশলেৰে হোষ্টেললৈ নিয়াৰ চেষ্টা চলাইছিল যদিও কেয়াৰ টেকাৰৰ হাতত ধৰা পৰে। তাৰ পিছত কি হ’ব পাৰে সেয়া সহজে অনুমান কৰিব পাৰি। এই ঘটনাৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে, যিয়ে মানুহক হতবাক কৰি তুলিছে।এই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰা আন এজন ছাত্ৰৰ মতে, ইঞ্জিনিয়াৰিং ছাত্ৰজনে এটা ডাঙৰ ট্ৰলী ছ্যুটকেছ…
Read More
গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ

গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ

“আমাক আমাৰ প্ৰাপ্য দিয়ক। আমি অধিক সেৱা আগবঢ়াবলৈ সাজু, আমাৰ ঠিকাভিত্তিক চাকৰি নিয়মীয়া কৰক ”বিগত এটা দশকৰো অধিক কাল  নিৰবিছিন্ন আৰু গুৰুত্বপূৰ্ণ চৰকাৰী সেৱা আগবঢ়াই অহা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ সংঘবদ্ধ দাবী।   সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ আহ্বান ক্ৰমে  ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰু ঢকুৱাখনা উন্নয়ন খণ্ডৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলেও এই নাৰ্য প্ৰাপ্য বিচৰা গণতান্ত্ৰিক আন্দোলনত ব্ৰতী হৈ আহিছে। মহকুমাটোৰ অৰ্ধ শতাধিক ঠিকাভিত্তিক গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীয়ে  মঙ্গলবাৰৰ পৰা বৃহস্পতিবাৰ পৰ্যন্ত তিনি দিন ধৰি অব্যাহত ৰখা জীৱন জীৱিকাৰ অধিকাৰ বিচৰা গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীৰ ফলত দুয়োটা উন্নয়নখণ্ডৰ স্বাভাৱিক কাম কাজত ব্যাপক বাধাগ্ৰস্ততা আহি পৰিছে । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন…
Read More
বাইচান্সৰ লাইচেন্স নাই! কেতিয়াবা যদি কিবা অঘটন হয়… বিধায়ক ৰমাকান্ত দেউৰীৰ PSOৰ সপক্ষে যুক্তি

বাইচান্সৰ লাইচেন্স নাই! কেতিয়াবা যদি কিবা অঘটন হয়… বিধায়ক ৰমাকান্ত দেউৰীৰ PSOৰ সপক্ষে যুক্তি

"বাইচান্সৰ লাইচেন্স নাই! কেতিয়াবা যদি কিবা অঘটন হয়…" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়ক, ভিআইপিৰ পিএছঅ' উঠাই লোৱাৰ ঘোষণা কৰাৰ পিছত ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাধাৰণ লোকে মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তৰ সমৰ্থন কৰিছে ঠিকেই, কিন্তু পিএছঅ'ৰ মাজত ঘূৰি নিজকে ভিআইপি-ভিভিআইপি অনুভৱ কৰা আন বহুতেই অসন্তুষ্ট হৈ পৰিছে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তত। তেনে ধৰণেই অসন্তুষ্টি ব্যক্ত কৰিছে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। বিতৰ্কিত মন্তব্যৰে প্ৰায়ে চৰ্চাত থকা বিধায়কজনে যুক্তি দিলে পিএছঅ'ৰ প্ৰয়োজনীয়তাৰ। বিধায়ক ৰমাকান্ত দেউৰীয়ে পিএছঅ'ৰ সপক্ষে যুক্তি দি ক'লে- "যদি পিএছঅ' নাথাকে তেন্তে সাধাৰণ জনতা আৰু জনপ্ৰতিনিধিৰ মাজত পাৰ্থক্য ক'ত থাকিব?" বিধায়কজনৰ মতে, বাইচান্সৰ লাইচেন্স নাই। গতিকে যদি কিবা এটা হৈ যায়, তেন্তে…
Read More
কোভিড ভেকচিন বাধ্যতামূলক নহয়; উচ্চতম ন্যায়ালয়ত জনালে কেন্দ্ৰীয় চৰকাৰে

কোভিড ভেকচিন বাধ্যতামূলক নহয়; উচ্চতম ন্যায়ালয়ত জনালে কেন্দ্ৰীয় চৰকাৰে

অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ঘৰে-ঘৰে গৈ বিভিন্নজনক তেওঁলােকৰ ইচ্ছাৰ বিপৰীতে ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰধান কৰিছে। ইতিমধ্যে এনে বহু ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। ইয়াৰ লগতে অসম চৰকাৰৰ তথা দেশৰ অন্য কেবাখনাে ৰাজ্যৰ চৰকাৰেও ক’ভিড-১৯ৰ ভেকচিন নােলােৱা লােকসকলক বিভিন্ন চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ কথা ঘােষণা কৰিছে। অসম চৰকাৰে ৰাজহুৱা স্থানত প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে তেনে লােকৰ ওপৰত জৰিমনা বিহাৰ কথাও ঘােষণা কৰিছে। তেনে সময়তে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা এক শপতনামাই চৰকাৰৰ এনে ব্যৱস্থাক লৈ প্ৰশ্নৰ উদ্ৰেক ঘটাইছে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত কৈছে যে কোভিড প্ৰতিষেধক লােৱাটাে বাধ্যতামূলক নহয় আৰু কোনো ব্যক্তিক তেওঁলোকৰ ইচ্ছাৰ…
Read More
এসপ্তাহৰ বাবে স্থগিত পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন, কাৰণ…

এসপ্তাহৰ বাবে স্থগিত পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন, কাৰণ…

পঞ্জাৱৰ ৰাজনৈতিক দলসমূহৰ আহ্বানৰ পিছতে এসপ্তাহৰ বাবে স্থগিত ৰখা হৈছে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন। নিৰ্বাচন আয়োগে সোমবাৰে ঘোষণা কৰা অনুসৰি, ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন পূৰ্বৰ ১৪ ফেব্ৰুৱাৰীৰ পৰিবৰ্তে ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব। গুৰু ৰবিদাস জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি পঞ্জাৱৰ সকলো ৰাজনৈতিক দলে নিৰ্বাচন আয়োগক এসপ্তাহৰ বাবে ভোটদান স্থগিত ৰাখিবলৈ আহ্বান জনোৱাৰ পিছতে পিছুৱাই দিয়া হয় ভোটগ্ৰহনৰ তাৰিখ। পঞ্জাৱৰ সকলো ৰাজনৈতিক দলে নিৰ্বাচন আয়োগক ভোটদানৰ তাৰিখ বৃদ্ধি কৰিবলৈ নিৰন্তৰ আহ্বান জনাই আহিছিল। নিৰ্বাচন আয়োগে সোমবাৰে এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত নিৰ্বাচন আয়োগে গুৰু ৰবিদাস জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি বিধানসভা নিৰ্বাচনৰ ভোটদান ৬ দিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়।…
Read More
চনিৰ ডব্লিউএফ-১০০০এক্সএম৪ ৱায়াৰলেচ ইয়াৰবাড

চনিৰ ডব্লিউএফ-১০০০এক্সএম৪ ৱায়াৰলেচ ইয়াৰবাড

চনি ইণ্ডিয়াই নতুন ডব্লিউএফ-১০এক্সএম৪ ঘোষণা কৰিছে – সমালোচকৰ দ্বাৰা প্ৰশংসিত ১০০০এক্স শৃংখলাত সঁচাকৈয়ে বেতাঁৰ শ্ৰেণীত শেহতীয়া সংযোজন। ডব্লিউএফ-১০০০এক্সএম৪-এ ব্যতিক্ৰমী মানদণ্ডত অডিঅ' সমল প্ৰদান কৰিবলৈ উচ্চ-ৰিজলিউশ্বন অডিঅ' ৱায়াৰলেচ সমৰ্থন কৰে। ডব্লিউএফ-১০০০এক্সএম৪-ত এডাপ্টিভ চাউণ্ড কণ্ট্ৰোল ও আছে, এক স্মাৰ্ট সুবিধা যি ব্যৱহাৰকাৰী ক'ত আছে আৰু তেওঁ কি কৰি আছে অনুভৱ কৰে – উদাহৰণ স্বৰূপে, ভ্ৰমণ, খোজ কঢ়া বা অপেক্ষা কৰা – তাৰ পিছত আদৰ্শ শ্ৰৱণ অভিজ্ঞতাৰ বাবে পৰিৱেশৰ ধ্বনি ছেটিংছ মিলাই লয়। চুম্বকৰ পৰিমাণ ২০% বৃদ্ধিৰ সৈতে নতুনকৈ ডিজাইন কৰা ৬ মিমি ড্ৰাইভাৰ ইউনিটেও ডব্লিউএফ-১০০০এক্সএম৪-ৰ শব্দ বাতিল কৰাৰ ক্ষমতা উন্নত কৰে। ডব্লিউএফ-১০০০এক্সএম৪ সৰু আৰু পাতল হ'বলৈ ডিজাইন কৰা হৈছে। কাণৰ কলিবোৰে ৮…
Read More